প্ৰবঞ্চনা – বৰ্ণালী ফুকন
আজি বন্ধৰ দিন, লেপটপটো বিছনাতে লৈ পেট পেলাই সুনীলে বহুদিনৰ পৰা ভাবি থকা প্লটটোৰ ওপৰত গল্প এটা লিখিবলৈ যিমানেই চেষ্টা কৰিছে হাজৰিকা-হাজৰিকানীৰ কাজিয়া সিমানেই তুংগত উঠিছে। বাৰে বাৰে শব্দৰ মালা গুঠিব গৈ মনোযোগ ভংগ হোৱাত জট-পট লাগি যায়। হাজৰিকা-হাজৰিকানী হৈছে সুনীলৰ ভাড়াঘৰৰ মালিক। ল’ৰা-ছোৱালী বাহিৰত পঢ়ি থকা দম্পতীহালে প্ৰকাণ্ড ঘৰটোৰ এটা অংশ যোৱাবছৰ বৰলা সুনীলক ভাড়াত দিছিল। সুনীলৰ বিয়া হোৱা ছয়মাহ পাৰ হ’ল, বিয়াৰ পিছতো ঘৰটো সলনি কৰাৰ কথা কিন্তু আজিলৈকে সি ভবা নাছিল।
: এহ্….কিমাননো সদায় হুলস্থুল শুনি থাকিবাহে, বেলেগ এটা ঘৰ বিচাৰিবহে লাগিল আৰু!
প্ৰয়োজনতকৈ অধিক জোৰত সি চিঞৰি ঘৈণীয়েকক কথাষাৰ ক’লে ৷ শুনক হাজৰিকা-হাজৰিকানীয়েও। অলপ সময়ৰ কাৰণে চাৰিওফালে কাঁহ পৰি জীন যোৱা অৱস্থা। ৰক্ষা! ! ! ! সুনীলে আকৌ লিখাত মন দিলে৷ এনেতে সি থকা বেদৰুমটোৰ লগালগিকৈ থকা মালিকৰ পাকঘৰৰ পৰা বাচন পত্ৰৰ ঘটং-মটং আৱাজ ভাহি আহিল। দমি যোৱা খঙটো আকৌ উঠি আহিল৷ ধেই! ! !
: হেৰা, কিনো কৰি থাকাহে, বাচনবোৰ লাহে লাহে থ’ব নোৱাৰা নেকি ?
সেইয়া হাজৰিকাৰ মাত, খঙত ক’বলৈ লোৱা কথাষাৰৰ সুৰটো কিন্তু অনুৰোধ যেনহে শুনাইছে। বেৰৰ সিপাৰৰ পৰা মালিকনীয়ে ভোৰভোৰাই কোৱা শুনিলে
: মোৰ ঘৰ, মোৰ কথা । মই বাচন ভাঙো বা পাতো৷
হাজৰিকাই গতি বিষম দেখি “হেৰা তোমাৰ মুখখন বন্ধ….” বুলি ক’বলৈ নাপালেই, হাজৰিকানীয়ে আৰ্তনাদ কৰি উঠিল, এইবাৰ আগতকৈয়ো তীব্ৰ স্বৰত
: হেৰি আপুনি অফিচলৈ গৈ কাম-বন নকৰি সেই ৰীতা বোলা জনীৰ লগত গল্প মাৰি থাকে সেই কথা আপোনাৰ অফিচৰ পিয়ন যদু বোলাটোৱেও কৈছেহি নহয়৷ আৰু মই সদায় ইয়াত মৰি মৰি বনোৱা টিফিনৰো যে কুলক্ষণী জনীৰ লগত ভাগ-বতৰা হয় সেইটোও গম পাইছোঁ বুজিছে৷
সুনীলৰ হাঁহি উঠিল, মনতে ভাবিলে পাইছে বুঢ়াই আজি ৷ হাজৰিকাই সৰু সৰু মাতেৰে কি কৈছে ভালকৈ সি শুনি পোৱা নাই, কিছুদিনৰ পৰা চৰ্দি লাগি থকাত তাৰ কাণ দুখন অলপ গধুৰ হ’ল কিজানি৷ হাজৰিকা দম্পতীৰ কন্দলত নতুন কাহিনী এটাৰ প্লট এটা পাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ফেচবুকত হাজৰিকা-হাজৰিকানীৰ ৰসাল কাজিয়াৰ বৰ্ণনাকে লিখা যাওঁক ৷ সি ঘৈণীয়েক ৰীতাক বেদৰুমলৈ মাতি আনি ফুচফুচাই ক’লে
: হেৰা, হাজৰিকা-হাজৰিকানীৰ কাজিয়াখন মনে মনে শুনি ক’বাচোন মই তাৰ ওপৰতেই আজি কাহিনী এটা লিখিম৷
ৰীতাই খঙেৰে ক’লে
: মোৰ লোকৰ কাজিয়া শুনিবলৈ কোনো দৰকাৰ পৰা নাই দেই৷ এইবোৰ মই একেবাৰে ভাল নাপাওঁ৷
ইফালে সুনীলৰ কাহিনী আগবঢ়াই নাই, কাণখনৰ কাৰণে কাজিয়াখন ভালকৈ শুনাও নাই৷ সুনীল বিছনাৰ পৰা উঠি গৈ ঘৈণীয়েকক সাৱটি ধৰি তেলাবলৈ লাগি গ’ল
: সোণজনী অ’,কলিজা মোৰ, তোমাক আজি গধূলি পিজ্জা খাবলৈ ড’মিন’জলৈ নিম, বহুত দিন তোমাক পিজ্জা খুৱাবলৈ নিবই পৰা নাই নহয়৷
ৰীতাক কেনেকৈ ভোলাব লাগে সি ভালকৈ জানে৷ সুনীলৰ সৈতে এইবাৰ ৰীতাও কাণ পাতিলে৷ সি নুশুনা খিনি তাই কৈ যাব ৷ হাজৰিকানীয়ে এতিয়াও গিৰীয়েকক গালি বৰষি আছে আৰু হাজৰিকাই মৃদু প্ৰতিবাদ কৰি গৈছে৷ এপাকত হাজৰিকানীয়ে ডাঙৰকৈ কোৱা শুনিলে
: সুনীলক দেখিছে ঘৈণীয়েকলৈ কিমান মৰম ৷ এই ডেকা বয়সতো আন তিৰোতালৈ মুৰ তুলি নাচায়৷ ঘৈণীয়েক মাহৰ পাছত মাহ মাকৰ ঘৰত গৈ থাকে, কিন্তু দেখিছে নে আন মাইকীৰ সৈতে খিকিন্দালি মৰা। আপোনাৰ এই বয়সত লাজ নালাগে৷
সুনীলৰ বুকু এহাত মান ফুলি গ’ল৷ ঘৈণীয়েকলৈ চাই “দেখিছা তোমাৰ পতি কিমান চৰিত্ৰৱান” এনে এক চাৱনি দিলে৷ ঘৈণীয়েকৰো সুনীললৈ মৰম উপচি পৰি ওচৰতে তাৰ হাতখন পাই সাৱটি ধৰিলে৷
হাজৰিকানীৰ প্ৰত্যুত্তৰত হাজৰিকাই দুগুণ জোৰে চিঞৰি চিঞৰি ক’ব ধৰিলে
: কাৰ লগতনো মোক ৰিজালা, সুনীলৰ লগত? ঘৈণীয়েক নাথাকিলে সি মাজৰাতিলৈ কাৰ লগত ফুচ ফুচাই কথা পাতে? যোৱা সপ্তাহ সি বন্দিতা নামৰ জনীক বাইকত লৈ ঘূৰি-ফুৰোঁতে মই জানি-শুনিয়ে তাক মাত দিছিলোঁ। তাৰ আগৰ সপ্তাহত কবিতা নে কি এজনীৰ লগত….
নাই, আৰু শুনিবলৈ সুনীলৰ সাহস নাই। ইমান ঠাণ্ডাতো সি জ্বৰ ঘমাদি ঘামিছে৷ ঘৈণীয়েকৰ পিনে চাই দেখে জ্বলন্ত চাৱনিৰে তালৈ চাই আছে, চকু দুটা আঙঠাৰ দৰে জ্বলিছে। তাৰ পাছৰখিনি নকওঁ আৰু, ক’ব গ’লে মহাভাৰত এখন লিখিব লাগিব ।
▄ ▄
1:59 pm
কৃষ্ণ! কি যে নহয় এই হাজৰিকানী জনী! সব ভেদ এনেকে খুলি দিব লাগেনে?
বৰ মজা লিখিলা দেই কাহিনীটো ৷ পঢ়ি বৰ ৰস পালো ৷ আগলৈ লিখি থাকিবা ৷
1:14 pm
নিশ্চয় জিজু..ধন্যবাদ দেই
2:52 pm
বা, ভাল লাগিল পঢ়ি ।
1:13 pm
ধন্যবাদ দেই
3:21 pm
পাছৰখিনি আৰু জমনি।হেটা বেলনা মাৰি একো বাদ নপৰিল চাগৈ।
1:12 pm
হাঁ হাঁ তেনেকুৱাই
6:21 pm
পাছৰখিনিও লিখিব দেই… ৰসাল কাহিনী ।
1:11 pm
লিখিম দেই
4:28 pm
খুব ভাল লাগিল পঢ়ি, আগলৈও পঢ়িবলৈ পাম বুলি আশা ৰাখিলো
1:10 pm
বহুত ধন্যবাদ
10:36 pm
সুনীলৰ পিঠিখন স্কেন কৰি থব পৰা হলে…
ভাল লাগিল।
1:10 pm
সুনীলে তাকে কৰিবলৈ যাওঁতে ব্লকালে
1:34 pm
ৰসাল!
1:08 pm
ধনীয়া পাত দিলো দেই