ফটাঢোল

জীৱনৰ মধুৰতম স্মৃতি – চবিনা ইয়াচমিন

কাহিনীটো জীৱনত পাহৰিব নোৱাৰোঁ৷ কৃষ্ণ! বিলৈ চাগৈ ইয়াকেই কয়৷ সৰুৰে পৰা আজিকোপতি সলনি নোহোৱা অভ্যাসটো হ’ল সদায় নিজৰ দায়িত্ব সময়ত নিজে পালন কৰিমেই৷ লাগিলে জীৱনলৈ হাজাৰ ধুমুহা আহক৷ সেইটো অত দিনে ভাল কথা বুলি ভাবি আছিলোঁ যদিও এতিয়া কথাবোৰ ভাবিলে খংহে উঠে৷ মানে কেতিয়াবা নিজৰ কাম সময়ত কৰি শেষ নকৰাটো ভাল৷ দায়িত্ব পালন কৰোঁতে নিজৰ বিপদৰ দিশটোও মন কৰিব লাগে৷ মই সেইবোৰ কিন্তু চিন্তা কৰিবলৈ আহৰি নাপাওঁ৷ মানে কুকুৰৰ নেজ হাজাৰ পোনালেও বেঁকা যি বেঁকাই থাকিবতো৷

তেতিয়া মই মহাবিদ্যালয়ৰ ছাত্ৰী৷ প্ৰায়ে আইতাহঁতৰ ঘৰত আমি থাকিবলগীয়া হৈছিল৷ দেউতাৰ হঠাতে এবাৰ এপিগ্ল’টিচখন (Epiglottis) পেৰেলাইছিছ হৈ গৈছিল৷ দীঘলীয়া চিকিৎসাৰ পিছত সুস্থ হৈছিল যদিও ডিব্ৰুগড় মেডিকেল কলেজত দেউতা ১০০ দিন আছিল৷ লগত থাকিব লগা হৈছিল মা৷ মামাৰ চাহ বাগিছাৰ চাকৰি৷ ম’হবন্ধা বাগানৰ মামা আছিল চুপাৰভাইজাৰ (supervisor )৷ আমি মা-দেউতাহঁত নাথাকিলে আগে পিছে আইতাৰ ঘৰতেই নিজৰ ৰাজত্ব চলাওঁ৷ সেই সময়ৰ পৰাই মই টুকটাককৈ কিবা কিবি লিখা মেলা কৰি থাকোঁ বুলি বাগানৰ ষ্টাফ কোৱাৰ্টাৰৰ বাকীবোৰেও জানে৷ আইতাহঁতৰ কাষৰ কোৱাৰ্টাৰটো আছিল ৰমাকান্ত ভাগৱতী খুড়াহঁতৰ৷ তেওঁ আছিল বাগানৰ বৰমহৰী৷ তেওঁৰ জীয়েক মণিৰূপা মোৰ সমবয়সীয়া বাবে আমি দুয়ো ভাল বন্ধু৷ কিন্তু ৰূপম ককাইদেউ আমাতকৈ দুবছৰৰ ডাঙৰ৷ ৰূপম দালৈ মই বৰ ভয় কৰিছিলোঁ৷ হকে বিহকে দমেই দি থাকে৷ গতিকে ৰূপম দাৰ পৰা পলায়ে ফুৰিছিলোঁ৷ আমি গধূলি প্ৰায়ে কোৱাৰ্টাৰৰ পৰা আগৰৱালা খুড়াৰ গোলালৈকে চাইকেল চলাওঁ৷ মাজ বাটতে আছে এখন কাঠৰ দলং৷ জখলা এডালৰ চিৰিবোৰৰ মাজৰ দূৰত্বটো যদি অলপ কমাই লৈ তাক নদী এখনৰ ওপৰত দুয়োপাৰ চুৱাকৈ পেলাই দিয়া হয় তেনে দলং৷ মোৰ বৰ ভয় লাগে সেইখনৰ ওপৰেৰে চাইকেল চলাই যাবলৈ৷ তথাপিও চানাচুৰ কিনিবলৈ যামেই৷ দুয়োজনীয়ে লাহে লাহে চাইকেল চলাই পাৰ হৈ যাওঁ৷ খুড়াৰ গোলাখন বেছি দূৰ নহয় মামাহঁতৰ কোৱাৰ্টাৰৰ পৰা৷ প্ৰায় দহ মিনিটৰ বাট৷ মণিৰূপাৰ সম্পৰ্কীয় এজন ককায়েক সেই সময়ত সিহঁতৰ ঘৰলৈ থকাকৈ আহিছিল৷ তেওঁ ৰূপম দাৰ বন্ধুৰ দৰে৷ ইঞ্জিনিয়াৰিং পাছ কৰি দুদিনমান থকাকৈ আহিছে৷ নাম তেওঁৰ অংকুশ ভাগৱতী৷ মই সদায় যোৱাৰ দৰেই ভাগৱতী খুড়াহঁতৰ ঘৰলৈ গৈছোঁ সেই দিনাও৷ মণিৰূপাই অংকুশ দাৰ স’তে পৰিচয় কৰাই দিলে৷ ক্লিনশ্বেভদ্‌ এখন মসৃণ মুখেৰে অত্যন্ত বলিষ্ঠ এটা যুৱদেহ৷ উজ্জ্বল এযোৰ চকু৷ পিচে ওঁঠযোৰ দেখিলে অনুমান কৰি ল’ব পাৰি যে তেওঁ চিগাৰেট সেৱন কৰে৷ দেহত ক’লা বৰণৰ এটা চাৰ্ট, বুকুখন সামান্য দেখি থকাকৈ চাৰ্টৰ দুটা বুটাম খুলি থোৱা আছিল৷ উদং বুকুত দুই এটোপাল ঘাম বিৰিঙিছে৷ নীলা ৰঙৰ এটা জিনচ পেণ্ট আৰু গাঢ় নীলা ৰঙৰ এযোৰ Nike ৰ জোতা৷ অত্যন্ত নম্ৰ যেন লগা অতি মৰমলগা এজন যুৱক৷ উস্‌! এজাক বতাহে মোৰ অবাধ্য চুলিবোৰ উৰুৱাই আনি গালে মুখে সিঁচৰিত কৰিছেহি৷ ময়ো অংকুশ দাৰ লগত চিনাকি হৈ কথা বতৰা পাতিলোঁ৷ এইদৰেই দিনবোৰ গৈ আছে৷ অংকুশ দাৰ লগত ভাল বন্ধুত্বও গঢ়ি উঠিল মোৰ৷ ৰূপম দাৰ বন্ধু যদিও আংকুশ দালৈ ভয় নালাগে৷ কাৰণ আমাক কেতিয়াও অংকুশ দাই ৰূপম দাৰ দৰে দম নিদিয়ে৷

ৰূপম দাহঁতে প্ৰায়ে আমি চাইকেল চলাই পাৰ হৈ যোৱা বাটটোৰ দাঁতিৰ এটুকুৰা ঠাইত এজোপা বটগছৰ তলত ড্ৰাম এটা ওলোটাকৈ পাতি কেৰম খেলে৷ অংকুশ দা অহাৰ পৰা তেৱোঁ যায়৷ এদিন আবেলি ভাগৱতী খুৰাই ৰূপম দাক আগৰৱালা খুড়াৰ গোলাৰ পৰা ঘৰৰ বস্তু কিছুমান বজাৰ কৰি আনিবলৈ ক’লে৷ ৰূপম দাই আকৌ খেলিবলৈ যাবলৈ ওলাইছিল৷ মই আকৌ সেইদিনা অকলে চাইকেল চলাইছোঁ৷ মণিৰূপাৰ জ্বৰ উঠিছিল৷ মোক আধা বাটতে পায় ৰূপম দাই বজাৰৰ লিষ্টখন দি গোলাৰ পৰা বজাৰখিনি কৰি আনি কেৰম খেলা ঠাইত দি আহিবলৈ ক’লে৷ মই চাইকেলত বস্তু আনিবলৈ অসুবিধা পাওঁ৷ ভালকৈ চলাব পৰা হোৱাই নাই৷ নতুনকৈ শিকিছোঁ তেতিয়া৷ কিন্তু ৰূপম দাক না কোৱাৰ সাহস নাই বাবে ডিঙিত মোনাটো আঁৰি গোলালৈ আগবাঢ়িলোঁ৷ আহোঁতে বস্তুৰ ইমান ওজন হ’ল যে মোনাটো যেনে তেনেহে ডিঙিত আঁৰি গোলাৰ পৰা আহি আছোঁ৷ তাতে আকৌ সেই দলংখনেৰে পাৰ হোৱাৰ ভয়টোও আছেই৷ লাহে লাহে আহি আছোঁ৷ লাগিল নহয় থৰকবৰক৷ কেনেবাকৈ বেগেৰে স’তে মই চাইকেলৰ পৰা পৰি গ’লোঁ৷ পৰিলোঁও পৰিলোঁ মানে চাইকেল গৈ এফালে পৰিলে৷ মই দলংখনৰ ফাঁকেৰে পাৰ হৈ তলত পৰিলোঁ৷ ডিঙিৰ বেগটো আকৌ দলঙৰ জখলাৰ চিৰিৰ দৰে থকা কাঠ বোৰৰ ফাঁকত লাগি ধৰিলে৷ মই দলঙৰ তলত ওলমি হাত ভৰি মাৰি আছোঁ৷ মুখৰ মাত ওলোৱা নাই৷ ডিঙিৰ বেগটোৱেহে তলৰ নদীখনত পৰিবলৈ দিয়া নাই৷ মই বোলো আজি আৰু বচাৰ চান্স নাই৷ তেনেতে মই অনুভৱ কৰিলোঁ কোনোবাই বেগটো ওপৰলৈ টানি আলফুলে মোৰ কান্ধত ধৰি তলৰ পৰা তুলিবলৈ চেষ্টা কৰিছে৷ ওপৰলৈ তোলাৰ পিছত মই চকুৰে ভালকৈ একো নেদেখাৰ দৰে হ’লোঁ৷ চকুৰ আগত দেখিলোঁ সেয়া অংকুশ দা৷ তেওঁ কি কৈছে মই একো শুনা নাই৷ ডিঙিত প্ৰচণ্ড বিষ৷ মই চকু দুটা মুদি দিলোঁ৷ অংকুশ দাই মোক ডাঙি নি ৰূপম দাৰ ওচৰলৈ নিলে৷ সি মোৰ অৱস্থা দেখি বিৰাত ভয় খালে৷ অলপ পৰ তাতে ৰৈ ৰূপম দাই দলঙত পৰি থকা চাইকেল আৰু বজাৰৰ বেগটো লৈ আনিলে৷ মোক অলপ ভাল হোৱা দেখি সি ঘৰলৈ যাবলৈ ক’লে চাইকেল চলাই৷ বেগটো ৰাখি থ’লে৷ মোৰ আকৌ কি হ’ল নাজানো৷ চাইকেলখনত উঠিবলৈকে পাহৰি থাকিলোঁ৷ সোঁফালৰ পৰা উঠিব খুজিছোঁ পৰা নাই৷ বাওঁফালে গৈছোঁ পৰা নাই৷ অৱশেষত চাইকেল ঠেলিয়েই অহাৰ সিদ্ধান্ত ল’লোঁ৷ লগত আহিল অংকুশ দা৷ বেচেৰাৰ মোলৈ বেয়া লাগিল চাগৈ৷

সেই দিনাৰ পৰাই মোৰ অংকুশ দালৈ কিবা এটা মৰম উপজিল৷ আনে নেদেখাকৈ মনে মনে অনবৰত অংকুশ দাকেই বিচাৰি ফুৰা হ’লোঁ৷ মানে এনেকুৱা এটা ভাবি ল’লোঁ অংকুশ দায়ো মোক যেন বিচাৰি ফুৰে৷ চকুৱে চকুৱে পৰিলেই কিবা বিজুলীৰ গতি এটাই গাত শিহৰণ তোলা হ’ল৷ ভাবি ল’লোঁ অংকুশ দাৰো চাগৈ একেই অৱস্থা৷ কিন্তু কোনো দিনাই তেওঁৰ পৰা একো গ্ৰিণ চিগনেলেই পোৱা নাছিলোঁ৷ তথাপিও দুই চকুৰ মিলনেই মোক অনাবিল আনন্দ প্ৰদান কৰিছিল৷ অংকুশ দাক মই প্ৰায়ে PCO লৈ ঘৰলৈ ফোন কৰিবলৈ যোৱা দেখোঁ৷ পিছলৈ মই আৰু অংকুশ দা একেলগে আবেলি ফুৰিবলৈ যোৱা হ’লোঁ৷ দলঙৰ ঘটনাটোৰ পিছৰ পৰা মই চাইকেল চলাবলৈ পাহৰি থাকিলোঁ৷ গতিকে আমি খোজেৰেই যাওঁ৷ সেই দিনাও অংকুশ দাই ফোন কৰিবলৈ আৰু মই চানাচুৰ কিনিবলৈ গোলালৈ আহিছোঁ৷ অংকুশ দাই মোক গোলাত থৈ PCO লৈ গ’ল৷ মোৰ আকৌ চানাচুৰ কিনি হৈ যোৱাৰ বাবে PCO ৰ ফালে আগুৱাই গ’লোঁ৷ PCO টোৰ দুৱাৰখন খোলা আছিল৷ কথাবোৰ কাণত স্পষ্টকৈ পৰিল৷ শুনি মোৰ মূৰত যেন আকাশখনহে ভাঙি পৰিল৷ ক’তনো তেওঁ ঘৰলৈ ফোন কৰিছে৷ কথাবোৰ শুনি গ’ম পালোঁ দিল্লীত পঢ়ি থকা গাৰ্লফ্ৰেণ্ডলৈহে ফোন কৰিছে৷ মোৰ আৰু অৱস্থা চাবলগীয়া হৈছিল৷ চকুপানীৰে বাট নেদেখা হ’লোঁ৷ অথচ অংকুশ দাই দেখাকৈ কান্দিবও নোৱৰা হ’লোঁ৷ লাহে লাহে কোৱাৰ্টাৰৰ ফালে আগবাঢ়িলোঁ৷ অলপ পিছতেই অংকুশ দা মোৰ পিছে পিছে দৌৰি আহি সুধিলে- “আৰে তুমি কিয় গুচি আহিলা? আৰু চাওঁ চকুত কি হ’ল? পানী ওলাইছে কিয়?” মই বোলো- “কূটা সোমালে৷ অলপ পিছত ভাল হ’ব৷” এটা ক্ষণতে মোৰ প্ৰেম গৈ ফটা-প্ৰেম হ’লগৈ৷ মনৰ মাজতে বহু দিনলৈ অংকুশ দাৰ ছবিখন কঢ়িয়াই লৈ ফুৰিছিলোঁ৷ পিছলৈ অৱশ্যে দুখবোৰ পাতলিল৷

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল চবীনা

    Reply
  • ৰিণ্টু

    কিমা যে ডিজাইন ডিজাইন প্ৰেম ঐ তোমাৰ।

    ভাল লাগিল চবিনা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *