ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা- নয়নমনি হালৈ

সাম্প্ৰতিক সময়ত চ’ছিয়েল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকাৰ কথা কোনেও নুই কৰিব নোৱাৰে৷ আন বহুতো সৃষ্টিশীল কামৰ লগতে চ’ছিয়েল মিডিয়াই একে মনৰ কিছুসংখ্যক মানুহক একেডাল এনাজৰীৰে বান্ধি ৰাখিছে৷ পৰিৱৰ্তিত আজিৰ সময়ত চ’ছিয়েল মিডিয়া এখন সমাজ, এটা পৰিয়াল৷ তেনে এজন পৰিয়ালৰ সদস্য যেন মানুহে এদিন ফোন কৰিলে, বোলে নয়ন, তুমি আমাৰ "ফটাঢোল" ই-আলোচনীখনৰ এটা মাহৰ সম্পাদক হ’ব লাগে৷ মই বোলো "দাদা, আপুনি ভুল ঠাইত বল পেলালে৷" কিন্তু মোৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস- "পাৰিবাহে তুমি৷ আৰু তোমাৰ লগত আমিও থাকিমে নহয়৷"  ইয়াৰ পিছতো আৰু ভালেকেইজন জ্যেষ্ঠ ভ্ৰাতৃসম বন্ধুৱে সাহস দিলে, "আমি আছোঁ নহয়, চিন্তা কিহৰ!" উত্‍সাহ দিয়া সদস্যৰ সীমা-সংখ্যা নাই৷ কিন্তু মাহটোৰ শেষত প্ৰথম সম্পাদক হ’বলৈ ফোন কৰা আৰু "আমি আছোঁ নহয়" বুলি সাহস দিয়া প্ৰতিজনে চকুৰে ৰঙাঘোৰা দেখি গ’ল৷ তেওঁলোকৰ নিশ্চয় এই কথা বোধোদয় নহোৱাকৈ থকা নাই যে "ফেচবুকৰ বাঘ আৰু বাস্তৱৰ বাঘ দেখিবলৈ একে নহয়৷"

মোক প্ৰথমবাৰৰ বাবে ফোন কৰা মানুহজন আছিল হেমন্ত কাকতি৷  মোক ‘ফটাঢোল’ নামৰ পৰিয়ালটোলৈ আদৰি অনা মানুহজনো হেমন্ত কাকতি৷ সেয়েহে মোৰ কৃতজ্ঞতাৰ শৰাই পোন-প্ৰথমেই যাব কাকতিদালৈ৷ আলোচনীখন সুন্দৰভাৱে ওলোৱাৰ আঁৰত কাকতিদাৰ উত্‍সাহ ছায়া হৈ মোৰ লগে-লগে ঘূৰি ফুৰিছিল৷ আনহাতে, "আমি আছোঁ নহয়" বুলি সাহস যোগোৱা দলটোৰ 'দলপতি' আছিল ৰিণ্টুমণি দত্ত৷ আলোচনীখনৰ প্ৰতিটো কাম সূক্ষ্মভাৱে নীৰিক্ষণ কৰি, প্ৰতিমুহূৰ্ততে দিহা-পৰামৰ্শ যোগাই থকাৰ লগতে কাৰিকৰী দিশসমূহো চোৱাচিতা কৰা ৰিণ্টুদা দৰাচলতেই 'সেনাপতি'৷ কামৰ মাজত ডুবি থকা সময়ত ৰিণ্টুদাৰ দুই-এটা খুহুতীয়া কথাই কামৰ হেঁচা যেন বহুগুণে পাতল কৰি থৈ গৈছিল৷

‘তুমি পাৰিবা’ বুলি একেষাৰে মোক অভয়বাণী দিয়া আৰু মোৰ ওপৰত আস্থা স্থাপন কৰা দলটোৰ কেইজনমান সদস্য  হিমাংশু ভাগৱতী, সঞ্জীৱ ভট্টাচাৰ্য আৰু ৰূপাংকৰ চৌধুৰীক যেতিয়াই কিবা সমস্যাৰ কথা কৈছোঁ, তেতিয়াই তেওঁলোকে সমাধান আগবঢ়াইছে৷ তিনিওগৰাকী জ্যেষ্ঠভ্ৰাতৃ সদৃশ বন্ধুলৈ আন্তৰিক কৃতজ্ঞতা ৰ’ল৷

আলোচনীখনৰ কামত মোৰ লগত আটাইতকৈ বেছি কষ্ট সহ্য কৰা মানুহগৰাকী হ’ল ‘চবিনা ইয়াচমিন’ বাইদেউ৷ মোৰ জীৱনত ইমান সৰল আৰু সহনশীল মানুহ খুব কমেই লগ পাইছোঁ৷ বাইদেউৰ সৰলতাৰ সুযোগ লৈ মই কামৰ ওপৰত কাম জাঁপি দি গৈছোঁ, কোনো এবাৰো বাইদেউক বিৰক্ত হোৱা নেদেখিলোঁ৷ এখন সাহিত্য আলোচনীলৈ কিমান মৰম থাকিলে এনেদৰে দিনে-ৰাতি কষ্ট কৰিব পাৰে, সেয়া চবিনা বাইদেৱেহে ভালকৈ জানিব৷ সকলোতকৈ বেছি লেখা, মোৰ সম্পাদকীয়, সাক্ষাত্‍কাৰ আদি বৰ্ণাশুদ্ধি কৰাৰ পৰা আলোচনীখনৰ বিভিন্ন দিশ ফহিয়াই আলোচনা কৰালৈ চবিনাবা আছিল ‘ফটাঢোল’ৰ মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ৷

বৰ্ণাশুদ্ধি কৰিবলৈ চবিনাবাৰ পিছতে ‘ঋতুপৰ্ণা মহন্ত’লৈ আটাইতকৈ বেছি লেখা পঠাইছিলোঁ৷ ঋতুপৰ্ণাই হাঁহিৰ স্মাইলী এটা উপহাৰ দি তুৰন্তে মোৰ কাম সমাধা কৰি দিছিল৷ ঋতুপৰ্ণালৈ মোৰ মৰম আৰু কৃতজ্ঞতা থাকিল৷

‘কিবা কাম থাকিলে দিব’ বুলি উপযাচি কোৱা মানুহদুগৰাকী আছিল ‘জীমণি গগৈ’ আৰু ‘পৰীস্মিতা গগৈ’৷ বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে মোলৈ সহায়ৰ হাত আগবঢ়াইছিল৷ ছপা মাধ্যমৰ পৰা ‘ইউনিকোড’ কৰা কামটো ব্যক্তিগতভাৱে মই বৰ বিৰক্তি পাওঁ৷ এইবাৰ কেইবাজন লিখকে তেওঁলোকৰ লেখাবোৰ ছপা কৰিহে আমালৈ পঠিয়াইছিল৷ এই ছপা আখৰবোৰ ইউনিকোডলৈ ৰূপান্তৰ কৰিছিল ৰিমঝিম বৰঠাকুৰ, ভাতৃপ্ৰতীম দিম্পল কলিতা, হিমাংশু ভাগৱতীদা আৰু ৰিণ্টুমণি দত্তদাই৷ এইসকল ব্যক্তি মোৰ সম্পাদনা সময়ছোৱাৰ অতি সুখপ্ৰদ স্মৃতি হৈ থাকিব| তাৰোপৰি গীতিকা শইকীয়া বাইদেৱে ‘চিনেমা চিনেমা’ আৰু মণীষা কাকতিয়ে ‘ধাৰাবাহিক’ শিতান দুটা সম্পূৰ্ণ সাজু কৰি দি মোক সকাহ দিয়া বাবে দুয়োগৰাকীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ সঞ্জীৱ ভট্টাচাৰ্য, বিজয় মহন্ত আৰু অলকেশ ভাগৱতীদাই আগবঢ়োৱা সহায়ৰ বাবে আকৌ এবাৰ তিনিওজনলৈ আন্তৰিক ধন্যবাদ৷ অলংকৰণ আৰু কাৰিকৰী দিশত ঋতুপৰ্ণ বৰাৰ নাম ল’বই লাগিব৷ শেষত ৰিমঝিম বৰঠাকুৰক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰম্ভণিৰ সময়ৰ পৰা শেষৰ আপলোডিঙৰ সময়লৈ প্ৰায় প্ৰতিটো কামতে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে৷

সময়-বালিত ‘ফটাঢোল’ ই-আলোচনীখনে কিমান গভীৰ চাপ এৰি থৈ যাব সেয়া সময়ে ক’ব, কিন্তু মোৰ মাতৃভাষাটোক যে প্ৰযুক্তিৰ মাধ্যমেৰে ই যুগ-যুগলৈ সংৰক্ষিত কৰি ৰাখিব, তাত অকণো সন্দেহ নাই৷ নিজৰ মাতৃভাষাৰ প্ৰতি থকা অপত্য স্নেহৰ বাবেই দহো-বন কাতি কৰি হ’লেও এচাম মানুহে এখন আলোচনী উলিয়াই আছে, ভাষা জননীৰ ভৱিষ্যতৰ বাবে ইয়াতকৈ আশাৰ কথা আৰু কি হ’ব পাৰে! এনে এটা মহত্‍ প্ৰচেষ্টাৰ মই নিজেও এটা অংশ হৈ নিজেই ধন্য হৈছোঁ৷ ‘ফটাঢোল’ জীয়াই থাকক আৰু বহুকাল৷

শেষত ‘ফটাঢোল’লৈ লিখনি আগবঢ়োৱা সন্মানীয় লেখক-লেখিকাসকল আৰু মোৰ শুভাকাংক্ষী প্ৰতিজন সুহৃদলৈ হিয়াৰ অফুৰন্ত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ জয়তু ফটাঢোল৷ জয়তু ভাষা জননী৷

☆★☆★☆

10 Comments

  • সৌৰভ শৰ্মা

    এই পৰিশ্ৰমৰ বাবে আলোচনীখন সুন্দৰকৈ পঢ়িব পাইছোঁ। এখন মনমোহা আলোচনী দিয়া বাবে আটাইলৈ ধন্যবাদ জনালোঁ।????????????????

    Reply
  • হেমন্ত কাকতি

    ধন্যবাদ নয়ন৷ তোমাৰ লগত কাম কৰিও খুউৱ এনজয় কৰিলোঁ৷

    Reply
  • Rintumoni Dutta

    খুব সুন্দৰ আৰু নিয়াৰিকৈ কামবোৰ সম্পাদন কৰিলা। খুব ভাল লাগিল তোমাৰ লগত কাম কৰি।

    অশেষ ধন্যবাদ আৰু অভিনন্দন নয়ন

    Reply
  • Manash Saikia

    ধন্যবাদ,এনে এখন আলোচনী উপহাৰ দিয়াৰ বাবে৷ জয়তু ফটাঢোল৷

    Reply
  • Mridula

    সুন্দৰ খণ্ড এটি দিলা । ধন্যবাদ তোমাক

    জয়তু ফটাঢোল

    Reply
  • Raju Kumar Nath

    এমাহজোৰা কষ্টৰ মিঠা ফল।ধুনীয়া সুখপাঠ্য হৈছে ।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ প্ৰচেষ্টাৰ সুন্দৰ ফল । আলোচনীখন সুন্দৰ ভাৱে প্ৰকাশ কৰি উলিওৱা বাবে সকলোকে ধন্যবাদ জনালোঁ ।

    Reply
  • জয়ন্ত দাস

    আলোচনী এখন প্ৰত্যেক মাহৰ ১ ম তাৰিখটোতে উলিয়াই দিব পৰাটো ধেমালি কথা৷ আপোনাৰ লিখনি টোৰ পৰাই অনুভৱ কৰিব পাৰিছো কেইজন মান মানুহৰ অক্লান্ত পৰিশ্ৰমৰ মিঠা ফল এই আলোচনী খন৷ সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জনালো৷

    Reply
  • Rajib Sarma

    দহজনৰ নাওঁ বামেৰেও যায়। সংখ্যাটোৰ আঁৰৰ কথাই তাকে কয়।জয়তু ফটাঢোল। সুন্দৰ সংখ্যাটোৰ বাবে আপোনালৈ ধন্যবাদ থাকিল।

    Reply
  • ধন্যবাদ নয়ন এটি সুন্দৰ সংখ্যা উপহাৰ দিলা৷ তোমাৰ স’তে কাম কৰি ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *