ফটাঢোল

তীৰ্থ যাত্ৰাত হেৰালে – সৌৰভ শৰ্মা

কিছু দিন আগতে মধ্য অসমৰ পৰা এটা গোট তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই গোটৰ এগৰাকী মহিলাই মাতা বৈষ্ণদেৱী মন্দিৰত পূজা শেষ কৰিছেহে মাত্ৰ। তেনেতে পূজাৰীয়ে ক’লে। আজি আপুনি ভালপোৱা যিকোনো এটা বস্তু ত্যাগ কৰক। যিটো বস্তু নিজৰ পতিদেৱক সুধিহে এৰিব লাগিব। মানে আপোনাৰ প্ৰিয় কিন্তু পতিয়ে বাচি দিব।

মহিলা : ত্যাগ মানে কিয়া হে?

পূজাৰী : মতলব কোয়ি এক প্যায়াৰা চিজ চোৰ দৌ, পতি কো পুচকে।

মহিলা : মানে এৰিব লাগতা হে কিয়া?

এনেতে সতীৰ্থ যাত্ৰী এজনে ক’লে। হয় ভালপোৱা ফল বা মিঠাই এবিধ অথবা মাছ-মাংসৰ আঞ্জা। কিবা ভালপোৱা বস্তু এবিধ ত্যাগ কৰাৰ কথা কৈছে।

মহিলা : পূজাৰীজী হাম কি এৰেগা হামাৰা আদমী কো সুধি বোলেগা।

ফোন লগালে নিজৰ মানুহজনলৈ,

মহিলা : হেল্লো, অ’ সৱ ঠিকে আছোঁ, পূজা কৰি এইমাত্ৰ শেষ হ’ল। মন্দিৰৰ ভিতৰতে আছোঁ। ফোন কৰাৰ কাৰণটো হ’ল, পূজাৰীয়ে কিবা এটা ভালপোৱা বস্তু এৰিবলৈ দিছে। কি এৰিম সেইটো সুধিবলৈ ফোন কৰিছোঁ।

পতিদেৱ : (বেচেৰী) তুমি ফল-মিঠাই এৰিব নালাগে, গাখীৰ-ঘী এৰিব নোৱাৰা। মাছ-মাংস কিবা এটা এৰিলে ল’ৰা-ছোৱালীক কোনে ৰান্ধি খুৱাব!

মহিলা : তেন্তে কি এৰিম? সোনকালে কোৱা। পিছৰ পৰা লাইন পাতি থকা মানুহে চিঞৰি আছে।

পতিদেৱ : (মনতে, এয়ে চাঞ্চ) তুমি মোক আৰু ল’ৰা-ছোৱালীতকৈয়ো বেছি ভালপোৱা বস্তুটোকে এৰি দিয়া।

মহিলা : মানে কি? কোনটো বস্তু?

পতিদেৱ : গালি আকৌ৷

মন্দিৰৰ পৰা ওলায়,

মহিলা : কলিজাটোৰ এফাল ত্যাগ কৰিলেও ইমান দুখ নালাগিল হয়। কিন্তু আজি যিমান দুখ আৰু বেথা পালোঁ। আজিৰ পৰা গালি বিহীন হ’লোঁ। ইয়াৰ হিচাপ ঘৰলৈ গৈ কৰিম।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *