সম্পাদকৰ টোকা : অভিজিত মেধি
অলপ ব্যক্তিগত অভিজ্ঞতা আৰু অনুভৱৰ কথা লিখিম বুলি ভাবিলো। অকালতে চুলি পকাৰ চেগ বুজি গহীন কথা কবলৈ চেষ্টা কৰা যেন হ’লে আগতীয়াকৈ ক্ষমা বিচাৰিলো। ‘সময়ত নিসনি নিস্তাৰিত অন্ন, ৰূপে নিক্ষুভা’- গতিকে সৰু ঘটনা এটাৰ বৰ্ণনা দিবলৈ বাধ্য।
জুলাই মাহৰ পাতনি মেলা দিনকেইটাৰ কথা…দিনটো অফিচত জিএছটি নামৰ ভূতৰ লগত কৰা অদ্ভুত টা-টা-ঠৈয়াৰ পৰা আজৰি হৈ সন্ধিয়াৰ সময়কণ মই অঘাইতং এটাৰ সৈতে যুঁজি-নাচি পাৰ কৰোঁ। এই অঘাইতংটো আন কোনো নহয়, মোৰেই চৈধ্যমহীয়া সন্তান। তাৰ ত্ৰাহি মধুসূদন দেখাই দিয়া দুষ্টামিবোৰতেই দেখোন দিনটোৰ দুখ-ভাগৰ নিবাৰণৰ সমাধান বিচাৰি পোৱা যেন লাগে। পিচে এইকেইটাদিনত দুষ্টটোৰ ধ্বংসমুখী কাৰ্যকলাপ আৰু তাৰ অনুগামী মিলমিলিয়া হাঁহিটোক জ্বৰৰ ভূতে নিস্তেজ কৰি পেলাইছে। দিনটো কোলাত উঠি কান্ধত মুৰটো পেলাই থকা তাৰ নিজান নিতাল নতুন ৰূপটো আমাৰ বাবে আতংকৰ কাৰক হৈ পৰিছিল। পিতৃ হিচাপে মোৰ সেই সময়ৰ মানসিক স্থিতি হৃদয়ংগম কৰিছে নিশ্চয়।
যা হওক, চাকৰি সূত্ৰে এখন ব্যস্ত যান্ত্ৰিক চহৰত বাস কৰা আমাৰ ঘৰলৈ কিছুদিনৰ পৰা নিয়মীয়াকৈ এজন নতুন আলহী আহিবলৈ লৈছিল। আলহীগৰাকী আমাৰ কাষৰ ফ্লেটৰ তেলেগু খ্ৰীষ্টিয়ান পৰিয়ালটোৰ পাঁচ বছৰীয়া ল’ৰা ‘কীৰ্তন’ (নামটো সুন্দৰ নহয়নে?)। উদ্দেশ্য- কণমানিটোৰ লগত খেলি সময় কটোৱা। যোৱা তিনিটা দিনে মই আৰু পৰিবাৰে কীৰ্তনক নিৰাশ কৰি আহিছো। সি দুৱাৰত টোকৰ মাৰি বৰ আশাৰে ইংৰাজীত সোধে, “আংকল, ইজ্ হি এক্টিভ্ নাও, কেন্ ৱি প্লে?”
কণমানিটো অলপ জিৰণিত থাকি সোনকালে সুস্থ হওক বুলিয়েই মই কীৰ্তনক দুবাৰমান “হি ইজ্ শ্লিপি” বুলি মিছা মাতি বিদায় দিছোঁ। তৃতীয় দিনা সন্ধিয়াৰ কথা….। জ্বৰীয়া দেহাৰ বেদনাত ইতিমধ্যে আধাঘণ্টা ৰাউচি জুৰি কান্দি উঠা কণমানিটোক কোলাত লৈ মই কৰিড’ৰত পায়চাৰি কৰি শুৱাই থবলৈ যত্ন কৰিছোঁ। ঠিক তেনেতে কিবা উমান পাই কীৰ্তন তাৰ ঘৰৰ পৰা ওলাই আহিল। মোলৈ তাৰ পুনৰ একেটাই প্ৰশ্ন, “আংকল, ইজ্ হি এক্টিভ্ নাও, কেন্ ৱি প্লে টুডে?”
“ন’ বেটা, হি ইজ্….”
উত্তৰটো শেষ কৰাৰ আগতেই দেখোন কীৰ্তনৰ অন্তৰ্ধান, যাদুৰ দৰে কথা। ইফালে-সিফালে তাক বিচাৰি মুৰ পকাই থাকোঁতে চুক এটাৰ পৰা হঠাৎ জাপ মাৰি আবিৰ্ভাৱ হৈ সি কণমানিটোক উদ্দেশ্যি “ভৌ-ভৌ” বুলি চিঞৰি দিলে। এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ। শুবলৈ লোৱা কণমানিটোক জগাই দিলে কেনেকুৱা খং উঠে সেইয়া কেঁচুৱাৰ অভিভাৱকক সোধক! তাক খঙত মানা কৰি এষাৰ কওঁ বুলি ভাবিছিলোঁহে,
“হেই আংকল…..লুক, বেবী ইজ্ এক্টিভ্ টুডে…”
কীৰ্তনে কোলাৰ কণমানিটোলৈ আঙুলি টোৱাই মোক চিঞঁৰি কৈছে।
হয়ো দেখোন, কণমানিয়ে মুৰ ডাঙি উঠিছে। হেজাৰ ‘ৱাট’ৰ দুষ্ট হাঁহিটোৱে তাৰ মুখখন পোহৰাই তুলিছে, হাতৰ সৰু সৰু পাঁচো আঙুলি জপাই খুলি সি কীৰ্তনক ওচৰলৈ মাতিছে। সেই যে সেইদিনা তাৰ হাঁহিটো ঘূৰি আহিল, তাৰ দুদিনৰ ভিতৰতেই অঘাইতংটোৰ সন্ত্ৰাসবাদে আমাৰ ঘৰত পুনৰ আগৰ দৰেই ৰাজত্ব কৰিবলৈ ধৰিলে। তিনিদিনে কাম নিদিয়া ঔষধৰ গুণাগুণ কীৰ্তনৰ সেই “ভৌ”টোৰ বলত বৃদ্ধি হৈ পৰিছিল যেন অনুভৱ হ’ল। ইয়াৰ পিছত ময়ো কীৰ্তনক ফাঁকি দি ওভতাই পঠোৱা কামবিধ বন্ধ কৰিছো।
উপৰোক্ত অভিজ্ঞতাটোৱে “ভৌ”টোৰ কথা অকণমান গভীৰভাৱে ভাবিবলৈ বাধ্য কৰালে। আজিৰ ধৈৰ্য্যহীন সময়ত, মাংস এসাজৰ ‘গো’-‘গা’ বিতৰ্কত উলংগ হৈ পৰা মানৱীয়তাৰ সময়ত, বীৰ উপাধি অথবা বীৰগতি বুলি ঘৰতে শুই বহি ফেচবুকীয়া যুদ্ধত জঁপিয়াই পৰাৰ মানসিকতাৰ সময়ত, স্কুল ফীজ ছয় সংখ্যাৰ হোৱা যুগত, অনুভৱবোৰ ‘হেছ্-টেগ’লৈ পৰিৱৰ্তিত হোৱা দিনত….আমাৰ জীৱনত “ভৌ”বোৰ কিছু পৰিমাণে হ’লেও হেৰাই গ’ল নেকি বাৰু? দ’কৈ ভাবি চালে উত্তৰটো বহুজনৰ ক্ষেত্রত ইতিবাচক হোৱাৰ সম্ভাৱনাই অধিক। ঘৰ-সংসাৰৰ লেঠা, প্ৰতিযোগিতামূলক কৰ্মক্ষেত্ৰ, দিনে দিনে কমি অহা মানুহৰ আত্মীয়তা, বস্তুৰ বৰ্ধিত মূল্য…হেজাৰটা সমস্যাৰ মাজত ভগৱানে আমাৰ মুখত হাঁহিবলৈ দিয়া পেশীবোৰৰ ব্যৱহাৰ কমাই দিলোঁ নেকি? যদি দিছোঁ, তেন্তে হাঁহিবোৰ ঘূৰাই আনিবলৈ আমাক “ভৌ” এটাৰ খুবেই প্ৰয়োজন হৈ উঠিছে। এই “ভৌ”টোৰ প্ৰয়োজন যৎসামান্য পৰিমাণে হ’লেও পূৰণ কৰিবলৈ পুনৰাই দুঃসাহস কৰিয়েই আমি আলোচনীখনৰ দ্বিতীয়টো সংখ্যা আগবঢ়ালো। আশাকৰোঁ, ছপা আৰু ই-মাধ্যমৰ প্ৰখ্যাত তথা পাকৈত লেখকৰ সমাহাৰ, লগতে আমাৰ ৰং-ধেমালিৰ ফেচবুক গোট “ফটা-ঢোল”ৰ যোগেদি আত্মপ্ৰকাশ কৰা কিছু নতুন লেখকৰ সমন্বয় হোৱা হাস্যব্যংগ ই-আলোচনীখনে কিছু পৰিমাণে হ’লেও আপোনাক “ভৌ”টোৰ সোৱাদ দিবলৈ সক্ষম হ’ব।
“ভৌ” বোৰ কমি যোৱাৰ লগতে আন এটা গুৰুতৰ সমস্যাই যোৱা দশকত গা কৰি উঠা দেখা গৈছে (বিশেষকৈ অসমীয়া সমাজত)। এই যে নদীখন ‘ৰিভাৰ’ হ’ল, পানীবোৰ ‘ৱাটাৰ’ হ’ল, ‘মা’ বোৰ ‘মাম্মী’ হ’ল, ‘দেউতা’বোৰ ‘পাপা’ হ’ল….এইবোৰে আমাৰ ভাষাটোক অনাগত দিনত পা পা দেখুৱাই দিব যেন ভাৱ নহয়নে? ইয়াৰ জলন্ত প্ৰমাণ মোৰ দৰে ডেকা অসমীয়া এজনে এই লেখাটো লিখি থকাৰ সময়ত কৰা এশ-এবুৰি বানান ভূল, ক্ষমা কৰিব ‘ভুল’। ইয়াৰ জলন্ত প্ৰমাণ লক্ষ্মীনাথ বেজবৰুৱা অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি দিয়া কনিষ্ঠ অসমীয়া এগৰাকীৰ উত্তৰ। সময়ৰ লগত জীৱনধাৰা সলনি হ’বই, তাক ৰুধিবলৈ যোৱা মানেই সভ্যতাৰ বিকাশ ৰুধিবলৈ যোৱা। পৰিৱৰ্তনৰ দিশ ভালৰ পিনে ধৰি ৰাখিব পাৰিলেহে প্ৰগতি আহে। পৰিৱৰ্তনে লাহে লাহে আমাৰ জীৱনটোক দুটা ভাগত বিভক্ত কৰি পেলালে, ‘অনলাইন’ আৰু ‘অফলাইন’। ‘অনলাইন’ৰ জীৱনৰ জাক-জমক মায়াত ‘অফলাইন’ জীৱনৰ আঁত যাতে হেৰাই নাযায় তালৈ আমি লক্ষ্য ৰাখিব লাগিব। এই উদ্দেশ্য আগত ৰাখিয়ে কৰা আমাৰ দুঃসাহসিক প্ৰয়াসৰ ৰূপ হৈছে “ফটাঢোল”। ফেচবুকৰ মঞ্চত বিতৰ্কৰস, পণ্ডিতৰস, ছেল্ফিৰস…ইত্যাদি নানা ছলনাময়ী ৰসৰ পৰা আঁতৰি, কিছু আজৰি সময় উলিয়াই আমি ‘অনলাইন’ত ব্যংগ সাহিত্যৰসৰ ধাৰা অব্যাহত ৰাখিবলৈ কৰা চেষ্টাই হৈছে “ফটাঢোল”। হয়তো অজ্ঞানতাৰ বাবে আমি সফল হ’বলৈ কিছু সময় লাগিব। কিন্তু বিজ্ঞজন আৰু সুহৃদ পাঠকৰ পথ প্ৰদৰ্শনে আমাক আগুৱাই লৈ যাব বুলি আমি আশাবাদী। আহকচোন, সাম্প্ৰতিক সময়ৰ ন-পুৰণি লেখকৰ কলমৰ আমেজ লোৱাৰ লগতে ৰসৰাজৰ, দণ্ডিনাথ কলিতাৰ ব্যংগ ৰচনাৰ আভাস লওঁ। ফটাঢোল বুলিয়েই নহয়, আজিৰ ‘অনলাইন’ যুগত অসমীয়া ভাষা-সাহিত্যৰ চর্চাক ডিজিটেল ৰূপ দিব খোজা প্ৰতিটো প্ৰচেষ্টাক অলপ উৎসাহ দিওঁ আহক।
(বিঃ দ্ৰঃ ফটাঢোল আলোচনীখনৰ সৰ্বাংগীন উন্নতিৰ হকে আপোনালোকৰ গঠনমূলক উপদেশবোৰলৈ আগ্ৰহেৰে বাবে বাট চাম।)
অভিজিত মেধি
সম্পাদক
ফটাঢোল, আগষ্ট সংখ্যা, ২০১৭
12:32 am
বৰ ধুনীয়া সম্পাদকীয়!অভিনন্দন।
8:37 am
ধন্যবাদ সঞ্জীৱদা।
1:00 am
ব্যতিক্ৰম সম্পাদকীয়। সুন্দৰ।
8:39 am
ধন্যবাদ, পঢ়ি চোৱা বাবে।
1:04 am
সাংঘাতিক লিখিলা…কীৰ্তন আৰু পূবাশিষলৈ বহুত মৰম…
জীৱন জীয়াবলৈ নিজৰ মাজৰ শিশুটোক শিশু কৰি ৰখাটো খুবেই প্ৰয়োজন….
8:39 am
ধন্যবাদ বা।
1:06 am
সুন্দৰ
8:39 am
ধন্যবাদ।
5:20 am
প্ৰথমেই তোমাক অভিনন্দন৷ তোমাৰ সম্পাদনাত আলোচনীখনৰ এটি সুন্দৰ সংখ্যা পঢ়িবলৈ পালো৷ লগতে এক ব্যতিক্ৰমী সম্পাদকীয়ই অন্তৰ চুই গ’ল৷ গীত আৰু কীৰ্তনৰ দৰে শিশুৰ পৰাও আমাৰ শিকিব লগা বহু কথাই থাকে৷
9:34 pm
ধন্যবাদ বা।
10:42 am
ব্যতিক্ৰমী উপস্থাপনশৈলী, সুন্দৰ সম্পাদকীয়।
সৰ্বাংগসুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ অভিজিত
9:35 pm
ধন্যবাদ ৰিন্তুদা।
আলোচনীখনৰ আঁৰত আমি সকলোবোৰ আছোঁ।
10:44 am
সুন্দৰ আৰু সাৱলীল সম্পাদকীয়। ব্যতিক্ৰমী প্ৰয়াস, খুব ভাল লাগিল
9:36 pm
ধন্যবাদ ।
11:53 am
সুন্দৰ সম্পাদকীয়! আলোচনীখন পঢ়াৰ কাৰণে উৎসাহ যোগাবলৈ ই যথেষ্ট…. ধন্যবাদ।
9:36 pm
ধন্যবাদ কাকতি।
12:47 pm
পঢ়ি খুব ভাল পালো অভিজিত ৷ বৰ সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিলা আৰু সৰ্বাংগসুন্দৰ মেগাজিন এখন আমাক উপহাৰ দিয়া বাবে ধন্যবাদ আৰু অভিনন্দন থাকিল ৷
ফটাঢোলৰ যাত্ৰাত আগলৈও সাৰথি হৈ ৰবা ৷
8:15 am
ধন্যবাদ কাকতিদা, আলোচনীখন সন্মিলিত আমাৰ প্ৰচেষ্টাৰ ফলাফল। আগলৈয়ো এই প্ৰচেষ্টা অব্যাহত থাকিব।
1:00 pm
ব্যতিক্ৰমী
8:15 am
ধন্যবাদ।
1:42 pm
ব্যতিক্ৰমী। এই সুযোগতে এখন সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো।
8:16 am
ধন্যবাদ দাদা, আপোনালোকৰ দিহা-পৰামৰ্শই বাট দেখালে।
3:14 pm
ব্যতিক্ৰমী প্ৰয়াস, খুব ভাল লাগিল।
8:16 am
ধন্যবাদ।
3:54 pm
কীৰ্তনৰ “ভৌ”টোৱে ভৱাই তুলিলে… ভিতৰৰ মানুহটোক জগাই তুলিবলৈ একে তৰংগদৈৰ্ঘ্যৰ “ভৌ” লাগেই… জীৱনৰ আমেজ তাতেই !
সম্পাদকীয়ৰ উপৰিও মূল আলোচনীখনো সৰ্বাংগসুন্দৰ হৈছে…
ফটাঢোলৰ ভীষ্মপিতামহ সদ্ৃশ হেমন্ত কাকতিদাৰ পিছতেই বয়স হিচাবে তুমি অভিমন্যুও সু-বীৰত্ব দেখুৱালা |
জাষ্ট হেটছ্ অফ !
8:17 am
ধন্যবাদ ৰামানুজদা, আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে।
6:03 pm
মজ্জা।অভিনন্দন আৰু ধন্যবাদ একেলগে জনালো ।
8:17 am
ধন্যবাদ আপোনাক।
7:47 pm
বহুত বহুত ধন্যবাদ অভি দা। ইমান সুন্দৰকে আলোচনীখন আমাৰ মাজলৈ আগবঢায় দিয়াৰ বাবে।
চম্পাদক দাদা জিন্দাবাদ
10:47 am
তহঁতে উৎসাহ দিয়া বাবেই কামখিনি সময়ত হৈ উঠিল।
8:05 pm
সুন্দৰ !
9:01 pm
Nepotism Rocks নহয়, সঁচাই সুন্দৰ হৈছে সম্পাদকীয়টো ।জীৱনৰ এই “ভৌ” বোৰ আজি কত যে হেৰাই গৈছে
11:49 pm
Khubei bhal lagil porhi ☺️
10:11 am
Damn cool সম্পাদকীয় ✓✍
5:57 pm
সম্পাদকীয়টো মননশীল হৈছে। আলোচনীখনৰ সুন্দৰতাৰ কথাও ক’বই লাগিব ।
7:09 pm
অনন্য সম্পাদকীয়। সুন্দৰ উপস্পনেৰে এক মনোগ্ৰহী সম্পাদকীয় আগবঢ়ালা অভিজিত। বহুত ধন্যবাদ আৰু অভিনন্দন।
9:38 pm
আশা কৰাৰ দৰেই সুন্দৰ আৰু ব্যতিক্ৰমী হৈছে সম্পাদকীয় পৃষ্ঠা।অভিনন্দন মেধি।
2:56 pm
ব্যতিক্ৰমী । বৰ মননশীল হৈছে। ধন্যবাদ অভিজিৎ দা।
10:56 am
ধন্যবাদ বিকাশ।
3:53 pm
এইটো সম্পাদকীয় অতদিনে নপঢ়াৰ বাবে নিজকে ধিক্কাৰ দিলো। সঁচাকৈ ব্যতিক্ৰমী আৰু মননশীল সম্পাদকীয়।