ফটাঢোল

পৰিস্মীতা দাস: হাঁহি-কান্দোন

(১)

উলহে-মালহে বৃদ্ধ পিতৃৰ পাতে ওপজা দিন

মিডিয়াই কয় এই চেনেহ তেনেই উপমাহীন

পুত্ৰৰ ওঁঠত গৌৰৱৰ হাঁহি

পিতৃয়ে উচুপে গোপনে বহি

আৰু এবছৰৰ বাবে যে পুত্ৰক দেখাৰ আশা ক্ষীণ ৷

(২)

নব্বৈ শতাংশৰে কণমানিয়ে মাৰে সাফল্যৰ হাঁহি

আনন্দৰে নাচি নাচি মাকক কয় আহি

মাকৰ মনত দুখ

ওফন্দি উঠে মুখ

এশ শতাংশ পোৱাৰ সপোনটো গ’ল জহি-খহি ৷

(৩)

দুখৰ দিনত সাহস দিয়ে কৰি আলিংগন

সুখৰ দিনত দিব খোজে মিঠা পৰশন

দেখুৱাই অতি আপোন

তলে তলে দেখে সপোন

কেতিয়ানো লুটিব পাৰিব আচলৰ আঁৰৰ ধন ৷

(৪)

সৌন্দৰ্য্যৰে মুহি নিয়ে অলেখ ডেকাৰ মন

হাঁহি হাঁহি সপি দিয়ে নিজৰ দেহ মন

ওঁঠৰ হাঁহি গুচে

চকুৰ পানী মচে

চছিয়েল মিডিয়াত দেখি নিজৰ গোপন মুহূৰ্তকণ৷

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *