ফটাঢোল

মইবৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

“চকু মুদা কুলি”ৰ দৰে
থাকিলোৱেই যেনিবা মই,
“চল চাই কঠিয়া পৰা”ত
ওস্তাদ কিয়নো তই !!
“বাটৰ কচু গাত ঘঁহি”
ভাল নাপাওঁ মই,
“নলগা জেং” ত সোমাবলৈ
যাৱনো কিয় তই!
বেছি পয়মাল দেখিলেই মই
“টুপাই বুৰ মাৰো”,
“চুঙা চাই সোপা”টো মাৰিব
নাজান কিয়নো বাৰু!
“আপোন ভালেই জগত ভাল” বুলি
আত্মতুষ্টি কৰোঁ
“গছত উঠাই গুৰি কাটিব”লৈ
অলপো কেৰেপ নকৰোঁ।
“কটা ঘাঁত চেঙাতেল” দি
কি যে লাগে মজা,
“জ্বলা জুইত ঘিঁ” ঢালি
তাতোকৈ সুখৰ মেলা ।
“আঠুৱা চাই ঠেং মেলি”বলৈ
জ্যেষ্ঠজনে কয়
বণিজলৈ গ’লেহে গমিবি
“অধিক মাছত বগলী কণা” হয়।
“নাও বুৰিলেও টিঙৰ পৰা নানামো”
ইজ্জত অথলে যাব,
“কণা হাঁহক পতান” দিয়াত
মোৰ দৰে কোনো নোলাব।
“কিনা হাঁহৰ ঠোঁটলৈকে মঙহ”
কিয়নো নুবুজ তই,
“পৰৰ পালে জ্বৰৰ গাৰে খাব”লৈ
লাজ নকৰো মই ।
“মাছৰ তেলেৰে মাছ ভাজিব”লৈ
শিকাব নালাগে মোক,
“আনৰ মূৰত কঁঠাল ভাঙিলে”হে
গুচিব পেটৰ ভোক ।
“চোৰ গ’লে বুদ্ধিতো দিয়া”ত
বৰ পাকৈত তই
“চৰুক সুধি চাউল বহাব”
নাজানোহে যেনিবা মই!
“গছত কঁঠাল ওঁঠত তেল” ঘঁহি
বহি নাথাকিবি তই,
“দূৰৈৰ পাহাৰ দেখাতহে শুৱনি”
জ্ঞানী জনে কয়।
“অচিন কাঠৰ থোৰা নলগাবি”
পাছত আহুকাল পাবি,
“বেজৰ নাকত খৰে খালে”হে
কথাষাৰ বুজি পাবি।
থ থ হেৰৌ কিয়নো বাৰু
“শালকে শিঙিয়ে হাঁহ”
“হোলোঙাৰে কাণ খজুওৱা” কথাবোৰ
নকবিচোন ৰাইজৰ আগত।

■■

 

16 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *