ফটাঢোল

কৰৱা চৌথ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

২৭ অক্টোবৰ, শনিবাৰ আজি। অ’ফিচ বন্ধ আমাৰ, কিন্তু জৰুৰী কাম এটাৰ কাৰণে সন্ধিয়ালৈ এক-দুইঘণ্টাৰ কাৰণে অ’ফিচলৈ যাব লগা হ’ব পাৰে। ৰাতিপুৱাই শ্ৰীমতী মালাক কথাটো ক’লোঁ।

: আজি শনিবাৰেও যাবা অ’ফিচলৈ? নগ’লে নহয়?

: নগ’লে হ’বও পাৰে কিন্তু এক-দুইঘণ্টাৰ বাবে গ’লে তোমাৰনো কি ইমান প্ৰ’ব্লেম?

মালাই ইমান ‘না’ দেখোন নকৰে কেতিয়াও। কেতিয়াবা আকৌ নাথাকিলে তেওঁ ভালহে পাই যেন লাগে। সেইখিনি সময়ত তেওঁ আপোনমনে মোবাইলটো লৈ দূৰৈত থকা ভনীয়েকহঁতক ভিডিঅ’ কল কৰিব পাৰে, ফেচবুকত কোন বান্ধৱীয়ে পূজাত কি কি কাপোৰ পিন্ধি ঘূৰিলে সেয়া তীক্ষ্ণ দৃষ্টিৰে চাব পাৰে, হোৱাটচ্ এপৰ ভিন্ন গ্ৰুপত আড্ডা দিব পাৰে, বেলেগ বেলেগ শ্বপিং ছাইটলৈ গৈ শ্বপিং কৰিব পাৰে, আৰু ক’ত যে কি। গতিকে বেয়া লগাৰ প্ৰশ্নই নুঠে। আজিৰ যুগত ম’বাইলটোতকৈ অন্তৰংগ সংগী আন কোন হ’ব পাৰে?

: আজি সন্ধিয়া তুমি ঘৰত থাকিলে ভাল আছিল। জল্ডি আহিবলৈ ট্ৰাই কৰিবা না। চাৰে ছয়টা মান বজাৰ আগতে৷

মালাৰ ইমান মধুৰ আব্দাৰ, আস! ভাবিলোঁ নাযাওঁৱেই নেকি অ’ফিচলৈ। ইমানকৈ কৈ আছে এওঁ। অ’ফিচৰ লগৰে ৰাকেশ চৌহানক ফোন কৰিলোঁ।

: কিয় নাহে? একঘণ্টাহে। বাকী একঘণ্টাতো আমি ওচৰৰ ‘বাৰ’ত বহি দুই-দুই পেগ লগোৱাৰ কথা আছিল। না নক’ব না প্লিজ। বহুদিনৰ পাছত আজি বাৰলৈ গৈ অলপ মনটো ভাল লগাওঁ বুলি ভাবিছিলোঁ৷

চৌহানৰ কথা শুনিও বেয়া লাগিল। তাকো কালিয়েই কৈ থৈছিলোঁ, ‘বাৰ’ত বহাৰ প্লেনটোৰ কথা।

অৱশেষত ঠিক কৰিলোঁ, চাৰিটামানত অ’ফিচলৈ যাম। কামখিনি কৰিম। পাঁচটাৰ পৰা ছটালৈ বাৰত বহিম। চাৰে ছয় বজাত ঘৰ আহি পাম। আমিও খুছ, মালাও খুছ!

দুপৰীয়া মালাই ভাত নাখালে পাছত খাম বুলি কৈ। মই খাই-বই ক্ৰিকেট চাই চাই ছোফাতে শুলোঁ অলপদেৰি। উঠি দেখোঁ চাৰিটা বাজেই। দৌৰা-দৌৰিকৈ ওলালোঁ।

: আজিকালি আমাৰ ইয়াত জোনবাই মানে চন্দ্ৰটো ছয় বাজিলেই ওলায় ন?

মালাই সুধিলে।

: নাজানো হে চন্দ্ৰ-তন্দ্ৰ কেতিয়া ওলায়। অ’ফিচৰ পৰা দেখোন সদায়েই ন’মান বজাত ওলাওঁ; আৰু আজিকালি আকাশখন চোৱা হয় জানো কেতিয়াবা? ৰাস্তাই-ঘাটে লাইট নাথাকিলে, এখনো লাইট জ্বলাই গাড়ী গৈ থকা নেদেখিলে, খোজ কাঢ়োতে আন্ধাৰত একো নেদেখি হয়তো ওপৰলৈ চাই ক’লোঁহেঁতেন- ওহ, জোনটো নাই আজি, হয়তো অমাৱশ্যা! আজিকালি হয় জানো তেনে? পূৰ্ণিমাৰ জোনটোও লাহে লাহে নাপাত্তা হৈ গৈছে হে।

অ’ফিচৰ কামখিনি কৰোঁতে চাৰে পাঁচ বাজি গ’ল। চৌহান আৰু মই ওচৰৰে বাৰখনলৈ গৈ থাকোঁতে চৌহানলৈ ফোন এটা আহিল। ঘৰৰপৰা। সি হাঁহি হাঁহি কথা পাতিছে। মাজে মাজে লাজো কৰা যেন লাগিছে।

: মা’ৰ ফোন। ভাবীয়ে কৈছে অহা কৰৱা চৌথৰ আগত বিয়াখন পাতিবই লাগিব, বয়সেই গ’ল হেনো।

: আচ্ছা..পাতি ল। বিয়া হে পাতিব কৈছে, ব’ৰ্ডাৰত গৈ যুদ্ধ কৰিবলৈ ৰেডী হ’বলৈতো কোৱা নাই নহয়।

: পাতিম এইবাৰ। পিচে, আপোনালোকৰ এই কৰৱা চৌথ নাই নেকি?

: নাই নাই এইচব নহয় আমাৰ৷

: ভালেই হ’ল, নহ’লে ভাবীয়ে আপোনাক এই সন্ধিয়া কিয় আহিবলৈ দিবনো? আহিলেও জোন ওলোৱাৰ আগে আগে ঘৰ পাবগৈ লাগিলহেঁতেন।

চৌহানৰ কথাখিনিয়ে লগে লগে মোৰ মগজুত বিন্ধিলে। মনত পৰিল, মালাই সোনকালে ঘৰ গৈ পাবলৈ বাৰে বাৰে কোৱা কথাষাৰ। অহাৰ আগেয়ে জোনটো কেতিয়া ওলাব সেই প্ৰশ্নটো আকৌ মনলৈ আহিল। দুপৰীয়া তেওঁ চাগে ভাত নাখালেই। পাছত খাম বুলি হয়তো এনেয়ে কৈ থ’লে। মোক হয়তো তেওঁ কৰৱা চৌথৰ ছাৰপ্ৰাইজ দিয়াৰ মন।

খন্তেকতে মালাৰ প্ৰতি মৰমে বানে পাৰ ভাঙি অহা দি আহিল। চকু দুটাও সিক্ত হ’ল। মালাৰ কথাবোৰ কিয় যে বুজিবই নোৱাৰিলোঁ ৰাতিপুৱাৰে পৰা, নিজৰ ওপৰতে খং উঠিল। বেচেৰীজনী! পুৱাৰেপৰা একো নোখোৱাকৈ সন্ধিয়াৰ জোনটো ওলোৱালৈ ৰৈ আছে, বেকগ্ৰাউণ্ডত জোনটো ৰাখি মোৰ মুখখন চাবলৈ..অথচ, মই চিকেন লেগ পিচ্ চোবাই চোবাই হুইস্কীৰ পেগ ‘টানিব’ আহিছোঁ! ধিক্কাৰ, মোৰ জীৱন..মোৰ চিন্তা-ভাবনা!

চৌহানক বিদায় দিলোঁ। ভুল নুবুজিবলৈ ক’লোঁ। মই ফুল স্পীডত বাইক চলাই আহি ঘৰ পালোঁ। ঘৰৰ তলৰপৰাই আকাশলৈ চালোঁ। নাই, জোনটো ওলোৱা নাই। হয়তো ক্ষন্তেক সময় পাছতে ওলাব। আহোঁতে দুটা ৰঙা গোলাপ লৈ আহিছোঁ। মালাই মোৰ মুখখন চাই পানীৰ গিলাচটোত চুমুক দি ব্ৰত ভঙাৰ লগে লগে টকা দুহেজাৰ ট্ৰান্সফাৰ কৰি দিম তাইৰ একাউণ্টত, কিবা কিনি ল’ব অনলাইন। গিফ্ট কিনিবলৈ সময়ো নাই। কলিং বেলটো বজোৱাৰ লগে লগে মালাই দৌৰি আহি দুৱাৰখন খুলিলে।

: আহি পালা যে, টেনছনেই হৈছিল৷

মালাৰ চকুৱে-মুখে সকাহ।

: তুমি সাজু নে? মোৰ দেৰি হোৱা নাইতো?

: সাজু মানে কি আৰু? দেৰি হোৱা নাই। জোনটো ওলাবলৈ সময় আছে অলপ..জল্দি ম’বাইলটো উলিওৱা।

: ম’বাইল কিয়?

: কি কিয়? ফ’টো তুলিবলৈ। মোৰ ম’বাইলটোৰে ফ’টো ভাল নাহে। পৰহি লক্ষ্মী পূৰ্ণিমাৰ দিনাই ট্ৰাই কৰিছিলোঁ। একদম বেয়া হৈছিল। তোমাৰতো অ’ফিচৰপৰা আহোঁতে দহ বাজিছিল, সেয়ে নহ’লেই।

: কি বেয়া হৈছিল?

: ফ’টো আকৌ। চোৱা, পৰহি লক্ষ্মীপূজাৰ দিনা সকলোৱে জোনৰ ফ’টো দি ফেচবুকত আপলোড কৰিলে, হোৱাটচ্ এপত ষ্টেটাচ দিলে। অকল কিজানি ময়েই কৰা নাছিলোঁ। পৰহিয়েই ভাবিছিলোঁ, শনিবাৰে তুমি ঘৰত থাকিলে ওচৰৰ বাৰ্মাহঁতৰ বিল্ডিঙৰ চাদৰ পৰা জোনৰ ফ’টো তুলি আপলোড কৰিম। চাবা, ৰশ্মিহঁতৰ ফ’টোতকৈ মোৰখনত বেছি লাইক আহিব! …মই মেগী-চাহ খালোঁ অলপ আগতে, তুমি মন গ’লে চাহ একাপ কৰি লৈ খাবা হাঁ। দিয়া মোবাইলটো জোন ওলাবই, ওলোৱাৰ সময়ৰ ফ’টো লাগে আজি মোক…

কথাখিনি কৈ মালাই মোবাইলটো লৈ গ’লগৈ কাষৰে বাৰ্মাহঁতৰ বিল্ডিংটোলৈ। মই বেগৰপৰা গোলাপ দুটা উলিয়াই পেলাও নে ৰাখি থওঁ, ভাবি থাকিলোঁ।

☆★☆★☆

6 Comments

  • নীলাঞ্জনা

    বঢ়িয়া!!

    Reply
  • হেমন্ত কাকতি

    কিচন! ইমান ঝটকা দিলে অ’৷

    Reply
  • ৰিণ্টু

    হা হা হা, জৱৰদস্ত ঝটকা

    ভাল লাগিল পঢ়ি দিগন্ত

    Reply
  • ধেৎ তেৰিকা মই ভাবিছিলোঁ ধুনীয়া দৰ্জাখন খুলি বৌয়ে আপোনাক চাদৰ ওপৰলৈ নি কৌৰৱা চৌথ পালন কৰিব!ফেচবুকত ফটো আপলোডাবলৈহে ইমান কাহিনী।টুইষ্ট মজ্জা।

    Reply
  • সদায় কিবা নতুন থাকে..মজা

    Reply
  • উৎপল বৰা

    কি ভাবি আছিলো। ভাল টুইষ্ট দিলে দেই।
    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *