ফটাঢোল

পগলা মাষ্টৰ- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: ল’ৰা নে ছোৱালী বাইদেউ?

: ছোৱালী, ছয়মহীয়া হ’ল মোৰ এইজনী নাতিনী আজি৷

: আমাৰ জনীও ছোৱালী নহয় বাইদেউ, আমাৰ তাইৰ আকৌ দুই মাহ৷

: গম পাওঁ দিয়াহে মই, সদায় সদায় কিমান শুনোৱা আৰু মোক তোমাৰ ছোৱালীৰ বয়স৷

অলপ বিৰক্তি প্ৰকাশ কৰিয়ে মায়ে উত্তৰটো দিলে আব্দুলক৷

মোৰ মাৰ স্কুলৰে সহশিক্ষক আব্দুল মতলেৱ। সকলোৱে পগলা মাষ্টৰ বুলিয়ে কয়৷ অসম আন্দোলন, ছাত্ৰ সংগঠন, আলফা-ছালফা ইত্যাদিৰ অভাৱনীয় গ্লেমাৰ আৰু পিছত অপাৰেচন বজৰঙ, ৰাইনো ইত্যাদিৰ সময়ত পুলিচ-মিলিটেৰীৰ অত্যাচাৰৰ প্ৰভাৱত মানসিক ভাৰসাম্য হেৰুওৱা যুৱক৷ গণ পৰিষদ চৰকাৰৰ কৃপাত অপাৰেচন ব্লেক ব’ৰ্ডত মাষ্টৰৰ চাকৰিটো লাভ কৰিছিল অনুকম্পামূলক ভাৱে৷

মা আব্দুলক লৈ বিৰাট অসন্তুষ্ট, স্কুলত ল’ৰা ছোৱালীৰ লগতে তাকো চম্ভালিবলগীয়া হয়৷ মন গ’লে স্কুললৈ আহে, বেছিভাগ নাহে, অহাৰ দিনাখনো এঘাৰমান বজাত আহে আৰু বাৰমান বজাত উভতি যায়৷ আহিলে আবোল-তাবোল কথা বকি মাৰ মাথাটো গৰম কৰি গুচি যায়৷ একমাত্ৰ তাৰ পৰিয়ালটোৰ কথা ভাবিয়েই মায়ে সকলো দেখি-শুনিও মনে মনে থাকে৷

মোৰ ছোৱালীজনীৰ অন্নপ্ৰাসনৰ দিনা হঠাৎ সন্ধিয়া আমাৰ ঘৰত উপস্থিত হ’ল আব্দুল মতলেৱ৷ মোৰ লগত তাৰ চিনাকি বহুত আগৰ পৰাই, বয়সত ডাঙৰ হ’লেও ‘তুমি’ বুলি সম্বোধন কৰিব পৰা সম্পৰ্ক৷ একেলগে ফুটবল-ক্ৰিকেট খেলা মানুহ আছিলোঁ আমি দুয়ো৷ বহুমুখী প্ৰতিভাৰ ল’ৰা আছিল আব্দুল৷ মই চ’ৰাঘৰতে বহিবলৈ দিলো আব্দুলক৷

: ল’ৰা নে ছোৱালী বাইদেউ?

: ছোৱালী, ছয়মহীয়া হ’ল মোৰ এইজনী নাতিনী আজি৷ অন্নপ্ৰাসন আছিল আজি দিনত৷ আপুনি অহাৰ বাবে বহুত ভাল লাগিছে দিয়ক৷

মায়ে ক’লে।

: আমাৰ জনীও ছোৱালী নহয় বাইদেউ, আমাৰ তাইৰ আকৌ দুই মাহ৷

আব্দুলৰ কথা শুনি মা আৰু পত্নী মোৰ ফালে চাই ভিতৰলৈ উঠি গ’ল ৷ চাৱনিতে বুজা গ’ল কেনেকৈ পাৰ চম্ভালি ল আৰু তয়েই এই পাগলটোক৷

: ক’ৰ পৰা আনিছা তোমালোকে এইজনী মাইনা? আমাৰ মাইনাজনী গুৱাহাটীৰ পৰা আনিছোঁ, ডাক্তৰ সুভাষ সৰকাৰ, নিয়াৰ বাই হোটেল অলংকাৰ৷ মোৰ লগত বিৰাট ভাল ডাক্তৰ ছাৰৰ৷

: অ, আমাৰজনীও গুৱাহাটীৰ পৰাই আনিছো দিয়া৷

চমু উত্তৰ মোৰ৷

: মোৰজনীৰ তাত সৰকাৰ চাৰে স্পিচিয়েল মগজু লগাই দিছে জানা, ৰাছিয়াৰ পৰা অনা আৰু লগত মুখেৰে চুপি থাকিব পৰা দুধদানি এটা দিছে, সেইটো চুপি থাকিলে মগজুটো চাৰ্জ হৈ থাকে৷ ৭০% ৰ ভিতৰত ৰাখিব দিছে ছাৰে চাৰ্জটো, ফুল চাৰ্জ দিবলৈ মানা কৰিছে৷ ফুল চাৰ্জ হ’লে বেয়া বোলে, মগজুৰ তাঁৰ চিঙি যাব পাৰে, আৰ্থিঙৰ ব্যৱস্থাটো নাই হোৱা যে এতিয়াও৷ মূৰটোৰ সোঁফালে লগাইছে মগজুটো।

তৰ্জনী আঙুলিটো মূৰত পিষ্টল লগোৱা ধৰণেৰে লগাই মোক বুজাই দিলে আব্দুলে৷

: ধেই আব্দুল, তুমিও যে আৰু, ৰাছিয়াৰ মগজু কোনোবাই লগাই নেকি ! আজিকালি আমেৰিকান মগজু সকলোতকৈ ভাল৷ ১০০% চাৰ্জ দিলেও তাঁৰ নিচিগে জানা, ৰিপ্লেচমেণ্ট গ্যাৰাণ্টিও আছে। আমাৰজনীৰ তাত লগাইছোঁ। আৰু ৰাছিয়াৰ মগজুটো বাঁওফালেহে লগাই, তোমাৰজনীৰ তাত ডাক্তৰে সোঁফালে কিয় লগালে বাৰু? তুমি অতি সোনকালে ডাক্তৰক লগ ধৰা আৰু এইটো সলনি কৰি লোৱা৷ নাজানিলে সুধিবাচোন কথাবোৰ।

: ৰাছিয়াৰ মালটো একদম বেয়া নেকি, মোৰ দৰে তাইৰো তাঁৰবোৰ চিগিব নেকি সোনকালে?

আব্দুলৰ চিন্তাক্লিষ্ট মুখমণ্ডলত নিজৰ ছোৱালীজনীৰ সন্দিহান ভৱিষ্যতৰ কথা ভাবি থকা চিন্তাৰ ৰেখা স্পষ্ট ৰূপত দেখা গ’ল৷

: বাৰু আব্দুল, তোমাৰ মগজুটো ক’ৰ পৰা লগাইছিলাহে?

: এইটো লোকেল, ইয়াতে বনোৱা আছিল অসম আন্দোলনৰ সময়ত৷ মহন্ত, বৰা, ফুকন, পাটোৱাৰী, বৰুৱা, ৰাজখোৱা, পুলিচ- মিলিটেৰী, গুপ্তহত্যা, শিশুহত্যা সকলোৰে মেমৰি চেভ কৰা আছে ইয়াত। ৰাছিয়ান, আমেৰিকান, জাপানী মগজুৱে পাত্তা নাপালেহেঁতেন আৰ্মীয়ে ইলেকট্ৰিক শ্বক দি মোৰ তাঁৰবোৰ নিচিগাহেঁতেন!

▄ ▄

21 Comments

  • আগতেও তোমাৰ ৱালত পঢ়িছিলো এইটো ৷ বৰ চিন্তাবৰ্ধক নিখনিটো ৷ ভাল লাগিল!

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ দাদা।

      Reply
  • লিপিকা

    সাংঘাতিক ব্যংগ …মনত সাঁচ বহুৱাই গ’ল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      বহুত ধন্যবাদ।

      Reply
  • মোৰ দৃষ্টিত ফটাঢোলৰ এইমাহৰ ভাল লগা লিখাটি।
    ধন্যবাদ দাদা

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ দিম্পল।

      Reply
  • গীতালি

    সুন্দৰ, খুব ভাল লাগিল। সৰু লেখাটোৰ জৰিয়তে বহুত কিবা-কিবি কৈ গ’ল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ভাল লাগিল।ধন্যবাদ।উৎসাহিত হলো।

      Reply
  • ৰিণ্টু

    আগতেও পঢ়িছো, আকৌ পঢ়িলো এইমাত্ৰ। ব্যংগৰ জৰিয়তে এক চিন্তাৰ খোৰাক- বঢ়িয়া

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ দাদা।

      Reply
  • ডাৰ্ক হিউমাৰ বৰ কঠিন কাম। বৰ ভাল লাগিল!

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ দাদা!আপোনালোকৰ মন্তব্যবোৰ মোৰ কাৰনে সদায় অনুপ্ৰেৰণা।

      Reply
  • Dipankar saikia

    Tumar likhoni bilak hasai e bor beleg,bohut bhal lagil,bohut dinor murat alop beleg likhoni podhrilu,wish u all d best.Akha koru oti hunkale kiba Ekhon podhriba pam.Anaboidya,jen.

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      বহুত ধন্যবাদ আপোনাক।

      Reply
  • Bhabani devi

    বহুত হাহিলো দেই

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ধন্যবাদ,আচলতে হাঁহিৰ মাজেৰে জীৱনৰ হেৰাই যোৱা ৰঙবোৰ দেখুৱাবহে যত্ন কৰিছিলো মই।

    Reply
  • মনটো জোকাৰি গ’ল। বহু কথাই যেন কৈ গ’ল — বৰ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ বাইদেউ,আপোনালোকৰ উৎসাহতেই লিখিছো আৰু।

      Reply
  • ৰামানুজ

    পিছলৈ ঘূৰি চালে দেখা ক’লা ক’লা দিনবোৰ…

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      এতিয়াও কিছুমান জাগাত এনেকুৱা ক’লা সময়ৰ চৰিত্ৰ ভৰ্তি হৈ আছে।

      Reply
  • কুলেন দাস

    ভাল লাগিল দাদা,

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *