ফটাঢোল

মিলাৰামৰ আত্মজীৱনী – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

(একাষাৰ: অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্মলগ্নৰে পৰা আজি পৰ্যন্ত সৃষ্টি হোৱা সমূহ অসমীয়া ব্যংগ সাহিত্যৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ব্যংগ ৰচনাৰাজিৰ স্থান সদায় কিছু ওপৰত। তেওঁৰ হাস্য-ব্যংগ ৰচনাৰ এক সুকীয়া বৈশিষ্ট্য হৈছে যে বহুক্ষেত্রত তেওঁ নিজকেই গোটেই কাহিনীটোৰ কোনো এটা চৰিত্রৰ লগত সাঙুৰি লয়, যাৰ দ্বাৰা আত্ম বিশ্লেষণেৰে খুহুটীয়া ৰসৰ মাত্রা চৰাব পাৰি । “মিলাৰামৰ আত্মজীৱনী”ও তেনেধৰণেই তেওঁৰ এক অপূৰ্ব্ব সৃষ্টি । সময় আগবঢ়াৰ লগে লগে নৱপ্ৰজন্মৰ বহুতেই ৰসৰাজৰ আপুৰুগীয়া সৃষ্টিসমূহৰ ৰস-আস্বাদনৰ পৰা নিলগত অৱস্থান হোৱা যেন পৰিলক্ষিত হৈছে। এয়া নতুন প্ৰজন্মৰ প্ৰতি আমাৰেই যেন এক অন্যায় বুলি অনুভৱ কৰি আজিৰ ডিজিটেলাইজেচন যুগৰ পাঠকসকলক এনে যুগমীয়া সৃষ্টিৰ অপৰিৱৰ্তিত ৰূপ ই-মাধ্যমৰ যোগেদি চিনাকি কৰি দিয়াৰ এইয়া এক ক্ষুদ্ৰ প্ৰয়াস।
এই প্ৰশংসনীয় পদক্ষেপ লোৱাৰ বাবে আমাৰ সদস্য ৰামানুজ গোস্বামীক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলো।)

এই কেইটা কাৰণৰ বাবে মোৰ জীৱন চৰিত মই নিজে লেখিলোঁ।
(১) মোৰ মিতিৰ বা কুটুম লেখত তিনিজন। পোন প্ৰথমতে ঘৈণীৰ ফালৰ, তাৰ পিছত আইৰ ফালৰ, আৰু তাৰ পিছত সকলোৰে শেহত বোপাইৰ ফালৰ। তিনিউজনৰ পৰা তিনি দিনৰ অন্তৰে অন্তৰে তিনিখন তিনিপতীয়া সুকীয়া চিঠি পাইছোঁ। তাৰ মৰ্মটো এইঃ “আপুনি যদি আপোনাৰ অতি বিচিত্ৰ জীৱন চৰিত্ৰ স্ব-হস্তে লেখি মানুহৰ কুশলৰ অৰ্থে প্ৰকাশ কৰে, তেন্তে আপোনাৰ লেখা পঢ়িম।”
(২) মোৰ জীৱনৰ আৰ্হি লৈ বাট বুলি বহুতে মোৰ নিচিনা ডাং-ডাং-ডাং-অৰ হ’ব পাৰিব।
(৩) কলি-কলীয়া মানুহ যেনে অধৰমী, মোৰ জীৱন-চৰিত্ৰ মই নিজেই লেখি থৈ নগ’লে, কোনে নো ধৰ্ম্মক লক্ষ্য কৰি পাছে লেখিব দেও হে?
(৪) পুণ্যবান মানুহৰ চৰিত্ৰ ভক্তি ভাৱে পাঠ কৰিলে, “পুইণ” হয়। আৰু ক’ব দিয়া যদি, বেয়া নোপোৱা যদি, কব পাৰো যে মোৰ এই জীৱন চৰিত কণা মানুহৰ বিত চকু, খোৰাৰ কঠুৱা ভৰি, কুঁজাৰ পিঠিৰ থিয়কিল, খহুৱাৰ খহুৰ দৰব, খৰীয়াৰ খজুৱতি, নখ-চুকীয়াৰ বেতৰ বকটু, আৰু আঙুলী পানীয়ে খোৱাৰ তুলা আৰু পাণ-জেতুকা।

অসমত আমাৰ ঘৰ মানুহ, পাটকাই পৰ্বতৰ সমান পুৰণি, জয়সাগৰৰ দ’লটোৰ সমান ওখ, শিৱসাগৰ পুখুৰীটোৰ সমান ডাঙৰ, আৰু পপীয়া তৰাটোৰ সমান উজ্জ্বল।

আমাৰ উপৰি পুৰুষৰ নাম হয়বৰ। তেওঁ ১৬১৯ শকত কনৌজৰ পৰা, পাঁচজন তেওঁৰে নিচিনা সাধু পুৰুষৰে সৈতে, মানুহ মৰা টোকোনা, বাদুলীসঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং লৈ, লাহে লাহে, দিগ্বিজয় কৰি আহি অসম দেশ পায়।
গুণীৰ গুণ বুজোতা ৰুদ্ৰসিংহ স্বৰ্গদেৱে, তেওঁলোকক অভ্যৰ্থনা কৰি, যাউতী-যুগীয়াকৈ ৰাজ বন্দীশালৰ সুন্দৰ খোটালি এটা তেওঁলোকক দান কৰি, তেওঁলোকৰ পোহপালৰ ভাৰ নিজে গ্ৰহণ কৰিলে।

পোন্ধৰ বছৰৰ পিছত হয়বৰ বংশধৰ পুতেক হৰিবৰে, কনৌজৰ পৰা বাপেকক বিচাৰি আহি, পানীয়ে বামে ছমাহ বাটকুৰি বাই ৰংপুৰ পাই ওপৰত কোৱা ৰাজদত্ত বাহৰত পিতৃদেৱতাক দৰ্শন কৰি পিতৃৰ শ্ৰীচৰণ-কমলত মাথা দোঁৱালে। “দীৰ্ঘজীৱী হ” বুলি সকলোৱে শুনাকৈ হয়বৰে আশীৰ্বাদ কৰাৰ পিছত, হৰিবৰে, পিতৃচৰণাবিন্দ সততে নয়নগোচৰ হ’ব ভাবি, সেই নগৰতে বসতি কৰিলে।

বছেৰেক যাওঁতে নেযাওঁতেই হৰিবৰৰ যশস্যা সৌৰভ গুণগ্ৰাহী স্বৰ্গদেৱৰ নাক পালত দয়ালু স্বৰ্গদেৱে দয়া প্ৰকাশ কৰি বাপ-পোৰ মাজত বিচ্ছেদ নঘটাকৈ, সেই একে খোটালিতে তেওঁৰো থাকিবৰ দিহা কৰি দিলে।

হৰিবৰ পুতেক বিখ্যাত মনবৰ পণ্ডিতৰ নাম বুৰঞ্জীৰ পাতে পাতে অনুসন্ধান কৰিলে পোৱা যায়। এওঁৰ বিদ্যাৰ সৌগন্ধই অসম দেশ মলমলাই আছিল। এওঁৰ এটা আচৰিত ক্ষমতা এই আছিল যে যাৰে তাৰে চহী এওঁ হুবহু নকল কৰি দিব পাৰিছিল। ৰূদ্ৰসিংহ স্বৰ্গদেৱৰ পুতেক শিৱসিংহ স্বৰ্গদেৱৰ ৰাজসভাত এওঁৰ এই বিচক্ষণ গুণৰ কথা গলাগপা হ’বলৈ ধৰিলে আৰু দেশদেশান্তৰৰ পৰা মানুহ পণ্ডিতক চাবলৈ ভাগি অহা দেখি স্বৰ্গদেৱে এই বিদ্যাৰত্নক অতি আগ্ৰহেৰে আহ্বান কৰি নি, সকলোৱে দেখি চকু জুৰাবলৈ ছুটি ছুটি ঠেঙা পিন্ধাই সজাই-পৰাই ৰাজ-আলিত ঠাই দিলে। আৰু্ অনভ্যাসত কেনেবাকৈ বিদ্যা হত হয় বুলি আশাঙ্কা কৰি, এওঁৰ হাত চৈ কৰি ৰাখিবৰ অভিপ্ৰায়ে বিদ্যানুৰাগী স্বৰ্গদেৱে এওঁৰ হাতত হাতুৰী দি আলিত শিল ভাঙিবলৈ লগাই দিছিল।

মনবৰ পণ্ডিতে ভৱলীলা সংবৰণ কৰাৰ পিছত এই পৃথিৱীত তেওঁৰ “ভৰিৰ খোজ” পাঁচোটি পুতেক আৰু এজনী জীয়েক ৰল। সিন্ধিৰাম, ৰাতিৰাম, বাতিৰাম, কাতিৰাম, চুৱাৰাম আৰু কপাহী লাহে লাহে ঈশ্বৰৰ ইচ্ছাত এই “ল’ৰা পোৱালী” পাঁচোটি আৰু কন্যাৰত্নফেৰি ডাঙৰ দীঘল হৈ খুটি খাব পৰা হ’ল। লোকে ল’ৰা কেইটিৰ নাম দিলে পাঁচ পাণ্ডৱ আৰু কপাহী বোলা ছোৱালীজনীৰ নাম দিলে জাম্বৱতী।

কিন্তু কি সূত্ৰত আৰু কি মিল দেখি লোকে সিহঁতৰ নাম পাঁচ-পাণ্ডব আৰু ছোৱালীজনীৰ নাম জাম্বৱতী ৰাখিছিল বুজিব পৰা নগ’ল। পাঁচ পাণ্ডৱ ক’ত? আৰু পাঁচ পাণ্ডৱৰ ভনীয়েক পাতি দিয়া জাম্বৱতী ক’ত? হোঃ হোঃ হোঃ হাঁহি উঠা কথা! ঋষি মুনি নামৰ বুঢ়াসকলে হিন্দু শাস্ত্ৰত কয় বোলে, নাম মানুহৰে সৈতে মিলে। এই কথা নেমানি প্ৰচণ্ড প্ৰতিবাদ কৰি ক’বলগীয়া যে, মানুহহে নামৰে সৈতে মিলে। হিন্দুশাস্ত্ৰ ঠেলি এইষাৰ কথা কোৱা বাবে তুমি লাগে যদি মোক খ্ৰীষ্টানকে বোলা, তাতো মান্তি আছোঁ। সঁচা কথাষাৰ মই নকওঁ বুলিলেও মোৰ হাড় নাইকিয়া জিভাই নকৈ নেৰে।

তোমাক এটা কথা এইখিনিতে কৈ থওঁ নেপাহৰিবা দেই,- টং কৰি চালে দেখিবা যে ঋষি মুনিসকলৰ কথাবোৰৰ বৰ লাগবান্ধ নাই। তেওঁলোকৰ দিনৰ আমাৰ উপৰি পুৰুষসকলে যে তেওঁলোকৰ কথাত বৰ কাণ নেপাতিছিল, তাক তেওঁলোকেও যে বুজিব নোৱাৰিছিল এনে নহয়! তাৰ প্ৰমাণ, তেওঁলোকৰ ক’বলগীয়া কথাবোৰ আমাৰ উপৰিপুৰুষসকলৰ আগত তেওঁলোকে ক’বৰ সাহ নকৰি, সাঁচিপাত তালপাত আৰু ভূজ্য পাতৰ আগত কৈ গ’ল। সাঁচিপাত প্ৰভৃতিয়েও সেই বেবেৰিবাং কথাৰ মৰ্ম বুজিব নোৱাৰি তাক উইপৰুৱাক বিলাই দিলে। আৰু তাৰ পিছত সি উই-হাফলু। উই-হাফলুৰ পৰা বাল্মীকি, বাল্মীকিৰ পৰা ৰামায়ণ। এই গোপনীয় পৰমাৰ্থৰ কথাষাৰ এইখিনিতে তোমাক কৈ থলো।

এইবিলাক যি হওক, অহঙ্কাৰেৰে সৈতে কোৱা উচিত, যে মোৰ উপৰিপুৰুষসকল নাম চাই মানুহ আছিল। লোকৰ ঘৰত সিন্ধি দিয়া বিদ্যাটো অমুকৰ ঘৰৰ ল’ৰা সিন্ধিৰামৰ যেন আছিল আনৰ তেনে নাছিল। পালী-প্ৰহৰীয়ে বেঢ়ি থকা ডাঙৰ লোকৰ ঘৰত সিন্ধি দিব লাগিলে মহাত্মা সিন্ধিৰাম অধ্যাপক নগ’লে নহৈছিল।
ৰাতিমাৰ দৈৱিক শক্তিৰ লোক আছিল। অন্ততঋ তেওঁৰ চকুযোৰ। শিয়াল আৰু ফেঁচাৰ নিচিনাকৈ তেওঁ এন্ধাৰতো বয়-বস্তু ফট্ ফট্ কৰে দেখিছিল। দিনতকৈ ৰাতিহে তেওঁৰ চলত ফুৰণ সৰসৰীয়া হয়। পশুশ্ৰেষ্ঠ শিয়াল আৰু পক্ষীশ্ৰেষ্ঠ ফেঁচাৰ নিচিনাকৈ দিনটো তেওঁ জুপুৰা মাৰি ঘৰৰ চুকত বহি কলমুটিয়াই কটায়, আৰু সন্ধ্যা লাগি আহিলেই গা-মূৰ জোকাৰি পাখি কটালি থিয় হয়। তেওঁৰ এই দৈৱিক শক্তি দেখি তবধ মানি অতি সন্তুস্ত হৈ প্ৰমত্তসিংহ ৰজাই তেওঁক হাতে-ভৰিয়ে পিন্ধিবলৈ দুডাল লোৰ শিকলি ৰাজ প্ৰসাদ স্বৰূপে বঁটা দিয়ে। এই শিকলিৰ আঙঠি এটা মোৰ ঘৰত এতিয়াও আছে। মোৰ উপৰি পুৰুষৰ সোঁৱৰণি স্বৰূপে তাক গোঁসাই ঘৰৰ টুপত থাপনা পাতি থৈ দিছোঁ। বিহুৱে সবাহে উলিয়াই সেৱা কৰো।

এই পৃথিৱীত পৰিশ্ৰমী আৰু অধ্যৱসায়ী মানুহৰ পক্ষে সৰু অৱস্থাৰ পৰা ডাঙৰ অৱস্থা পাবলৈ টান নহয়। বেঞ্জামিন ফ্ৰেঙ্কলিন ছাপাখানাৰ প্ৰিণ্টাৰৰ অৱস্থাৰ পৰা এখোজ দুখোজকৈ নথৈ ডাঙৰ মানু হৈছিল বুলি শুনিছো। নেপ’লিয়ন বোনাপাৰ্ট এটা সমান্য চিপাহীৰ অৱস্থাৰ পৰা সম্ৰাট হৈছিল বুলি কয়। আমাৰ পূৰ্বপুৰুষ বাতিৰামো নিজৰ অদম্য পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণত বৰ ডাঙৰ মানুহ হৈ উঠিছিল। ইংৰাজীত যাক “চেলফ-মে’ড মেন” বোলা ৰাতিৰাম তাৰ উদাহৰণ। প্ৰথমতে তেওঁ লোকৰ বাটিটো, তাৰ পিছত ঘটিটো, তাৰ পিছত লোটাটো, তাৰ পিছত ছাগলীটো, গৰুটো, ম’হটো, গৰাকীৰ বিনা অনুমতিত আৰু অজ্ঞাতসাৰে ইফাল সিফাল কৰি সৰকাই, সেই মহাবিদ্যাত দিনকদিনে ওখ হৈ দ’লৰ কলচী ঢুকি পোৱা হৈছিলগৈ।

অসমৰ বুৰঞ্জী পুৰি খোৱা আপোনপেটীয়া, “জলম বঁটা” কীৰ্তিচন্দ্ৰ বৰবৰুৱাই, ৰজাৰ খাটনিয়াৰ হৈ মাটিত ভৰি নোথোৱা হলত, বৰগোঁহাই প্ৰভৃতি ৰাজ্যৰ প্ৰধান প্ৰিধান লোকসকলে যেতিয়া ষড়যন্ত্ৰ কৰি এই কোটকোৰা কাঁইট উভালিবৰ থিৰ কৰিলে তেতিয়া সেই গুৰুতৰ কাৰ্য্যসিদ্ধিৰ নিমিত্তে, ডাঙৰীয়াসকলৰ কানি-খোৱা পিয়লাবাটি যেন ডাঙৰ ডাঙৰ চকু আমাৰ বাতিৰামৰ ওপৰত পৰিল। বাতিৰাম পিছ হুহকিবৰ পদাৰ্থ নহয়। ১৬৮৫ শকত বৰবৰুৱা নগৰলৈ যাওঁতে এই ৰাতিৰামেই তেওঁ ভীমকলৰ গছৰ ঘৈৱাদি ঘৈয়ালে। অৱশ্যে কপালৰ বল বৰ বল। বৰবৰুৱা নমৰিল, মৰিল বাতিৰাম। ত’ত বিচাৰত কটা গ’ল।

বাতিৰ ভাই কাতিও কাতি হৈ পৰা বিধৰ লোক নাছিল। তেওঁ যথাসাধ্যে আমাৰ বংশৰ নাম আৰু মান ৰাখিবলৈ ক্ৰুটী কৰা নাছিল। মোৱামৰীয়াহঁতে লক্ষ্মীসিংহ স্বৰ্গদেৱক জয়সাগৰৰ দ’লত বন্দী কৰি থৈ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক শালত দি, খোৰামৰাণৰ পুতেক ৰমাকান্তক ৰজা পতা কাৰ্য্যত, বাহুবলী কাতিৰামে মোঁৱামৰীয়াৰ লগ লাগি সিহঁতৰ দলত বল দি, ৰজাৰ বিপক্ষে, সেনাপতি খোৱামৰাণ আৰু বাঘমৰাণৰ ঘৈণীয়েকহঁতে সৈতে সমানে সমানে যুঁজত বিক্ৰয় দেখুৱাইছিল। এই কাতিৰামেই সেইদিনা, জয়সাগৰৰ দ’লত-লক্ষ্মীসিংহ ৰজাৰ পিঠিতে চমতাৰে তিনি কোব মাৰি, চমটাৰ সোৱাদ কেনে বুজাই, লোকক নচমটিয়াবলৈ স্বৰ্গদেৱক চিৰকাললৈ শিকনি দিছিল। আকৌ এই কাতিৰামেই কিছুদিনৰ পিছত ঘনশ্যামৰ (পাছে বুঢ়াগোঁহাই) সৈতে ষড়যন্ত্ৰ কৰি, সেৱা কৰিবলৈ আহিছোঁ বুলি, দ্ৰোহী ৰমাকান্তৰ অন্ত কৰিলে। ক’বলৈ দুখ লাগে, অকৃতজ্ঞ ঘনশ্যাম বুঢ়াগোঁহায়ে, “নিমখ হাৰামি”, কৰি ফাঁকি দি বোজ খাবলৈ বুলি মাতি আনি, আন আন মোঁৱামৰীয়াই সৈতে এই বীৰপুৰুষজনক খাল খনাই পোতাই মাৰিলে। নতুবা কিজানি উদ্ধাৰ অশ্বস্থমা হনুমন্ত আৰু বিভীষণে সৈতে আজিও তেওঁ অমৰ হৈ বদৰিকাশ্ৰমত থাকিলেহেঁতেন। সঁচা-মিছা ভগৱন্ত বস্তুৱে জানে, তেওঁক পোতা ঠাইতে তেওঁৰ মূৰটোৰ পৰা গজালি মেলি এজোপা ডাঙৰ লাও গছ হৈছিল, এনে প্ৰবাদ প্ৰচলিত আছে।

সকলোতকৈ সৰু চুৱাৰামো উজুটিত পৰি মৰা নাছিল। তেৱোঁ “বাপকা বেটা লড়াই কা ঘোড়া” আছিল। ১৯০৪ শকৰ বহাগৰ ২ তাৰিখে ৰাতি জুই লগাই শিঙৰীঘৰ পোৰা মৰাণহঁতৰ এৱেঁই “কাপ্তান” আছিল। এওঁ অতি বুদ্ধিমান জ্ঞানী আৰু সত্স্বভাৱৰ পুৰষ আছিল। লোকৰ বয়-বস্তু তদাৰক নোহোৱাকৈ আলৈ-আথানি হৈ পৰি থকাটো এওঁ সমূলি সহিব নোৱাৰিছিল। তেনে দেখিলে সেই বস্তু এখেতে স্বহস্তে লৈ আহি নিজৰ ঘৰত সাৱধানে থৈ দিছিল! মূৰ্খলোকে নিজৰ ইষ্টানিষ্ট নুবুজে। মূৰ্খই নিজৰ বস্তু নিজেই ভালকৈ ৰাখিব নাজানে পৰকো ৰাখিব নিদিয়ে। সেই দেখি পৰোপকাৰী চুৱাৰামে মূৰ্খ গৰাকীক জানিবলৈ নিদিয়াকৈ তাৰ বস্তু আনি নিজৰ তত্বাৱধানত সাৱধানে ৰাখিবলৈ বাধ্য হৈছিল।

এওঁৰ বিষয়ে এটা ঘটনা আজিলৈকে প্ৰচলিত আছে। একে গৃহস্থৰ ঘৰত লোটা বাটি কাঁহী কলহ কিছু সৰহ আছিল। কিন্তু থাকিলে কি হ’ব, ওপৰত কোৱা সেই আলৈ আথানি। আমাৰ চুৱাৰামে সেই লোটা বাৰি ৰক্ষণাবেক্ষণৰ ভাৰ দয়াপৰবশ হৈ নিজে লোৱাটো কৰ্তব্য ভাবি এদিন এন্ধাৰ ৰাতি গৃহস্থৰ পিৰালিত চোপা দি বহি গৃহস্থৰ ঘৰৰ মানুহ শুবলৈ বাট চাই আছিল।

অসমীয়া মানুহৰ এটাই বিলাক কথাই বেবেৰিবাং। ঘৰ-দুৱাৰ একোৰে লাগবান্ধ নাই। পিৰালিৰ গাতে চুৱনিপাতখন। গিৰীহঁতনীয়ে ভাতপানী খাই এন্ধাৰে মুন্ধাৰে আহি, মুখ-ধোৱা চুৱাচৰীয়াৰ পানী চুৱনিপাতলৈ চাতি মাৰি পঠিয়াওঁতে, দুৰ্ভাগ্যক্ৰমে গোটেই চৰিয়া পানী পিৰালিত এন্ধাৰে মুন্ধাৰে জুপুকা মাৰি বহি থকা আমাৰ উপৰিপুৰুষৰ গাতে পৰিল। ত’ত ততালিকে “ভাৰী অসভ্য তিৰোতা!” বুলি গালি পাৰি খং কৰি ফো-ফো কৰে তাৰ পৰা উঠি গুচি আহিল! ক’বলৈ শোক লাগে পুহমহীয়া ৰাতিৰ সেই চুৱা-চৰিয়াৰ চেঁচা পানীত স্নান কৰি পানী লগা জ্বৰ হৈ আমাৰ উপৰিপৰুষ দয়াশীল চুৱাৰাম শইকীয়া তিনি দিনৰ মূৰত বৈকুণ্ঠ প্ৰায়ণ কৰিলে।

কপাহীৰ বিষয়ে (যাক চকু-চৰহা সকলে অন্যায়কৈ জাম্বৱতী বুলি মাতিছিল) অসম বুৰঞ্জী বেছি কথা পোৱা নাযায়। কেৱলমাত্ৰ এই ফেৰা আছে যে, তেওঁ ৫ বছৰৰ ভিতৰত ৭ জন স্বামীৰ চাউল খাই শেহত বদনচন্দ্ৰ বৰফুকনক কাটোতা ৰূপসিং চুবাদাৰত বিয়া সোমাল।

এই দৰেই আমাৰ বংশত ডাঙ মানুহ লানি-নিছিগা মুকুতাৰ মালা যেন হৈ চলি আহিছে। এটাইবিলাক জীৱনৰ ঘটনাবোৰ লেখিবলৈ গ’লে এখন মহাভাৰত হয়, আৰু ময়ো দ্বিতীয় ব্যাস হওঁ। সেই দেখি জপিয়াই চুমকৈ দুজন এজনৰ নাম উল্লেখ কৰি একে হেচোকে ককাদেউতাৰ ওচৰ পামহি।

নগাঁৱলৈ আঁহোতে গৌৰীনাথ সিংহ স্বৰ্গদেৱক মাৰিবলৈ পিছে পিছে মানুহ লৈ খেদি যোৱা ৰজাখেদা নঁগয়া সিন্ধুৰা হাজৰিকাও আমাৰ আজু আইৰ ফালৰ কুটুম আছিল। বিখ্যাত পানীমুৱাও, যাৰ খবৰক আজিলৈকে “পানীমুৱাৰ খবৰ” বোলে, আমাৰ বংশৰে এটি ভোটাতৰা। ভূত কুকুৰাচোঁৱা বৰাৰ পুতেক সতৰাম চাৰিঙীয়া ফুকনৰ লীলাখেলাৰ ঘাই লগৰীয়া আৰু সোঁহাত জনও আমাৰ বঙহৰে আছিল। আৰু সেইজনেই আমাৰ এই প্ৰাচীন বংশৰ মৰ্য্যদা ৰাখি শেহত সতৰাম ফুকনৰ বিপক্ষে সাক্ষী দিছিল।

আমাৰ ককাদেউতা অতি চোকাবুধীয়া আৰু দেশতৈষী লোক আছিল। ১৭৩৮ শকত মান আহিলত, মানেৰে সৈতে মিলি আমাৰ ককাদেউতাই অসমীয়া মানুহৰ বয়-বস্তু লুটি-পুটি নিয়াত বহু প্ৰতাপ দেখুৱাইছিল। শুনা কথা, সঁচা-মিছা ক’ব নোৱাৰোঁ, আমাৰ ককাদেউতাই হেনো মানৰ নিচিনা সাজ পিন্ধি লুং-লাং-টুং-টাং মাত মাতি ৯ টা কেঁচুৱা ল’ৰা যাঠীৰে খুচি, আৰু তিনিজনী তিৰোতাক কাৱৈ মাছ কচাদি কাচি মাৰিছিল। সেই তিনিজনী তিৰোতাৰ ভিতৰত হেনো তেওঁৰ ভাই-বোৱাৰী।
শেহত এজনী তিৰোতাৰ হাতত তেওঁৰ মৰণ মিলে। মোৰ ককাদেউতা বীৰৰসাজেৰে, বীৰবাহুৰ নিচিনাকৈ সমুখ সমৰত পৰি স্বৰ্গপুৰীলৈ গ’ল।

মোৰ পিতাদেও অতি ওখ খাপৰ লোক আচিল। তেওঁৰ নিচিনা সাহ-পিতৰ লোক অসমত আৰু এটি নাছিল। তেওঁ অকালত, অসমৰ বেলিক দিন-দুপৰতে ৰাহুৰ হাতত দি অক্ষয় স্বৰ্গলৈ গতি কৰিলে। (অলপমান চকুৰ পানী ওলাইছে যেন পাওঁ, পাঠকসকল, আপোনাসকলৰ অনুমতি লৈ টুকি পেলোৱা যাওক)- মোৰ পিতৃ পুৰুষৰ বুদ্ধিটো অতি চোকা আছিল বুলি মই ওপৰত কৈ আহিব পাওঁ?

নাই কোৱা যদি এইখিনিতে কওঁ। তেওঁৰ বুদ্ধিটো আইন কানুন গোচৰ ফৰিয়াদত বৰকৈ খেলিচিল। অৱশ্যে তেওঁৰ গাত উকিল-মুক্তিয়াৰৰ বাব চাব যে কিবা আছিল এনে নহয়।তথাপি দিনটোৰ কুৰিছঁৰা গোচৰ-ফৰিয়াদ তেওঁৰ গাৰপৰা নুগুচিছিল।অথচ ইফালে ব্ৰহ্মাক্ষৰ “ক”টোৰ চুক সাতোটা নে পাঁচোটা তেওঁৰ মৰিবৰ দিনালৈকে বাবি একো এটা থিৰ মীমাংসা কৰিব নোৱাৰিছিল।

মৰিবৰ সময়ত তেওঁ মোক ওচৰলৈ মাতি নি ক’লে, “বোপা মিলাই ঔ!”

মই ওচৰ চাপি আহি উত্তৰ দিলো, “দেউতা কি কৈছে?”

তেওঁ ক’লে “বোপা মোৰ এটা কথা মনত গ’ল”।

মই ক’লো, “দেউতা সেইটো কি কথা কওক, মই তাক সিদ্ধি কৰিম ।”

তেওঁ ক’লে, “বোপাই মই ক-টোৰ চুক সাতোটা নে পাঁচোটা গোটেইটো জীৱনত বাবি থিৰ কৰিব নোৱাৰিলো।”

মই ক’লোঁ, “দেউতা মই সেইটো ঠিৰ কৰিম।”

দেউতাই ক’লে, “কৰিবি?”

মই ক’লো “কৰিম দেউতা।”

দেউতাই আকৌ সুধিলে,“কৰিবি?”

মই ক’লো “কৰিম।

“দেউতাই পুনৰ সুধিলে,“কৰিবি?”

মই বুকু ফিন্দাই পুনৰ ক’লো “কৰিম দেউতা।”

দেউতাই ক’লে, “মই তেনেহলে এতিয়া নিশ্চিন্ত হৈ সুখেৰে মৰোঁ।”

মই ক’লো, “দেউতা মৰিব পাৰে, মোৰ আপত্তি নাই।” এই কথা শুনি দেউতাই চকু মুদিলে। সেইদিনাৰ পৰা মই অলপ-অচৰপ লেখা-পঢ়াত মন দিলো।

গৰুৰ কাষৰ পৰা চিকৰা-খোৱা গৰু-বগ নুগুচাদি মোৰ দেউতাৰ কাষৰপৰা গুচৰীয়া পদকীয়া নুগুচিছিল। আক মোকৰ্দমা সাজি দিছে, তাক জবাব চৱাল শিকাইছে, আৰু সাক্ষীক শিকনি দিছে, তাৰ হৈ উকিল-মক্তিয়াৰ ধৰি দিছে, এনেবিলাক পৰোপকাৰ কৰিয়েই তেওঁ কাল কটাইছিল।

তেওঁৰ জীৱনৰ এটা ডাঙৰ ঘটনাৰ উল্লেখ কৰিয়েই আজিলৈ আমি মেলানি মাগিম। এবাৰ তেওঁৰ আৰু তেওঁৰ গোঁসাইৰে কিবা কথাত লাগি মনান্তৰ হয়। “বাৰু তুমি কেনে গোঁসাই মই দেখুৱাম” বুলি মোৰ পিতাল পিতাদেউতাই গোঁসাইৰ নামে এটা ফৌজাৰী মোকৰ্দমা গজগজীয়াকৈ থিয় কৰি দিলে। এদিন দেউতাই খবৰ পালে যে ওচৰৰে এখন গাঁৱত অমুক দিনা অমুকৰ ঘৰৰ এজনী মৰা ছোৱালী অমুক ঠাইতে পুতি থৈছে। ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথৰ প্ৰতিমা সাজিবলৈ নিমকাঠ বিচাৰি অকলৈ কান্ধত কুঠাৰ লৈ যোৱাদি, ৰাতিয়েই পিতাদেউৱে কান্ধত কোৰ লৈ অকলৈ সেই মৰা শটো খানি আনি, গোঁসাই প্ৰভুৰ ঘৰৰ ওচৰৰে এখন বিলৰ দলনিৰ তলত সুমাই থৈ, পুলিচত খবৰ দিলেগৈ, যে অমুক গোঁসাইয়ে এনে তেনে কথাত লাগি, মোৰ ভনী ছোৱালীজনী খুন কৰি “লাচটো” কৰবাত লুকাই পেলালে।
এই বাতৰিত হুলস্থুল কাণ্ড লাগিল আৰু গুৰু হাজোতলৈ গ’ল। দেউতাই পুলিচক লৈ গৈ দলনিৰ পৰা শটো উলিয়াই হিয়া-মূৰ ভুকুৱাই কান্দোন-কাটোন লগাই দিলে। শেহত বিচাৰত মকৰ্দমা গোটেই মিচা প্ৰমাণ হ’লত গোঁসাই জানিবা মুকলি হ’ল। কিন্তু পিতাদেউৰ বিষয়ে দয়ালু হাকিমে গুণি গপি চাই ইয়াকে পালে, যে তেওঁৰ এটা দিহা নকৰিলে হিংসক আৰু বলৱন্ত গোঁসাইয়ে সদায় তেওঁৰ নামে চৰকাৰৰ ঘৰত কূটনাট লগাই তাকিব। এই বিমৰিষ কৰি ধৰ্ম্মাৱতাৰে পিতাদেউক অন্ততঃ তিনিবছৰৰ নিমিত্তে বৰফাটকৰ ভিতৰত ঠাই দি নিৰাপদ কৰি খিয়লীয়া গোঁসাইক “জব্দ” কৰি থ’লে।

এই গ’ল পিতাদেৱৰ চৰিত্ৰ। পিতাদেউৰ পাছত কোন? কোন? কোন? ময়েই হ’বলা? হয়। এইবাৰ বুঢ়াৰ গা পালেহি। অ’ মোৰ নিজৰ জীৱন চৰিত্ৰ লেখিবলৈহে আদিতে কাপ ধৰিছিলো? কি ভু! মোৰ নিজৰ দেখোন একোকে লিখা নহ’ল! নহ’ল নাই, দিনো যোৱা নাই।

 

(সমাপ্ত)
====

3 Comments

  • লিখাটোৰ বাবে বহুত ধন্যবাদ ৰামানুজ! লাহে লাহে এনে ধৰনৰ লিখাবোৰ আনি থাকিব লাগে ৷ নতুন প্ৰজন্মই পঢ়া দৰ্কাৰ!

    Reply
  • ৰিণ্টু

    শলাগিব লগা প্ৰচেষ্টা ৰামানুজ। আমাৰ বহুতেই হয়তো সাহিত্যৰথীৰ এই ৰচনাবোৰ পঢ়িবলৈ পোৱা নাই। ফটাঢোলৰ জৰিয়তে নৱপ্ৰজন্মক সাহিত্যৰথীৰ লেখনীৰ সোৱাদ দিয়াটো নিসন্দেহে এক প্ৰশংসনীয় প্ৰচেষ্টা

    Reply
  • ৰামানুজ

    হয় ককাইদেউ, আৰু চেষ্টা কৰিম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *