ফটাঢোল

একেই – ৰাজীৱ শৰ্মা

এসময়ত অনলাইন শ্বপিং বুলিলে আমাৰ ৰহিলাক আৰু একো নালাগে। খাৱন-শোৱন বাদ দি একেৰাহে ঘণ্টাৰ পাছত ঘণ্টা লেকচাৰ দি দিয়া মানুহ তেওঁ। ৰহিলা হ’ল নতুনকৈ গঢ় লৈ উঠা গাঁওখনৰ বাতৰি যোগনিয়াৰও। পুতেক আজি দুবছৰমানৰ আগতে সেনাবাহিনীৰ চাকৰিত সোমাই বৰ্তমান কাশ্মীৰত আছেগৈ। এনেই ৰহিলা মানুহজনী ভাল। গাড়ী দুৰ্ঘটনাত স্বামীক হেৰুৱাৰ আগতে তেওঁৰ এই কথা লগোৱা আৰু খাৰাংখাচ কথা-বাৰ্তাৰ বাবে গিৰিয়েকৰ লগত কম কাজিয়া হোৱা নাছিল। কিন্তু ইচ্ছা কৰিলেই কোনোবাই কাৰোবাৰ স্বভাৱ জানো সলনি কৰিব পাৰিব? ৰহিলা একে হয়েই থাকি গ’ল। এতিয়াও গাঁৱৰ মানুহক কথাৰে জব্দ কৰি দিয়ে কেতিয়াবা।

আজি এবছৰমানৰ পৰা ৰহিলাৰ মুখত এটা নতুন শব্দ আখৈ ফুটা দি ফুটিছিল-“অনলাইন শ্বপিং।” মুখত মাথো অনবৰতে আমাজন, ফ্লিপকাৰ্ট কি, ক’ত, কিয় বিখ্যাত। ৰহিলাৰ লগত যদি কোনোবাই ধেমালিতেও এই চাইটবোৰৰ কথা পাতিব খোজে তেতিয়া হ’লেই আৰু! পুৱা বেলি ওলাই সন্ধ্যা হৈ যাব কিন্তু ৰহিলা আৰু লগৰ গৰাকীৰ কথা শেষ নহ’ব। কোনোবাই যদি ৰহিলাৰ বিপক্ষেও কয় তেতিয়াও বিপদ। মুখৰ সুৰীয়া মাতেৰে ৰহিলাই বুজাই দিব, আগন্তুকে কি ভুল কৰিবলৈ গৈ আছে।

অনলাইন শ্বপিং আৰু মোবাইল এই দুয়োটাৰে লগত ৰহিলাৰ চিনাকি নতুন৷ অতবছৰে মোবাইল খাই নে পিন্ধে তাকেই জনা নাছিল। পুতেকে সেনা-বাহিনীত চাকৰি পায় ঘৰ এৰিব লগা হ’ল বাবে খা-খবৰ ৰাখিবলৈ মাকক মোবাইল এটা লৈ দিলে। প্ৰথম কেইদিনমান ৰহিলাই মোবাইলটো ভগৱানৰ থাপনাৰ কাষতে থৈছিল। মোবাইলটো ভগৱানৰ ওচৰত থকাৰ দৰে যাতে পুতেকৰ ওচৰতো থাকি ভগৱানে তাক ৰক্ষা কৰে।

সেনাবাহিনীৰ মানুহৰ ছুটি এনেও কম। তাতে সময়ৰ কথাও আছে। তেনেকুৱা কিবা কাৰণতে যোৱাবছৰ ৰহিলাৰ পুতেক পূজাৰ সময়ত মাত্ৰ দুদিনমানলৈহে আহিছিল। বজাৰ কৰাৰ সময়েই নাই। সেয়ে মাকক বোলে এটা কাম কৰোঁ আমাজনতে কি লাগে চাই দে মই কিনি থৈ যাওঁ, বস্তুবোৰ পাছত ডাকত আহিব।আমাজন, ফ্লিপকাৰ্টৰ একো আওভাও নোপোৱা মানুহজনীয়ে পুতেকৰ সহায় আৰু বুজনিত বহু সময় খৰচ কৰি পূজালৈ বুলি নিজৰ লগতে ঘৰৰ তিনি-চাৰিগৰাকী মানুহলৈ চোলা-পেণ্ট, চাদৰ-মেখেলা, ফ্ৰক আদিৰ ফটো আৰু ৰং মোবাইলতে চাই(পুতেকৰ সহায়ত) কিনি পেলালে। সেইদিনাৰে পৰা ৰহিলাই দিনটোত কমেও বিশবাৰমান পদূলিলৈ ডিঙি মেলি মেলি চাই থাকে, কেতিয়া বা পাবহি বস্তুবোৰ ইফালে পূজা পালেহিয়েই।

কিন্তু জ্বৰে এৰিলেও কৰপতিয়ে নেৰে বুলি কথা এষাৰ আছে। পুতেকে বস্তুবোৰ কিনি দিয়াৰ পাছদিনাই নিজৰ কৰ্মক্ষেত্ৰলৈ গুচি গ’ল। ইপিনে ৰহিলা অধৈৰ্য্য। পুতেকে অনলাইনত কিনা কাপোৰ পিন্ধিব। দোকানত নিজে পচন্দ কৰি কিনা কাপোৰ কিনি পোৱা সুখৰ দৰে এই অনুভৱ। কিছুক্ষেত্ৰত দোকানতকৈও ভালহে।কিয়নো বস্তু এটা বেছি দেৰি পিটিকি পিটিকি চাই থাকিলে দোকানীৰ খং উঠে। অথচ মোবাইলত দিনটো চাই থাকিলেও দোকানীৰ মাত নাই। কিনা নিকিনা দস্তুৰমত নিজৰ কথা।

পুতেকে কাপোৰ কানিৰ ফৰমাইছ দি চাকৰিৰ জেগালৈ গ’লগৈ। কিন্তু ৰহিলা বাইৰ কথা শেষ নহ’ল। গাঁওখনৰ দুজনমানৰ বাদে আনে চিনি নোপোৱা এই অনলাইন ছাইট কেইটাৰ বিষয়ে  গাঁৱত আলোচনা কৰি কৰি কাণ পকাই দিলে।

পিচে তেওঁৰ এই প্ৰীতি সৰহদিন নাথাকিল। পুতেক যোৱাৰ কেইদিনমানৰ পাছতে ডাকত অহা কাপোৰবোৰ দেখি ৰহিলাৰ অনলাইন শ্বপিং প্ৰীতি চিৰদিনলৈ নাইকিয়া হৈ গ’ল। কাৰণটো কোনোবাটো যদি বে-জোখৰ আহিল, কোনোবাটোৰ ৰঙটো ঢেলা, চাদৰবোৰ যদি চুটি, ব্লাউজৰ হাতখন চেপামৰা। মুঠতে অথন্তৰৰ সীমা নাই।

আকৌ পূজা পালেহি। ৰহিলাই পুতেকক কৈ দিছে এইবাৰ কোনো কাৰণতে মোবাইলত কাপোৰ নিকিনে।দোকানীৰ গালি খালেও চাই চিতি চহৰৰ দোকানতে কিনিব। এইবেলি সি যাতে দুদিনমান বেছিকৈ থকাকৈ ঘৰলৈ আহে। মনতে পুতেকৰ বিয়াৰ কথাও ভাবি আছে ৰহিলাই।

মাকে বিয়াৰ কথা উলিয়াবলৈ ধৰোঁতেই পুতেকে ক’লে যে সি ইতিমধ্যে ছোৱালী এজনী পচন্দ কৰি থৈছে।মাকে ক’ৰ ছোৱালী, কি কথা সোধাত পুতেকে ছোৱালীজনীৰ ফেচবুক একাউণ্টৰ ফটো-ততো দেখুৱাই মাকক সৈমান কৰালে। পুতেকলৈ নিজে পচন্দ কৰা ছোৱালী আনিবলৈ নাপালে যদিও ফেচবুকত হ’বলগীয়া বোৱাৰীৰ ৰূপ লাৱণ্য দেখি ৰহিলা মোহ গ’ল।

নিৰ্দিষ্ট দিনত গাঁৱৰো দুই-চাৰিজন মানুহ লৈ ৰহিলা পুতেকৰ লগত ছোৱালীৰ ঘৰ পালেগৈ। পিচে ছোৱালী দেখি ৰহিলাৰ মন মৰা। পুতেকৰ পচন্দত একো ক’ব নোৱাৰা ৰহিলাই গাঁৱৰ চিনাকি কোনোবাই এতিয়া বোৱাৰীয়েকৰ কথা সুধিলে মাথো কয়- “এহ, বোৱাৰীৰ কথানো আৰু কি ক’ম? একেই আমাজন, ফ্লিপকাৰ্টৰ বস্তুৰ দৰে। ফটোত হে ৰঙচঙীয়া। আচলত নহয়।”

☆★☆★☆

10 Comments

  • হেমন্ত কাকতি

    আপীও একেই আমাজন, ফ্লিপকাৰ্টৰ বস্তুৰ দৰে। ফটোত হে ৰঙচঙীয়া। আচলত নহয়।

    এইষাৰী লাষ্টত তামাম দিলা

    Reply
    • ৰাজীৱ শৰ্মা

      আন্তৰিক ধন্যবাদ জনালো

      Reply
  • Manash Saikia

    বাঃ৷ বঢ়িয়া৷

    Reply
    • ৰাজীৱ শৰ্মা

      আন্তৰিক ধন্যবাদ জনালো

      Reply
  • Dolly Talukdar

    হা হা বিউতি প্লাছৰ কামাল

    Reply
  • ৰিণ্টু

    বঢ়িয়া ৰাজীবদা, খুব ভাল লাগিল পঢ়ি

    Reply
    • ৰাজীৱ শৰ্মা

      মতামত পাই সুখী হ’লো।ধন্যবাদ

      Reply
  • হাঃহাঃ তামাম

    Reply
    • ৰাজীৱ শৰ্মা

      আন্তৰিক ধন্যবাদ জনালো

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *