মহিলাজনীৰ সেই চিঞৰটো – মণ্টু কুমাৰ ডেকা
পৰম বন্ধু গুৱাহাটীত থাকে৷ ঘৰলৈ গ’লে তাৰ ভাড়াৰূমত এদিন বা দুদিন নকটালে মো়ৰ মনেই নভৰে৷ পল্টন বজাৰৰ ৰেইলৱে ষ্টেচনৰ পৰা অ’টো ভাড়া কৰি প্রত্যেক বাৰেই তাৰ ৰূমত নিশাটো কটাই দ্বিতীয় দিনা ঘৰলৈ যোৱাটো, কেতিয়াবা আকৌ তাৰ ৰূমত আগ দিনা থাকি পিছদিনা ৰাতিপুৱা ট্রেইন ধৰা৷ সি নহ’লে নহয়েই৷ সৰুকালৰ মোৰ পৰম বন্ধু৷ বন্ধুবৰে প্রতি বছৰে ৰূম সলনি কৰে৷ কেতিয়াবা মালিগাঁৱত, কেতিয়াবা গনেশগুৰিত, কেতিয়াবা ছয় মাইল৷ বন্ধুৱে পিচে পাহাৰত থাকি হে ভাল পায়৷ গতিকে প্রত্যেক বাৰেই অচিনাকি পাহাৰীয়া বাটেৰে অ’টো লৈ ৰাতি তাৰ ৰূম বিচৰাটো একো একোটা নতুন অভিজ্ঞতা৷ বন্ধু সৰল হোৱাৰ বাবে অতি সোনকালেই ৰূমৰ মালিকবোৰৰো আপোন হৈ পৰে৷
এবাৰৰ কথা -প্রত্যেক বাৰৰ দৰে সেইবাৰো তাৰ ৰূমলৈ যোৱাৰ আগতে ৰাস্তাতে ফোন কৰি পানীৰ কথাটো সুধিছোঁ৷ বন্ধুৰ কথা মতে এবটল খোৱা পানী ৰাস্তাতে কিনিলোঁ৷ বন্ধুৱে ভাল পোৱা দুই এপদ খোৱা বস্তুও লৈ ল’লোঁ৷ প্রত্যেক বাৰৰ দৰে সেইবাৰো বন্ধুৱে ভাত পানী ধুনীয়াকৈ বনাই মোৰলৈ অপেক্ষা কৰি আছে৷ বন্ধুৰ নতুন ৰূমটো হেনো আগৰটোতকৈও আৰু ওপৰত আৰু বিশ মিনিটৰ ৰাস্তা হেনো৷ আগৰ ৰূমটোলৈ আহোঁতে ৰাতিপুৱা চাৰি বজাতেই উঠি ওচৰৰ কুঁৱাটোলৈ গৈ দুই বাল্টি পানী লৈ আনি হাত মুখ ধুৱাৰ কথা মনত পৰে৷ বন্ধুৱে কোৱা মতে সেই পানীৰেই হেনো চাহ ভাত লগতে শৌচ-প্রস্রাৱ, গা ধোৱা৷ মার্চ, এপ্রিলৰ দিনকেইটাত হেনো এনেকুৱাই হয়৷
কথাটো ভাবি-ভাবিয়েই বন্ধুলৈ ফোন লগালোঁ, “ভাই পানী-চানীৰ সমস্যা আগৰ দৰেই নে? তই আকৌ পানী নোহোৱা ঠাইতহে থাক”৷
বন্ধুৱে লাহেকৈ ক’লে, “আহচোন তই, ব্যৱস্থা কৰিম নহয় মই”৷
বন্ধুৱে কোৱা মতে মোবাইলৰ লাইটটো জ্বলাই লাহে-লাহে খোজ কাঢ়ি-কাঢ়ি দোকানখন পালোঁ৷ দোকানখন বন্ধ কৰিছে৷ যি নহওক পানী দুবটল আগতেই লৈ বুদ্ধিমানৰ কাম কৰিলোঁ৷ দোকানৰ সোঁ-ফালৰ সৰু ৰাস্তাটোৰে চিধাই ওপৰলৈ গৈ হেনো বন্ধুৰ ভাড়া ঘৰ৷ বন্ধু হেনো গেটত ৰৈ আছে৷ বন্ধুৰ কথা মতে সাৱধানে খোজকাঢ়ি আগুৱাই গৈ গেটখন পালোঁ৷ আন্ধাৰত মানুহ এজন ৰৈ থকা যেন পাই বন্ধু বুলিয়েই নিশ্চিত হৈ “আব্বে ক’ত ৰূম লৈছ, এনেকুৱা জেগাত মানুহ থাকেনে বাৰু, গাহৰিও নাথাকে?”
আন্ধাৰে-মুন্ধাৰে মানুহজনৰ পৰা একো উত্তৰ নোপোৱাত অলপ সন্দেহ হ’ল৷ নতুন ঠাই, ইফালে ৰাতি এঘাৰ বজাত৷
গেট বন্ধ কৰিবলৈ অহা মানুহজনে ভাইটি অমুকাক বিচাৰি আহিছা নেকি সোধাতহে চকু খোল খালে৷ সেয়া বন্ধু নহয়৷ ঘৰৰ মালিক৷ লাজে-ভয়ে মানুহজনে দেখুৱাই দিয়া ৰূমটোলৈ সোমাই দেখিছোঁ যে বন্ধু নাই৷ ফোন লগাই লাহে-লাহে এসোপা গালি দিলোঁ৷ “চাল্লা তই মানুহ মাৰিবি, ক’ত আছ, ৰূম এটাত সোমাই আহিছোঁ, নাজানো কাৰ ৰূম?”
মোৰ কথাত কেঁচুৱা এটাই কান্দি উঠিল৷ অলপ ভয় খোৱা যেন হৈ ৰূমটোৰ পৰা ওলাই আহি ওচৰৰ ৰূমটোৰ গেটৰ কাষলৈ আহিলোঁ৷ বন্ধুৱে পানী এবাল্টি হাতত লৈ আগবাঢ়ি বাৰাণ্ডালৈ আহিল৷ মুখত এক প্রকাৰৰ সন্তুষ্টিৰ হাঁহি মাৰি “এইফালে আহ” বুলি বেলেগ এটা ৰূমলৈহে লৈ গ’ল৷ মোৰ অনুমান সঠিক নহ’লগৈ৷ ওচৰৰ ৰূম দুটাত বেলেগ কোনোবাহে হেনো থাকে৷ সিহঁতো পানী আনিবলৈ তললৈ গৈছিল৷ বন্ধু ৰূমৰ মালিকৰ লগত ভাল কাৰণে তললৈ নগৈ মোৰ কাৰণে এবাল্টি পানী মালিকৰ ঘৰৰ পৰাই লৈ আনিলে৷
যিনহওঁক, সেই বাল্টি পানীৰে হাত মুখ ধুই বন্ধুৱে বনাই থোৱা ভাত পানী খাই দুয়ো শুবলৈ লৈ নানান কথা-বতৰা পাতি আছোঁ৷ মাজে-মাজে পানীৰ ব্যবস্থা, শৌচালয় এইবোৰ কোনফালে আছে বুলি সোধাত বন্ধুৱে ক’লে, “আৰে তই চিন্তা নকৰিবি, পানী পাই যাবি, আনি দিম৷”
ৰাতিপুৱা চাৰি বজাৰে পৰা পেটটোৱে মাতি আছে৷ দুই এবাৰ উলট-পালট কৈ শুই মোবাইলটো চালোঁ, “চাৰিটা দহ” বন্ধুক জগালোঁ| বন্ধুৱে সপোনতে কিবা কিবি বকি আছে|পুনৰ জগোৱাত মুখৰ ভিতৰতে অস্পষ্টকৈ, “ তোক আনিলে ময়েই ভাত বনাম, শুনিছানে, তই চিন্তা নকৰিবি, কাপোৰো ময়েই ধোম নহয়…।” পৰম বন্ধু কাৰণে মুখৰ ভিতৰেতে ওঠ কেইটা লৰাই কিবা ক’লেও বুজি পাওঁ| বন্ধুৱে কাৰ কথা কৈ আছে বুজিবলৈ বাকী নাথাকিল| হয়তো শেষ নিশালৈ আৰধনাৰ কথা কৈ আছিল বাবে সপোনতো তাইকেই দেখি পাইছে|
জোৰকৈ বন্ধুৰ ভৰিত গোৰ এটা মাৰি, “চাল্লা, তাইৰ কাৰণে পাছত কাপোৰ ধুবি, পাছত পানী আনিবি, এতিয়া ব’ল বাহিৰত, লেট্ৰিন ক’ত আছে ক?”
বন্ধুৱে সাৰ পাই, “পায়খানা যাবি? পানী আনিব লাগিব ..”
পানী আনিব লাগিব কথাটোৱে মূৰত ধৰিলেগৈ..| “ আব্বে ক’ত যাব লাগিব, তললৈ?”- অলপ খঙত সুধিলোঁ।
চকু কেইটা মোহাৰি, ওপৰলৈ হাত কেইখন উঠাই অলপ ব্যায়াম কৰাৰ দৰে কৰি, “হমম অলপ তললৈ..” বুলি ক’লে|
“ফটাফট কৰ বে”- বুলি নিজেই দর্জাখন খুলি বাহিৰলৈ ওলাই আহি আকাশখনলৈ চালোঁ| দুই এটা ত’ৰা আকাশত তেতিয়াও উজ্বলি আছিল| সিহঁতে যেন ৰং হে চাইছে, মোলৈ চাই যেন মিছিকিয়াই কৈছে, “ বেচেৰাৰ লটি-ঘটি, গুৱাহাটিলৈ আহি ..”
সৰু লাইট এটা হাতত লৈ এটা বাল্টি নিজে লৈ এটা মোক দি বন্ধু আগে-আগে সৰু ৰাস্তাটোৰে তললৈ নামি গ’ল| বন্ধুৰ পাছে-পাছে পেটটোৰ কথা চিন্তা কৰি কৰি ঈশ্বৰকেই খাটনি ধৰিলোঁ যাতে পানী বাল্টি তলৰ পৰা ওপৰলৈ লৈ অনালৈ অপেক্ষা কৰিবলৈ ঈশ্বৰে শক্তি প্রদান কৰে..| চিন্তাত কেতিয়া একাবেকা বাটেৰে কুঁৱাটোৰ ওচৰ পালোগৈ ধৰিবই নোৱাৰিলোঁ| মহিলা এগৰাকীয়ে এডাল দীঘল ৰছী টানি-টানি কুঁৱাটোৰ পৰা পানী তুলি আছে| পানী ওপৰলৈ আহোঁতে আহোঁতে এবাল্টি পানীৰ এপোৱা মানহে থাকে গৈ..| বন্ধুৰ লগত চিনাকি বাবে বন্ধুৱে কিবা-কিবি কথা পাতি নিজে আগতে পানী তুলিবলৈ আৰম্ভ কৰিলে..| দুটা বাল্টি কেনেবাকৈ ভৰিল ..| ভৰা বাল্টি কেইটা কষ্টেৰে ওপৰলৈ লৈ অনাত আধাহে পানী থাকিলগৈ..| ইফালে পিচল বাট, বতাহ ধুমুহা হৈয়েই আছে..|
পৰম বন্ধুৱে পলম নকৰি ৰূমৰ পাছফালে থকা পায়খানাটো দেখুৱাই দিলে| পাহাৰৰ কোণতে নীলা ৰঙৰ প’লিথিন মেৰিয়াই সজা পায়খানাটোৰ ওপৰফালে একোৱেই নাই, চাৰিটা খুঁটাত কেনেবাকৈ মেৰিয়াই হে থৈছে৷ সেইটোতেই আটাইবোৰ ভাড়াতীয়া হেনো ৰাতিপুৱা লাইন লাগে| ধুমুহাত গছ পৰি মালিকৰ ডাঙৰ পায়খানাটো ভাঙি যোৱাত এইটো হেনো টেমপুৰাৰী”হে| পায়খানাটোৰ দুহাত মান পাছতেই তলৰ মানুহঘৰৰ দীঘল দীঘল তামোল কেইজোপাৰ আগকেইটাই নাচি আছে| শৌচ কৰি থাকোঁতে কেনেবাকৈ কোনোৱা পাছফালে পৰি গ’লেই চিধাই তলৰ ঘৰৰ টিনত ধুমুচকৈ পৰিবগৈ৷
আগে-পিছে চাই পায়খানাটোৰ অৱস্থা দেখি মোৰ পেটৰ কামোৰণিটো নাইকীয়া হ’ল গৈ মনত সোমাই পৰা ভয়টোহে বেছি হ’লগৈ|
“নাই নাই, কেনেবাকৈ অলপ বহোঁ” বুলি সাৱধানেৰে কিছু সময় বহিলোঁ| কিনিকিনিয়া বৰষুণ জাক অলপ থমকি গৈ বতাহ আহিবলৈ ধৰিলে৷ বতাহৰ কোব বেছি হৈ হৈ ইমানেই বেছি হ’ল যে মই ভাবিব নোৱাৰাকৈ হঠাতে এফালৰ পলিথিনখন ঘচককৈ বতাহে উৰুৱাই ওচৰতে পেলালেগৈ| এনেতে দ্বিতীয়খনো উৰুৱাই লৈ যাওঁ যাওঁ অৱস্থাত ওচৰৰ মহিলা এজনীয়ে জোৰকৈ চিঞৰিছে৷
পৰম বন্ধু ৰূমৰ পৰা ওলাই আহি ওচৰতে বাচন-বর্তন ধুই থকা মহিলাজনীৰ গাৰ পৰা নীলা পলিথিনখন এৰুৱাই মোৰ ফালে আহিল৷ এনেতে দ্বিতীয়খনো বতাহে উৰুৱাই লৈ এইবাৰ এইখন একেবাৰে তললৈ পেলালে৷
মহিলাজনীয়ে চিঞৰিয়েই আছে| লেতেৰা পলিথিনখন গাত পৰাৰ ভয়ত নে দুই মিনিটতে চুড়মাৰ হৈ যোৱা পায়খানাটোৰ ভিতৰত সোমাই থকা অচিনাকি মানুহজনৰ ভয়ত! কাণ্ডকাৰখানাবোৰ দেখি বিমোৰত পৰি বেৰ নাইকীয়া পায়খানাটোৰ ভিতৰতেই বহু সময় থিয় হৈ থাকিলোঁ।
ঘৰলৈ আহিলোঁ | পেটৰ কামোৰবোৰ নাইকীয়া হৈ গৈ দুই তিনিদিনলৈ মনৰ কামোৰবোৰেহে কামুৰি আছিল ৷সেই বতাহজাক, সেই মহিলাজনীৰ চিঞৰটো ..মোৰ লটি-ঘটি..
তৃতীয় দিনা ভয়ে-ভয়ে ঘৰৰ পায়খানাটোলৈ গৈ দেৱালবোৰ চুই চাইছো, কিজানি কেনেবাকৈ ধুমুহাই উৰুৱাই লৈ নাযায়..
আজি বহু বছৰেই হ’ল তথাপি সদায় ”ৱেষ্টার্ণ’টোত বহোঁতেও দেখোন মনলৈ এক অচিনাকী ভয়.আহে!
কোনোবাই যেন জোৰকৈ চিঞৰিব ……পৰম বন্ধু যেন দৌৰ মাৰি আহিব…
☆★☆★☆
8:00 pm
বিদ্যা, হাঁহি হাঁহি পাগল হৈ গলো৷ তামাম৷
4:54 pm
ধন্যবাদ আপোনাক 🙂
1:31 am
Thanks
8:09 pm
লটিঘটি ভালকৈয়ে হ’ল।
8:11 pm
বৰ সাংঘাতিক দুৰৱস্থা দেখোন,
সুন্দৰ বিৱৰণ, ভাল লাগিল পঢ়ি
8:14 pm
হাঃ হাঃ। বিৰাট লটিঘটি হল দেই।
8:50 pm
ধেইত তেৰিকা
9:15 pm
হাঁ হাঁ৷বিৰাট হাঁহি উঠিছে৷
9:45 pm
হাঁহি হাঁহি অৱস্থা বেয়া হৈ গৈছে।মজ্জা ।আগলৈ আৰু পাম বুলি আশাৰে বাট চালো ।
9:48 pm
মানুহ মাৰিব দেই৷
11:05 pm
ধেইত তেৰি, বৈদ্য হাঁহিলো
11:08 pm
হাহাহা ৷ সঁচাকৈ শেষৰ ফালে হাঁহি ৰখাব নোৱাৰিলোঁ
11:29 pm
কি দূৰ্যোগ, বাপৰে । ?????????????
5:18 pm
মজা লাগিল দেই