ফটাঢোল

অথঃ ভ্ৰমি ফুৰা নাট্যদল চংবাদ – ৰণ্টু শৰ্মা

ভ্ৰমি ফুৰা থিয়েটাৰৰ একছত্ৰী সম্ৰাট অভিনন্দনদা। অভিদাই কৰো বুলিলে সকলো কৰিব পাৰে। ভ্ৰমি ফুৰাৰ আগৰ সেই প্ৰভুসকলতো নাই যিসকলে নাটক বুলিলে সাতজাপ মাৰি বাকী সকলো পিছ পেলাই থৈছিল। ৰতনে হেনো ঘৰত ফাকি দি পঢ়া শুনা নকৰিও নাটকৰ নিচাত মছগুল আছিল। অচ্যুৎ, শৰৎ, ধৰণী, মহানন্দহঁতে ঘৰত আত্মীয়ক চিতাত তুলি থৈও নাটকত আনন্দেৰে অভিনয় কৰিব লগা হৈছিল। এতিয়া অভিদাই নাটকৰ চিতা সাজি দিছে। মুখাগ্নি কৰি গ’লেই হ’ল। এতিয়াৰ প্ৰভুসকলে সাপে মেৰিওৱা দি অভিদাৰ পদযুগল মেৰিয়াই থাকে, যি কৰিবলৈ দিয়ে তাকে কৰি দিয়ে। প্ৰভু নহয় যেন অভিদাৰ আজ্ঞাবাহী ভৃত্যহে। অভিনেতাসকলতো আৰু এখোপ চৰা। অভিদাক ক’ত থ’ব? আকাশতে থ’ব নে ব্ৰহ্মাণ্ডৰ বাহিৰতে থ’ব! দুজন মানেতো কৈয়েই দিলে অভিদা হেনো “ভ্ৰমিফুৰাৰ জনক”। ভাগ্য যেনিবা নাট্যনগৰীৰ মানুহৰ ক্ৰোধত ছাই হোৱাৰ ভয়ত হাতে কাণে ধৰি “ফাটমেলা বসুমতী হৈ” গলবস্ত্ৰ হৈ ক্ষমা প্ৰাৰ্থী হ’ল। অভিদাৰ বলতে বলীয়ান হৈ “চুম্বন সম্ৰাট”, “চুৰ সম্ৰাট” উপাধিও লৈ ল’লে দুজনমানে। এজনেতো দস্তুৰমত চেলেঞ্জ কৰি ক’লে যে তেওঁৰ অভিনয় চাই যদি দৰ্শকে ক্ৰন্দনৰ বন্যা বোৱাই নিদিয়ে এই ভ্ৰমিফুৰাৰপৰা সন্ন্যাস ল’ব। ত্ৰাহিমাম! ত্ৰাহিমাম! সকলোৱে ভাবিলে আমাৰ “লাহে লাহেৰ দেশত” এনেয়ে নদীৰ পানী মথাউৰি ভাঙি জ্বলাকলা খুৱাই থৈছে তাতে এইবাৰ ভ্ৰমিফুৰাৰ নাটক চাই চকুপানীৰ বন্যা হ’ব। বিষ্ণু, ফণী, মহানন্দহঁতেও এই চেলেঞ্জ দিব নোৱাৰিলে। ভুঞা পোৱালীৰ চেলেঞ্জ কিন্তু দৰ্শকে সঁচাকৈ মানিলে দেই। অভিনয় চাই নহয়; “কপালৰ ঘাম মাটিত থুকি, দেহা তচনচ কৰি ঘটা পইছাকেইটা যে টিলিকতে হাত মোহাৰি লৈ যোৱাৰ দৰে লৈ গ’ল সেই দুখতহে চকুৰ পানী,নাকৰ পানী, মুখৰ পানী মুঠতে পানীয়ে পানী হৈ পানীত পৰিল।

অভিদাৰ পৰাক্ৰম আছে। আৰে বাবা গিনিজ বুকত নাম লিখিব গৈ আছে। বছৰত বিশ/পচিশখন নাটক লিখোতে চকু চৰহাকেইটাৰ কিমান যে ইননি বিননি! অভিদাই মাথা মাৰি আছে ইণ্ডাষ্ট্ৰিটোত যিমান ভ্ৰমিফুৰা দল আছে সকলোবোৰ লগলগাই ৩০/৪০ টা সৰু বৰ দল হ’ব। এই সকলোবোৰ দলৰ বাবে বছৰত কমেও ১০০ৰপৰা ১২০ খনমান নাটক লাগে। সকলোবোৰ মই লিখি দিম মোৰো “গিনিজ বুকত” নাম উঠিব আৰু ইণ্ডাষ্ট্ৰিতো কোনো সোমাব নোৱাৰিব। আফটাৰ অল অসমীয়া মানুহৰ “চেণ্টি”ৰ কথা আছেতো। অনিয়ম তালুকদাৰ আছেই অনবৰত গুণগান কৰি দিনে দিনে খবৰ কাগজত লিখিবলৈ। তুতুমনিয়ে টিভিত মিছা বদনাম দিলে কিদাল হ’ব? সূৰ্য্য শৰ্মা আৰু নন্দনা শৰ্মাহঁতৰ কথা কিমান দিন মনত ৰাখিব! “মুখগ্ৰন্থত” কেইটামান গ্ৰুপ খুলি দিছোৱেই। কণী নোলোৱাতে পোৱালীৰ গুণ গাবলৈ। হিন্দী, তামিল, তেলেগু, বঙালী, উৰিয়া, মালায়লম সকলো ছবিৰ কাহিনী আনি মিক্সাৰ গ্ৰাইণ্ডাৰত “গ্ৰাইণ্ডিং কৰি উলিয়াই দিম। “পাগলৰ সংসাৰ, জানোৱাৰ মোৰ নাম, মোস্তাফা, মায়াধৰা ছ’লি” কিমান কি নাটকৰ নাম হ’ল। এতিয়া ভ্ৰমিফুৰাত “মৰ্ণিং শ্বো” আৰম্ভ কৰিব পাৰিম। দিনে নিশাই পাঁচটা শ্বো হ’ব। “চাৰ্কাচৰ” দৰে। কেইটামান ভ্ৰমিফুৰা উদ্ধাৰকাৰী ওলাইছে। নাটক চাই টেপ টেপাই থাকে। তহঁতক থোড়ি কেয়াৰ কৰিছোঁ। হু কেয়াৰচ? চোৰ কৰি নাটক লিখিমেই। আলবৎ লিখিম।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *