ফটাঢোল

এটা নতুন ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰ – দীপাংকৰ মল্ল বৰুৱা

শ্ৰদ্ধেয় ৰাইজ,

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি কেইজনমান আবেগ প্ৰবণ, আমোদপ্ৰেমী, আৰামপ্ৰিয় অসমীয়া মানুহে লগ লাগি এটা নতুন ৰাজনৈতিক দল খোলাৰ সিদ্ধান্ত লৈছোঁ। দলটোৰ নাম হ’ল “জয়জয় ময়ময় দল”। আমাৰ দলটোক ভোট দি জয়লাভ কৰিলে আমাৰ ৰাজ্যখনৰ সকলো মানুহৰে অৱস্থা যে জয়জয় ময়ময় হ’ব সেয়া খাটাং।

আমাৰ দলটোৰ মূল আঠ দফীয়া পৰিকল্পনা নিৰ্বাচনী ইস্তাহাৰৰ ৰূপত তলত বেকত কৰা হ’ল –

১) জয়জয় ময়ময় দল শাসনলৈ আহিলে সকলোকে যি ইচ্ছা কৰি থাকিবলৈ পূৰ্ণ স্বাধীনতা আৰু সম অধিকাৰ দিয়া হ’ব। আন্দোলন, পথ বন্ধ, ধৰ্ণা, চকাবন্ধ আদি কাৰ্যসূচীলৈ চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব। প্ৰতিদিনেই এটা নহয় এটা বন্ধ ঘোষণা কৰিবলৈ দল সংগঠনসমূহলৈ আহ্বান জনোৱা হ’ব যাতে চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে সুকলমে নিজৰ নিজৰ কামত ব্যস্ত থাকিব পাৰে। সৰ্বাধিক সফল বন্ধৰ আয়োজন দিয়া দল সংগঠনক পুৰস্কৃত কৰা হ’ব। বন্ধ আয়োজনৰ বাবে বিশেষ ভাট্টা দিয়াৰো ব্যৱস্থা কৰা হ’ব। বন্ধ আহ্বান দিয়া দল সংগঠনৰ সংখ্যা অভাৱনীয় ভাৱে বৃদ্ধি পালে প্ৰয়োজন সাপেক্ষে বন্ধৰ দিন-বাৰৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা কৰা হ’ব।

২) জয়জয় ময়ময় দলৰ শাসনৰ সময়ত সকলোকে সকলো উৎসৱ পাৰ্বন ধুমধামকৈ পালন কৰিবলৈ পূৰ্ণ স্বাধীনতা দিয়া হ’ব। ডিছেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ শীত উৎসৱ, মাৰ্চ মাহৰ পৰা জুন মাহলৈ এই চাৰিমাহ বিশেষ বসন্ত উৎসৱ, জুলাই আগষ্টত গ্ৰীষ্ম উৎসৱ আৰু চেপ্তেম্বৰৰ পৰা নৱেম্বৰলৈ বিশেষ শাৰদীয় উৎসৱ পালন কৰিবলৈ সকলো সংস্কৃতি প্ৰেমী ৰাইজক আহ্বান জনোৱা হ’ব। বসন্ত উৎসৱৰ সময়ত বিহু আদৰণি, বিহু আৰম্ভণি, বিহু সমৰণি, বিহু বিদায় আদি বিহু নাম লগোৱা যিকোনো উৎসৱৰ যোগেদি অসমৰ জাতীয় উৎসৱৰ মৰ্যদা ৰাখিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লোৱা হ’ব। সেইদৰে উৎসৱ পাৰ্বনৰ বাবে ৰাস্তাই ঘাটে, দোকানে পোহাৰে ডকা-হকা দি হ’লেও চান্দা তুলিবলৈ পূৰ্ণ অধিকাৰ থাকিব। ৰাষ্টাত চান্দা সংগ্ৰহকাৰীক দেখিলেই গাড়ী ৰখাই চান্দা দিয়াটো বাধ্যতামূলক কৰা হ’ব। প্ৰয়োজন হ’লে এনেবোৰ শুভ কামত আৰক্ষীয়েও ৰাইজৰ পূৰ্ণ সহযোগিতা কৰিব।

৩) আমাৰ দলৰ মূলমন্ত্ৰ হ’ল শান্তি আৰু সম্প্ৰীতি। নাগৰিকসকলে যাতে শান্তি আৰু সম্প্ৰীতিৰে ঘৰত বহিয়েই দিন কটাব পাৰে তাৰ বাবে আমাৰ চৰকাৰে চৰকাৰী বন্ধৰ দিন আৰু ত্ৰিশটা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব। সেই ত্ৰিশটা বন্ধৰ দিনৰ বাবে বিভিন্ন জাতি সম্প্ৰদায়ৰ বীৰ, বীৰাংগনা, সাধুপুৰুষ, সাহিত্যিক, গায়ক, নৃত্যশিল্পী যিমান আছে সকলোৰে জন্মদিন, মৃত্যু দিৱসৰ তালিকা নিবিদাযোগে আহ্বান কৰা হ’ব। হিন্দু, মুছলমান, খ্ৰিষ্টান, জৈন সকলোকে এই ক্ষেত্ৰত সমান অধিকাৰ দিয়া হ’ব। নিবিদাযোগে সৰ্বাধিক ধন বিনিয়োগ কৰিবলৈ ইচ্ছা কৰা জাতি সম্প্ৰদায়ক অগ্ৰাধিকাৰ দিয়া হ’ব। অতিৰিক্ত বন্ধ ঘোষণাই আমাৰ ৰাজ্যখনৰ জনসাধাৰণক বিভিন্ন প্ৰকাৰে উপকৃত কৰিব বুলি আশা কৰা হৈছে। গাড়ী মটৰৰ ভাড়া বৃদ্ধিৰ কাৰণে হোৱা অসন্তোষ, বেয়া ৰাষ্টাৰ বাবে খোৱা থেকেচা, অফিচত বহি থকাৰ বাবে হোৱা “ষ্পণ্ডেলাইটিছ” আদি এশ এবুৰি সমস্যাৰ পৰা জনসাধাৰণে মুক্তি লাভ কৰিব।

৪) আমাৰ দলৰ চৰকাৰ শাসনলৈ আহিলে অবৈধ বিদেশীৰ নাগৰিকৰ সমস্যাটোৰ নিমিষতে সমাধান কৰা হ’ব। সন্দেহৰ আৱৰ্তত জীয়াতু ভোগা লোকসকলক ১৯৭১ চনৰ আগৰ নথি পত্ৰ যোগান ধৰিবলৈ বিশেষভাৱে সহায় কৰা হ’ব। যিসকলৰ নাম ভোটাৰ তালিকাত বা এন আৰ চিত এতিয়াও সোমোৱা নাই, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই কাৰ্য সুকলমে কৰিবলৈ এটা বিশেষ বিভাগ সৃষ্টি কৰা হ’ব আৰু ১৯৭১ চনৰ পিছত অহা কোনো নাগৰিক যাতে অসমত বাকী নাথাকে তাৰ বাবে অগ্ৰাধিকাৰ দি কাম কৰা হ’ব। আমাৰ চৰকাৰ শাসনলৈ অহাৰ এবছৰৰ ভিতৰতে সকলো বিদেশীক স্বদেশী কৰাৰ সুব্যৱস্থা হ’ব, যাতে অসমত এজনো বিদেশী নাগৰিক থাকিব নোৱাৰে।

৫) আমাৰ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বেমাৰী, বুঢ়া, দুখীয়া, কামত নলগা মানুহবোৰ যাতে সোনকালে স্বৰ্গগামী হয় তাৰ বাবে উদ্যোগ লোৱা হ’ব। চৰকাৰী চিকিৎসালয়সমূহত দৰব যোগান ধৰাটো বন্ধ কৰি দিয়া হ’ব আৰু ধৰিলেও ভেজাল দৰব যোগান ধৰা হ’ব যাতে সেইবোৰ খাই মানুহ সোনকালে সিপুৰীলৈ যায়। ভাল চিকিৎসা পাই যাতে কোনেও বেছিদিন জীয়াই থাকিব নোৱাৰে তাৰ বাবে চৰকাৰী চিকিৎসালয়সমূহত ভাল চিকিৎসকক থাকিবলৈ দিয়া নহ’ব। নাৰ্চিং হোমসমূহক ভাল ভাল চিকিৎসকক ৰাখিবলৈ পূৰ্ণ সুবিধা দিয়া হ’ব যাতে মন্ত্ৰী বিধায়ক ঠিকাদাৰ বিষয়াসকলৰ স্বাস্থ্যৰক্ষাত কোনো ত্ৰুটী। আমাৰ চৰকাৰে বেমাৰীবোৰ নোহোৱা কৰি অচিৰেই ৰাজ্যখনক বেমাৰ মুক্ত প্ৰদেশত পৰিণত কৰিব।

৬) আমাৰ চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ বাবেও বিশেষ কাৰ্যসূচী হাতত ল’ব। নিবনুৱা সমস্যাৰ মূল কাৰণ শিক্ষিত নিবনুৱা সৃষ্টিকাৰী মহাবিদ্যালয়, বিশ্ববিদ্যালয়বোৰত তলা লগাই দিয়া হ’ব কাৰণ শিক্ষিত নিবনুৱা নাথাকিলেই নিবনুৱা সমস্যাও নাথাকিব। শিক্ষক সকলক ল’ৰা ছোৱালীক মাটি চহাবলৈ, নাঙল ধৰিবলৈ শিকোৱা কামত নিয়োগ কৰা হ’ব। পঢ়া শুনা নথকা ল’ৰাবোৰে গাঁৱত খেতি বাতিত লাগিলে নিবনুৱা সমস্যা আপোনা-আপুনি সমাধান হ’ব। এনে ব্যৱস্থাই নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে পানী, বিজুলীৰ সমস্যাৰো সমাধান কৰিব। মানুহে কুঁৱা, পুখুৰী খান্দি খোৱাপানীৰ যোগাৰ কৰিব। বিজুলী নোহোৱাকৈ টিপচাকিত চলিবলৈ শিকিব।

৭) আমাৰ চৰকাৰে দুৰ্নীতি নিবাৰণৰ বাবেও অতি ফলপ্ৰসু ব্যৱস্থা হাতত ল’ব। সকলো ধৰণৰ উন্নয়নমূলক কাম, ৰাষ্টা দলং ঘৰ সজা কাম বন্ধ কৰি দিয়া হ’ব যাতে সেইবোৰৰ নিৰ্মাণৰ নামত কোনেও টকা মাৰিব নোৱাৰে। বৰং উন্নয়নৰ নামত অহা সমুদায় চৰকাৰী ধন মন্ত্ৰী বিধায়কৰ হাতত সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব। সেই ধনেৰে মন্ত্ৰী বিধায়কসকলক ভাল ভাল, দামী দামী পোচাক পিন্ধি বিদেশ ভ্ৰমণলৈ যোৱাৰ সুবিধা কৰি দিয়া হ’ব, লাহ বিলাহৰ সম্পত্তি কিনিবলৈ সহায় কৰা হ’ব, যাতে তেওঁলোকক দেখি আন মানুহে আমাৰ ৰাজ্যখনৰ জয় জয় ময় ময় অৱস্থাৰ বিষয়ে ধাৰণা কৰিব পাৰে। আমাৰ চৰকাৰৰ আমোলত সকলো প্ৰকাৰৰ উন্নয়নৰ কাম বন্ধ কৰি ৰাখি কোনো মধ্যভোগী, ঠিকাদাৰক দুৰ্নীতি কৰিবলৈ কোনো সুযোগ দিয়া নহ’ব।

৮) আমাৰ ৰাজ্যখনক অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰশাসন আৰু আৰক্ষীক বিশেষভাৱে কাৰ্যক্ষম কৰি তোলা হ’ব। বৰ্তমান সময়ত কেৱল চুৰি ডকাইতি, হত্যা, ধৰ্ষণ আদিৰ গোচৰ নিষ্পত্তি কৰা কামতে আৰক্ষীৰ আপুৰুগীয়া সময় নষ্ট হৈছে। এইবোৰ তুচ্চ কাম ৰাইজে নিজৰ মাজতে মৰা-মৰি, কটা-কটি কৰি সমাধান কৰি ল’বলৈ পূৰ্ণ সুবিধা আগবঢ়োৱা হ’ব। ৰাইজৰ মাজত সতকাই হৈ থকা এই তুচ্চ ঘটনাবোৰক অপৰাধ বুলি গণ্য কৰাই নহ’ব। আৰক্ষীক মন্ত্ৰী বিধায়কৰ ব্যক্তিগত কামৰ দৰে গুৰুত্বপূৰ্ণ কামত লগোৱা হ’ব। অপৰাধ কৰিবলৈ নতুন নতুন কিটিপ উদ্ভাৱনৰ বাবে বিশেষ গৱেষণাকেন্দ্ৰ স্থাপন কৰা হ’ব আৰু এই কামত অধিক সংখ্যক স্থানীয় নিবনুৱা যুৱকক নিয়োগ কৰা হ’ব। নতুন নতুন কিটিপ শিকি এই যুৱকসকলে দেশৰ বিভিন্ন স্থানত আত্ম সংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে।

ওপৰত বৰ্ণনা কৰা প্ৰতিটো বাক্য আখৰে আখৰে পালন কৰিবলৈ আমি বদ্ধপৰিকৰ। আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমি উপৰোক্ত ব্যৱস্থা সমূহৰ জৰিয়তে অচিৰেই ৰাজ্যখন ‘জয়জয় ময়ময়’ কৰি তুলিব পাৰিম।

আপোনালোকে আন একো কথাৰে চিন্তা নকৰি আমাৰ দলটোৰ প্ৰাৰ্থীকে আপোনালোকৰ বহুমূলীয়া ভোটটো দিবলৈ আৰু অহা নিৰ্বাচনত আমাৰ ‘জয়জয় ময়ময়’ দলক জয়যুক্ত কৰিবলৈ শেষত প্ৰাৰ্থনা জনালোঁ। ।

ইতি
সভাপতি আৰু সম্পাদক
জয়জয় ময়ময় দল

☆★☆★☆

3 Comments

  • সৌৰভ শৰ্মা

    ইমান সুন্দৰ ব্যংগ, পঢ়ি ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    সদস্য ভুক্তি কেতিয়া আৰম্ভ হব? মই সোমালোৱেই বুলি ধৰক!

    Reply
  • Rintumoni Dutta

    সুন্দৰ ব্যংগ, ভাল লাগিল পঢ়ি দাদা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *