ফটাঢোল

অক্সফৰ্ড – নিৰ্মালী বৰমূদৈ

হেডলাইন দেখি নাভাবিব যে মই সেই বিশেষ অক্সফৰ্ড ইউনিভাৰচিটি বা অক্সফৰ্ড ডিক্সনেৰীৰ বিষয়ে কবলৈ ওলাইছোঁ বুলি। এইয়া মোৰ এক দুখৰ লটিঘটি অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছোঁ।

এইবাৰ গৰম বন্ধ উদযাপন কৰাৰ মানসেৰে পৰিয়ালৰ আটাইকেইটা ল’ৰা ছোৱালী (ককাই ভনী সমন্বিতে) চিকিমলৈ ফুৰিবলৈ গৈছিলোঁ। ৫ দিনীয়া ভ্ৰমণটোৰ অহাৰ আগদিনাৰ ঘটনা এয়া-
আমি থকা হোটেলখন বহুত ওপৰত। একা-বেঁকা ৰাস্তাৰে উঠি হোটেলৰ ৰূম পাওঁ মানে অক্সিজেন কমি গৈ ১০% মানহে থাকেগৈ। সেইদিনা বজাৰ কৰি ওপৰলৈ উঠিবলৈ লৈছোঁ ঠিক তেনেকুৱাতে দাদাই ক’লে যে হোটেললৈ যোৱা চৰ্টকাট এটা আছে, যাবি নেকি? মই ক’লোঁ- “যদি চৰ্টকাটেই আছে ইমান দিনে এই লংকাট বোৰেদি কেলেই আনিছ? মিছাতে এই চাৰি দিনত পাঁচ কেজিমান চৰ্বি হেৰুৱালোঁ। হুহ!”…এইবুলি তাক গালি পাৰি দুয়োটাই চৰ্টকাট মাৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ ৰাস্তা আৰু ঘৰৰ ডিজাইনবোৰ প্ৰায়ে একে হোৱা কাৰণে মই একো পাত্তা নোপোৱাকৈ কেৱল দাদাৰ কনফিডেন্সতে আহি আছোঁ।

প্ৰৱেশ গেটখন খুলি ওপৰলৈ যোৱা চিৰি বগাবলৈ আৰম্ভ কৰি প্ৰথম চিৰিটোত ভৰি দিছোঁহে মাত্ৰ তেনেকুৱাতে বাঘ সদৃশ প্ৰকাণ্ড কুকুৰ এটাই চিৰিৰ তলৰ পৰা গুজৰি গুমৰি ভুকিবলৈ ধৰিলে। হে ভগৱান! সেইটো কুকুৰ বুলি কোনো কাৰণতে ক’ব নোৱাৰি। দহ-বাৰ ইঞ্চি মান দীঘল পৰি থকা নোমবোৰ, চকুকেইটা টেলেকা কৰি দীঘল নখেৰে তাৰ ভৰি কেইটা, বাপৰে- কি ভয়লগা তাৰ অৱয়ব। ভুকনি নুশুনিলে কুকুৰ বুলি ভাবিবই নোৱাৰি।

মই ভয়তে একেজাঁপে দাদাৰ গাত উঠিলোঁ। ভিতৰৰ পৰা কোনোবা মহিলা এগৰাকীয়ে কুকুৰটোক উদ্দেশ্যি ইংৰাজীতে কৈছে- অক্সফৰ্ড, কাম হিয়েৰ মাই বেবি।

মোৰ স্মাৰ্ট ডিমাগেৰে তৎক্ষণাৎ তাৰ নামটো অক্সফৰ্ড বুলি কেটচ কৰি ল’লোঁ। দাদাক ক’লোঁ- ইয়াৰ নাম অক্সফৰ্ড বুজিছ’। ইয়াক ইংৰাজীতে কথা ক’ব লাগিব। মই দাদাক অলপ এটিটিউদ দেখাওঁ বুলি তাৰ কোঁচৰ পৰা নামি অক্সফৰ্ডৰ ফালে আগবাঢ়ি গ’লোঁ- অক্সফৰ্ড, চি….আই এম ইয়ৰ ফ্ৰেইণ্ড কেম্ব্ৰিজ। ডোণ্ট বাইট মি বুলি কথাষাৰ শেষ কৰিবলৈ নাপালোঁৱেই, অ’ আই, যিডাল চোঁচা লৈ আহিল। কোনোমতে জীৱটো বচালোঁ।
অৱশেষত আমাৰ অৱস্থা দেখি কুকুৰটোৰ গৰাকী ওলাই আহিল। আহিয়েই কুকুৰটোৰ ডিঙিত লগোৱা চেইনডাল টানি সেই প্ৰকাণ্ড কুকুৰটোক কোঁচত সোমোৱাই ল’লেহি। তাৰ মূৰৰ নোমখিনিত হাত ফুৰাই কবলৈ ধৰিলে- অক্সফৰ্ড বেবী, হোৱাট আৰ ইউ ডুয়িং? ইউ নতি বেবী…চে হেল্ল’ টু আণ্টি।
কি?
আণ্টি?
মই আণ্টি?
তাকো কুকুৰৰ!

হেৰৌ মোৰ ভতিজী জনীয়েও মোক পেহী বুলি নামাতে। এই বেটিয়ে এনে কি বিলাতী কুকুৰ আনিছে মোক চাল্লা আণ্টি মাতিবলৈ শিকাইছে!

কুকুৰটোৱে গৰাকীৰ আদেশ পাই আগ ঠেং দুটা হাতযোৰ কৰাৰ দৰে কিবা কৰি আছিল। সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি ফোঁফোৱাই গুচি আহিলোঁ তাৰ পৰা। জীৱনত ইয়াতকৈ ডাঙৰ অপমান আৰু কেতিয়াও পোৱা নাই কিজানি। বৈদ্য খং উঠিছিল। পৰা হ’লে অক্সফৰ্ডক তাতে ইহলীলা সম্বৰণ কৰাই দিলোঁ হয়।
কোনোদিন আৰু চৰ্টকাট নামাৰোঁ বুলি সেইদিনাই প্ৰতিজ্ঞাবদ্ধ হ’লোঁ। কষ্ট হ’লেও দীঘলীয়া পথেৰেই যাম। দুখ ভাগৰ, লাজ অপমানৰে জৰ্জৰিত হৈ কোনোমতে হোটেলৰ ৰূম ওলালোঁহি। সিফালৰ পৰা দাদাই বাকীবোৰক হাঁহি হাঁহি আমাৰ কাহিনীটো কৈ থকা শুনিলোঁ,

“অক্সফৰ্ড”, চি, আই এম ইয়ৰ ফ্ৰেইণ্ড কেম্ব্ৰিজ।

☆★☆★☆

14 Comments

  • অনুৰূপ মহন্ত

    কুকুৰৰ আণ্টি বনাই দিলে অ বেচেৰীক। বঢ়িয়া লাগিল।

    Reply
    • Anonymous

      হি হি…ধন্যবাদ পঢ়াৰ কাৰনে

      Reply
  • Mousumi gogoi

    কুকুৰ টোৰ নামো ভাল থৈছে দেই ।বহুত জ্ঞানী ছাগে ।?

    Reply
  • পল বৰুৱা

    নিৰ্মালী আন্টি ?…সুন্দৰ হৈছে ।

    Reply
    • Anonymous

      হি হি…ধন্যবাদ পঢ়াৰ বাবে

      Reply
      • Anonymous

        আৰু বহুত পঢ়িব পোৱাৰ আশা থাকিল ।

        Reply
  • হেমন্ত কাকতি

    কেম্ব্ৰিজ আণ্টী, মজ্জা লীগিল দেই!

    Reply
    • Anonymous

      হে হে…ধন্যবাদ দাদা পঢ়াৰ বাবে

      Reply
  • কুকুৰৰ আণ্টি হাঃ হাঃ।

    Reply
    • Anonymous

      হি হি…ধন্যবাদ পঢ়াৰ কাৰনে

      Reply
  • Mitali Saharia

    হাই কেম্ব্ৰিজ আন্টি।

    Reply
    • Anonymous

      হি হি…ধন্যবাদ মিতালি পঢ়াৰ ব‍াবে

      Reply
  • পল বৰুৱা

    আৰু বহুত পঢ়িব পোৱাৰ আশা থাকিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *