ফটাঢোল

শীত আহে লাহে লাহে – অনিমা দাস

শীত আহে লাহে লাহে
বছৰে বছৰে এপাহি দুপাহিকৈ দোকমোকালিতে শেৱালি সৰে।

আঘোণ অহাই নাই
আহিনতে এইবাৰ তামবৰণীয়া হ’ল
ধাননি পথাৰ৷

চেঁচা বতাহত হালে জালে আধাপকা ধানৰ ঠোঁক৷

পথাৰৰো যে কিমান ৰং
সেউজী, সোণালী—

দুপৰৰ কোমল ৰ’দ, নীলা আকাশ
আবেলি ধুলিৰে ধূসৰিত ছাইবৰণৰ এখন পৃথিৱী৷

সন্ধিয়া আঁহতৰ লঠঙা ডালত
ফেঁচাৰ কুৰুলি।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *