মেৰা কৰৱা চৌথ কা ব্ৰত (হিন্দী) মূল লিখক: পণ্ডিত বেদপ্ৰকাশ শাস্ত্ৰী অনুবাদ: চাহিন জাফ্ৰি
মোৰ ‘কৰৱা চৌথ’ৰ ব্ৰত
ভাৰতীয় সংস্কৃতিত ব্ৰত-উপবাসৰ অত্যন্ত মহত্বপূৰ্ণ স্থান আছে। বহু নাৰী-পুৰুষ আৰু শিশুৱেও ব্ৰত-উপবাস পালন কৰে। কিন্তু ব্ৰত ৰখাত যেন পুৰুষতকৈ মহিলাসকলৰ হে অধিকাৰ অথবা ইচ্ছা দুয়োটাই বেছি যেন বোধ হয়। প্ৰায় প্ৰতিটো ব্ৰতৰে কিবা নহয় কিবা এটা উদ্দেশ্য থাকেই। অধিকাংশ ব্ৰত ৰখাৰ সুযোগ মহিলা সকলৰ বাবে হোৱাৰ কাৰণে, তেওঁলোকৰেই উদ্দেশ্য পূৰ্ণ হয় আৰু পুৰুষ সকল তাৰ পৰা বঞ্চিত হৈ ৰয়। পুৰুষ সকল ব্ৰত ৰখাৰ পৰা বিৰত থাকিবলগীয়া হোৱাত, তেওঁলোকে হয়তো নিজেই নাজানে যে কোনটো ব্ৰতৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছে..।
এতিয়া যদি আমি কৰৱা চৌথৰ ব্ৰতলৈকে চাওঁ, দেখিম যে – এতিয়ালৈকে মই ইয়াকে ভাবি আছিলোঁ যে, মহিলা সকলে এই ব্ৰত অতি নিষ্ঠা আৰু অকপট্ ভাৱেৰে পালন কৰে, কিন্তু মোৰ সেই ভ্ৰমটো সেইদিনাই ভাগিল, সিদিনা মই এঠাইত এইদৰে পঢ়িলোঁ যে – “এবাৰ এহাল পতি-পত্নীয়ে পূজা কৰিবলৈ মন্দিৰলৈ গ’ল। পত্নীয়ে ভগৱানৰ আগত কৰযোৰে শিৰনত কৰি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে – “হে ভগৱান! হে দয়াৰ সাগৰ প্ৰভু! হে পৰম কৃপালু! তুমি মোৰ আয়ুস খিনিও তেওঁকেই দি দিয়া।”
কথাষাৰ শুনাৰ পাছত সন্দেহৰ বশৱৰ্তী হোৱা স্বামীয়ে খঙেৰে এইবুলি ওলোটাই ক’লে যে – “নালাগে নালাগে প্ৰভু, তেওঁৰ প্ৰাৰ্থনা কেতিয়াও নুশুনিবা। তেওঁ বহুত চালাক-চতুৰ মহিলা, সেয়ে তেওঁৰ আয়ুস মোক দিবলৈ খুজিছে, কাৰণ যদি তেওঁৰ আয়ুস মই পাওঁ, তেনেহ’লে মই সোনকালেই বৃদ্ধ হৈ পৰিম আৰু তেওঁ নৱ-যুৱতী হৈ থাকিব। তেওঁৰ মনত নিশ্চয় কপট আছে। তেওঁৰ প্ৰাৰ্থনা কোনো কাৰণতেই স্বীকাৰ নকৰিবা প্ৰভু, নহলে সকলো খেলিমেলি হৈ যাব।
এইটো পঢ়ি মই সঁচাকৈ চিন্তাত পৰি গ’লোঁ। কেনেবাকৈ মোৰ পত্নীয়েও এই কৰৱা চৌথ ৰ ব্ৰত ৰখাৰ ফলতেই মোৰ মূৰৰ চুলি কেইডাল শুকুলা হৈ পৰা নাইতো? অকালতে চোন মোৰ দাঁত কেইটাও সৰিবলৈ ধৰিছে আৰু ছালখনো শোঁতোৰা পৰিবলৈ ধৰিছে..। মোৰ এতিয়া এনে ভাৱ হ’বলৈ ধৰিছে যে, ঈশ্বৰে সঁচাকৈয়ে মোৰ শ্ৰীমতীৰ প্ৰাৰ্থনা শুনা নাইতো? যাৰ বাবে তেওঁৰ আয়ুস মোৰ গাত লাগিল আৰু বয়সৰ আগেয়েই মই বৃদ্ধ হ’ব ধৰিলোঁ..!!
ইয়াৰ আগলৈকে মই এয়া সময়ৰ পৰিৱৰ্তন বুলিয়েই ভাবি আছিলোঁ; এদিন নহয় এদিন আমি সকলোৱেই বৃদ্ধ হ’ব লাগিব, কিন্তু সেইহাল পতি-পত্নীৰ প্ৰাৰ্থনা শুনাৰ পাছত মোৰ ধাৰণা সলনি হ’বলৈ ধৰিলে .. অন্ততঃ সেইটো বিষয়ত মই গভীৰ ভাৱে বিচাৰ বিবেচনা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পৰা বচাৰ উপায় চিন্তিবলৈ ধৰিলোঁ। যিহেতু মহাত্মা বুঢ়াই ও দুঃখ ৰ পৰা বাচিবলৈ উপায় বিচাৰি লৈছি৷
“প্ৰয়োজনেই আৱিষ্কাৰৰ মূল”। উক্ত কথাষাৰক সৰোগত কৰিয়েই মই কামত লাগিবলৈ ধৰিলোঁ।অৱশেষত কষ্টই ফল ধৰিলে। এই সমস্যাৰ এটাই সমাধান ওলাল যে – এতিয়াৰ পৰা ময়ো ‘কৰৱা চৌথ’ৰ ব্ৰত ৰাখিম আৰু এইদৰে মোৰ বয়স মোৰ পত্নীক দি দিম আৰু দুয়োৰে বয়সৰ অনুপাত সমান সমান হৈ থাকিব।
ঘৰলৈ গৈ মই শ্ৰীমতীৰ আগত এই প্ৰস্তাব দাঙি ধৰিলোঁ। কথাষাৰ শুনা মাত্ৰকে তেওঁ আচৰিত হৈ এইবুলি ক’বলৈ ধৰিলে- “এইটোতো মহিলা সকলৰ হে ব্ৰত, পুৰুষৰ নহয়। তুমি কেনেদৰে ৰাখিবা? এই ব্ৰত অকল মহিলাইহে ৰাখে।”
মই ক’লোঁ― এতিয়া আৰু নাৰীৰ প্ৰতিপত্তি নচলিব।কিয়নো নাৰীয়ে কৰৱা চৌথ ৰ ব্ৰত ৰাখি স্বামী-স্ত্ৰী ৰ বয়সৰ সন্তুলনত খেলিমেলি কৰি দিয়ে। এই ব্ৰতৰ ফলস্বৰূপে স্ত্ৰী সকলৰ বয়সৰ সীমা কম হৈ পৰিব আৰু পুৰুষৰ আয়ুস দীঘল হৈ পৰিব। তেনে হোৱাৰ লগে লগে গৃহস্থীৰ গাড়ীখনৰ দুয়োটা চকা সমান হৈ নাথাকিব। এটা চকা যদি আগতেই সুলকি পৰে, তেন্তে গাড়ীখন দেখোন সোলোক -ঢোলোক হৈ চলাই বন্ধ হৈ পৰিব..।
অতএব কৰৱা চৌথৰ পূৰ্বৰ সংজ্ঞা মতে , ময়ো ব্ৰতৰ প্ৰাৰম্ভিক কৰ্মখিনি কৰিলোঁ। সাধাৰণতে মহিলা সকলে দিনতে ব্ৰত ৰাখে যদিও মোৰ সুবিধা অনুযায়ী মই ৰাতিহে ব্ৰত ৰাখিবলৈ স্থিৰ কৰিলোঁ। ইয়াৰ অৱশ্যে দুটা সুবিধাজনক কাৰণ আছিল, এটা – শুই থকাৰ ফলত ব্ৰতৰ সময়খিনি সুন্দৰভাৱে পাৰ হৈ যাব আৰু দ্বিতীয়তে – ভোকে লঘোনে থকাৰ কষ্টও অনুভৱ নহ’ব। এনেয়ো দিন-ৰাতি ত বিভক্ত হৈ থকা ২৪ ঘণ্টাৰ সময়খিনিক হে বাস্তৱত ‘দিন’ বুলি কোৱা যায়। ব্ৰত টো দিনত ৰখা হওঁক বা ৰাতিয়েই তাতেনো কাৰ কি আহে যায়? বৰঞ্চ ৰাতি ব্ৰত ৰখাটো অধিক বুদ্ধিমানৰহে কাম..।
মোৰ ব্ৰতৰ আৰম্ভণি যিহেতু চন্দ্ৰোদয়ৰ পৰাহে হোৱাৰ কথা, সেয়ে তাৰ আগেয়েই ঠিক মতে খাই -বৈ মই গপচ হৈ ললোঁ। চন্দ্ৰ দেৱতাকো সেইদিনা অলপ উদাৰ যেন লাগিল, সোনকালেই দেখা দিলে সিদিনা। এতিয়া মোৰ ব্ৰত আৰম্ভ হৈ গ’ল..। চন্দ্ৰ দৰ্শনৰ পাছৰ কিছু সময় দূৰদৰ্শনটোৰ সন্মুখত অতিবাহিত হ’ল আৰু কিছু সময় ইফালে-সিফালে আড্ডা মাৰি থাকোঁতে পাৰ হ’ল। এনেদৰেই নিশা দহ বাজিল। এতিয়া মই আৰামত শুই পৰিলোঁ। মহিলা সকলেও চোন দিনত শুইয়েই কটায়, সেয়ে শুই যোৱাটো ময়ো দোষ বুলি নাভাবিলোঁ।
পুৱা সূৰ্যোদয়ৰ আগতেই মই সাৰ পালোঁ। প্ৰাতঃ কৰ্ম আদিৰ পাছত স্নান কৰি আজৰি হৈ ললোঁ। এইখিনি কৰোঁতেই সূৰ্যদেৱো উদয় হ’ল। সূৰ্য দেৱক জল আদি দি প্ৰণাম জনাই ক’লোঁ যে ― “হে দেৱাদিদেৱ সূৰ্য ভগৱান! কৃপানিধন! মোৰ আয়ুস মোৰ পত্নীক দি দিয়ক।” এইদৰে প্ৰাৰ্থনা কৰাৰ পাছত মই মোৰ ব্ৰত ভাঙিলোঁ।
ইফালে, পুৱতি নিশা “সৰগী”(কৰৱাচৌথৰ বিশেষ আহাৰ) খাই মোৰ পত্নীয়েও ব্ৰত আৰম্ভ কৰি দিলে। সন্ধিয়া চন্দ্ৰোদয় হোৱাৰ সময়ত পূজা- অধ্য দি উঠি তেওঁ প্ৰাৰ্থনা কৰিলে ― “হে চন্দ্ৰ দেৱতা ! মোৰ আয়ুস মোৰ স্বামীৰ লগত যোগ হওঁক..।” কিন্তু এতিয়া মোৰ মনত অসীম শান্তি আছিল; কিয়নো এইবাৰ আয়ুস পৰস্পৰৰ মাজত সলনা-সলনিহে হৈছে, ফলত দুয়োৰে আয়ুসৰ সন্তুলন একেই থাকিব..।
আমি সকলোৱেই যদি এনে ভাৱ মনত ৰাখি এনেদৰেই ব্ৰত ৰাখোঁ, তেন্তে কিজানিবা দুয়োৰে আয়ুসৰ বিষম্যতা দূৰ হৈ সামঞ্জস্য স্থাপন হ’ব। নৱ-যুৱক আৰু বিবাহ যোগ্য পুৰুষ সকলেও কৰৱা চৌথৰ ব্ৰত ৰাখিব লাগে, কিয়নো তেওঁলোকৰ সাম্ভাব্য জীৱনসংগিনী/কন্যা গৰাকীয়েওতো সেই ব্ৰত পালন কৰে..। কথা এষাৰ প্ৰচলিত আছে যে – বিধাতাই আগতেই ঠিক কৰি থয় কাৰ বিবাহ কাৰ লগত হ’ব লগা আছে। অতএব সতৰ্কতাৰ বাবেও নৱ-যুৱক সকলে এই ব্ৰতত নিয়োজিত হ’ব লাগে।
আশা কৰোঁ যে– সকলো পুৰুষ তথা নৱ যুৱকে মোৰ উক্ত কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ পুৰুষ-একতাৰ পৰিচয় দিয়ে যেন। কিন্তু তাৰ অৰ্থ এইটো নহয় যে – মহিলা সকলৰ দৰে আপোনালোকেও হাতত খাৰু পিন্ধি ঘৰত বহি থাকিব লাগিব। এই ব্ৰতৰ উদ্দেশ্য হ’ল– নিজকে সোনকালে বৃদ্ধ হোৱাৰ পৰা ৰক্ষা কৰা, নিজে মহিলা হৈ যোৱা নহয়..।
পুৰুষৰ একতাৰ জয় হওঁক– এইটো অতিকৈ আনন্দৰ কথা যে, মোৰ ব্ৰতৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’বলৈ ধৰিছে।পুৰুষৰ ব্ৰত আন্দোলনৰ প্ৰয়াস আগবাঢ়িব ধৰিছে।
☆★☆★☆
1:51 pm
খুব ভাল লাগিছে। বৰ ধুনীয়া অনুবাদ।
2:17 pm
বহুত বহুত ধন্যবাদ ?
2:19 pm
বহুত বহুত ধন্যবাদ।
2:46 pm
মজা লাগিল। কৰৱা চৌথৰ ষড়যন্ত্ৰ আজিহে বুজিলো
4:23 pm
ধন্যবাদ দাদা
4:25 pm
হাঃ হাঃ আজি হে গম পালে মানে..!ধন্যবাদ জনালোঁ।
3:00 pm
পঢ়ি বৰ ভাল লাগিল …
4:24 pm
ধন্যবাদ…
4:26 pm
ধন্যবাদ।
3:22 pm
ধুনীয়া অনুবাদ, ভাল লাগিল।
4:27 pm
ধন্যবাদ জনালোঁ
8:24 pm
ভাল লাগিল চাহিন। এলাহবোৰ অলপ দুৰ কৰি ৰেগুলাৰ লিখিব লোৱা, এইবাৰ একো লিখা নাপামেই বুলি ভাবিছিলো গৈ শেষত
10:48 pm
হাঃ হাঃ…. অকল এলাহেই নহয় দাদা, ব্যক্তিগত ভাবে ব্যস্ততাও আছিল.! লিখিম বাৰু..ধন্যবাদ।
8:57 pm
চাহিন,সুন্দৰ অনুবাদ৷ ভাল লাগিল৷
10:49 pm
ধন্যবাদ মানস দা..
12:57 pm
ভাল লাগিল
10:55 am
এইটো বহুত ভাল লাগিল পঢ়ি।