ফটাঢোল

পূজাৰ সাজ-পাৰ – সুশান্ত কৃষ্ণ শৰ্মা 

ক’লে কথা ওলাই যায়, কিবা বোলেনে এওঁক পূজা বুলি শাড়ী-চাড়ী কিনি দিলেনো কি হ’ব? সপ্তমী, অষ্টমী, নৱমী তিনিওদিন সন্ধিয়া এপৰবেলা এওঁৰ সন্মুখত আঁঠু কাঢ়ি শাড়ীৰ কোচ মিলাব লাগিব মই হে! তাকেহে এইবাৰ কৈ দিছোঁ-

: এইবোৰ শাড়ী-চাড়ীৰ কোচ-চোছ মই মিলাই থাকিবলৈ নাই দেই, আমাৰ সন্ধিয়া সন্ধিয়া গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠান আছে।

এওঁ বোলে-
: এহ, তুমি ভালকৈ মিলাব জানা দেখিহে কওঁ আও!

মই বোলো-
: অ’ মই জানোতো! বিয়াৰ আগতে কিমানক শাড়ীৰ কোচ মিলাই মিলাই দিলোঁ হিচাব নাই!

খা বাপেকে! মানুহ মৰে কৈ, চৰাই মৰে ৰৈ বুলি এনেই কয়নে! পাকত পৰিলোঁ নহয় নিজৰ কথাতে! এওঁ একেবাৰে খেদা মাৰি আহিল বোলে-

: অ’ কথা তেনে সেইটোহে, কিমানক মিলালা হিচাবেই নাই তেন্তে!

মই বোলো-
: এ ৰ’বাচোন ৰ’বা, মই সেই তাহানিখন ভাওনা-সবাহত ল’ৰা ভাৱৰীয়াই ছোৱালী ভাও ল’লে শাড়ী মিলাই দিয়াৰ কথাহে কৈছোঁ৷

কৃষ্ণ কৃষ্ণ, কোনোৰকম যেনিবা এওঁ পতিয়ন গ’ল। মানুহে বনৰ হাতী বলাব পাৰিছে মই আও এওঁৰ মন বলাব নোৱাৰাৰ কি কথাটো আছে হে!

ঘৰ এঠাইত, চাকৰি এঠাইত।

এওঁ বোলে-
: দেৱী পাতত উঠিব, তোমাৰ ছুটি নাই, পূজাৰ বজাৰ কি হ’ব?

পূজাৰ বজাৰ মানে আমাৰ ভাই বামুণীয়া চিন্তা!ডাইৰেক্ট কল-নৈৱদ্যৰ কথাই বুজোঁ।

মই বোলো-
: হেই সেইবোৰ আগদিনাও হৈ যাব, আগতীয়াকৈ কল-কমলা ল’লে গেলিব হে!

এওঁ বোলে-
: হেৰৌ অভং ক’ৰবাৰ, মই কল-বনৰ কথা কোৱা নাই, ব্লাউজৰ কথা কৈছোঁ, পূজালৈ দুদিন আছে, তিনিখন শাড়ীৰ লগৰ তিনিটা ব্লাউজ কি তোমাৰ ঘৈণীয়েৰ কেইজনীয়ে চিলাই দিব নি?

মই বোলো-
: এ হয় তোন আক’ ! মই কথাটো ভবাই নাই!

এওঁ বোলে-
: ভাবিবা বুইছা ভাবিবা, মূৰটো এনেই দিয়া নাই৷

মই বোলো-
: এ ৰ’বাচোন ৰ’বা, মই এইকেইদিন ছক্ৰেটিছৰ নিচিনাকৈ ইয়াৰে বজাৰখন এনেই সন্ধিয়া সন্ধিয়া ঘূৰি আছোঁ। মাইকী মানুহবোৰ চাই আছোঁ ৰ’বা, কোনে কি নতুন ডিজাইনৰ ব্লাউজ পিন্ধিছে।

এওঁ বোলে-
: হে হৰি! তুমি ব্লাউজ চাইছানে মাইকী মানুহ চাইছা? ব্লাউজৰ ডিজাইন নেটতে চোৱাই ভাল হ’ব নেকি?

মই বোলো-
: হেই তুমি আক’ বেয়ালে’ লৈ যোৱা! মই বোলো ইফালে-সিফালে চকু ফুৰাই চাওঁ, কোনে কি পিন্ধিছে, তোমাকো তেহে লায়েকৰ এযোৰ পিন্ধাব পাৰিম! ভয় নকৰিবা দিয়া, অৰ্জুনে যেনেকৈ লক্ষ্যস্থিৰ কৰি কেৱল মাছৰ চকুটোহে দেখিছিল মইও তেনেকৈ ব্লাউজৰ ডিজাইনটোহে দেখিছোঁ, বাকী অৱয়ৱটো দেখাই নাই!

এওঁ বোলে-
: তুমি ইমান ভাল! তুমি ইমান মোৰ কথা ভাবা! কিন্তু দেখিবা কেনেবাকৈ যদি ষষ্ঠীৰ দিনাৰ ভিতৰত বিলাউজ ৰেডি নহ’বলে হয়, তোমাক দুৰ্গাৰূপ এইবাৰ ঘৰতে দেখুৱাই দিম৷

মই বোলো-
: হৈ যাব হৈ যাব চিন্তা নকৰিবা, তোমাক এনেকুৱা শাড়ী কিনি দিম যাতে ৰেডিমেড ডিজাইন কৰা ব্লাউজেৰেই কাম চলি যায়। নহ’লে এটা কাম কৰিবা তুমি যদি দুৰ্গা ময়ো ধৰি লোৱা মহিষাসুৰ! পূজা বুলি নহ’লে এই মহিষাসুৰৰ ৰঙীন ফুল গেঞ্জী দুটা গডৰেজত পৰি আছে তাকেই পিন্ধিবা শাড়ীৰ লগত মিলাই৷

এওঁ বোলে-
: ঘৰলে’ আঁহা, দুৰ্গাগোসাঁনী কাক কয় তোমাক বুজাই আছোঁ, তুমি ব্লাউজ চিনিছা মোক এতিয়াও চিনা নাই!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *