ফটাঢোল

জীৱনৰ সৌৰভ – সৌৰভ শৰ্মা

দৃশ্য-১

টিঙৰ চালিৰ আছাম টাইপৰ এটা ঘৰ, চালিৰ অ’ত ত’ত লাগি থকা বগা কোমোৰাৰ সৈতে গছজোপা। কেমেৰাই ৱাইড এংগোলৰ পৰা গোটেই ঘৰটো তথা চালিত লাগি থকা কোমোৰাবোৰ ফ’কাছত আনি লাহে লাহে কেমেৰা ঘূৰাই আনি চোতাললৈ আহে। এখন পৰিষ্কাৰ, চিকুন চোতাল দেখুওৱা হয়। চোতালত এখন চকীত বহি আছে প্ৰধান শিক্ষক দেৱেন তামূলী (ৰোলটো হেকাদাই কৰিব দেই!)

কেমেৰাৰ জৰিয়তেই ছবিখনৰ কাহিনীটোৰ চৰিত্ৰখিনিক চিনাকি কৰাই দিয়া হ’ব।

কৃতী শিক্ষক তামূলীৰ অৱসৰ পাবলৈ মাত্ৰ ৬মাহ আছে। কিন্তু কৰ্মজীৱনত কৃতি শিক্ষকৰ ৰাষ্ট্ৰপতিৰ বটাঁ পোৱা তামূলী এগৰাকী অহংকাৰ শূণ্য ব্যক্তি। তিনি পুত্ৰ, এজনী কন্যাৰ সন্তানৰ পিতৃ তেওঁ। জীয়েক দেৱজানী ( এই ৰোলটো কৰিব শিল্পাচীয়ে), বিয়া দিছে তেজপুৰ চহৰৰ মাজমজিয়াত। জোঁৱাই নামী ঠিকাদাৰ। ( ৰোলটো কৰিব আচুক হুজুৰিয়ে)।

ডাঙৰ পুত্ৰ অমৰ, ইঞ্জিনীয়াৰ (ৰোলটো কৰিব বিজয় মহন্তই), বিয়া কৰোৱাৰ ১০বছৰ হ’ল, গুৱাহাটীত থাকে। তাৰ ল’ৰা এটা, ছোৱালী এজনী। মাজু পুত্ৰ আলোক (ধ্ৰুৱয় কৰিব ৰোলটো) এইমচৰ চিকিৎসক, দুই কন্যাৰ পিতৃ। সৰু পূত্ৰ নৰেন্দ্ৰ (বিকাশ শ’ইকীয়াই কৰিব ৰোলটো) বিশাল দোকান এখনৰ মালিক। মঙলদৈত দেউতাকৰ লগতে নিজৰ ঘৰত থাকে। মাষ্টৰৰ পত্নীৰ কিছুবছৰৰ আগতে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ঢুকায়।

এই দৃশ্যটোৰ শেষত ঘৰৰ চোতালত তামূলীক বহি থকা দেখুওৱা হ’ব। আচলতে স্কুলৰ পৰা আহি আবেলি এনেদৰে প্ৰায়ে চোতালত বহে তামূলী। লাহে লাহে তাতেই প্ৰথম দৃশ্য শেষ কৰা হ’ব।

দৃশ্য-২

উৰুকাৰ আগদিনা তামুলী মাষ্টৰৰ ইঞ্জিনীয়াৰ আৰু চিকিৎসক পূত্ৰ পৰিয়ালসহ আহি ঘৰ পাইছেহি। ডাঙৰ বোৱাৰী (ৰোলটো কৰিব নিলাক্ষীয়ে) ঘৰৰ ভিতৰৰ পৰা চোতাললৈ ওলাই আহে সোধে,-

“দেউতা চাহ দিওঁ নে?”

