আপদীয়া পদ্য- ৰুলী ডেকা দত্ত
ৰাইজক প্ৰথমেই জনালোঁ নমস্কাৰ,
ক’বলৈ ওলাইছোঁ দুটিমান কথা নকৰিব তিৰস্কাৰ।
বাৰেৰহণীয়া সংস্কৃতিৰ মিলনভূমি আমাৰ অসম প্ৰদেশ,
ৰাজনৈতিক টনা আঁজোৰাত সলাইছে আজি ভেশ।
ৰাইজেই প্ৰজা, ৰাইজেই হেনো ৰজা
তেন্তে দেশত আজি কিয় ইমান অৰাজকতা..?
কবি ওলাইছে, কবিতা লুকাইছে
সংগীতজ্ঞ জিলিকিছে, সংগীত হেৰাইছে
মাতৃভাষাটোৰ অস্তিত্ব দিনকদিনে নিয়তিত জাহ গৈছে।
হে অসমীয়া, কৰোঁ আহক পণ,
একগোট হৈ জাতিটো বচোৱাৰ আজিয়েই উত্তম ক্ষণ।
আমি বিহুও পাতিম, বেজবৰুৱাও পঢ়িম,
ৰূপ কোঁৱৰে চিনাই দিয়া বাটেৰে জগত জিনিম।
বৰলুইতৰ বুকুৰে বৈ সাগৰৰ পাৰ পাম গৈ
সদায়ে চিনাকি দিম নিজক এজন অসমীয়া হৈ..!!
☆★☆★☆
10:35 am
This is reflecting the present situation in Assam and we are least bothered with.
11:11 am
আত্মসমালোচনা আৰু সাহস একেটা পদ্যতে ৷ সুন্দৰ পালো ৷
11:26 am
সুন্দৰ কবিতাৰে সুন্দৰ আহ্বান ।
1:41 am
বাস্তৱ, ভাল লাগিল।