ফটাঢোল

ৰবাৰ্ট আৰু মাইকেলৰ সাধু -ঈশান জ্যোতি বৰা

জন্মৰ সময়ত ককাকে তাৰ নাম থৈছিল ৰতন ৷ পিছে মহাবিদ্যালয়ত পঢ়িবলৈ যোৱাৰ দিনচেৰেক পূৰ্বে পুতেক আৰু গিৰিয়েকৰ উপস্থিতিত মাকে ঘোষণা কৰিলে-“আজিকালিৰ ডেকাল’ৰাৰ নাম হ’বলা এইবোৰ ৰতন-মৰ্টন থাকে ? আফ্ৰিকাৰ হাবিত থকা বান্দৰকেইটাৰো ইয়াতকৈ ভাল নামহে থাকিব ঔ ! অ’তিদন এইটো নামেৰে চলিলি যেনিবা ৷ এতিয়া কলেজলৈ এই ৰতন নামটো কঢ়িয়াই নিলে বন্ধুবোৰে তোক হাঁহিব ৷ আউতডেটেদ বুলি জোকাব ৷ তোৰ লগতে আমাৰো নাক-কাণ নাথাকিব৷ সেয়ে,তোৰ নাম আজিৰেপৰা থ’লো ৰবাৰ্ট ৷ ৰবাৰ্ট হাজৰিকা ৷ ফৰ্ম-ফিল আপ কৰোঁতে নামটো সেইবুলি লিখিবি ৷ ” মাতৃৰ সিদ্ধান্তই শেষ সিদ্ধান্ত বুলি গণ্য কৰা পুত্ৰইয়ো সেইমতেই মহাবিদ্যালয়ত নাম লিখালে৷ ৰতনে নাম সলাই ৰবাৰ্ট হোৱাৰ কথাটো ঘুনুক-ঘানাককৈ গৈ প্ৰতিবেশীনি তথা গুণেশ্বৰীৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী ৰসেশ্বৰীৰ কাণতো পৰিল ৷ “তাইৰ ল’ৰা মডাৰ্ণ আৰু আমাৰ ল’ৰা ‘অ-মডাৰ্ণ’ হ’বই নোৱাৰে,অ’ই মদন এইফালে আহ,তোৰ নাম আজিৰেপৰা মাইকেল ৷ মাইকেল কলিতা৷ ‘ফেন’বোৰক তেনেকৈ মাতিবলৈ ক’বি৷” ৰসেশ্বৰীয়ে পুত্ৰ মোহনক দিহা দিলে৷ ততালিকে মোহনৰ নাম ‘মোহন’ গুচি ‘মাইকেল’ হ’ল৷

পুত্ৰ ৰবাৰ্টৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ মাক গুণেশ্বৰী ভীষণ কনচিয়াচ্ ৷ ইতিহাসৰ অলপ-অচৰপ জ্ঞান থকা গুণেশ্বৰীয়ে সময়-সুবিধা মিলিলেই চুবুৰীৰ মহিলা-সমাজৰ আগত গৰ্বৰে কয়- “বুজিছে, আপোনালোকৰ কথা নাজানো৷ মই পিছে মোৰ ল’ৰাক লৈ বিৰাটেই ‘কনফুচিয়াচ’৷” মহিলা-সমাজৰ অন্যতম সদস্যা ৰসেশ্বৰীয়ে বাকীকেইগৰাকীৰ দৰে গুণেশ্বৰীৰ কথাবোৰ শুনি থাকে যদিও তেওঁৰ সেই ওফাইদাং মৰা কথাবোৰত ৰসেশ্বৰীয়ে তিলমানো ৰস বিচাৰি নাপায়৷ মুখেৰে ‘অ’ হয়, ভাল’ বুলি মিহিকৈ শলাগি থয় কিন্তু পেটে পেটে জ্বলি-পুৰি শেষ হোৱাৰ উপক্ৰম হয়৷ অৱশ্যে,সদা-সতৰ্ক গুণেশ্বৰীয়েও কথাটো মন নকৰা নহয়৷ মানৱ-চৰিত্ৰৰ নিৰ্মোহ বিশ্লেষণ কৰাত পাৰ্গত গুণেশ্বৰীয়ে হৃষ্ট-পুষ্ট অথচ শান্ত-শিষ্ট গিৰিয়েকৰ আগত প্ৰায়েই কয়-“বুজিছা, এই যে ৰসেশ্বৰী মানুহজনী ইমান চকুচৰহা ! আমাৰ ৰবাৰ্টৰ উন্নতি মানুহজনীৰ একেবাৰে সহ্য নহয়৷” মানুহটোৱেনো আৰু কি ক’ব! নাৰী-শক্তিৰ ওচৰত তেওঁ কেতিয়াবাই আত্ম-সমৰ্পণ কৰি থৈছে ৷ এদিন মনত অলপ সাহস গোটাই মন্তব্য দিছিল-“সেইবোৰ বাৰু ঠিকেই আছে ৷ কিন্তু আপুনি যে কথাই কথাই এই কনফুচিয়াচ শব্দটো ব্যৱহাৰ কৰে,সেইটো ভুল আচলতে, কনচিয়াচ মানেহে সচেতন নাইবা সতৰ্ক৷” গিৰিয়েকে সন্মানসহকাৰে দিয়া মন্তব্যশাৰী শুনি গুণেশ্বৰীয়ে ‘এ থোৱাহে, এনে বানানৰ ভুল ধৰাজন ওলাইছে, অসমীয়া সাহিত্যৰ ভঁৰালটোত তুমি লিখা কেইখন ডিক্সনেৰী আছে?’ শীৰ্ষক প্ৰশ্ন এটাৰে উভতি ধৰিলে৷ গুণেশ্বৰীৰ প্ৰতিশোধপৰায়ণতা গুণটো তাতেই সীমাবদ্ধ হৈ নাথাকিল৷ নিশালৈ ভাতৰ পাতত মিঠা আলুৰ লগত ভাত-কেৰেলাৰ পিটিকা খোৱাই পতিদেৱতাক কঠোৰ মানসিক শাস্তি বিহিলে ৷ পত্নীয়ে নিয়মীয়া হাৰত উপহাৰ দিয়া এনেধৰণৰ নৰক-যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈকে বন্ধু এজনৰ পৰামৰ্শমতে বিয়াৰ এমাহমানৰ পাছৰপৰাই বিশ্ববিদ্যালয়ৰ তিনিবাৰৰ বক্সিং চেম্পিয়ন গিৰিয়েকে গুণেশ্বৰীক ‘তুমি’ৰ ঠাইত ‘আপুনি’ বুলি সম্বোধন কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দুদিনমানলৈকে দৰৱটোৱে সফলতাৰে কাম কৰিলে সঁচা, কিন্তু ম্যাদ উকলি যোৱাৰ পাছত সেইয়াও অইন ঔষধৰ দৰে অকামিলা আৰু নিষ্ক্ৰিয় হৈ পৰিল৷

সময় পাৰ হ’ল৷ ৰবাৰ্ট আৰু মাইকেলৰ মহাবিদ্যালয়ৰ জীৱনো শেষ পৰ্যায়ত আহি উপনীত হৈছেহি৷ তেনেতে হঠাৎ এদিন ৰবাৰ্টে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আহি ভাত-পানী মুখলৈ একো এটা নিনিয়াকৈ ৰোহঘৰত সোমালহি ৷ পিতৃ-মাতৃ দুয়ো পুত্ৰৰ কাষলৈ কোবা-কুবিকৈ লৰি গ’ল ৷ তাৰ দুখ-বেদনাৰ বুজ লোৱাত তৎপৰতা দেখুৱালে ৷ চকুত পৰ্যাপ্ত পৰিমাণৰ অশ্ৰু জিলিকাই আৰু কণ্ঠইদি বেদনাগধুৰ মাত এটা উলিয়াই পুত্ৰই মনৰ সকলো কথা ধীৰে ধীৰে ব্যক্ত কৰিলে ৷ তাক হেনো বাইক এখন লাগে ৷ চাইকেল লৈ কলেজলৈ যাবলৈ ৰবাৰ্টৰ লাজ লাগে৷ লগৰ আটাইবোৰৰে বাইক আছে,তাৰহে বাইক এখন চলাই ‘চাল’ দিয়াৰ ‘এক্সপিৰিয়েঞ্চ’কণ আজিকোপতি নহ’ল ৷ পুত্ৰৰ ব্যথাক যথোচিত সঁহাৰি দিয়াত মাতৃ গুণেশ্বৰীয়ে কোনোদিনেই কৃপণালি কৰা নাছিল ৷ এইবাৰো নকৰিলে ৷ পিছদিনাই পুতেক আৰু বাপেকক পঠিয়াই টাউনৰ পৰা নতুন বাইক এখন কিনি আনিলে ৷ পুতেকৰ মুখত সেইদিনা বাইকৰ নাম শুনি পিতৃৰ মুখখনে গম্ভীৰ ৰূপ এটা ধাৰণ কৰিছিল যদিও পত্নীৰ এটা বেঁকা চাৱনিত সেই গম্ভীৰতা এটা মিচিকিয়া হাঁহিলৈ ৰূপান্তৰিত হ’বলৈ কেইমিলিছেকেণ্ডমানহে সময় লাগিল ৷ মানুহজনৰ অনুমান ঠিকেই আছিল ৷ পুতেক যিদিনাই ৰোহঘৰত সোমায়,তাৰ পিছদিনাই এটিএমৰ পৰা এক বুজন পৰিমাণৰ টকা ওলায় ৷ আজিৰ দৰে কেইমাহমানৰ পূৰ্বে এইদৰেই ৰবাৰ্ট ৰোহঘৰত সোমাইছিল আৰু তাৰ ঠিক পিছদিনাই পুতেকক “ভাল ম’বাইল” এটা দিয়াৰ নামত তেখেতৰ একাউণ্টৰ পৰা নগদ পোন্ধৰহাজাৰ টকা বাহিৰলৈ ওলাইছিল ৷

যি কি নহওক,ৰবাৰ্টে বাইক কিনাৰ পাছদিনাই চুবুৰীৰ মহিলাসকলৰ মাজত এখন গুৰু-গম্ভীৰ আলোচনাচক্ৰ আৰম্ভ হ’ল৷

“বাইক এখন কিনিয়ে দিলোঁ আৰু তাক ৷ কলেজীয়া ল’ৰা, কিমাননো আৰু সেই পুৰণা চাইকেলখন টানি ফুৰিব ? গৰমত ঘামি-জামি কলেজৰ পৰা অহা দেখিলে কেতিয়াবা মোৰেই দুখ লাগে ৷”-আলোচনাচক্ৰৰ মূল বক্তা গুণেশ্বৰীয়ে পূৰ্ব-পৰম্পৰা অক্ষুণ্ণ ৰাখি মন্তব্য কৰিলে৷

“চাব দেই ৰবাৰ্টৰ মাক৷ আজিকালি সেই টিভিবোৰত যিবোৰহে ঘটনা দেখি আছোঁ,ভয়েই লাগে ৷ ল’ৰাবোৰক মাক-বাপেকে বাইক কিনি দিয়ে আৰু ল’ৰাইয়ো পিছফালে একোজনী উঠাই গোটেই বিশ্ব-ব্ৰহ্মাণ্ড ঘূৰি ফুৰে ৷ মাকে-বাপেকে সিহঁতক ঘৰত দেখা নাপালেও ব্ৰেকিং নিউজত সিহঁতৰ মুখকেইখন গোটেই দুনীয়াই দেখে ৷”-চুবুৰীৰ আন এগৰাকী সচেতন মহিলা ফুলেশ্বৰীয়ে কিছু চিন্তিত হৈ ক’লে ৷

“নাই নাই ৷ আমাৰ ই আকৌ তেনেকুৱা নহয় ৷ ছোৱালীৰ লগতো তাৰ কোনো লেন-দেনেই নাই ৷ আজিলৈকে কোনো ছোৱালীৰ লগতে তাক কথা পতা শুনা নাই ৷ তাকতো আমি কলেজলৈ যোৱাৰ দিনাখনেই এইবোৰ কথা শিকাই থৈছোঁ ৷ ভাল কথা এটা মনত পৰাত কৈ থওঁ ৰ’ব ৷ আপোনালোককহে কৈছোঁ আকৌ,বেলেগক নক’ব ৷ একেবাৰেই ছিক্ৰেট কথা ৷ তাৰ বিয়া আমি মনে মনে ঠিকেই কৰি থৈছোঁ ৷ ” –গুণেশ্বৰীৰ কথা শুনি আটাইকেইগৰাকীৰে চকু কপালত উঠিল ৷ উত্তেজিত হৈ দুগৰাকীমানে ঠাইতে জাপ দুটামানো দিলে ৷

“সি ভাল চাকৰি এটা পালেই লণ্ডনত থকা মোৰ বান্ধৱী এজনীৰ ছোৱালীৰ লগত তাৰ বিয়া হ’ব ৷”-গুণেশ্বৰীৰ কথা শেষ হোৱাৰ লগে লগে আটাইকেইগৰাকীয়ে উঠি আহি তেওঁক “হেণ্ডচেক” দি “কংগ্ৰেছ” জনালে ৷ পিছে,মাইকেলৰ মাক ৰসেশ্বৰীয়ে কাৰোৰে লগত কোনোধৰণৰ ভাৱৰ আদান-প্ৰদান নকৰিলে আৰু আলোচনাচক্ৰ শেষ হোৱাৰ পূৰ্বেই নাক-মুখ ৰঙা কৰি একেকোবেই গৈ নিজৰ ঘৰৰ বাৰাণ্ডাত উঠিল ৷

নক’লেও হ’ব যে,তাৰ ঠিক দুদিন পাছতেই পতিদেৱৰ আৰ্থিক সহযোগিতাত ৰসেশ্বৰীৰ ঘৰো শুৱনি কৰিলেহি এখন নতুন বাইকে ৷

“মোক “আণ্ডাৰ-চিমেন্ট” কৰে ! মোক বেল পাইছে ! তুমি যদি ডালে-ডালে মই হ’লো পাতে-পাতে”-বাইকখনৰ কপালত তপৰকৈ চুমা এটা খাই গুণেশ্বৰীৰ ঘৰৰ ফালে দৃষ্টি নিক্ষেপ কৰি ৰসেশ্বৰীয়ে স্বগতোক্তি কৰিলে৷

বাইক কিনাৰ ঠিক এমাহ পাছতে ৰবাৰ্ট আৰু মাইকেলৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল৷ কাণে কাণ মাৰি দুয়োঘৰৰে দুয়োটা ‘ভোটাতৰা’য়ে মহাবিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল ৷ পুত্ৰৰ গৌৰৱেৰে গৌৰৱাণ্বিত হৈ গুণেশ্বৰীয়ে ঘৰতে মহা-ভোজৰ আয়োজন কৰিলে ৷ সিফালে ৰসেশ্বৰীও পিছপৰি থকা নাই ৷ আক-তাক সুধি গুণেশ্বৰীৰ ঘৰত খোৱাবলগীয়া খাদ্যবস্তুৰ তালিকাখন তেওঁ ইতিমধ্যেই সংগ্ৰহ কৰি থৈছিল আৰু তাৰ ফলশ্ৰুতিতেই এতিয়া তেওঁৰ ঘৰতো নানা তৰহৰ খাদ্যসম্ভাৰ যুগুত আছে ৷ কোৱা বাহুল্য যে , দুই ম’হৰ এই তয়া-ময়া যুঁজত ৰাইজৰ ভালদৰেই ‘ভোজন’ মিলিছে ৷

ৰাইজক ভালদৰে সোধ-পোছ কৰি বিদায় দি গুণেশ্বৰীয়ে অতিথিশালাৰ চকীখনতে অকণমান জিৰাও বুলি বহিছিল, হঠাৎ কিবা এটা মনত পৰাত পলকতে গৈ তেওঁ ৰবাৰ্টৰ কোঠাত সোমালগৈ ৷ মনে বিচৰা বস্তুটো নাপাই এইবাৰ তেওঁ আগবাঢ়িল ৰোহঘৰৰ ফালে ৷ নাই,ৰোহঘৰতো নাই ৷ উপায়ন্তৰ হৈ গিৰিয়েকক সুধিলে-“এই ৰবাৰ্ট কোনফালে গ’ল ! আগফাল-পাছফাল ক’তো তাৰ দেখোন ছাঁটোৱেই দেখিবলৈ নাই৷” গিৰিয়েকেও মুখখন জোকাৰি ৰবাৰ্ট নাই বুলি ইংগিত দিলে ৷ ‘কনফুচিয়াচ’ মাতৃৰ এতিয়াহে গালৈ হুঁচ আহিল৷ ৰিজাল্ট ভাল হোৱাৰ বাবে ক’ৰবাত সৰহকৈ এগাল খাই খালে-বিলে পৰি থকা নাইতো ! হঠাতে গ’ল ক’লৈ এইটো ?

তেনেতে বাহিৰত বাইক এখন আহি ৰোৱাৰ শব্দ শুনা গ’ল ৷ উধাতু খাই গুণেশ্বৰী চোতাল পালেগৈ ৷ হয়,হয় পুতেকেই হয় ৷ কিন্তু পুতেকৰ পিছে পিছে এখোজ-দুখোজকৈ আহি থকাগৰাকী কোন ?

“ক’ত আছিলি ইমানপৰ? আৰু এওঁক যে চিনি নাপালোঁ৷”-সেপ এটা গিলি গুণেশ্বৰীয়ে ৰবাৰ্টক থোকা-থুকি মাতেৰে সুধিলে ৷

“এওঁক ঘৰৰপৰা বিয়া দিবলৈ ওলাইছিল ৷ সেয়েহে আজি ময়েই বাইকত উঠাই মোৰ ঘৰলৈকে লৈ আহিলোঁ ৷”

“বেছিকৈ চাচপেঞ্চ নিদি খোলাখুলিকৈ কৈ দিয়াচোন কথাবোৰ৷”-অ’তপৰে শান্ত হৈ থকা পিতৃয়ে এইবাৰ অনুসন্ধান কৰাত লাগিল ৷ ইপিনে পুত্ৰৰ কথা শুনি গুণেশ্বৰীৰ মুখৰ পৰা কথা নোলোৱায়েই হ’ল ৷ তেওঁ ঠাইতে থৰ লাগিল ৷

“তেন্তে শুনা, এইয়া তোমালোকৰ বোৱাৰী ৷ এওঁ আজিৰপৰা আমাৰ ঘৰতে থাকিব ৷ আহা মাৰ্টিনা,মা-পাপাক সেৱা কৰোঁ৷”

পুত্ৰ ৰবাৰ্ট আৰু ন-বোৱাৰী মাৰ্টিনা মাক-দেউতাকক সেৱা কৰিবলৈ গুৰু-গম্ভীৰ খোজেৰে আগুৱাই আহিল ৷ পিছে আৰ্শীবাদ দিবলৈ গুণেশ্বৰী সুস্থ অৱস্থাত থাকিব নোৱাৰিলে ৷ থাকেনো কেনেকৈ ! তেওঁ মনতে আঁকি থোৱা ছবিখন পুতেক ৰবাৰ্টে যে এটা অচিনাকি ৰঙেৰে বোলাই দি ৰেহ-ৰূপেই সলাই পেলালে ! তেওঁৰ মূৰটো ক্ৰমাৎ চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে আৰু এসময়ত সংজ্ঞা হেৰুৱাই ঠাইতে বাগৰি পৰিল ৷

সিফালে গুণেশ্বৰীৰ পুতেকে ছোৱালী অনাৰ খবৰটোৱে মুহূৰ্তৰ ভিতৰতে গাঁও ৰৌজাল-বৌজাল লগালে ৷ তৎমুহূৰ্ততে খবৰ গৈ ৰসেশ্বৰীৰ কাণতো পৰিল ৷ ৰসেশ্বৰীৰ আনন্দই নধৰে হিয়া ৷

“এতিয়া কেনে মজা? ইহ! লণ্ডনৰ বোৱাৰীহে আনে ! এনে আকাশত চাং পতা কথা ক’ব পাৰে ঔ ! বাপ্পেকে খুব ভাল হৈছে ৷ খুব ভাল হৈছে ৷ হেৰ’মাইকেল, বজাৰৰ পৰা এক কেজি লোকেল মুৰ্গী লৈ আহগৈ যা ৷ আজি ঠিকচে খাম ৷”- কথাষাৰ কৈয়েই ৰসেশ্বৰীয়ে ইফালে-সিফালে পুতেকক বিচাৰি চকু ফুৰালে৷ এইমাত্ৰ দেখোন সি চকুৰ আগতে আছিল৷ হঠাতে ক’ত বা নাইকিয়া হ’ল ! ছেহ ! বেছি দেৰি কৰিলে মাংসৰ দোকান বন্ধই কৰি দিব দেখোন ৷

“মা,অ’ মা ৷ এইয়া চোৱাহিচোন, কি আনিছো৷”-বাহিৰৰ পৰা ভাঁহি অহা মাইকেলৰ মাতটো অনুসৰণ কৰি ৰসেশ্বৰী বাহিৰলৈ ওলাই গ’ল ৷ চকুত অলপ আশ্চৰ্য, মনত অলপ উৎকণ্ঠা ৷

“তুমি কোৱাৰ আগতেই মই লৈ আহিলোঁ৷”

“কি?”-মাইকেলৰ আশে-পাশে কোনো দ্বিতীয় ব্যক্তিক নেদেখি মাক ৰসেশ্বৰীয়ে পুতেকক প্ৰশ্ন কৰিলে ৷

“এইয়া চোৱা৷” বুলি কৈ পিছমুহূৰ্ততে মাইকেল আঁতৰি দিলে আৰু তাৰ ঠিক পিছফালে লুকাই থকা গাভৰুজনী ওলাই পৰিল ৷ বাৰাণ্ডাত জ্বলি থকা বাল্বটোৰ সমষ্ট পোহৰ গৈ গাভৰুজনীৰ গাতে পৰিছে ৷

“কোন এইয়া?”বিষ্ফোৰিতে নেত্ৰে ৰসেশ্বৰীয়ে সুধিলে৷

“কিয়! বোৱাৰী আকৌ ! ৰবাৰ্টৰ ঘৰত বোৱাৰী দেখি তোমাৰতো মন যাবই বোৱাৰী এজনী চাবলৈ ৷ চ’তুমি মোক বোৱাৰী আনিবলৈ পাৰ্মিচন দিয়াৰ আগতেই মই লৈ আহিলোঁ৷ ৰবাৰ্টেহে ছোৱালী আনিব পাৰে নেকি,মইয়ো পাৰো!”-বুকু ফিন্দাই মাইকেল ক’লে ৷

“কৃষ্ণ কৃষ্ণ !! হে হৰি !! এইয়া তই কি কৰিলি ঔ বোপাই ! ” মাইকেলৰ মুখেৰে ওফৰি অহা বাৰুদ আৰু গুলীবোৰৰ আঘাত ৰসেশ্বৰীয়ে আৰু সহ্য কৰিব নোৱাৰিলে ৷ যুদ্ধত পৰাস্ত হোৱা সৈন্যৰ দৰে তেওঁ পোনছাটে গৈ দুমাহৰ আগতে ঘৰৰ পিছফালে নতুনকৈ সাজি উলিওৱা ৰোহঘৰত পৰি থাকিলগৈ ৷
▄ ▄

 

14 Comments

  • সঞ্জীৱ

    অতি সুন্দৰ!

    Reply
  • হা হা হা, বোপাই, কি ফাটাফাটী কমেদী লিখিলা এইখন ৷ এতিয়া এটা চিকুৱেল হব লাগে এইখনৰ ৷ মানে মাৰ্টিনা আৰু অন্যজনী মিলি কি বিহু দেখাই শাহুৱেক ৰসেশ্বৰী আৰু গুনেশ্বৰীক ৷ তাৰ পিচত গুনেশ্বৰী আৰু ৰসেশ্বৰী মিলি কেনেকে জিগৰী দোষ্ট হৈ যায় ৷ একদম “বুকুৰ বৈনী” হান!

    Reply
    • Manisha Kakati

      হাঃ হাঃ হাঃ! মাৰ্টিনা চাগৈ মালতী

      Reply
  • অঞ্জলি

    তামাম

    Reply
  • Manisha Kakati

    খুউৱ ৰস পালো পঢ়ি..

    Reply
  • আকৌ কও এনে চোক সকলোৰে কলমত নেথাকে। পিছে হেমন্তদাক সমৰ্থন কৰি কও, – চিকুয়েল লাগে। লাগে মানে লাগেই।

    Reply
  • ৰিণ্টু

    ঈশানৰ ওপৰত এটাই আক্ষেপ, কলমটোক বৰ সঘনাই বিৰতি দিয়ে। তোমাৰ কলমটো সঘনাই চলাই নথকাৰ বাবে আমি বহুত কিবা-কিবি মিচ কৰিছো।

    তোমাৰ লেখাৰ আগৰ পৰাই ভক্ত, গতিকে কমেণ্ট নিদিওঁ‌। অনুৰোধ কৰিম, এটা লিখাৰ পৰা আনটোৰ মাজৰ বিৰতিৰ সময়খিনি অলপ কমাবা

    Reply
  • ঈশান দা বিশেষ একো নকওঁ ৷ মুঠতে সাংঘাটিক ৷ আপুনি বৰ্তমানৰ এজন প্ৰকৃত সাহিত্য সাধক ৷ কলম নেৰিব লিখি যাওক ৷ শুভকামনা আছে ৷

    Reply
  • ৰতনৰ পৰা ৰবাৰ্ট —- পৰিক্ৰমা, পৰিসমাপ্তি অতি সুন্দৰ !

    Reply
  • – ৰবাৰ্টে মাৰ্টিনাক আনিলে— মাৰ্টিনে ভুলতে কট্ৰিনাক অনা নাইটো—-
    বৰ ৰস পালো—

    Reply
  • লিপিকা

    বঢ়িয়া লাগিল দেই, তাৰপিছত কি হয় জানিবলৈ বহুত মন থাকি গ’ল। দ্বিতীয়টো খণ্ড ও লিখক সোনকালে।

    Reply
  • Noopur Baruah

    Pran khuli hahilu.. aru enekua likhoni porhibo pam buli aaxa rakhilu.

    Reply
  • বিকাশ শইকীয়া

    পিছৰ খ্ণ্ডটো হ’ব নেকি। আপোনাৰ নামটো শুনি থাকো মাজে মাজে।

    Reply
  • Rajib

    বঢ়িয়া লাগিল দেই… তিত ফৰ তেত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *