ফটাঢোল

ফিলিং শ্লিম – ঐশ্বৰ্য অমিতাভ

আজি পুৱাৰেপৰা মনতো অলপ ভাল লাগি আছে ৷ কিবা কয় নহয় বোলে ফিলিং শ্লিম শ্লিম….. তেনেকুৱা ৷

আচলতে পুৱা গা-পা ধুই গোসাঁইঘৰ অটোৱা কামতো কৰোঁতেই কথাটো অনুভৱ কৰিলোঁ ৷ এইবাৰ আৰু মোক কোনে পায়! ইমান আশাৰে বাট চাইছিলো খীণাবলৈ, এতিয়াতো মজাই মজা ৷ শকত হোৱা বাবে পিন্ধিব নোৱাৰা হোৱা মৰমৰ কাপোৰ বোৰলৈও সাউৎকৈ মনত পৰি গ’ল ৷

মনটো একেবাৰে সাতখন-আঠখন….. তথাপিও কৰণীয় খিনি কৰি গ’লো ৷ পুৱা দৌৰাদৌৰি হয় বাবে ঠাই মচিবৰ বাবে বটল এটাত পানী থৈ তাৰেই মচি কাপোৰখন ধুই থওঁ ৷ সেইখিনি সময়তে আসনত দিয়া তামৰ থাল আৰু ঘটিটোও ধুই নতুনকৈ পানী ভৰাই আসনত থওঁ ৷ মনতো ভাল লাগি গৈছে বাবে একে উশাহতে কামকেইটা কৰি থাল আৰু ঘটিটো শুকান কাপোৰেৰে মচি আসনত থ’বলৈ লৈ মুৰতো ঘূৰাই গ’ল ৷

“কৃষ্ণ কৃষ্ণ প্ৰভু দায়-দোষ নধৰিবা আৰু, আজি মনতো অলপ খেলি-মেলি ৷ তুমিতো জানাই সকলো” বুলি ভুলেই শুদ্ধই কাকূতি ঘোষা ফাঁকিকে গাই আসনৰপৰা মজিয়া মচিবলৈ থোৱা পানীৰ বটলটো আঁতৰাই থাল আৰু ঘটিটো থৈহে দীঘল উশাহ এটা ল’লো ৷ কি যে হ’ব মোৰ …..! ! ! !

স্কুলতো মনতো কিবা থৌকিবাথৌ ৷ কম ডাঙৰ কথা নেকি? চবেই শকত হোৱা কথাটোকে কৈ থাকে ৷ এনেদৰে যদি অতি কম দিনতে শ্লিম হৈ যাওঁ তেনেহ’লে চবৰে চকু থৰ হৈ নাযাবনে! ! ……. কিন্তু কেনেকৈ হৈছো? ? সেইটোহে ধৰিব পৰা নাই ৷ খোৱা-বোৱা, কাম-বন সকলোবোৰ চোন একেদৰেই কৰি আছোঁ ৷ শাৰীখন পিন্ধোতেও মোক কিন্তু বিশেষ চকুত পৰাকৈ খীণাইছো যেন লগা নাই অৱশ্যে ৷ ধেৎ….. কিযে ভাবি আছোঁ এদিনত ধৰিব পৰাকৈ মানুহ খীণাই নাযায় ৷ হওঁতে দুদিনমান ডেট’কছ্ ৱাটাৰ (Detox water) খাইছিলো ৷ কিন্তু দুদিনতে আমুৱালেও ৷ তাৰেই প্ৰভাৱ নহয়তো! ! ! নে কিবা বেমাৰ?

স্কুলৰ পৰা আহি ঘৰত ভাত খাই থাকোঁতেও অনুভৱ কৰিলোঁ, মোৰ সোঁ-হাতত সদায় পিন্ধি থকা আঙুঠিটো বাৰে বাৰে তললৈ খহি গৈছে ৷ বাচন ধোওঁতেও লক্ষ্য কৰিলো কথাটো ….সঁচাই খীণাইছো মানে! ! হাতৰ আন অংশবোৰলৈ চালোঁ – আগৰদৰে একেই দেখিছোঁচোন! আঙুলি খৰকৈ আৰু প্ৰথমে খীণাই নেকি? ? ? অসীমাবা আৰু মা ওচৰতে আছিল ৷ ভাবিলো কিবা সমিধান পাঁওৱেই বা!

“চাওঁকচোন মোৰ এই আঙুঠিটো আজি বাৰে-বাৰে খুলি গৈছে ৷ জোখৰেইতো আছিল ৷ কেনেকৈ ঢিলা হৈছে বাৰু?”

বায়ে ক’লে, “খীণাইছা চাগৈ।”

(চাগৈ বুলিহে ক’লেচোন)

মায়ে ক’লে, “কেতিয়াবা আঙুঠিটো ক্ষয় গৈও ঢিলা হৈ পৰে।”

বা গ’লগৈ ৷ ময়ো মোৰ কোঠালৈ গৈ আইনাখন চালোঁ ৷

নাইতো … অলপো পাৰ্থক্য চকুত পৰা নাইচোন ৷ পথালিয়ে একেজনী কোমোৰায়ে হৈ আছো! বাউসীদুটা দেখি নিজকে বাহুবলীৰ ভনীয়েক যেনহে লাগিল ৷ তেনেহ’লে কথাতো কি? আঙুঠি ঢিলা হোৱাটোতো মোৰ কল্পনা নহয় ৷

যাঃ যি হৈছে হৈছে আৰু নাভাবোঁ বুলি মোবাইলটো হাততে লৈ এওঁক চাহ একাপ দি গাখীৰখিনি এবাৰ উতলাই থওঁ বুলি গেছত তুলি দি হোৱাটছএপত দেখিলোঁ বায়ে আমাৰ ফেমিলি গ্ৰুপত বাৰীৰ জাতিলাওৰ ফটো এখন দিছে ৷ লগে লগেই মোৰো মনত পৰিল যে সত্যযুগতে বাবাই (দেউতা) বাৰীত ৰুবলৈ দিয়া বেঙেনা পুলি কেইটাৰ এটাহে কোনোমতে কেলঢোপ কেলঢোপকৈ জীয়াই আছে ৷ সেইজোপাতেই নালাগিলে বেয়া দেখি বাবে দুটা টেটেৰামৰা বেঙেনাও লাগি আছে ৷ মনত পৰা মাত্ৰকে বেঙেনাদুটা চিঙি আনি ডাঙৰ ডলাৰ এখনৰ সোমাজতে থৈ ফটো তুলি ময়ো পঠাই দিলোঁ “আমাৰ বাৰীৰ”।

পোৰা পোৰা গোন্ধ লগাত এইবিধ বেঙেনাৰ গোন্ধটো অলপ বেলেগচোন বুলি দীঘলকৈ উশাহ এটা লৈ পাকঘৰ পায় দেখোঁ ইতিমধ্যে স্ত’ভটোৱে আধাখিনি গাখীৰেৰে স্নানপৰ্ব সমাপন কৰিছেই ৷ সেয়া সামৰি একে কোবে বেঙেনাজোপাৰ গুৰিতো গোবৰ মাটি অলপো চপাই থৈ সন্ধ্যা চাকি দিবলৈ বুলি মুখ হাত ধুবলৈ বাথৰুম সোমাই হাতত চাবুন অলপ লওঁতেই সোঁ-হাতৰ আঙুঠিটো হাতৰ পৰা খোল খাই দৌৰ মাৰিলে ৷ উস্ অলপো শান্তি নাই ৷ এইটোৰ নো আজি কি হ’ল আক’ –বুলি ভোৰভোৰাই ভোৰভোৰাই আঙুঠিটো পুনৰ আঙুলিত গুজি দিলোঁ ৷

হাঁ? ? ? ?

এয়া কি? ? ? এইবাৰচোন নিকপকপীয়াকৈ খাই পৰিল! ! !

আকৌ ফুলি গ’লো নেকি বুলি হাতখনলৈ চালো ৷

হায় ঐ … কি যে আৰু মই! !

ৰাতিপুৱা খৰধৰ হোৱা সময়খিনিত মধ্যমাৰ জোখৰ আঙুঠিটো ধুই পুনৰ পিন্ধোতে মধ্যমাৰ সলনি অনামিকাতে গোটেই দিনটো পিন্ধি কি কি যে ভাবি থাকিলো। ধুমকৈ যেন আকাশৰ পৰাহে পৰিলো ৷

■■

Leave a Reply

Your email address will not be published. Required fields are marked *