ফটাঢোল

শ্বপিং এপৰ ধেমেলীয়া পদ্য – জুলী বৰা

“মিণ্ট্ৰা” গগৈ বৰ চহকী মাৰ্চিডিজত যায়;

“ফ্লিপকাৰ্ট” ৰাভাই খিৰিকীয়েদি দুখমনেৰে চায়৷

“ঈবে” তেৰাঙে সময়েই নাপায় ঘৰৰ বজাৰ কৰি;

“নাপটল” ফুকনে ঘৈণীয়েকক লৈ “লাইমৰ’ড”ত আহিলগৈ ফুৰি৷

নাং “ছী ইন”ৰ বৰ ফূৰ্তি পূজাত চীনলৈ যাব;

অকলে যাবলৈ ভয় কৰে বোলে “অ’এলেক্স” দাসকো নিব৷

“জাবং” সন্দিকৈৰ খবৰেই নাই কোনেও নেদেখা হ’ল;

“আমাজন”হুছেইনে বিচাৰি এদিন সন্দিকৈৰ ঘৰলৈ গ’ল৷

সন্দিকৈৰ ঘৰত বহি আছিল তেতিয়া “আলিবাবা ডট কম”;

হুছেইনলৈ সি বৰ ভয় কৰে দেখে যেন সাক্ষাৎ যম৷

“পে’টিএম” গোঁহাই ওচৰ চাপি আহিল দুয়োজনকে দেখি;

“স্নেপদিল” সিঙৰ ঘৈণীয়েকো আহিল তেওঁলোকো প্ৰতিবেশী৷

“চপক্লুছে” ক’লে একো ক্লু নাই সন্দিকৈ ক’লৈ গ’ল;

“টাটা ক্লিক”ৰ ম’বাইল ক্লিকতে সন্দিকৈ ফটো হৈ ৰ’ল৷

মিণ্ট্ৰা, ফ্লিপকাৰ্ট,ঈবে’, নাপটল সকলোৱে বৰ দুখ পালে;

মনৰ দুখতে সন্দিকৈৰ সকামত পেট ফুটি যোৱাকৈ খালে৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *