ফটা পঞ্চপদী – হেমেন ডেকা
(১)
শিয়াল এটি ঘুমটিত আছিল লালকাল
হাঁহবোৰে পেক্ পেক্কৈ লগালে গোলমাল
শিয়াল পণ্ডিতৰ ভাগিল টোপনি
হাঁহক দিবলৈ ওলাল এশিকনি
হাঁহে বোলে-চাৰ আহক, কিন্ত চাব দ-খাল৷
(২)
হাঁহবিলাক আজি-কালি হৈছে বহু সিয়ান
শতৰুৰ নেজ দেখিলেই হয় সাৱধান
পুখুৰীত চৰি থাকে জাক পাতি
শিয়ালেও খেপ দিয়ে দিন-ৰাতি
কেঁকোৰাই বোলে- আমাৰ ৰক্ষা পৰিল প্ৰাণ৷
(৩)
চলি থাকে অবিৰাম জাতি ৰক্ষাৰ ভাওনা
সৰৱ দৰ্শক এজাক নিমাখিত বাওনা
অধিৰ হৈ জপিয়াওঁ
কৰোঁ মাথো হাওঁফাওঁ
বুজিও নুবুজোঁ অভিনেতাৰ মিঠা ছলনা৷
(৪)
জংগী প্ৰদৰ্শনতে সীমাবদ্ধ জাতীয় চেতনা
অশনি সংকেত ধ্বনি শুনি হওঁ আমি উন্মনা
অস্তিত্ব ৰক্ষাৰ চলাওঁ কুচকাৱাজ
বাটে-ঘাটে দি থাকোঁ টেঁটু ফলা আৱাজ
তাৰ বাহিৰে অন্যত্ৰ আমি চিৰদিন দিন-কণা৷
(৫)
হায় হায় কৰিলেনো হ’ব আৰু এতিয়া কি
হ’বলগীয়াটো হ’বলৈ একোকে নাই বাকী
সৱ বেদখল হ’ল
সঁচটোহে মাত্ৰ ৰ’ল
চকু মুদি থাকোঁতেই আমাক লগালে নাকী৷
(৬)
ৰাস্তাৰে বাগৰিল কিমান সপোনৰ ঢল
ৰথী-মহাৰথী বহুতৰে নুবুজিলোঁ ছল
পিন্ধালে কাকনো টুপী
পিন্ধিলে গামোচা-জাপি
আমাক দিলে খাৰ খাবলৈ কিছু ভীমকল৷
☆★☆★☆
5:43 pm
অতি সুন্দৰ। অৰ্থবহ।
6:20 pm
আপোনাৰ “পঞ্চপদী” সদায়েই প্ৰিয়, খুব ভাল লাগিল দাদা
8:50 pm
তোমাৰ লিমাৰিক আমাৰ সম্পদ৷ লিখি থাকা
11:28 pm
সদায় যেন এটা পঢ়িব পাওঁ তাকেই আশা কৰিলোঁ।