ফটাঢোল

ধৈ জিন্দেগী – বৰ্ণালী আম্ফি মান্তা

(১)

আজি অফিচৰ পৰা আহোঁতে তৰমুজ পাঁচকিলো মান আনিবিচোন৷

: পাঁচকিলো? ইমানসোপা তৰমুজ মই কিহত আনিম?

: হাড় নাভাঙে যা ৷  (দাদাৰ দমসনা মাত)

অফিচ চুটীৰ পিছত…

: অঁ ককাই, তৰমুজ কেনেকৈ দিছে?

: কিলো পয়ত্ৰিশ কে৷ ডাঙৰ চাই দিম নে বাইদেউ?

: অ অ, ডাঙৰ ডাঙৰ চাই দিয়ক ( ইমানসোপা তৰমুজ নিবলৈ ঘৰৰ পৰাই বস্তা এটা অনা হ’লে ভাল আছিল) ৷

: বাইদেউ, এইটো পাঁচকিলো হৈছে৷ মোনাটো দিয়ক, ভৰাই দিওঁ৷

: হেহ? এটাই পাঁচকিলো কেনেকৈ হ’ব হে? এসোপামান হ’ব বুলি মই ঘৰৰ পৰা ডাঙৰ মোনা লৈয়ে আনিছোঁ৷ আপোনাৰ পাল্লাত গণ্ডগোল আছে৷

: বাইদেউ, আপুনি তৰমুজ কিনি আছে, আলু পাঁচকিলো কিনি থকা নাই৷

(২)

আজি অফিচৰ পৰা আহোঁতো জিৰ’ পাৱাৰৰ লাইট এটা লৈ আনিবা৷

: কিয়?

: কি কিয়? সদায় আন্ধাৰে-মুন্ধাৰে শুই থাকিব নালাগে৷

ৰাতি ন’ বজাত..

: তুমি মোক পইছা ভৰাই মাৰিছা৷ এনেই লাইটটো কিনোতেই ত্ৰিশ টকা গ’ল, এতিয়া লগাই চাইছোঁ, সেইটো দেখোন চুইছ নিদিলেও জ্বলি থাকে৷ বিলসোপা ভৰি মৰিম৷

: এইকণ লাইটতে বিল নাহে৷

: হৈছে, পোহৰ চোহৰো নাই৷ খেপিয়াই খেপিয়াই বিছনাত উঠিছোঁ৷

 এসপ্তাহ পিছত…

: কথা এটা কওঁনে ?

: কোৱা মান্তা দেৱী ৷

: তুমি হাঁহি দিলে ফোন কাটি দিম কিন্তু ৷

: কোৱা

: মোৰ ৰুমটো আজি সৰগীয় নীলা হৈ আছে৷

: কিয় বা? তিৰ্পাল তৰি লৈছা?

: ধৈ, জিৰ’ পাৱাৰৰ লাইটৰ ছুইটছটো আজিহে বিচাৰি পাইছোঁ বোৰ্ডখনত ৷

হায়ৰে, মই ক’তে মৰোঁ!

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *