ফটাঢোল

মোৰ বন্ধু কবি, কবি মানে সাংঘাতিক কবি – জয়ন্ত আকাশ বৰ্মন

এজনী ছোৱালী ওচৰেৰে পাৰ হৈ গ’লেই হৈ গ’ল আৰু। মোক ওচৰত বহুৱাই কবিতাৰ পংক্তি আওৰাই যায়। “তোমাৰ লিহিৰি আঙুলিৰ ভাজত নিয়ৰৰ বেঙেনাবুলীয়া সপোনৰ ডালিমগুটীয়া সৰগৰ তৃতীয় সূৰুযৰ পাজিসেৰীয়া জোনাকৰ কোমোৰাবুলীয়া স্নিগ্ধতাৰ এফাল নয়নাভ বুকুৰে মানস সৰোবৰবুলীয়া নাভিমণ্ডল চুই কোন গোলাপী জামুৰ সৰি পৰা কিন্তু নপৰা উদ্বাউল বিৰহীপখীৰ নিস্তব্ধ ডেউকাই বোলাই যোৱা সপোনকোমল উদিতা ৰহণৰ সান্ধ্য তুলসীৰ নিৰিবিলি শিৰাবিন্যাস যেন সৌম্য কাতৰতাৰে বননিজৰাৰ কুলু কুলু নিষ্ঠুৰ ধ্বনি জাগৃতি সপোন..”

মই আহি ৰূম পাওঁ‌, কফি একাপ বনাই খাওঁ‌, চাৰ্ফত দি থোৱা চাৰ্টটো ধুই মেলি দিওঁ‌, লেপটপত আধা কৰি সামৰি থোৱা প্ৰজেক্টটো সম্পূৰ্ণ কৰি যেতিয়া তাৰ ওচৰলৈ গ’লো, সি তাৰ অখণ্ড পংক্তিধাৰা আওঁ‌ৰায়েই আছিল –
– ঝাও বন এচোপাৰ ছন্দেৰে, পনিয়ল পনিয়ল হাঁহিটিৰে…
– ঝাও বন এচোপাৰ ছন্দেৰে, পনিয়ল পনিয়ল হাঁহিটিৰে…
– ঝাও বন এচোপাৰ ছন্দেৰে , পনিয়ল পনিয়ল হাঁহিটিৰে…

মই তাক ধৰি আনি ৰূমৰ চকীত বহুৱালোঁ। মুখেৰে চুপ-চাপ শব্দ নকৰি তালৈ চাহ একাপ আগবঢ়াই দিলোঁ, কবি হ’লেও সিতো মোৰেই বন্ধু। এতিয়া অখণ্ড কাব্যপাঠ কৰিলেও এদিনতো সি কবি নাছিল, গতিকে প্ৰাচীন বন্ধুত্বৰ দোহাই তাক তাৰ ৰূমলৈ থ’বলৈ গ’লো। অলপ চৰ্ট কাট কৰিবৰ কাৰণে নৈৰ পাৰৰ ৰাষ্টাটোৰে মই তাক লৈ গ’লো। সন্ধিয়া লাগোঁ-লাগোঁ হৈছিল। এনেতে আমাৰ আগেৰে এটা মেকুৰী দৌৰি ৰাস্তা পাৰ হৈ গ’ল। মোৰ কবি বন্ধুৱে ভয়ত দেদাউৰি পাৰি দৌৰ দিওঁ‌তে পিচলি নৈৰ পাৰৰ ঝাওবনৰ ওপৰত পৰিল। মই ক’লো – “উঠ, ডৰপোক।” সি ক’লে-”কেনেকে উঠো? ঘাঁহবোৰে হেচি ধৰিছে মোৰ প্ৰাণ। বুকুলৈ উজাই আহিছে নদীবুলীয়া গান।”

মই ক’লো – “ঝাওবনৰ মাজত এতিয়া পৰি থাকিব নালাগে। ‘ঝাওবনৰ ছন্দেৰে’ উঠ।”

সি জাপ মাৰি উঠিল – “ঝাওবন? ক’তা? এয়া ঝাওবন নেকি?”

“অঁতো।” – মই ক’লো।

সি আকৌ এবাৰ পেট পেলাই ঝাওবনবোৰ সাৱটি ধৰিলে।

“ইউৰেকা ইউৰেকা
তোমাক লৈ কিমান কবিতা লিখিলোঁ,
আজিহে তোমাক দেখিলোঁ ঝাওবন।
তুমি কৰিছিলা মোৰ মন উচাটন।
ইউৰেকা ইউৰেকা।”

তাৰপাছত তাক বাছত তুলি দি মই ঘৰলৈ উভতিলো।

“ঐ শুন না” – মাতটো শুনি মই পিছলৈ উভতি চাই দেখোঁ, সি নামি আহিছে। “ঝাওবন চিনাই দিলি। এদিন মোক পনিয়লো চিনাই দিবি দেই। কিমান কবিতা লিখিলোঁ পনিয়লক লৈ, দেখিহে নেপালোঁ আজিলৈ।”

হোষ্টেলত এদিন। এইজন কবি বন্ধুৰেই কাহিনী। সি মোৰ ৱালমেট আছিল। ৩১ ডিচেম্বৰৰ দিনা ৰাতি সি মোৰ ৰূমলৈ আহিল।

“দোস্ত অনূভুতিসমূহত যেন কিবা শেলাই গজিছে। যেন শুকাই যোৱা কাকিনী তামোল এজোপা মই।”
– সি আৰম্ভ কৰিলে।

মই ক’লো – “কি হ’ল?”

“নাই মানে, আজি-কালি মোৰ কবিতাৰ পংক্তিসমূহ অনুভূতিসিক্ততাই গৰকি নাযায়। কিবা যেন নাই নাই। সেয়েহে জীৱনত প্ৰথমবাৰৰ বাবে আজি মই মদ খাম আৰু মদ খাই লিখিম কবিতা।”

“ক’ত পাবি মদ?”

মোৰ বন্ধু নেসেকা পাপৰতকৈয়ো চেপেটা। গতিকে সিতো মদ নিকিনে, মই জানো।
সি ক’লে – “ৰাজীৱদাই আনিছে। টেবুলৰ দ্ৰয়াৰত থৈ দিছে। তাৰপৰাই মাৰি দিম আজি।”

ৰাতি তিনিমান বজাত সি দুৱাৰ ঢকিয়াইছিল। মই নুঠিলোঁ! পিছদিনা ৰাতিপুৱাই সি আহি মোৰ ৰূমত হাজিৰ। হাতৰ কাগজখিলাত এটা সূদীৰ্ঘ কবিতা।
“দোস্ত, কালি মাৰি দিলো চাল্লা। তাৰপিছত ধাৰা-ধাৰ নিচা লাগিল। সেই নিচাতেই এই কবিতা লিখিলোঁ! শুন –

“আহ! কি তোমাৰ সেই আলিংগন
মোৰ ডিঙিৰ কোঁহে কোঁহে, মোৰ উদ্দাম যৌৱনৰ আঁৰে আঁৰে
আজি তোমাৰ লগত মোৰ প্ৰথম সহবাস
দিয়া। পিয়লা ভৰাই দিয়া মোক মদিৰা
কি ৰিম ঝিম কি ৰিম ঝিম কৰে মোৰ গা ঐ চম্পাৱতী
কি ৰিম ঝিম কি ৰিম ঝিম কৰে
তোমাৰ নিচাত ডুবি ডুবি জীৱন
খৰিকাজাঁই হৈ উৰে চম্পাৱতী
বাসনা হৈ চৰে।”

মই ক’লো, “ৱাৰে ৱাহ। তামাম দোস্ত, তামাম।
তই ওমৰ খায়াম।”

নিচাত ঢুল-ঢুল চকুৰে সি ক’লে – “আজি তয়ো খাবি অলপ। সেই স্নিগ্ধ নিচাত তয়ো মোৰ দৰেই অনুভূতি প্ৰৱণ বনি যাবি। মই ৰাজীৱদাৰ বটলটো মোৰ দ্ৰয়াৰত লুকুৱাই থৈছোঁ, তই ৰাতি আহিবি। বৰ চোক কিন্তু। মই মাত্ৰ দুচামুচ খাওঁতেই মূৰ আচন্দ্ৰাই কৰিছে, দেহা ৰাই-জাই দেহা ৰাই-জাই কৰিছে। কবিতা লিখোঁ কবিতা লিখোঁ লাগি যায়।”

মই ক’লো – “ঠিক আছে। কিন্তু এতিয়া দেখাতো এবাৰ, কি মাল আছিল সেইটো ইম্মান চোকা।”

সি ক’লে – “ৰাজীৱদা ওলাই যাওঁ‌ক ৰহ। নহ’লে মোক পিটিব। কালি ৰাতি বটলটো বিচাৰি হাল্লা লগাই আছিল।”

“ওলাই গ’লচোন ৰাজীৱদা। এইমাত্ৰ কৰিড’ৰ পাৰ হৈ গ’ল।”

সি মোক তাৰ ৰূমলৈ লৈ গ’ল। আৰু দ্ৰয়াৰৰ লকটো খুলি বটলটো উলিয়ালে আৰু মোক দেখুৱালে।

“ঐ ঐ, এইটো তই লুকুৱাই ৰাখিছ?
কালি ৰাতিৰপৰাই মই বিচাৰি আছোঁ! দেখা নাই আমাৰ হোষ্টেলৰ ৰান্ধনিদাৰ ল’ৰাটোৱে কেনেকৈ কাঁহি আছে। তাৰ কাৰণে আনিছিলো। এইটো বেবি কফ চিৰাপ। আৰু বটলটো খুলিছিলি কেলেই?” – ৰাজীৱদাই খেদি আহিল। ওচৰত কাঁহি- কাঁহি ৰান্ধনিদাৰ সৰু ল’ৰাটো।

পিছত মই তাক সুধিছিলোঁ – “কিমান খাইছিলি?”

সি ক’লে – “মাথোঁ এচামুচ। জীৱনত সেয়াই ফাৰ্ষ্ট আৰু সেয়াই লাষ্ট। তাকো কফ চিৰাপ। তাকো বেবী ক’ফ চিৰাপ।”

বন্ধু মোৰ কবি।
কবি মানে সাংঘাতিক কবি।

☆★☆★☆

5 Comments

  • parishmita

    হাঃহাঃ জমনি ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    সাঙ্ঘাটিক কবি, ভাল হহুৱালে ।

    Reply
  • কমল নেওগ

    কফ চিৰাপৰ কবি। হাঃ হাঃ হাঃ।বঢ়িয়া হৈছে।

    Reply
  • ৰূপাঞ্জলী

    কফ চিৰাপৰ আলিংগন। হা হা হা

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *