ফটাঢোল

বিঢ়াৰ সংসাৰ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

“মা মা চুলবুলী নাই!” তৰবৰীয়ে চিঞৰীয়েই ক’লে মাকক–

“চুলবুলী নাই? কি কথা কৈছ, ক’লৈ গ’ল?”

“নাজানো, আমাৰ লগতে খেলি আছিল!”

“মই তহঁতক ঘৰৰ ওচৰতে খেলি থাকিবলৈ কৈছিলোঁ নহয়৷ আজি পুৱাৰে পৰাই মোৰ মনটো গোন্ধাই আছিল, জানিছিলোঁ কিবা এটা অথন্তৰ হ’ব!” মাকে নিজকে কোৱা দি ক’লে।

“আমি লুকা-চুৰি খেলি আছিলোঁ,তাই লুকাবলৈ সৌখিনিলৈ গৈছিল, তাৰপাছৰ পৰা নাই তাই!”

“তহঁতিও যে আৰু! সৌ ভেবেলী বাইটিৰ ঘৰত গৈ খবৰ কৰচোন! তাতে আছে কিজানি!”

“সিহঁতৰো এপাল নহয় ল’ৰা-ছোৱালী, তাতে খেলি আছে চাগৈ?” মাকে তৰবৰীক উদ্দেশ্যি ক’লে। মাকৰ কথা মতেই তৰবৰীয়ে ভায়েক গেন্ধাৰ হাতত ধৰি দৌৰ মাৰিলে৷

তৰবৰী, চুলবুলী, গেন্ধা, গেন্ধেলী – ল’ৰা ছোৱালী চাৰিটাৰে সৈতে পাঁচজনীয়া পৰিয়ালটো বৰ আটোম-টোকাৰিকৈ চলাই আছিল তাই। বাপেকটো গেন্ধেলীৰ জন্মৰ পাছতে যে গ’ল আৰু ঘূৰি নাহিল। আন ক’ৰবাত সংসাৰেই পাতিছে যদিও তাই খবৰ কৰা নাই। ছোৱালী দুজনীও ডাঙৰ হৈ দেখনিয়াৰ হৈ আহিছে, গাৰ বৰণটোও তাইৰ দৰে হ’বলৈ ধৰিছে। গেন্ধা-গেন্ধেলী সৰু হৈ আছে, এতিয়াও মুগা বৰণৰেই হৈ আছে সিহঁত দুটা। সিহঁত হালক প্ৰতি খোজতে ছাঁৰ দৰে কোনোবা এজনীয়ে লাগি থাকিব লাগে। মুকলি পথলৈ নদৌৰিবি, থপিয়াই নিব; তলত খামুচি খামুচি খোজ দিবি, চোকা নখে আক্ৰমণ কৰিলে চেপেটা হৈ লাগি ধৰিবি যাতে উঠাই নিব নোৱাৰে।—– অনবৰতে ল’ৰা-ছোৱালী কেইটাক ডাঙৰ কৰাৰ চিন্তাই তাইক খুলি খুলি খাই থাকে। নিজক চম্ভালিব পৰা হ’লেই চিন্তা কমিব তাইৰ। থকা ঠাইখনৰো স্থিৰতা নাই সিহঁতৰ, আজি অ’ত, কালি ত’ত। বাৰে বাৰে চোং সলাই থাকিব লাগে। কোনোবা সময়ত হঠাতে ঘন ঘন হাতোঁৰাৰ আঘাত, কোনোবা সময়ত চোকা নখৰ আক্ৰমণ। ল’ৰা-ছোৱালী কেইটা সামৰি তাই যে কেনেকৈ পলাই ফুৰিছে, তাইহে জানে! এইবাৰ তাই অলপ তলৰ ফাললৈ আহি আছেহি। এইখিনি ঠাই অলপ আন্ধাৰ যদিও নিৰাপদ। আজি এসপ্তাহমান এইডোখৰ ঠাইতে খোপনি পুতিছেহি সিহঁতে। সেয়ে ইহঁতকেইটাক বৰকৈ ওলাই ফুৰিবলৈ দিয়া নাই! দিনটোৰ আঠ ঘণ্টামান সময়হে সিহঁতে নিশ্চিন্ত মনেৰে ঘূৰি ফুৰিব পাৰে। সেইকণ সময়তে যিমান পাৰে খাই লৈ শুই পৰে সিহঁত। আন সময়ত ল’ৰা ছোৱালী কেইটাক সুযোগ বুজি আহাৰ কেনেকৈ খাব পাৰি তাকে শিকাই তাই, আৰু অলপ ডাঙৰ হ’লে নিজেই পৰা হ’বগৈ।

“মা, চুলবুলী তাতো নাই৷”

তৰবৰীৰ চিঞৰত তন্দ্ৰা ভাঙিল তাইৰ।

“পৰিল চাগে তাই সিহঁতৰ হাতোঁৰাৰ আগত, উঠাই নিলে চাগে!”-নিজকে কোৱাদি ক’লে তাই; মনটো গধুৰ হৈ পৰিল তাইৰ৷ চকুলো টুকি তিনিওটাকে বুকুত সামৰি তাই ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

দুদিনমানৰ পাছত—“মা মা আজি ইমান আন্ধাৰ!

গেন্ধাই শোৱাৰ পৰা উঠি আহি ক’লে মাকক। “এৰা অ’৷ কিবা প্ৰলয়েই হ’ব নেকি! অকটা গোন্ধ এটাও পাইছোঁ৷”

“তহঁত একেঠাইতে থাক, কথা ন’কবি৷ প্ৰত্যেকেই একে ঠাইতে কামুৰি খামুচি ধৰি থাক৷” তাই তিনিওকে নিৰাপদ স্থানত ৰাখি ক’লে। অলপ পাছতে তাই দেখিলে গেন্ধেলী ঠাইতে লেবেজান হৈছে৷ লৰালৰিকৈ তাই গেন্ধেলীক আকোঁৱালি ল’লেহি। নাই, গেন্ধেলীৰ সাৰ-সিকতি নাই! মনটো টনটনাই গ’ল তাইৰ৷ উৎকত গোন্ধটোৱে তাইৰো মূৰটো আচন্দ্ৰাই কৰিছিল। কিন্তু তাই পৰি গ’লে কেনেকৈ হ’ব; নিজকে টনকিয়াল কৰি তাই গেন্ধা আৰু তৰবৰীৰ ওচৰলৈ গ’ল।

“আজি কি হৈছেনো মা, ইমান কিবা কিবা গোন্ধাইছে, চকুদুটাও পুৰিছে বৰকৈ৷” তৰবৰীয়ে মাকলৈ চাই সুধিলে।

“জানো কি হৈছে! বোধকৰো মালিকণীয়ে কিবা লগাইছে। এইকেইদিন ঘনে ঘনে হাতোৰাৰ আক্ৰমণ হৈছিল নহয়! আমাক মাৰিবৰ বাবেই এইবোৰ কৰিছে বুজিছ!” দুখ মনেৰে তাই তৰবৰীক বুজালে।

“কিয় মা! আমিওটো জীয়াই থাকিব লাগে, আমাৰ কি একো অধিকাৰ নাই!” অলপ খঙেৰেই ক’লে তৰবৰীয়ে।

“আছে, কিয় নাথাকিব! সেয়েতো তহঁতক কেনেকৈ চোং সলাই উপযুক্ত স্থানলৈ যাব লাগে শিকাই আছোঁ। কিন্তু এইবাৰ এইটো আক্ৰমণৰ পৰা সাৰিব পাৰিলে চেগ বুজি অলপ ঘন জংঘল যেন মূৰ এটালৈ পলাব লাগিব, য’ত সহজে আমাক কোনেও বিচাৰি উলিয়াব নোৱাৰে; বুজিছ!” দুইটাৰ মুখলৈ চাই তাই ক’লে। হঠাতে তিব্ৰ গতিৰে অহা এক পানীৰ সোঁতে সিহঁতক উটুৱাই নিব খুজিলে-“ধৰ ধৰ ভালকৈ খামুচি ধৰ, ছালখনত কামুৰি ধৰ, লৰচৰ নকৰিবি!” চিঞৰি উঠিল তাই৷

পানীৰ সোঁতে গোন্ধটো কমাই পেলালে, লগতে ঘোপ মৰা আন্ধাৰো৷ পানীৰ গতি কমিলত তাই ল’ৰা ছোৱালী দুটালৈ ঘূৰি চালে৷

“ইমান পানী ক’ৰপৰা আহিছিল মা?” গেন্ধাই উশাহটো সলাই সুধিলে৷

“এহ-মালিকণীয়ে চাগে এই হেনা-চেনাসোপা লগাই, এতিয়া ধুইছিল৷” অলপ ভেকাহি মাৰিয়েই ক’লে তাই। ল’ৰা-ছোৱালীহালে ইমান বিপদতো নিজকে চম্ভালিব পৰাত তাইৰ মনটো ভাল লাগিল। এইবাৰ তাই আন এটা শৰীৰলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিলে, য’ত সিহঁত সুৰক্ষিত হ’ব। তাতেই তৰবৰীক এটালৈ গটাব পাৰিলেও…

দীঘল ঘন চুলিৰ একোটা মূৰ বিচাৰি তাই আজি নিশাই অভিযান আৰম্ভ কৰাৰ কথা ভাবিলে৷

☆★☆★☆

7 Comments

  • মানসী

    ইম্মান ভাল লাগিল।গা টো সিৰ সিৰাই গ’ল পঢ়োতে৷

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া লাগিল ।

    Reply
  • Rashna Borah

    ইমান সাৱলীল বৰ্ণনা যে একমুহূৰ্তৰ বাবে মাক জনীৰ বাবে দুখ লাগি গল।

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল

    Reply
  • বঢ়িয়া চাচপেঞ্চ ।

    Reply
  • ভাল লাগিল বাইদেউ।

    Reply
  • parishmita

    প্ৰবা ইমান ধুনীয়াকৈ লিখিলে। শেষতহে বুজিলো কাৰ কথা কৈছে। বঢ়িয়া চাচপেঞ্চ থকা গল্প।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *