চিনাকি – চন্দনা শৰ্মা
তীব্ৰ উৎকণ্ঠা আৰু আবেগৰ আতিশয্যত কঁপিছে জগদীশ। “কালিলৈ সন্ধিয়া আহিবা” বুলি জয়াই কোৱাৰ পৰাই তাৰ বুকু দুৰুদুৰু কঁপে কিয় বাৰু, ইচাতি বিচাতি গা হৈ আছে।
জিঅ’ ফোনটো লোৱাৰ পিছত পুৱা গধূলি মিচকল মাৰি মাৰি, হিতেশৰ দোকানৰ মিঠাপাণ খুৱাই খুৱাই জয়াক পতাইছে। চিপচ্ আৰু ডেৰী মিল্ক চকলেটৰ ধাৰ হিতেশৰ দোকানৰ বাকীৰ বহীত লাগি আছে। হিতেশে কথাই প্ৰতি তাল মাৰি মাৰি তাক সোঁৱৰাই দি থাকে। ধাৰ লাগিলে লাগক, জয়া পতিলেই হ’ল বুলি ভাৱি সি লাগি আছে। ফাইনেন্সৰ পৰা জিঅ’ ফোন সি এনেয়ে লোৱা নাই। জয়াই ৰঙা লিপিষ্টিক আৰু কাজল লগাই তাৰফালে মিচিকিয়া হাঁহি মাৰিলেই তাৰ চেন্সুৰি কোবাই দহ হাজাৰ দৰ্শকেৰে ভৰা ষ্টেডিয়ামত গৰ্বেৰে থিয় দিয়া কোহলিৰ দৰে বুকু ফিন্দাই থিয় দিবলৈ মন যায়।
জয়াই তাক ঘৰলৈ মতাৰ পিছৰ পৰাই তাৰ চিন্তা আৰম্ভ হ’ল। অৱশ্যে ইয়াৰ আগতে সি কথাবোৰ মনত ননাকৈ থকা নাছিল। আনিছিল, কিন্তু অনভিজ্ঞ বাবেই বৰ বিশেষ আগবঢ়া নাছিল। কথাটো যতীনক কোৱাৰ পিছত সিও মান্তি হ’ল। যতীনে লগত হিতেশকো লৈ যোৱাৰ কথা কৈছে।
সাঁজ লাগি অহাৰ পৰাই জগদীশৰ বুকুয়ে নহয় হাত- ভৰিও কঁপিব লাগিছে। ছোৱালীৰ ঘৰলৈ যোৱাটো সহজ কাৰবাৰতো নহয়। জিঅ’ ফোনত কথা পাতি ঘণ্টা ঘণ্টা পাৰ কৰাটো যিমান সহজ, জয়াৰ মাক বাপেকৰ আগত থিয় দিয়া কথাটো সিমানেই টান। তিলকে দুপেগ ধৰি মনটো ফৰকাল কৰি ল’বলৈ কোৱাত সি লগে লগেই হাফ এটা গিলি থ’লে। অৱশ্যে ইমানতো তাৰ একো নোহোৱাত সি গিৰীণৰ দোকানৰ পিছফালে গৈ একচিলিম ভাঙো খালে। তথাপি মনটো কিবা শান্ত হোৱা নাই। হিতেশক কৈ থৈছে গাড়ী এখন যোগাৰ কৰি থ’বলৈ, যদি জয়াৰ মাক বাপেকে নাই-নুই কৰে, ছোৱালীক ঘৰৰ পৰাই পলুৱাই আনিব লাগিব।
সাত বজাৰ লগে লগে জগদীশ হিতেশ আৰু যতীণৰ লগত জয়াৰ ঘৰৰ চোতালত ভৰি দিলে। তৰ্জাৰ বেৰা দিয়া তিনিটা কোঠাৰে জয়াহঁতৰ ঘৰটোৰ ড্ৰয়িং ৰুমত বেতৰ চোফাখনত বহি জগদীশৰ বৰ ভাল লাগিল। জয়াৰ দেউতাক বোলে কাৰোবাৰ ঘৰলৈ গৈছে, অলপ দেৰিকে আহি পাব। জয়াৰ মাকৰ মুখখন দেখি হিতেশে গম পালে যে সেয়া আনকোনো নহয় তাৰ পেহীশাহুহে। জগদীশৰ ৰঙা চকু আৰু চেলেবেলাই থকা মুখখন দেখি বিপদৰ উমান সি পাই গ’ল। কাম এটাৰ অজুহাত দেখুৱাই হিতেশ লাহেকৈ ওলাই আহিল আৰু চাইকেলৰ পেডেলত জোৰেৰে হেঁচা দিলে।
জয়াৰ মাকে কি সুধি আছিল জানো জগদীশৰ জিভাখন নুঘূৰা হৈ আহিছে। যতীণৰ নিজৰো অলপ বেছিয়ে হৈছে। তিনি পেগ গেলা আৰু দুই চিলিম ভাঙ খাই ইমান দেৰি বহি থাকিব পৰাটোও তাৰবাবে ডাঙৰ কথাই। জয়াই চাহ লৈ অহাত সি ল’ৰাই ছোৱালীয়ে কথা পাতক বুলি উঠি আহিল আৰু পদূলিৰ ফালে পোনাই চাইকেলত বহি দিলে।
জয়াক কাষত দেখি জগদীশ পাগল হৈ গৈছে। আজিও তাই ৰঙা লিপিষ্টিক আৰু কাজল লগাই তাৰফালে চাই লাজ লাজ হাঁহি দিছে। জয়াৰ ফালে চাই চাই চাহৰ কাপটো কেতিয়া ওঁঠৰ সলনি গালত লগাই দিলে গমেই নাপালে। গৰম চাহে গালত পোৰাৰ লগে লগে হাতখন কঁপি গ’ল আৰু গোটেইখিনি চাহ তাৰ গাত পৰি গ’ল।গৰম গৰম কিবা এটা বৈ গৈছে তাৰ গাৰ ওপৰেদি কিন্তু নাই, জয়াৰ মিচিকিয়া হাঁহি আৰু মদ-ভাঙৰ নিচাত সি সকলো পাহৰি গৈছে। কিন্তু এয়া কি? কিবা এটা দেখোন ডিঙিত লাগি ধৰিছে। পানীৰ গিলাছটো খেপিয়াই মুখলৈ টানিবই নাপালে৷ ৱাক্…ৱাক্…..
হাফটোৰ লগত ঠেলি ঠেলি মুখত সোমোৱা হিতেশৰ দোকানৰ চানাচুৰ কেইটা এতিয়াহে ওলাব পাইনে…..?
☆★☆★☆
11:15 pm
হাঃ হাঃ গোটতে পঢ়িছিলোঁ৷ বেচেৰা জগদীশলৈ বেয়াই লাগিল৷