ফটাঢোল

ভয় – ঊষা মহন্ত

নতুনকৈ সজা কোৱাৰ্টাৰটোৰ কোঠালিকেইটা ঘূৰি পকি চাই ময়ুৰীয়ে কোৱাৰ্টাৰৰ সংলগ্ন বাৰীখনলৈ চকু দিলে। বাৰী মানে এটা আহল বহল চৌহদ। বাৰী পাতিব পৰা যাব। কোৱাৰ্টাৰটোৰ সন্মুখত প্ৰায় ২০ মিটাৰমান দূৰত পূবা পশ্চিমাকৈ পকী ৰাষ্টাটো। তাৰ সিপাৰে এখন সৰু সুৰা হাবি। সৰু ডাঙৰ গছ আৰু বনৰীয়া লতাই ছানি ধৰা হাবিখনত বিভিন্ন চৰাই চিৰিকতিৰ মাত তাই শুনিবলৈ পালে। কাষত দুটা কোৱাৰ্টাৰ দুফালে আছে যদিও বৰ্তমান তাত মানুহ নাই। গতিকে কিছুদিনলৈ অলপ অকলশৰীয়া যেন লাগিব। একো নহয়, পাৰিব তাই থাকিব। ৰঞ্জিত আছেই। মাকৰ ঘৰৰ ওচৰৰে, মাক দেউতাক নোহোৱা বাৰ বছৰমান বয়সৰ চুমি নামৰ ছোৱালী এজনী তাই লগত লৈয়েই আহিছে, পঢ়া শুনা কৰাম বুলি। তাই ময়ুৰীৰ লগ হোৱাৰ উপৰিও ঘৰুৱা কাম বনতো তাইক সহায় কৰিব।

বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পদত যোগদান কৰাৰ দুবছৰ পিছত ৰঞ্জিতে এই প্ৰথম কোৱাৰ্টাৰটো পাই ময়ুৰীক লৈ থাকিবলৈ আহিছে। কোৱাৰ্টাৰকেইটা একেবাৰে নতুন। বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে হাবি জংঘলেৰে ভৰা এই ঠাইডোখৰ চাফ চিকুণ কৰি এই কোৱাৰ্টাৰকেইটা সজা হৈছে। দুদিন আগতে বয়জ হোষ্টেলৰ ৰান্ধনী ল’ৰা এটাক টকা অলপ দি ৰঞ্জিতে দৰকাৰী আহিলা পাতি যোগাৰ কৰাৰ লগতে কোৱাৰ্টাৰটো সাৰি মুচি চাফা কৰাই থৈছে।

বয় বস্তু থানথিত লগোৱাত ৰঞ্জিতক ইটো সিটো কামত অলপ সহায় কৰি দি বাকীখিনি পিছত দেখা যাব বুলি কৈ তাই পাকঘৰত সোমাই তিনিওলৈকে চাহ কৰিলে।

ৰাতিটো ভাল দৰেই পাৰ হ’ল। পাছদিনা পুৱা আগফালে চোতালত থিয় হৈ ময়ুৰীয়ে ফুলনিৰ বাবে উপযুক্ত ঠাই চোৱাত ব্যস্ত হ’ল। ৰঞ্জিত শুই উঠিয়েই মৰ্ণিং ৱাক কৰিবলৈ গ’ল। চুমি ঘৰৰ কামত ব্যস্ত। শান্ত নিৰিবিলি পৰিবেশ। হঠাতে ময়ুৰীয়ে মন কৰিলে ৰাষ্টাটোৰ সিপাৰে থকা ওখ গছডালত কিবা এডাল বগাই ফুৰিছে। কিচকিচিয়া ক’লা গা-টো দেখি তাই বুজিলে সেইডাল এডাল প্ৰকাণ্ড সাপ। বোধকৰো চৰাইৰ বাঁহত পোৱালি খাবলৈ গৈছে। নিমিষতে তাইৰ ভৰিৰপৰা মূৰলৈ এক অদ্ভুত শিহৰণ হ’ল। সাপলৈ তাইৰ বৰ ভয়। সৰুতে এবাৰ কিবা বিষহীন সাপ এটাই তাইক খুঁটিছিল। তেতিয়াৰেপৰা তাই সাপ দেখিলে ভয়তে পেঁপুৱা লাগে।

কি কৰে তাই এতিয়া? সাপটো যদি গছৰপৰা নামি আহি ঘৰৰ ভিতৰত সোমাইহি! ৰঞ্জিতো নাই, কোনে সাপ খেদিব! দৌৰি আহি ঘৰৰ ভিতৰত সোমাই ময়ুৰীয়ে দৰ্জা খিৰিকীবোৰ এফালৰপৰা বন্ধ কৰি গ’ল, যেন সাপটো সঁচাই তাইৰ পিছে পিছে বগাই হে আহিছে! সৰ্ব শৰীৰত কঁপনি লৈ তাই বিচনাত বহি ৰ’ল। তাইৰ আচৰণ দেখি চুমিও আচৰিত হ’ল। প্ৰায় আধা ঘণ্টামানৰ পাছত ৰঞ্জিতে “ময়ুৰী, ময়ুৰী, ক’ত আছা? দুৱাৰ খিৰিকীবোৰ কিয় বন্ধ কৰি থৈছা” বুলি চিঞৰিলে। ময়ুৰীয়ে ভয়ে ভয়ে দুৱাৰখন খুলি দিলে। সকলো কথা জানি লৈ ৰঞ্জিতে হাঃ হাঃ কৈ হাঁহি ক’লে – “তোমাৰো যে ভয়টো! চোৱা, নতুন ঠাই। জংঘল ভাঙি উলিওৱা মাটি। তাতে সৌখন এখন সৰু সুৰা অৰণ্য। কেতিয়াবা দুই এটা সাপ বেং ওলাব, তাতে ইমান ভয় খাবলৈ কি আছে?” ৰঞ্জিতে তাইক মৰমেৰে বুজালে। পিছে ময়ুৰীৰ ভয় কিন্তু নাতঁৰিল।

আন এদিন আবেলি পাছফালে বাৰীত মেলি দিয়া কাপোৰবোৰ সামৰি আনি ময়ুৰীয়ে বিচনাতে থৈ জাপিবলৈ আৰম্ভ কৰোঁতেই কিবা এটাই তাইৰ ডিঙিত বিন্ধি দিলে। ” আই ঔ” বুলি তাই চিঞৰা শুনি চুমি দৌৰি আহিল। দুয়োজনীয়ে অশেষ বিচাৰ খোচাৰ কৰিও কিন্তু বস্তুটো কি সন্ধান নাপালে। ডিঙিৰ ফুলি উঠা অংশ হাতেৰে চুই চাই তাই লৰা লৰিকৈ বৰ’লিন অকণমানকে সানি দিলে। ৰঞ্জিতে ক’লে- “মই নকৈছিলোঁ জানো? এইবোৰ সৰু সুৰা প্ৰব্লেম পাবাই।”
সৰু সুৰা? কিবা অচিনাকী জীৱ এটাই খোদ ঘৰৰ মানুহজনীকেই ঘাইল কৰি থৈ গ’ল, তেওঁ আকৌ কয় সৰু সুৰা! খঙে অভিমানে ময়ুৰীৰ কান্দোন ওলাওঁ ওলাওঁ হ’ল। কোৱাৰ্টাৰৰ বাহিৰে ভিতৰে খোজ কাঢ়ি ফুৰোঁতে তাই অধিক সাৱধান হ’ল। এক অচিন ভয়ে তাইৰ মনত উকমুকাবলৈ ধৰিলে।

আন এদিনৰ কথা। ৰঞ্জিতে ময়ুৰীক কোৱাৰ্টাৰলৈ অনা বুলি গম পাই ৰঞ্জিতৰ ডিপাৰ্টমেণ্টৰ দুগৰাকী ছোৱালী আহি ওলালহি। দুয়োজনীয়ে PhD কৰি আছে। ৰঞ্জিতে দুয়োকে ময়ুৰীৰ লগত চিনাকী কৰি দিলে। প্ৰথম চিনাকীতে দুয়োজনী ছোৱালী ময়ুৰীৰ ভাল লাগি গ’ল। দুয়োজনী বৰ ৰঙিয়াল। কথা বতৰাত সলসলীয়া, কিন্তু মাৰ্জিত। চাহ খাই ৰঞ্জিত কিবা জৰুৰী কামত ওলাই যাবলগীয়া হ’ল। কথাই কথাই ময়ুৰীয়ে নতুন ঠাইত আহি পোৱা অভিজ্ঞতাৰ কথা ছোৱালী দুজনীৰ আগত বৰ্ণনা কৰিলে। ময়ুৰীক সহানুভূতি প্ৰদৰ্শন কৰি সাপৰ কথা শুনি গিতালী বোলাজনীয়ে ক’লে –
“এবাৰ আমাৰ ঘৰত কি হ’ল জানে বাইদেউ? এই মস্ত ক’লা মচোৱা সাপ এটা আহি বাথৰুমত সোমালে। আমাৰ আকৌ বাথৰুমৰ পানী যোৱা পাইপডালৰ মুখৰ জালিখন এৰুৱাই থোৱা আছিল। সাপটো সেই ফালেদি পাইপৰ ভিতৰত সোমাই গ’ল!”

“তাৰপাছত?” – উৎকণ্ঠাৰে ময়ুৰীয়ে সুধিলে।

“আমাৰ কাম কৰা মানুহটোৱে বাহিৰ ফালে পচা এডাল লৈ পাইপটোৰ মুখত ৰৈ আছে, ওলালেই মাৰিম বুলি।”

“তাৰ পাছত?” – পুনৰ সুধিলে ময়ুৰীয়ে।

“বহুত দেৰিলৈকে সাপটো নোলোৱা দেখি সি পাইপৰ মুখখন পাতল টিন এখনেৰে টাইটকৈ বান্ধি দি ভিতৰৰ ফালে ফেনাইল ঢালি দিলে।”

“তাৰপাছত?”
-তিনিওজনী ইতিমধ্যে ক’ব নোৱাৰাকৈয়ে সাপৰ কাহিনী শুনি ৰোমাঞ্চিত হৈ পৰিছে।

“দুদিনমানৰ পাছত বৰ বেয়া গোন্ধ ওলাইছে।”
– গিতালীয়ে ক’লে।
“কামকৰা মানুহটোৱে টিনখন খুলি সাপটো ওলাই আহক বুলি ভিতৰৰপৰা পানী মাৰিছে হে মাৰিছে, সাপটো নোলায়।”

ময়ুৰীয়ে একান্ত মনে শুনি আছে।

“শেষত সি সাপমৰা পচাডালকে পাইপৰ মুখেদি ভিতৰলৈ ভৰাই দিলে। সেইবাৰ পচাৰ জোঙত লাগি ধৰাত সি সাপটো লাহে লাহে টানি উলিয়াই আনিলে। প্ৰায় আঠ ফুটমান দীঘল, আধা পঁচি যোৱা তাৰ গা……”

ঘটংকৈ কলিং বেলটো বাজি উঠিল! তন্ময় হৈ থকা ময়ুৰীয়ে “অ’ মা!” বুলি চিঞৰি দিলে। তাই ইমানেই ভাবত বিভোৰ হৈ আছিল যে কলিং বেলৰ শব্দত তাই উচপ খাই উঠিল।
জপাই থোৱা দুৱাৰখন ঠেলি ৰঞ্জিত সোমাই অহা দেখি তাই স্বস্তিৰ উশাহ ল’লে। একেটা কাহিনীকে পুনৰ শুনি ৰঞ্জিতে ক’লে, “তোমালোক মাইকী মানুহবিলাকৰ এই এটা গুণ মন কৰিবলগীয়া দেই। যিমানেই নতুন চিনাকী নহওক, তোমালোকে সহজেই মিলি যাব পাৰা। তিনিওজনী নিতাল মাৰি থকা দেখি মই জানিছিলোঁৱেই নিশ্চয় কিবা ‘ইণ্টাৰেষ্টিং ইচ্ছ্যু’ক লৈ ব্যস্ত হৈ আছা।”
“আৰু ময়ুৰী!” ৰঞ্জিতে পুনৰ ক’লে, “কলিং বেল বজাওঁতে কিয় ভয় খালা? সাপে বাৰু কলিং বেল বজাই আহিব নেকি!” – কৈ ৰঞ্জিতে হাঃ হাঃ কৈ হাঁহিলে।

আন এদিনৰ কথা। সেইদিনা দেওবাৰ। ৰাতিপুৱা ৰঞ্জিত ঘৰতে আছিল। সৰু কাৰ্শলা সাপৰ পোৱালি এটা আহি বাৰাণ্ডাত উঠিল। ময়ুৰীয়ে দেখা পাই একে জাপে বাৰাণ্ডাত বহি পেপাৰ পঢ়ি থকা ৰঞ্জিতক টানি উঠাই আনি সাপটো দেখুৱাই দিলে। ৰাতিপুৱা খোজ কাঢ়িবলৈ পিন্ধি যোৱা, তলফালে গজালৰ দৰে জোং থকা জোতাযোৰ ৰঞ্জিতে তেতিয়াও পিন্ধি আছিল। তৎক্ষণাত ৰঞ্জিতে সাপৰ পোৱালীটো গছকি মোহাৰি পেটু উলিয়াই দিলে।
“তেনেকৈ কিয় মাৰিলা সাপটো!” ময়ুৰীয়ে চিঞৰিলে। ভয় কৰে যদিও নিমাখিত বন্য প্ৰাণীটোক এনেদৰে মৰাৰ বাবে তাই বেয়া পাইছে। তাকটো খেদিও দিব পৰা গ’লহেতেঁন!
“কি হ’ল! তুমি তাক ইউনিভাৰ্চিটিৰ মিউজিয়ামত থ’ম বুলি ভাবিছিলা নেকি?”
ৰঞ্জিতে হাঁহিলে। ময়ুৰী কিন্তু বাৰুকৈয়ে বিৰক্ত হ’ল। কিন্তু সাপৰ প্ৰতি থকা তাইৰ অহেতুক ভয়টোৱে আকৌ তাইৰ মনত খোপনি পুতিবলৈ ধৰিলে।

সেইদিনা গধূলি। সন্ধ্যা তেতিয়া সাতমান বাজিছে। ৰঞ্জিতে টিভিত নিউজ চাই আছে। চুমি পাকঘৰত পাছলি কটাত ব্যস্ত। বেডৰুমলৈ সোমাই গৈ হঠাতে ময়ুৰীয়ে দেখিলে সিহঁতৰ দুজনীয়া বিচনাখনৰ ওপৰত পুৱা দেখা সেই সাপৰ পোৱালিটোৰ সমান অন্য এটা সাপৰ পোৱালি অকাই পকাই পৰি আছে। ভয়ত তাইৰ অণ্ঠ কণ্ঠ শুকাই গ’ল। সাপৰ কি সৰু বৰ আছে! সুবিধা পালে সি ঘাইল কৰিবই। এই সময়ত ৰঞ্জিতক মাতিলেও উঠি নাহে। আহিলেও পুৱাৰ দৰে পেটু ওলাই যোৱাকৈ সাপটো মাৰি পেলাব। তাতকৈ তায়েই তাক যেনে তেনে খেদি দিব লাগিব। কিন্তু কেনেকৈ? বিচনাত ফেনাইল ছটিয়াবও নোৱাৰি। ক’ৰবাত শুনিছিল তাই – নহৰুৰ গোন্ধ পালে বোলে সাপ পলায়। খৰ খোজেৰে পাকঘৰলৈ গৈ তাই কাঠৰ খুন্দনাটোত দুটা নহৰু খুন্দি আনি বিচনাৰ ওপৰত ছটিয়াই দিলেহি। কিন্তু ক’তা! সাপটোচোন যোৱা নাই। অৱশিষ্ট নহৰুখিনি পুনৰ সাপটোৰ গালৈ দলিয়াই দিলে তাই। এইবাৰ এটা আধা খুন্দা নহৰু আনকি সাপটোৰ মূৰতে পৰিল। তথাপি সি লৰচৰেই কৰা নাই। এইটোনো কি সাপ বুলি ভালদৰে চাবলৈ তাই টেবুলৰ ওপৰত উবুৰিয়াই থোৱা তিনি বেটাৰীৰ টৰ্চটো আনি সাপটোৰ গালৈ মাৰি দিলে।
“হে হৰি! এইডাল সাপ বুলি অথনিৰেপৰা এনেয়ে ভয় খালোঁ” – ৰঞ্জিত আৰু চুমিয়ে গম নোপোৱাকৈ তাই বিচনাৰ ওপৰত সোঁতমোচকৈ পৰি থকা ৰঞ্জিতৰ জোতাৰ ক’লা ফিটাডাল দুই আঙুলিৰে টিপা মাৰি ধৰি তুলি আনিলে।

☆★☆★☆

5 Comments

  • Anonymous

    হাঃহাঃহাঃ ভাল লাগিল পঢ়ি.. মোৰো পিছে সাপলৈ বিৰাত ভয়??

    Reply
  • মিঠু

    হাঃহাঃহাঃ ভাল লাগিল পঢ়ি.. মোৰো পিছে সাপলৈ বিৰাত ভয়??

    Reply
  • ৰিমঝিম

    মজ্জা লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল পঢ়ি খুড়ীদেউ। পিছে এইবিধলৈ মোৰ বৰ ভয় লাগে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *