সেই নিশাটোৰ প্ৰেম কাহিনী- চুইটলেনা দাস
খুব সম্ভৱ এই কাহিনীটো ২০১১ চনৰ। তেতিয়া মই বি.এত নতুনকৈ এডমিছন লৈছোঁ। মোৰ বাক বিয়া দিয়া হৈছিল বোকাখাতলৈ। সেয়ে মাজে সময়ে বাৰ ঘৰলৈ মোৰ অহা যোৱা চলিয়েই থাকিছিল। বাৰ ঘৰত থকা সময়ৰে কথা। সিহঁতৰ ঘৰৰ ওচৰৰে বেংগলী সম্প্রদায়ৰ মানুহ এঘৰৰ ডাঙৰ পুতেকৰ বিয়া আছিল আৰু আমাৰ ঘৰতো নিমন্ত্ৰণ জনাইছিল। সেয়ে মইও বিয়া খাবলৈ গ’লো। দৰা ঘৰৰ সকলো মানুহে আমাক বৰযাত্ৰীৰ লগত যাবলৈ লগ ধৰিলে। আমিও মানুহঘৰৰ কথা পেলাব নোৱাৰি যাবলৈ সাজু হ’লো। কইনাৰ ঘৰ নগাঁৱত। সন্ধিয়া ৭ মান বজাত বৰযাত্ৰী সাজু হ’ল কইনাক আনিবলৈ যাবলৈ। (এইখিনিতে জনাই থওঁ, সেইসময়ত মই কিছু জাধলী আছিলো। জলহু কাপোৰ-কানি পিন্ধি যেনে তেনে ছোৱালীৰ ৰূপ ধাৰণ কৰি থকা বিধৰ) গাড়ী তিনিখনত তিনিগাড়ী মানুহ লৈ বৰযাত্ৰীৰ দলটো বোকাখাতৰপৰা নগাওঁ অভিমুখে গৈ আছিল। মই আৰু বা বহিছিলো ড্ৰাইভাৰৰ পিছৰ দুই নম্বৰ ছিটটোত। আমাৰ আগৰ ছিটটোত এজন ধুনীয়া ডেকা ল’ৰা আৰু এজন অলপ বয়সীয়াল মানুহ বহিছিল। গাড়ী বোকাখাতৰপৰা আহি কঁহৰামান পাইছিল কিজানি। তেনেতে মই দেখিলো যে আমাৰ আগৰ ছিটটোত বহি থকা ল’ৰাজনে ড্ৰাইভাৰৰ পিছফালে থকা আইনাখনেৰে মোলৈ চাই আছে। (মন কৰিবচোন, ডাঙৰ গাড়ীবোৰৰ ড্ৰাইভাৰৰ পিছফালে এখন আইনা থাকে) মইও আঁৰ চকুৰে তেওঁক লক্ষ্য কৰি যাবলৈ ধৰিলো। তেনেকৈয়ে লুকাই চুৰকৈ চাই চাই আমি বোকাখাতৰপৰা নগাওঁ পালোহি। কইনাৰ ঘৰ পাইয়ো আমি দুয়োটাই ইটোৱে সিটোক লুকাই লুকাই চাই থাকিলো। বিয়া ঘৰৰ বেলেগ কাকো মোৰ ভাল নালাগিল, কিজানি তেওঁৰো। এনেকৈয়ে কইনাৰ ঘৰৰপৰা বিদায় লোৱাৰ সময় হ’লহি। আমি সকলো আহি আকৌ আমাৰ বাছখনৰ আগৰ ছিটবোৰত বহিলোহি। এইবাৰ কইনাৰ যৌতুকত দিয়া আইনাখন ল’ৰাজনক ধৰি আনিবলৈ দিলে। সেয়ে সেইখন তেওঁ সন্মুখত থিয় কৰি ধৰি লৈ বহি আহিল। এইবাৰ আৰু স্পষ্টকৈ আইনাখনত মোৰ প্ৰতিবিম্ব প্ৰতিফলিত হ’ল। কইনা ঘৰৰপৰা আমি যিহেতু পুৱা তিনি, চাৰিমান বজাতে ওলাইছিলো, সেয়ে গাড়ীৰ ভিতৰখন আন্ধাৰ হোৱাৰ লগতে যাত্ৰাৰ ভাগৰত সকলো মানুহ টোপনিত লালকাল দি আহিছিল। সাৰে আছিল মাত্ৰ তিনিজন মানুহ, মই, তেওঁ আৰু আমাৰ গাড়ীৰ ড্ৰাইভাৰজন। গাড়ীৰ ভিতৰৰ লাইটবোৰ নুমুৱাই দিয়া হৈছিল, সকলো টোপনি যোৱাৰ বাবে। সেয়ে আমি ইজনে সিজনে নেদেখা হৈছিলো। যেতিয়াই আমাৰ গাড়ীখনৰ কাষেৰে বেলেগ গাড়ী পাৰ হৈ যায় নতুবা ৰাস্তাৰ কাষত জ্বলি থকা লাইটৰ কাষেৰে গাড়ীখন পাৰ হৈ যায়, সেইকণ পোহৰতে আমি ইজনে সিজনক হেঁপাহ পলুৱাই চাই লওঁ। কেনেবাকৈ যদি মই টোপনি যোৱাৰ নিচিনা হওঁ, তেওঁ মোক জগাই দিয়ে, ড্ৰাইভাৰজনৰ লগত ডাঙৰ ডাঙৰকৈ কথা পাতি। মইও খকমককৈ সাৰ পাই আকৌ তেওঁক চাবলৈ ধৰোঁ। তেনেকৈয়ে নগাঁৱৰপৰা আহি বোকাখাত পাবহি হ’ল। সেই সময়খিনি যে কিমান দুখ লগা সময় আছিল। বিচ্ছেদৰ সময় আছিল যে আমাৰ! ৰাতিপুৱা পাঁচমান বজাত আমি কোনেও কাকো একো নোকোৱাকৈ দুখ ভৰা চাৱনি একোটাৰে বিদায় ল’লো আৰু ঘৰলৈ আহি ৰাতিটোৰ কথাকে ভাবি ভাবি শুবলৈ চেষ্টা কৰিলো। যেতিয়া টোপনিৰপৰা সাৰ পাই চকু মেলি বহিলো, তেতিয়াই সিহঁতৰ ঘৰৰপৰা জুবিন দাৰ গান এটা শুনি মনটো ভাল লাগি গ’ল। গানটো আছিল,
”হেঁচি হেঁচি ঠেলি,
পাৰ কৰিলো ৰাতি।
তোমাৰে ভাৱতে
হেৰালে ঘুমটি…”
গানটো শুনিয়েই বুজি পাইছিলো মোক উদ্দেশ্য কৰিয়েই গানটো লগাইছিল তেওঁ। সেইদিনা আবেলি তেওঁ কেনেবাকৈ মোৰ ফোন নম্বৰটো যোগাৰ কৰি মোলৈ ফোন কৰিছিল আৰু কৈছিল যে তেওঁৰ সেই যাত্ৰাটো সঁচাকৈয়ে ভাল লাগিছিল। দুদিনমানৰ পিছত মই নগাঁৱলৈ আহিলো। তেতিয়াও ফোনৰ যোগেৰে ইজনে সিজনৰ খবৰ লৈয়ে আছিলো। এদিন হঠাৎ তেওঁ মোক ক’লে যে তেওঁ নগাঁৱলৈ আহিব। মোক সুধিলে, কেনেবাকৈ মইও আহিব পাৰিম নেকি তেওঁক লগ কৰিবলৈ। মইও বিশেষ একো নাভাবি আহিম বুলি ক’লো। তেওঁ আহিল আৰু আমি দুয়োজনে ৰেস্তোঁৰা এখনত পাতলীয়াকৈ কিবা অলপ খালো। তাৰপিছত ক’ত যাম ভাবি ভাবি ৰিক্সা এখনতে বহিলো। (ৰেস্তোঁৰাত বেছি সময় বহিলেও পইছা দিব লাগে। ইপিনে বেলেগ ক’ৰবাত বহাৰ কথা সেই সময়ত মোৰ মনলৈ অহা নাছিল। তেওঁতো একো চিনিয়েই নাপায়। সেয়ে মই য’লৈকে নিনিওঁ কিয়, তালৈ নগৈ তেওঁৰ উপায় নাছিল) ৰিক্সাখনত উঠি আমি বিশ মিনিটমান নগাওঁ চহৰৰপৰা অলপ দূৰলৈ গ’লো। এসময়ত ৰিক্সাখন এৰি তাৰপৰা খোজ কাঢ়ি কাঢ়ি আকৌ নগাঁৱৰ চহৰৰ মাজমজিয়া পালোহি। সেই যে মই তেওঁক ইমান দূৰ খোজ কঢ়ালো, বেচেৰা ওখ পাখ ল’ৰাটোৱে যে কষ্ট পাইছে ভাবিবলৈয়ে নহ’ল। ৰোমাণ্টিক চিনেমাৰ নায়ক-নায়িকাৰ নিচিনাকৈ খোজ কাঢ়ি আহি থাকোতে সেইবোৰ চিন্তাই নকৰিলো। সি চাগৈ সেইদিনাই কাণত ধৰিলে এইজনীৰ লগত আৰু নহ’ব বুলি! সেই যে খোজ কঢ়াই কঢ়াই মই পইছা বচাইছিলো, (গুণীৰ মোল নুবুজে দেই মানুহে! ইমানবোৰ পইছা ৰেহাই কৰিলো, তথাপিও গুৰুত্ব নিদিলে!) বেচেৰাই তেতিয়াই হয়তো মোক সাতবাৰ সেৱা কৰি মোৰপৰা মনে মনে বিদায় ল’লে। মনতে ভাবিলে চাগৈ, এইজনীৰ পাল্লাত পৰিবলৈ হ’লে কোনোবা দিনা মোক খোজ কঢ়াই কঢ়ায়েই মাৰিব! এনেকৈয়ে মোৰ প্ৰেমৰ ইতি পৰিল। তেওঁ হয়তো বিয়া-বাৰু পাতি এতিয়া ঘোৰ সংসাৰী হ’ল।
12:00 pm
তোৰ মুখেৰে এদিন শুনিম।।। ইমান ধুনীয়া।।
5:48 pm
শুনাম দে??
5:57 pm
এনেই লিখিব নাজানো কৈ থাক, ইমান ধুনীয়াকৈ লিখিছ।
অহা সংখ্যাটো লাগিব লিখা
9:30 pm
ধন্যবাদ দেই দাদা
6:01 pm
খোজ কঢ়া প্ৰেম । বঢ়িয়া লাগিল
9:31 pm
ধন্যবাদ দাদা
8:16 pm
এনিশাৰ প্ৰেমকাহিনী৷ কৃষ্ণহে৷
9:32 pm
ধন্যবাদ দাদা
8:47 pm
আই ঐ দেহি, বেচেৰাকনো এনেকৈ খোজ কঢ়োৱাই প্ৰেমৰ ইতি পেলাব লাগে নে ?
9:31 pm
পইচা বচাব হে খুজিছিলো দাদা
12:55 pm
অাচ্ছা কেছ সেইটোহে !! হেটুৰ এই যুগজয়ী প্ৰেমকাহিনী সোণালী অাখৰৰে লিখা ৰ’ব ইতিহাসৰ শেষৰ পৃষ্ঠাৰ চুক এটাত
10:32 pm
হব হব
6:32 pm
এনেয়ে দেখিবলৈ সি কেনেকুৱাআছিল ? ?????
10:32 pm
হা হা ধন্যবাদ দেই
7:16 pm
খোজ কঢ়া প্ৰেম কাহিনী ন
10:33 pm
হয় হয় বা ধন্যবাদ দেই
11:59 pm
ছেকেণ্ডত হেপাঁহ পলুৱাই চাব পৰা প্ৰেম, বাপৰে!
10:33 pm
হা হা দাদা ধন্যবাদ দেই
3:55 pm
নগাঁও চহৰৰ পৰা কোন ফালে গৈছিলা বাৰু..তুমি ল’ৰাজনক জৰুৰ ধিঙৰ ফালে নিছিলা। ডিমৌগুৰি, পলি ৰোড অথবা কচলুখোৱাৰ ৰোডত ধুনীয়া ছোৱালীবোৰে বাস কৰে বুলি মোৰ দাদা দুজনমানে আমাক সেইফালেদি নিনিছিল। আই অ, বাইকত যে ভুলতো নিনিছিল। ধুনীয়া ছোৱালীবোৰে গাৰ্লফ্ৰেইণ্ড বুলি ভাৱিব বোলে! পিছে ধিঙ ঠোৱাৰ ফালে নিছিল, তাত বোলে ভয় নাই। বহুত ভালকৈ লিখিলা। লিখি থাকিবা।
10:31 pm
অ বা কপিলী nurshing home পাৰ কৰি লৈ গৈছিলো বহুদূৰ। ধন্যবাদ বা
3:57 pm
চুইটলীনাৰ খোজকঢ়া প্ৰেম
প্ৰেমিকে বোলে চেম চেম
10:32 pm
হা হা দাদা, ধন্যবাদ দেই