মাষ্টৰঃ “দিয়া বোৱাৰী, তোমাৰ হাতৰ চাহ তোমালোক পূজাত আহোতেই খাইছিলোঁ।“

চাহ পিঠাৰে থালখন লৈ ডাঙৰ বোৱাৰীয়েকৰ আগে আগে টুলখন লৈ আহিছে মাজু বোৱাৰীয়েকে। (ৰোলটো কৰিব মিতালীয়ে) টুলখন মাষ্টৰৰ আগত থৈ মাজু বোৱাৰীয়ে এনেয়ে সোধে,-

“দেউতা, এইবাৰ কোমোৰা বহুত লাগিছে দেখোন! ছিঙা নাই নেকি… চালত ইমানবোৰ কোমোৰা লাগি আছে। কিছুমান পকি ছালখন টান হৈ গ’লে কাটিবলৈকে দিগদাৰ হয় বোলে….!”

ডাঙৰ বোৱাৰীঃ (মনতে, ইস! কম একেবাৰে কোমোৰা এক্সপাৰ্ট ওলাইছে!) “বেছিকৈ শুকাই যোৱাখিনিৰে মোৰাব্বাই বনাব পৰা যাব। আৰু বগা পুৰঠ কোমোৰা আৰু বৰালী মাছৰ জালুক দি বনালে ইমান যে ভাল লাগে খাবলৈ! দেউতা, সেই হালোৱাজনক কৈ দুটামান পৰাই দিবচোন আমি থাকোঁতেই!“
মাষ্টৰঃ তোমালোকে খাই ভাল পাবা বুলিয়েই ৰাখি থাকোঁতেই বহুকেইটা শুকায়েই গ’ল। ই বোধন হালোৱা আহিলে সৰহকৈ পৰোৱাই থম দিয়া, নিয়া যদি লৈও যাব পাৰিব।

মাষ্টৰে চিঞৰি মাতিব,- “সৰু বোৱাৰী, অ’ সৰু বোৱাৰী,” নৰেন্দ্ৰৰ পত্নী আহি হাজিৰ হ’ব। চাহখোৱা বাচন সমুহ হাতত লৈ ভিতৰত যাব।

লাহে লাহে কেমেৰাই পদূলীৰ শেৱালিজোপাত নিবদ্ধ হয়…..
মাজু বোৱাৰী উল্লাসিত হৈ চিঞৰি উঠে,-

দেউতা, শেৱালিজোপাৰ তলখন ছাগে পুৱালৈ বগা হৈ পৰে, নহয়নে…. (কেমেৰা তাতেই স্থিৰ হৈ পৰে…)

দৃশ্য-৩

মাষ্টৰৰ এই সুখৰ সংসাৰত জুই লগাই মাষ্টৰক যাতনা দিবলৈ অহৰহ সুযোগ বিচাৰি আছে প্ৰতিবেশী দত্তই। কাৰণ দত্তৰ জীয়েকক মাষ্টৰৰ মাজু পুতেকলৈ দিয়া বিয়াৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে। (পেট কপটীয়া দত্তৰ ৰোল কৰিব ঝুমদাৰ দেৱে)।

মাষ্টৰৰ সৰু বোৱাৰী(ৰোল কৰিব পঞ্চিপ্ৰিয়াই)ৰ ভয় এটায়ে, দত্তৰ সৈতে নৰেন্দ্ৰৰ বৰ মিলা মিছা। কিন্তু নৰেন্দ্ৰৰ মতে দত্ত ভাল মানুহ।

লাহে লাহে নৰেন্দ্ৰই মদ খোৱা আৰম্ভ কৰিছে। দত্তৰ সুন্দৰী জীয়েক মিনতিৰ লগতো হলি-গলি বাঢ়িছে। (এই ৰোলটো কৰিব পৰিস্মীতাই)। আৰু কপট দত্তই নিজৰ জীয়ৰীক পাশা খেলৰ মোহৰা বনাই তামুলীৰ সৰুপুত্ৰৰ সংসাৰত জুই জ্বলাবলৈ চেষ্টা কৰি আছে।

এদিন মিনতিক পূৰ্বৰ প্ৰেমিক ভাস্কৰে আগছি ধৰে। নৰেন্দ্ৰই দেখি ভাস্কৰক ভালকৈ এপিটন দিয়ে। মাৰ খাই ভাস্কৰে নৰেন্দ্ৰক ওলোটাই প্ৰশ্ন কৰে ?

“তোৰ যে মিনতিৰ প্ৰতি ইমান দৰদৰ কি কাৰণ?”

“তই কি হয় তাইৰ, গিৰিয়েক নেকি…?”

এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নৰেন্দ্ৰই আৰু বেছিকৈ প্ৰহাৰ কৰে ভাস্কৰক। মাৰ খাই ভাস্কৰে থানাত এজাহাৰ দিয়ে। পুলিছে ধৰি নিয়ে নৰেন্দ্ৰক। সৰু পুত্ৰৰ এই কু-কৰ্মত দুখীত হৈ পৰে মাষ্টৰ তামূলী। এই দুখতে হাৰ্ট এটেক হয় মাষ্টৰৰ আৰু হস্পিতেলত আইচিইউত ৰাখিবলগীয়া হয়।

২৪ঘন্টাৰ ভিতৰত হোৱা এই ধুমুহাই পৰিয়ালটোলৈ নমাই আনে অমানিশা। দুই জোষ্ঠ পুত্ৰ আহি হস্পিতেলত পিতৃৰ ওচৰত থাকে। মাজতে ডাঙৰ পুত্ৰই গৈ নৰেন্দ্ৰক জামিনত মুকলি কৰে। তামূলীয়ে আইচিইউত জীৱন মৰণৰ লগত যুঁজ কৰি থাকে। তামূলী বাছিব নে নাই সেইটো ভগৱানৰ ওপৰত বুলি ডাক্টৰসকলে জনায়। বোৱাৰীয়েকহঁতে গোঁসাইঘৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰা দেখুওৱা হয়।

দৃশ্য-৪

কেমেৰাই প্ৰথমে একাপ ধোঁৱাই থকা চাহ দেখুৱায়। লাহে লাহে কেমেৰাই দত্তৰ ঘৰৰ ডায়নিং টেবুলত সন্নিবিষ্ট হয়। টেবুলৰ চকীত দত্ত আৰু জীয়েক মিনতিক আমন জিমনকৈ বহি থকা দেখুওৱা হয়। তামুলীৰ এই অৱস্থা হোৱা দেখি দত্তই পাপ বোধ কৰে। খন্তেকীয়া হিংসাত জ্বলি পকি নিচেই চুবুৰীয়া মাষ্টৰৰ প্ৰতি অন্যায় কৰা যেন অনুভৱ হয় দত্তৰ। দুয়োৰে সন্মুখত চাহ তথা অন্য খোৱা বস্তু পৰি থকা দেখুওৱা হয়। সেই ধোঁৱাই থকা চাহ কাপৰ ওপৰত চামনি পৰা দেখুওৱা হয়। তাৰ মানে চাহকাপ ঠাণ্ঠা হৈ গ’ল। দত্তৰ পত্নীয়ে দত্ত তথা জীয়েকক ভত্সনা কৰে।

দত্তৰ পত্নীঃ (দত্তৰ প্ৰতি) “মই চাহ আৰু কেইবাৰ বনাম? এতিয় চাহ কাপ নাখালেই আপোনাৰ পাপ কম হৈ নাযায়। মই বাৰে বাৰে কৈছিলোঁ, যি হ’ল হ’ল, এৰি দিয়ক। এইবোৰ কথাত কিয় ধৰিব লাগে.!. মাষ্টৰৰ অথবা পুতেকৰ আমাৰ ছোৱালী পছন্দ নহ’ল যদি নাই, তাতে ইমান অপমান অনুভৱ কৰিব লাগে নে? অকল মাষ্টৰৰ পুতেকেই যোগ্য বুলি কিয় ভাৱিছিল? মাষ্টৰৰ পুতেকৰ দৰেই আৰু কত ওলালেহেঁতেন! এতিয়া নোখোৱা নুবুৱাকৈ কি কৰিলোঁ বুলি ভাৱি থাকিলেই চব শুদ্ধ হৈ নাযায়।“

মিনতিঃ “কিন্তু মা, মই যে তাক ভাল পাওঁ…”

দত্তৰ পত্নীঃ “তই তাৰ ককায়েককো ভাল পাইছিলি। কিন্তু তই যে মাষ্টৰৰ মাজু পুতেকক ভাল পাইছিলি সেইটোতে তাক নক’লিয়েই! তেনেস্থলত সি তোক বিয়া নকৰাওঁ বুলিলে মাষ্টৰে কি কৰিব? তই প্ৰতিশোধ পূৰণৰ বাবেহে নৰেন্দ্ৰক যে ফচাব বিচাৰিছিলি সেয়া মই ভালদৰেই জানোঁ। এবাৰো ভাৱি নাচালি যে নৰেন্দ্ৰৰো এগৰাকী পত্নী আছে। এদিন তোৰো বিয়া হ’ব, তয়ো সংসাৰ কৰিবি, তেতিয়া তোৰো সংসাৰত জুই লগাবলৈ কোনোবা ধুনীয়া ছোৱালী এজনী সোমালে তই কি কৰিবি? নৰেন্দ্ৰৰ ঘৈণীয়েকক সন্মুখত পালে মই নিজেই তললৈ মূৰ কৰি দিওঁ। কি কৰিম, নিজৰ পেটৰ জীয়ৰীয়েই যে দুষ্কৰ্ম কৰিছে, মানুহক মই কি সতেৰে কথা পাতোঁ…।“

মিনতিঃ (কান্দি কান্দি) “মা, মোৰ ভুল হৈ গ’ল…! মই তেনে কৰিব নালাগিছিল!”

দত্তৰ পত্নীঃ “কিছুমান ভুলৰ ক্ষমা নাথাকে। তই জানি শুনি যি ভুল কৰিলি তাৰ পিছত নৰেন্দ্ৰ আৰু তাৰ পত্নীৰ মাজত কেতিয়াবা ভাল সম্বন্ধ গঢ়ি উঠিব বুলি তই ভাৱনে? তয়েই বাৰু পাৰিবিনে যদি কাইলৈ তোৰ গিৰিয়েৰৰ লগত কোনোবা ছোৱালীৰ সম্বন্ধ হোৱা বুলি যদি গম পাৱ, তেতিয়া তই বাৰু সহজকৈ সম্বন্ধটো ৰাখিব পাৰিবিনে?”

দত্তৰ পত্নীয়ে স্বগঃতুক্তি কৰে,-

“মই জানোঁ, তয়ো কেতিয়াও সুখী হ’ব নোৱাৰিবি। এয়া ভুল নহয়, মহাপাপ। মহাপাপৰ ক্ষমা নাথাকে। কাৰণ তোক মই কৈ আছিলোঁ নৰেন্দ্ৰ সংসাৰখনত জুই নলগাবি বুলি। তই নুশুনিলি।“

দীঘলীয়াকৈ উশাহ লৈ,-

“পেটৰ পোৱালী তই, তোৰ বেয়া কেতিয়াও নিচিন্তো। মই ভগৱানক সদায়েই প্ৰাৰ্থনা কৰিম যাতে তোক নৰেন্দ্ৰৰ পত্নীয়ে যেন ক্ষমা কৰে।“

কেমেৰা আকৌ ৰুমটোৰ বিভিন্ন বস্তুত নিবদ্ধ হৈ শেষত দত্ত, দত্তৰ পত্নী আৰু মিনতিক চকীত বহি হতাশ হৈ পৰা দেখুৱাই চতূৰ্থ দৃশ্যৰ অন্ত পৰে।

দৃশ্য-৫

মাষ্টৰৰ অৱস্থা ক্ৰমে ভাললৈ আহে। মাষ্টৰৰ পুতেকহঁতৰ মুখলৈ হাঁহি উভতি আহে। বোৱাৰীয়েকহঁতে গোঁসাইঘৰত চাকি-বন্তি জ্বলায়। ইতিমধ্য মাষ্টৰৰ জীয়েক দেৱজানীও পৰিয়ালসহ দেউতাকৰ খবৰ ল’বলৈ আহি মাষ্টৰৰ ঘৰতে থাকে।

ঘৰখন বোৱাৰীহঁতে সুন্দৰকৈ সজোৱা দেখুওৱা হয়। পদূলীৰ শেৱালিজোপাত ফুলবোৰ জকমকাই ফুলি থকা দেখুওৱা হয়। তেনেতে মাষ্টৰক হস্পিতেলৰ পৰা আনি থকা গাড়ীখন পদূলীমুখত ৰয়…. বোৱাৰীয়েক তিনিওজনী পদূলীলৈ ওলাই আহে। মাষ্টৰক ধৰি ধৰি ঘৰৰ ভিতৰলৈ নিয়া দেখুওৱা হয়।

ইতিমধ্যে ডাঙৰ পুতেকৰ চেষ্টাত ভাস্কৰে নৰেন্দ্ৰ ওপৰত দিয়া এজাহাৰ উঠাই লয়। ভাস্কৰৰ লগত কিবা এক বুজা পৰা হয়। মাষ্টৰক হস্পিতেলৰ পৰা অনা গাড়ীত ভাস্কৰো আহে।

তেনেতে দত্ত, দত্তৰ পত্নী আৰু মিনতি চুচুক চামাককৈ মাষ্টৰৰ ঘৰলৈ আহে। নৰেন্দ্ৰই হঠাতে মিনতিক দেখি থতমত খায়। মাজু পুতেকে তেওঁলোকক দেখি খঙতে চোঁচা মাৰি আহে,-“আপোনালোক ইয়াত কি কৰিবলৈ আহিছে? এতিয়াই গুচি যাওক। দেউতাক এইমাত্ৰ হস্পিতেলৰ পৰা আনিছোঁ, আকৌ কষ্ট দিবলৈ নাই।“

দত্তঃ (হাতযোৰ কৰি…) “আমি মহা পাপ কৰিছোঁ, মাষ্টৰৰ ওচৰত আমাক ক্ষমা খুজিবলৈ দিয়া। “

মাজু পুতেকঃ “সকলো শেষ কৰি এতিয়া ক্ষমা খুজিবলৈ আহিছে। সন্দেহ হৈছে এই ক্ষমা খোজাৰ আঁৰত আৰু কিবা অভিসন্ধি আছে ছাগৈ!”
তেনেতে মাষ্টৰৰ ডাঙৰ বোৱাৰীয়েক আৰু জীয়েক দেৱজানীয়ে হস্তক্ষেপ কৰে।

“ৰ’বাচোন অলপ। তেখেতসকলক আহিবলৈ দিয়া, আমিও শুনো কিনো এনে কিবা কৰিবলৈ তেওঁলোকে ইমান নিকৃষ্ট কাম কৰিবলৈ আগবাঢ়িল! চুবুৰীয়া হয় তেওঁলোক, সুখে দুখে দেউতা মাৰ লগত বহুবছৰ ধৰি আছে, হঠাতে নো আমাৰ ঘৰখনে কি এনে অপৰাধ কৰিলে যে তেওঁলোক ইমান তললৈ নামিল, সেই কথাখিনি জানিবলৈ মন আছে। ”

মাজু পুত্ৰঃ “আন একো নহয়, এখেতে নিজৰ জীয়েকক মোলৈ বিয়া দিব খুজিছিল। দেউতাৰ মতে ওচৰা-ওচৰি ঘৰ, সৰুৰে পৰা ককাই-ভনী হিচাবেই ডাঙৰ হৈছোঁ, লগতে জীৱন সংগী নিৰ্বাচন কৰাৰ দায়িত্ব দেউতাই আমাৰ গোটেইকেইটি সন্তানকে নিজাকৈ ল’বলৈ দিছিল। সেয়ে দেউতাই এখেতৰ জীয়েকৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। আৰু মিনতিয়ে যদি মোক ভাল পাইছিলো, সেইটো মই নাজানিছিলোঁ। মোৰ বিয়াৰ সময়তে কাৰোবাৰ মুখত শুনিছিলোঁ যে এখেতে বোলে আমাৰ পৰিয়ালৰ ওপৰত প্ৰতিশোধ লৈহে এৰিব।“

দত্তই হাতযোৰ কৰিযেই ক’বলৈ ধৰে,-

“বহুত ডাঙৰ ভুল হৈ গল। সঁচাকৈয়ে অন্তৰৰ পৰা ক্ষমা খুজিবলৈ আহিছোঁ। আমি এই ঠাইৰ পৰা চিৰদিনৰ বাবে গুচি যাম। যোৱাৰ আগতে মাষ্টৰ ককাইদেউক ক্ষমা খুজিব বিচাৰিছোঁ। তোমালোক সকলোৰে ওচৰত ক্ষমা বিছাৰিছোঁ।“

তেনেতে দত্তৰ পত্নীয়ে ক’বলৈ ধৰে,-

“মই বিশেষকৈ নৰেন্দ্ৰৰ পত্নীৰ ওচৰত ক্ষমা বিছাৰিছোঁ। মই মিনতিক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এইবোৰ এৰ! পিছে দেউতাকৰ সমৰ্থন পাই মোৰ কথাক কথা বুলিয়েই নাভাৱে তাই।”

(মিনতিয়ে তল মূৰ কৰি থাকে…চকুৰ পৰা লোতক বিয়পি আহে…)
দত্তই পুনৰ মাষ্টৰৰ লগতে তিনিও ভায়েকৰ সমুখত নিজৰ ভুল আৰু কপটতা স্বীকাৰ কৰি ক্ষমা বিচাৰে।

মাষ্টৰে সেহাই সেহাই ক’বলৈ ধৰে,-

“এই গোটেইবোৰৰ ফলত আটাইতকৈ যদি বেছি দুখত কোনোবা আছে, সেইয়া আমাৰ সৰু বোৱাৰী। যদি তেওঁ তোমালোকক ক্ষমা কৰে তেন্তে আমিও ক্ষমা কৰিম।“

(সৰু বোৱাৰীয়েকলৈ চাই…)
“সৰু বোৱাৰী, তুমি যদি নৰেন্দ্ৰক ক্ষমা কৰিব নোৱাৰা, অথবা তাক এৰি গুচি যাব খোজা তেন্তে মোৰ একো আপত্তি নাই। বৰঞ্চ তোমাৰ জীৱনৰ সম্পূৰ্ণ খৰচ বহন কৰিবলৈ, অথবা এই সম্বন্ধৰ পৰা আঁতৰি গৈ আন কাৰোবাৰ লগত বিয়া হ’ব খুজিলেও মই সহায় কৰিম। আমি বেয়া পাম বুলি নাভাৱিবা। আমাৰ সকলোৰে, বিশেষকৈ নৰেন্দ্ৰৰ ভুলৰ বাবে তুমি কষ্ট খাব নালাগে। মই নৰেন্দ্ৰক পুলিচে এৰেষ্ট কৰাটোতকৈ তুমি পাই থকা কষ্টখিনিৰ বাবেহে বেছিকৈ কষ্ট পাইছোঁ।“

সৰু বোৱাৰীঃ “দেউতা, হ’ব পাৰে তেওঁৰ লগত বিয়াৰ জৰিয়তে মোৰ আপোনালোকৰ লগত সম্বন্ধ হৈছে, কিন্তু এতিয়া যে এইখনেই মোৰ ঘৰ, এইখন ঘৰ এৰি বেলেগত মই কেনেকৈ নতুনকৈ ঘৰ গঢ়িম!” (কান্দিবলৈ ধৰে…)

মাষ্টৰঃ (নৰেন্দ্ৰলৈ চাই…) “ইয়াৰ পিছত যদি তই কেতিয়াবা সৰু বোৱাৰীক কষ্ট দিয়, তেন্তে মই তোক তাজ্যপুত্ৰ কৰিম।“

(দত্তলৈ চাই) “এতিয়া দেখিলা, মানুহে কিয় হিংসা পৰিত্যাগ কৰিব লাগে, উপযুক্ত সংস্কাৰ ইয়াকে কয়…. “

তেনেতে দত্তই ক’বলৈ ধৰে,-

“ককাইদেউ, ক্ষমা কৰি দিয়ক। মই অতি সোনকালেই ভাস্কৰৰ সৈতে মিনতিক বিয়া দিম। আৰু কাৰোৰে জীৱনলৈ এনে দিন আহিবলৈ নিদিওঁ।“
ভাস্কৰক উচপ খাই উঠা যেন দেখায়। মূৰটো লৰাই লৰাই ক’বলৈ ধৰে,-
“নাই নাই, মই মিনতিক বিয়া নকৰাওঁ দেই।“

সকলোৱে আচৰিত হৈ ভাস্কৰলৈ চাই থকা দেখি ভাস্কৰে পুনৰ কয়,-“ভাস্কৰ গুণ্ডা হ’ব পাৰোঁ কিন্তু বহুতৰ লগত সম্বন্ধ ৰখা ছোৱালী এজনীক গ্ৰহণ কৰিবলৈও মনে নকয়।“

(নৰেন্দ্ৰ আৰু মিনতিয়ে লাজতে তল মূৰ কৰি থাকে।)

তেনেতে নৰেন্দ্ৰৰ পত্নীয়ে ভাস্কৰক ক’বলৈ ধৰে,-“আপুনি যদি তেওঁক সঁচায়ে ভাল পাই, তেন্তে সকলো পাহৰি তেওঁক স্বীকাৰ কৰক। ময়োতো তাকেই কৰিব ওলাইছোঁ। হয়, কষ্ট হয় বহুত, তথাপিও মই এবাৰ চেষ্টা কৰিব খুজিছোঁ।“

তেনেতে মিনতিয়ে সৰু বোৱাৰীক ক’বলৈ ধৰে,-

“মই যি ভুল কৰিলো তাৰ ক্ষমা হয়তো নাই। তথাপিও তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যদি তুমি মোক ক্ষমা কৰা তেন্তে মই জীৱনভৰলৈ তোমাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।“

(ভাস্কৰৰ ফালে চাই পুনৰ কয়)
“তুমিও পাৰা যদি মোক ক্ষমা কৰি দিয়া। তুমি মোক বিয়া পাতা নাপাতা সেইটো বেলেগ কথা। কিন্তু আজি সকলোৰে সন্মুখতে কথা দিছোঁ, ভৱিষ্যতে এনে কেতিয়াও নহয়।“

(সকলোৰে মুখত হাঁহি বিৰিঙি উঠা দেখুৱাই এই দৃশ্যৰ অন্ত পৰে।)

দৃশ্য-৬

দত্তৰ ঘৰত বিয়াৰ পৰিবেশ। চাৰিওফালে উখল মাখল পৰিবেশ…. ফুল-পাত, লাইট তথা ৰভা তলৰ বিভিন্ন দৃশ্য দেখুওৱা হয়। মাজতে কইনাৰূপী মিনতিকো দেখুওৱা হয়। শেষত ভাস্কৰৰ বৰযাত্ৰীৰ দলটো আহে, লগত মাষ্টৰৰ তিনিও পুতেক, বোৱাৰীয়েক, ধুনীয়া সাজ-সজ্জাৰে….(মিউজিক বাজি থাকে…)

(ভাস্কৰ-মিনতিৰ বিয়াৰ, হোমৰ গুৰিৰ দৃশ্যৰে চিনেমাখনৰ সমাপ্তি হয়।

০০০০০০০দি এণ্ড০০০০০০০

☆★☆★☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব মৰমলগা কাহিনীৰে সামাজিক চিনেমাখন চাই ভাল লাগিল।

    Reply
    • সৌৰভ শৰ্মা

      ধন্যবাদ । কিন্তু তোমাৰ স্ক্ৰীপ খন সচাকৈ চিনেমা বনাব পৰা হৈছে।

      Reply
      • ৰাজশ্ৰী

        ধন্যবাদ দাদা তেনেকৈ কোৱা কাৰণে।এনেয়েহে আৰু।

        Reply
  • Kamala das

    সুন্দৰ সামাজিক চিনেমা । আৰু এবাৰ চালো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *