ফটাঢোল

বেবেৰিবাং – অংশুমান শইকীয়া

ফেচবুকত টেগাৰু অকবি সকলৰ অত্যাচাৰত পৰম অতিষ্ঠ হৈ দত্ত দাই ভাবিলে ইহঁতক এতিয়াই নাকী নলগালে পিছলৈ পৰিস্থিতি আউট অৱ কন্ট্ৰল হৈ যাব। গতিকে মাষ্টাৰ প্লেন এটা বনাই দত্ত দাই ছদ্মৰূপ ধাৰণ কৰি ৰৰ এজেন্টৰ দৰে অকবিৰ মাজত সোমাই পৰিল। দত্তদাকো সোনকালেই অকবি সকলে আদৰি ল’লে। মাষ্টাৰ প্লেনৰ অংশৰূপে দত্ত দাই এদিন অকবি সকলক এটা প্ৰস্তাৱ আগবঢ়ালে – “বন্ধু সকল একতাই পৰম বল, গতিকে আভি অকবিসকলো সংগঠিত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ”। সকলোৱে কথাটোত হয়ভৰ দিয়াত দত্তদাই আগভাগ লৈ লৰালৰিকৈ এটা ৱাটচআপ গ্ৰুপ বনাই দিলে। প্ৰায় দুশ জন অকবিক ফেবুৰ পৰা বাছি বাছি মুহূৰ্ত্ততে গ্ৰুপটোত এড কৰা হ’ল। মুখ্য এডমিন ৰূপে থাকিল আমাৰ দত্ত দা (এতিয়া দত্তদা কোন বুলি অনুগ্ৰহ কৰি নুসুধিব আকৌ)। দুদিনৰ বিৰামহীন নটিফিকেচনৰ অন্তত ঠিৰাং কৰা হ’ল যে কবি সকলে যিদৰে কবি সন্মিলন পাতে, আমিও পাতিম। কবি সকলে ৰংঘৰৰ বাকৰিত পাতে আমি ৱাটচআপ গ্ৰুপটোতে পাতিম আৰু ইয়াৰ পৰাই বাচনি কৰা হ’ব অসমৰ নিকৃষ্ট অকবি জনক।

?????? আদিৰে প্ৰস্তাৱটো সমৰ্থন কৰা হ’ল।

আৰম্ভ হৈ গ’ল অকবিৰ দুনিয়াৰ প্ৰথম খন মহাযুদ্ধ।

প্ৰথমে আৰম্ভ কৰিলে এজনে

” এই জোনাকী ৰাতি

আকাশলৈ উৰি গ’ল এজাক হাতী “

???????????? এইদৰে বিভিন্ন জনে সমৰ্থন আগবঢ়ালে ।

প্ৰায় দহ ঘন্টা ধৰি চলিল অকবিতাৰ মহাভাৰত। অকবিসকল কনফুজাই গ’ল। ইমানগাল অকবিতাৰ মাজত নিকৃষ্ট কোনটো? ইটোতকৈ সিটো চৰা!

কাৰোবাৰ উয়েঁ খোৱা দাঁতত যদি ভগা বীণাৰ ঝংকাৰ

কাৰোবাৰ আকৌ উঠন বুকুত মৰমৰ সমাহাৰ

কাৰোবাৰ ভয়াল ৰাতিৰ হাহাকাৰ

কাৰোবাৰ ভদীয়া কুকুৰৰ চিৎকাৰ।

শেষত জ্যেষ্ঠ হিচাপে দত্তদাকে এই জটিল বিষয়টো সমাধান কৰিবলৈ সকলোৱে অনুৰোধ জনালে।

?? এনেকুৱা এটা দি দত্তদাই আৰম্ভ কৰিলে।

“প্ৰিয় বন্ধুসকল আপোনাসৱে এই অভাজনক এনেহেন গুৰু দ্বায়িত্বভাৰ দিয়াত মই অত্যন্ত সুখী হৈছোঁ। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে যিহেতু মই নিজেও এজন অকবি, গতিকে আপোনালোকৰ আগত মোৰ দ্বাৰা ৰচিত এটা অকবিতা শুনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। যদিহে আপোনালোকে আজ্ঞা দিয়ে, মই মোৰ অকবিতাৰ দুশাৰী মান আপোনাসৱৰ শ্ৰীচৰণত অৰ্পণ কৰিব বিছাৰো।”

সকলোৱে হয়ভৰ দিয়াত দত্তদাই আৰম্ভ কৰিলে,

বাকচ

বাকচৰ ওপৰত আন এটা বাকচ

আকৌ বাকচ

সেইটোৰ ওপৰত অন্য এটা বাকচ

তাৰ ওপৰত আৰু এটা বাকচ

আকৌ বাকচ

বাকচৰ ওপৰত আকৌ বাকচ ….

………

………

বাকচ

(অমুক লেফ্ট)

আকৌ বাকচ

(অমুক, তমুক, ভচুক লেফ্ট)

বাকচৰ ওপৰত তিনিটা বাকচ

আকৌ বাকচ

(9865******* আৰু দহ জন লেফ্ট)

এইবাৰ বাকচৰ ওপৰত দহটা বাকচ

আকৌ বাকচ

(700123**** আৰু এশ সাতানব্বৈ জন লেফ্ট)

বাকচৰ ওপৰত আকৌ বাকচ

শেষত দত্তদাৰ সঙ্গী ৰূপে গ্ৰুপটোত এজনহে থাকিলগৈ ।

দত্ত দা Typing…..

সঙ্গীয়ে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ’ল । দত্ত দাৰ পৰবৰ্তী বাকচ অহাৰ আগতেই লৰালৰিকৈ মেচেজ এটা টাইপ কৰি দত্ত দাক সুধিলে, ” দাদা আৰু কিমান বাকচ আছেগৈ?”

দত্ত দা Typing…..

“মুৰুখ তইযে বাকচৰ পিছত লাগি আছ! অকবিতাৰ সাৰমৰ্ম নুবুজ কিয়?

আব্বে বাকচৰ বেলেঞ্চ চা বে বেলেঞ্চ।

বাকচৰ ওপৰত ইমানবোৰ বাকচ। তথাপিও কিন্তু পৰি যোৱা নাই, ধেমালি নেকি! বুজি পালিনে এতিয়া মানসিক বলাৎকাৰ কাক কয়?”

(সঙ্গী লেফ্ট)

দত্তদা ৰকদ্

অকবি শ্বকদ্

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *