টকাৰ মহিমা – চিন্ময় দাস
টকা টকা টকা,
টকাৰ প্ৰেমত পৰি মানুহ অাধাবয়সতে হয় ককা৷
কিন্তু টকাই বিচাৰি থাকে মৌকা,
যাতে দিব পাৰে প্ৰত্যেককে ধৌকা৷
টকাৰ লগত যিয়ে ৰাখে সম্পৰ্ক,
ডাড়ি চুলি কৰি পেলাই পকা৷
শেষত তাৰ ৰৈ যায় মাথো জঁকা।
ধাৰ দিয়া টকা যদি ওভতাই দিব নোৱাৰে,
মালিকে কৰি পেলাই লাল তাৰ টিকা৷
টকা টকা নমৰিবা একা
টকাক বাদ দি জীৱনত কিবা শিকা৷
☆★☆★☆