গুপ্তধন – ৰূপম কলিতা
গধুলি চ’কৰ পৰা আহি থাকোঁতে খুদি খুৰাই আমাক লগ পাই কাইলৈ সিহঁতৰ ঘৰলৈ যোৱাৰ কথা ক’লে৷ আমাক লগতলৈ এক গোপন মিচনত নামিব৷ আমিও বৰ উৎসাহেৰে হ’ব বুলি কৈ আহিলোঁ৷ আমি মানে শান্তণু, নিলয় আৰু মই৷
খুদি খুৰা এসময়ত স্বাধীনতা বিচাৰি অৰণ্যত যোৱা সংগ্ৰামী বাহিনীৰ সদস্য আছিল৷ পিছত আত্মসম্পৰ্ণ কৰি ঘৰলৈ আহি সা-সংসাৰত মগন হ’ল৷ এই খুদি খুৰাকে আমি এসময়ত বৰ ভয় কৰিছিলোঁ ৷ মাহঁতেও খুদি খুৰাক কৈ থৈছিল:- “আমাৰ চলি কেইটাই কিবা বেয়া কাম কৰা দেখল্লি পিটবা খুদি বাপু”– বুলি৷ আমিও সেই পিটন খোৱাৰ ভয়ত খুদি খুৰাই দেখা নোপোৱাকৈ ঘৰৰ পিছফালে মাৰ্বল খেলিছিলোঁ, পৰীক্ষাৰ সময়ত ক্ৰিকেট খেলিলে খুদি খুৰা অহা দেখিলে খেলা বন্ধ কৰিছিলোঁ, পুখুৰীত সাঁতোৰি থকাৰ সময়ত খুদি খুৰা আহিলে আমি পুখুৰীৰ পৰা উঠি ধাননিৰ মাজত লুকাও৷ কিমান যে ভয় কৰিছিলোঁ খুদি খুৰাৰ ৰঙা দুচকু, দাবি-ধমকিলৈ৷ সেই খুদি খুৰাই আমাক মিচনত নামিবলৈ লগ ধৰিছে কম আনন্দৰ কথানে!
আমাৰ লগত খুদি খুৰাৰ কি মিচন হ’ব পাৰে! নিলয়ৰ মতে জংঘলত শহাপহু চিকাৰ কৰিবলৈ যোৱাৰ মিচন হ’ব, শান্তনুই ক’লে নদীত মাছ মাৰিব যোৱাৰ বাবে লগ ধৰিছে, মই ক’লোঁ কাৰোবাৰ কিবা বদমাচ কাম ধৰা পেলোৱাৰ মিচন হ’ব পাৰে! যিয়ে নহওক মুঠৰ ওপৰত কাইলৈ খুদি খুৰাৰ লগত এক ৰোমাঞ্চকৰ মিচনত নামিব পাৰিম৷ আমি তিনিও কথাখিনি ভাবিয়ে ৰোমাঞ্চিত হৈ পৰিলোঁ৷
ৰাতিপুৱা আমি তিনিও খুদি খুৰাৰ ঘৰলৈ গ’লোঁ৷ চাহ খাবলৈ দি খুৰাই মিচনৰ কথা ক’লে৷ খুৰাৰ ঘৰৰ পিছফালে মাটিৰ তলত বহুদিনীয়া গুপ্তধন পুতি থোৱা আছে৷ আমি সেয়া খান্দি উলিয়াব লাগে৷ আমাক তাৰে এভাগ এভাগ দিব৷
আমি তিনিওজন অবাক হৈ ভেবা লাগি চাই থাকিলোঁ! কি কৈছে খুৰাই! গুপ্তধন! খুৰাৰ ঘৰৰ পিছফালে গাঁত খান্দিলেই পাই যাম গুপ্তধন৷ আৰু কিছু সময়ৰ পিছতে আমি লাখপতি হৈ উঠিম৷ তিনিওজনৰ চকুত সপোনবোৰ ভাঁহি উঠোতেই খুৰাই আমাক কোৰ, চাবুল আনি দিলে আৰু কামত লাগিবলৈ দিলে৷
দেৰি নকৰি তিনিও মিচন গুপ্তধনত নামি পৰিলোঁ৷ খুৰাই দেখাই দিয়া ঠাইখিনিত আমি খান্দিবলৈ ধৰিলোঁ৷ শান্তনুই সুধিলে কিমানমান টকা থাকিব পাৰে? মই ক’লোঁ — গুপ্তধন মানে কৌটি কৌটি টকা লগতে সোণ-ৰূপ আদিও থাকে৷ নিলয়ে ক’লে– শ শ কৌটি আছে যদি আমাকটো কেইবা লাখত ভাগত দিবই লাগিব৷
তিনিওজনে নানান পৰিকল্পনা সাজি গাঁত খন্দাত একান্তমনে লাগি পৰিলোঁ৷ শান্তনুই ক’লে:- “কেশৱদাই তাৰ বাইকখন চলাবলৈ নিদিয়ে। তাক দেখাই আছো পালচাৰ 220৷”
হাঁহি হাঁহি নিলয়ে কয়– “আৰে লাখপতি হ’বলৈ গৈ আছ, কি বাইক দেখোৱাৰ কথা কৱ তই? i20 দেখাম বুলি ক না ভাই৷”
মই মনে মনে হাঁহো৷ আৰু নিজেই নিজক কওঁ:- “এইবাৰ দেখাই আছো সকলোকে৷ ইমান দিনে পইচাৰ অভাৱত হাৰ মানি আহিছোঁ, এইবাৰ কৈ আছো হাৰ হাৰ কে জিতনেৱালেকো হি বাজিগৰ কেহটে হে৷”
অলপ দ হোৱা গাঁতটোত নিলয়ৰ কোৰত কিবা টান টান লগা যেন পালে৷ আমি দুয়োজনেও চালোঁ হয় কিবা এটা আছে সেইখিনিত৷ দৌৰি গৈ খুদি খুৰাক মাতি আনিলোঁ৷ খুৰাই সাৱধানে খান্দিবলৈ দিলে৷ খান্দিলোঁ আমি, কোৱা ধৰণেৰে উৎকুসতাৰে। গুপ্তধনৰ চন্দুক নহয় সেইয়া কাঠ আলুহে ওলাল৷ আমাক আৰু খান্দিবলৈ দি খুৰাই আলুটো লৈ গ’ল৷
খান্দিলোঁ মানে খান্দিয়ে থাকিলোঁ৷ এটাৰ পিছত এটা কাঠ আলুহে ওলায় আছে৷ গুপ্তধনৰ চন্দুকৰ নাম গোন্ধ নাই৷ পোন্ধৰটামান কাঠ আলু খান্দি ওলোৱাৰ পিছত খুৰাই আমাক আৰু খান্দিবলৈ মানা কৰিলে৷ গাঁত কেইটাত আকৌ মাটি ভৰাই আগৰদৰে কৰি থ’বলৈ দিলে৷
তিনিওজনে আশাহঁত হৈ গাঁতটো পুতি থ’লো৷ এজনৰো মুখত মাত নাই৷
জুমি খুৰীয়ে আমাৰ বাবে ভাত বনাইছে৷ গা পা সিহঁতৰ ঘৰতে ধুই ভাত খাবলৈ বহিলোঁ৷ মাত বোল নোহোৱাকৈ মাটিমাহত দিয়া কাঠআলুৰে ভাত সাজ খাই আমি ঘৰলৈ যাব ওলালোঁ৷ খুদি খুৰাই আমাক ৰ’বলৈ দি হাঁহি তিনিওজনক তিনিটা কাঠ আলু দি ক’লে-“হু ল তহঁতৰ ভাগৰ গুপ্তধন৷”
আমিনো আৰু কি ক’ম? তিনিও খোজ দিলোঁ ঘৰলৈ হাতত গুপ্তআলুলৈ……
☆★☆★☆
10:05 pm
মজ্জা