ফটাঢোল

সাক্ষাৎকাৰ– ইবচন লাল বৰুৱাৰ সৈতে এখন্তেক

 

একেৰাহে গায়ক, গীতিকাৰ, সুৰকাৰ, মিউজিক প্ৰগ্ৰেমাৰ, মিক্সিং ৰেকৰ্ডিং ইঞ্জিনীয়াৰ হিচাপে সুপ্ৰতিষ্ঠিত অসমৰ সন্তান ইবচন লাল বৰুৱা। বৰ্তমান মুম্বাইৰ নিবাসী ইবচন লাল বৰুৱা কেৱল অসমতে নহয় সমগ্ৰ ভাৰতৰে সংগীত জগতখনৰ এটি চিনাকি নাম। অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় যে অসমীয়া, হিন্দী কেইবাখনো ফিচাৰ ফিল্মৰ সংগীতৰ লগত জড়িত থকা ইবচন লাল বৰুৱা বৰ্তমান প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনাত আৰু জাহ্নু বৰুৱাদেৱৰ পৰিচালনাত আহিবলগীয়া চলচ্চিত্ৰ ‘ভগা খিৰিকী’ত তেওঁ মিউজিক ভিডিঅ’ ডিৰেক্টৰ হিচাপে কাম কৰিছে। ‘ভগা খিড়িকী’ৰ উপৰিও ইবচন লাল বৰুৱা কেইবাটাও অসমীয়া, বড়ো ভাষাৰ সংগীত ‘বকুল ফুলৰ দৰে’, ‘অ মন্ত্রী’, ‘জিন্স পেণ্ট’, ‘স্ব্ৰজিঅ আং ডিন্বি (বড়ো)’, ‘জিয়ৰী অসমৰ’, ‘জগত বিয়পি’, ‘মাজুলী’কে ধৰি কেইবাটাও সংগীতত ভিডিঅ’ পৰিচালক হিচাপে কাম কৰিছে।

ইয়াৰ উপৰিও অসমৰ দীপৰ বিলৰ পৰিৱেশ, গছ-গছনি, চৰাই-চিৰিকতি, হাতীবোৰক ৰক্ষাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ “দীপৰ বিলৰ পাৰে পাৰে” বুলি জনপ্ৰিয় হোৱা দৃশ্য শ্ৰাব্য গীতটিৰ সকলো কামেই কথা, সুৰ, ভিডিঅ’ পৰিচালনা, কণ্ঠদানলৈকে ইবচন লাল বৰুৱাৰ আছিল। এই সংগীতটি বিশেষকৈ দীপৰ বিললৈ পানী খাবলৈ অহা হাতীবোৰৰ ৰেলৰ খুন্দাত হ’ব পৰা বিপদৰ কথালৈ লক্ষ্য ৰাখি এক সজাগতা জগাই তুলিবলৈ গোৱা হৈছিল। এই দৃশ্য শ্ৰাব্য সংগীতটি আমেৰিকাৰ ফ্লৰিডাত অনুষ্ঠিত হোৱা “Cinema Verda International Environmental Film and Arts Festival” ত স্ক্ৰীণিং কৰা হৈছিল। ইবছন লাল বৰুৱাই কেইবাখনো চিনেমাৰ ‘ভগা খিৰিকী’, ‘মাৰ্কশ্বীট’, ‘নদী মাথো বয়’, ‘অহেতুক’, ‘কোঁৱৰপুৰৰ কোঁৱৰ’ আদিৰ গানসমূহৰ কথা লিখাৰ লগতে কেইবাটাও এলবামৰো গান লিখিছে। MTV ত সম্প্ৰচাৰ হোৱা অতিকৈ জনপ্ৰিয় প্ৰগ্ৰেম ক’ক ষ্টুডিঅ’ৰ চিজন ২, দেৱদাৰু (দিক্ষু শৰ্মা), ‘মাটি’ (যুৱলী) আদি এলবামৰো গান লিখিছে। কম সময়তে উন্নতিৰ শিখৰত বগোৱা ইবচন লাল বৰুৱাই সংগীতৰ লগত জড়িত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ফটাঢোল: নমস্কাৰ ইবচন লাল বৰুৱা দেৱ, আমি ফটাঢোল আলোচনীৰ পৰা আহিছোঁ, আমি প্ৰায় ১লাখ ভিউৱাৰ্ছ যুক্ত এটা অনলাইন কমিউনিটি। আমি এইমাহৰ অতিথি হিচাবে ইবচন লাল বৰুৱাৰ বিষয়ে জানিবলৈ আহিছোঁ। প্ৰথমে আমি জানিব বিচাৰিম আপোনাৰ ‘এইবিলাক’ৰ যাত্ৰা কেনেকৈ আৰু কেতিয়া আৰম্ভ হ’ল?

ইবচন লাল বৰুৱা: এই বিলাক!

ফটাঢোল: আচলতে আপোনাৰ ব্যক্তিত্বত এটা দুটা নহয় দহ বাৰটা গুণ আছে, সেয়ে এইবিলাক বুলিয়ে আৰম্ভ কৰিলোঁ।

ইবচন লাল বৰুৱা: হাঃ হাঃ হাঃ! ভাল লাগিছে শব্দটো পিচে৷ মোৰ যাত্ৰা আৰম্ভ হৈছিল এইখন ঘৰতেই। সাংস্কৃতিক মনৰ মানুহৰে ভৰা পৰিবেশ এটাত জন্ম লৈছিলোঁ। মোৰ পিতৃ, মাতৃ, ককা, ককাৰ ভাই ককায়েক মানে বংশগতভাৱে আটায়ে কিবা নহয় কিবা কলা যেনে সংগীত, নাটক, চিত্ৰকলা আদিৰ লগত জড়িত আছিল। তেওঁলোকৰ গ্ৰীণ পিৰিয়ডটো আমি নাপালেও শুনিছোঁ যে নাটকৰ ক্ষেত্ৰত আমাৰ পৰিয়াল যথেষ্ট আগৰণুৱা আছিল। সংগীত চৰ্চা, গীত ৰচনাৰ লগত জড়িত মোৰ দেউতা তথা বৰদেউতাৰ পৰা বহুতখিনি শিকিছিলোঁ। আমাৰ অঞ্চলটোতো সাংস্কৃতিক পৰিবেশ বিৰাজমান আছিল। সৰুতে শাখা সাহিত্য সভাৰ বিভিন্ন প্ৰতিযোগিতাত অপৈণত হ’লেও কবিতা লিখিছিলোঁ, গান গাইছিলোঁ। ওচৰ চুবুৰীয়াইও যথেষ্টখিনি অনুপ্ৰেৰণা দিছিল। এটা কথা ক’ব লাগিব যে কৈশোৰত কোনোদিন ঘৰৰ পৰা ‘আৰ্ট এণ্ড কালচাৰ’ৰ ক্ষেত্ৰত আমি ঋণাত্মক বাতাৱৰণ পোৱা নাছিলোঁ।

ফটাঢোল: গীত মাত, লিখা মেলাৰ প্ৰতি এটা সময়ত সকলোৰে ধাউতি থাকেই, কিন্তু আপোনাৰ গীত লিখা, কম্পজ কৰা এইবোৰ ক্ষেত্ৰক ‘ছিৰিয়াছলি’ লোৱাৰ ভাৱটো কেতিয়াৰ পৰা আহিল?

ইবচন লাল বৰুৱা: সৰুতে দেউতাৰ লগৰ শিল্পীসকলক দেখি দেখিয়ে তবলা বজাবলৈ শিকিলোঁ, কবিতা লিখাৰ আৰু নাটকৰ কথা আগেয়ে কৈছোৱেই। তাৰ মাজতে পঢ়া শুনা, কেৰিয়াৰৰ কথাও আহিল। সংগীত প্ৰযোজনাৰ প্ৰতি মোৰ কৈশোৰৰ পৰাই কৌতূহল আছিল৷ আমেৰিকা, ইউৰোপ আদিৰ পপ সংগীত শুনাৰ লগতে অসমত সেই সময়ত নতুন প্ৰযুক্তিৰে নিৰ্মিত এলবামবোৰৰ গান শুনি স্বাভাৱিকতে কৌতূহল জাগিছিল।

ফটাঢোল: সেয়া কোন সময়ৰ কথা আছিল?

ইবচন লাল বৰুৱা: সেয়া আছিল ৮৫/৯০ চনৰ মাজৰ সময়ছোৱাত৷ আমি আছিলো হাইস্কুলৰ ছাত্ৰ। মেট্ৰিক দিয়াৰ পাছৰ সময়খিনিত সংগীতৰ প্ৰতি প্ৰৱল ধাউতি বাঢ়িছিল, নতুন কিবা গীত শুনিলেই আমি মানে মোৰ দাদা আৰু কাজিনবোৰে মিলি ঘৰত চৰ্চা কৰোঁ। তাৰ পাছত আহিল কলেজীয়া জীৱন, আমি আছিলোঁ অসম আন্দোলনৰ পাছৰ প্ৰজন্ম। সেই সময়ত অসমত বৃত্তি বুলিবলৈ একোৱেই নাছিল, ব্যক্তিগত নিয়োগ প্ৰতিষ্ঠানতো দূৰৰে কথা। আমি একপ্ৰকাৰে ভাবি লৈছিলোঁ যে আমি চৰকাৰী চাকৰি নাপাৱেই গতিকে সংগীততে আমি কেৰিয়াৰ গঢ়িবলৈ একপ্ৰকাৰ ঠিৰাং কৰিছিলোঁ। তেনে সময়তে মোৰ দাদা ৰবচনে মোক ক’লে যে মুম্বাই ইউনিভাৰ্চিটিত ছাউণ্ড ৰেকৰ্ডিং এণ্ড প্ৰডিউচিং বুলি ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ এবছৰীয়া ডিপ্লমা চাৰ্টিফিকেট কৰ্ছ এটা আছে। ৯৭ৰ কথা, গুৱাহাটীৰ জ্যোতি চিত্ৰবনত তেতিয়া এই কৰ্ছ আৰম্ভ হোৱাই নাই। আৰ্থিক দিশটোলৈও চালোঁ, কোনোমতে টানিটুনি মই কৰ্ছটো কৰিব পাৰিম বুলি নিশ্চিত হ’লোঁ৷ প্ৰৱল আকাংক্ষা বুকুত লৈ সীমিত বাজেটেৰে এদিন মুম্বাইত উপস্থিত হ’লোঁগৈ। এই ক্ষেত্ৰত মোৰ মাহীৰ ল’ৰা জিম হাতীবৰুৱা আৰু বাইদেউ সু-অভিনেত্ৰী অদিতী হাতীবৰুৱাই যথেষ্টখিনি সহায় কৰে।

তাত ছাউণ্ড ইঞ্জিনিয়াৰিং শিকাৰ সমানে সমানে অডিঅ’ ৰেকৰ্ডিং ষ্টুডিঅ এটাতো কামত সোমালোঁ, জীৱনৰ প্ৰথমটো কৰ্ম ক্ষেত্ৰত।

তাত ডেৰ বছৰ মান কৰাৰ পাছত নামী ছাউণ্ড ইঞ্জিনিয়াৰ যতীন শৰ্মাৰ ৰেফাৰেন্সত গুৱাহাটীৰ শ্ৰদ্ধাৰ ভূপেন উজীৰৰ তলত কাম কৰাৰ সৌভাগ্য হ’ল। তেওঁৰ লগত প্ৰায় চাৰি বছৰ কাম কৰিলোঁ। সেই সময়ছোৱাত জ্যেষ্ঠ সংগীতকাৰসকলৰ সান্নিধ্য পোৱাৰ লগতে অসমৰ বৈচিত্ৰময় সংস্কৃতিৰ লগত ভালদৰে পৰিচিত হোৱাৰো সৌভাগ্যকন হৈছিল। সংগীতৰ ক্ষেত্ৰখনৰ লগত নিজৰ সৃষ্টিশীলতাৰ বিনিময় কৰিব পৰাটো মোৰ বাবে এটা ডাঙৰ অপ’ৰচ্যুনেটি আছিল।

তাৰ পাছতে মোৰ অনুভৱ হ’ল যে শব্দযন্ত্ৰী হিচাবে মোৰ শিকিবলগীয়া আৰু বহুত আছে, পুনৰ ২০০২ চনত যতীন শৰ্মাক জইন কৰিলোঁগৈ। সেই সময়ছোৱাত বহুতো শিকিলোঁ, ক্লাছিকেল চিংগাৰৰ পৰা বলিউডৰ জনপ্ৰিয় গায়ক সকলৰ লগত কাম কৰিবলৈ সুবিধা পালোঁ। কিম্বদন্তি সংগীতজ্ঞ প্যাৰেলালজী, ওস্তাদ চুলতান খাঁ, আশা ভোচলে, কবিতা কৃষ্ণ মূৰ্তি আদিৰ দৰে আগশাৰীৰ গায়ক গায়িকা তথা অনু মালিক, প্ৰীতম, হিমেশ ৰেশমিয়াৰ দৰে সংগীত পৰিচালকৰ লগতো কাম কৰিলোঁ।

আপোনাৰ “এইবিলাক”ৰ উত্তৰটো এয়াই যে ঘৰৰ মজিয়াতে মই নাটক, কবিতা, গান আদি শিকিলোঁ আৰু মুম্বাইত এনেদৰেই এগৰাকী শব্দযন্ত্ৰী হিচাবে সংগীতৰ কাৰিকৰী কামবোৰ শিকিলোঁ। বহুতে মোক প্ৰশ্ন কৰে যে, আপুনি শব্দযন্ত্ৰীৰ কেৰিয়াৰটো কিয় বাছি ল’লে? আচলতে মই শব্দযন্ত্ৰী হ’ম বুলি কেতিয়াও ভবা নাছিলোঁ, সংগীতৰ লগত জড়িত হ’বলৈ এইটো মোৰ বাবে এটা বৃহৎ সৌভাগ্য বুলিয়েই মই ক’ব খোজোঁ।

ফটাঢোল: আপোনাৰ পৰা ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু মিউজিক কম্পজিঙৰ বিষয়ে জানিব বিচাৰিম, আচলতে দুয়োটা কি?

ইবচন লাল বৰুৱা: ছাউণ্ড ইঞ্জিনিয়াৰিং বা শব্দ যন্ত্ৰীৰ ভাগ কেইবাটাও, কিছুমান হয়তো সংগীতৰ লগত আৰু কিছুমানে বোলছবিৰ লগত জড়িত থাকে। বোলছবিৰ বিভাগে সংলাপৰ লগতে ছাউণ্ড ডিজাইনিং, ছাউণ্ড ইফেক্ট, ছাউণ্ড মিক্সিং আদিৰ দৰে কামবোৰ কৰে। আনহাতে সংগীতৰ ক্ষেত্ৰত ধৰক এজন সংগীত ব্যৱস্থাপকে এটা গীত সৃষ্টি কৰিলে কি বাদ্য যন্ত্ৰ, কি গায়ন শৈলীৰ প্ৰয়োজন হ’ব সেয়া ডিজিটেলি ব্যৱস্থাপনা কৰে। পূৰ্বতে প্ৰায়বোৰ কাম এনালগ টেপত ৰেকৰ্ড কৰা হৈছিল, আজিকালি ৯৯% কামেই কম্পিউটাৰাইজদ্।

প্ৰশ্ন হয়, শব্দযন্ত্ৰী এগৰাকীয়ে কি কি কাম কৰে? তেওঁৰ প্ৰধান কাম হ’ল বাণীবদ্ধ কৰা। তেওঁ বাদ্যযন্ত্ৰী, গায়ক, অভিনেতা আদিৰ কণ্ঠক ষ্টুডিঅ’ত বাণীবদ্ধ কৰোঁতে শব্দ বিজ্ঞানৰ বৈশিষ্ট্য মতে কাৰিকৰী দিশসমূহৰ মতে ৰেকৰ্ড কৰাৰ লগতে শব্দৰ মিশ্ৰণ কৰিব লাগে। তদুপৰি ট্ৰেক বাণীবদ্ধ কৰাটোও শব্দযন্ত্ৰী এগৰাকীৰ কামত পৰে, কেতিয়াবা একো একোটা গানত ১৫০ লৈকে ট্ৰেক বাণীবদ্ধ কৰিব লগা হয়। আজিকালিতো ডিজিটেলিয়ে একোবিধ বাদ্যযন্ত্ৰৰে বিভিন্ন প্ৰকাৰৰ ট্ৰেক নিৰ্মাণ কৰিব পাৰি।

 ফটাঢোল: আমি ইতিমধ্যে জানিব পাৰিলোঁ শব্দ যন্ত্ৰৰ বিষয়ে, এতিয়া আমি অলপ ব্যক্তিগত প্ৰশ্ন কৰিব বিচাৰিম। আমি আহিছোঁ হাস্য ব্যংগৰ লগত জড়িত এখন ক্ষেত্ৰৰ পৰা, আপৰনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি জীৱনত হাস্য ব্যংগৰ গুৰুত্ব কি বুলি ভাবে? হাস্য ব্যংগৰে ভৰা কিবা অভিজ্ঞতা আছে নেকি?

ইবচন লাল বৰুৱা: তেনেকুৱা যথেষ্ট অভিজ্ঞতা আছে। মই ভাবোঁ হাস্য ব্যংগ নহ’লে মানুহৰ জীৱনত একোৱেই নাই। মানুহে জীৱনটোত ষ্ট্ৰাগল কৰোঁতেই যায়, যুদ্ধ কৰোঁতেই যায় গতিকে হাস্য ব্যংগৰে মানুহ জীয়াই থাকিব লাগে। মোৰ প্ৰয়াত পিতৃ প্ৰসন্নলাল বৰুৱা আছিল দুৰ্দান্ত ব্যক্তিত্বসম্পন্ন লোক, কিন্তু তেখেতৰ সমান ধেমেলীয়া জীৱন কটোৱা মানুহ খুব ক’ম। গান গোৱা, নাটক কৰা আদিৰ মাজতে ৰহণ লগাই কোৱা বিভিন্ন ধেমেলীয়া কথাৰে তেওঁলোকে কামটো সদায় আনন্দদায়ক কৰি লৈছিল।

কৰ্ম ক্ষেত্ৰতো বহুতো অভিজ্ঞতা আছে। এটা স্মৰণীয় কাহিনী ক’বলৈ বিচাৰিছোঁ, আগেয়ে মোৰ চুলি ককালত পৰাকৈ দীঘল আছিল। তেতিয়া মই ভূপেন উজিৰ দাৰ লগত কাম কৰিছিলোঁ। সেইদিনা কাৰ্বি আংলঙৰ পৰা এটা টীম আহিছিল, কামৰ মাজতে মোৰ মূৰত কি খেলালে জানো চুলি খিনি কাটি পেলাবলৈ মন গ’ল। লান্স আৱাৰত গৈ একেবাৰে ডিফেন্স টাইপত চুটিকৈ কাটি আহিলোঁগৈ। মোৰ ওচৰতে যিহেতু ৰুম, চুলি কাটি আহি ৰূমতে গা ধুই পুনৰ কামত লাগিলোঁহি।

কাৰ্বি আংলঙৰ টীমটোৱে জনজাতীয় সংগীত এটাৰ ৰেকৰ্ডিঙৰ বাবে আহিছিল, অলপ আগলৈকে মোৰ লগত কথা পাতি থকা মানুহখিনিৰ হঠাৎ মোৰ লগত মাতবোল বন্ধ হৈ গ’ল। বন্ধও এনেকৈ বন্ধ যে মোৰ ফালে চোৱাটো দূৰৰ কথা মোক গুৰুত্বই নিদিয়া হ’ল। মই ভাবিলোঁ আকৌ কি হ’ল এওঁলোকৰ, শেষত উপযাচি কলোঁগৈ যে ৰেকৰ্ডিং নকৰে নেকি, আপোনালোক মোৰ ওচৰলৈ অহা নাই যে কিয়?

তেওঁলোকে ক’লে ইমান সময়ে ৰেকৰ্ডিং কৰা মানুহজন নাই নহয়, গুচি গ’ল। মোৰ তেতিয়াহে মনলৈ আহিল, মোৰ কটা চুলি দেখি চিনি নাপালে। মই বোলো সেইজন ময়েই, চুলিখিনি নাই যেনিবা। জনজাতীয় সহজ সৰল মানুহবোৰে খুব হাঁহিলে সেইদিনা।

ফটাঢোল: এইবাৰ আমি এটা অলপ চিৰিয়াচ কথা জানিব বিচাৰিম। চিৰিয়াচ কথা মানে যে, আপোনাৰ বিয়া কেনেকৈ হ’ল। আৰু প্ৰেম বিবাহ হৈছিলে নে এনেই ‘নৰ্মেল’ চাই চিতি হৈছিল। (হাঁহি দুয়োগৰাকীৰ)

ইবচন লাল বৰুৱা: নৰ্মেল মানে প্ৰেম বিবাহটো নৰ্মেল নহয় নেকি? (হাঁহি) এবনৰ্মেল যদি এবনৰ্মেলেই হৈছিলে।

ফটাঢোল: হয়।

ইবচন লাল বৰুৱা: এটা পৰিয়ালৰ ছোৱালী এজনীৰ স’তে মোৰ দাদাৰ সূত্ৰে চিনাকি হৈছিলোঁ, যি এতিয়া মোৰ সহধৰ্মিনী। চিনাকি হোৱাটোতো অলপ হাস্যৰস সোমাই আছে। ভূপেন উজীৰ দেৱৰ ষ্টুডিঅ’ত কাম কৰি থাকোঁতে এবাৰ মোৰ খুব বেমাৰ হৈছিল। একদম শুকাই খিণাই হাড়ে ছালে লগা অৱস্থাত মই হস্পিতেলত চেলাইন লৈ পৰি আছিলোঁ। তেতিয়া মোৰ সহধৰ্মিনীয়ে মানে দাদাক চিনি পায় কাৰণে, ৰবছনৰ ভায়েকৰ বেমাৰ হৈছে বুলি খবৰ ল’বলৈ গৈছিল। তাত গৈ মোক অদ্ভুত দেখিছে যে মই চেলাইন টেলাইন লৈ গুণগুণাই গান গাই চেলাইনটো হাতেৰে দাঙি মানে টয়লেটলৈ গৈছোঁ। সেইটো দেখি তাই আচৰিত হৈছিল।

তাৰপিছত আৰু এটা ধেমেলীয়া কথা আছে৷ মই গুৱাহাটীৰ গীতানগৰৰ ‘অডিটেক’ত কাম কৰোঁ আৰু তেওঁলোকৰ ঘৰ নাৰেংগীৰ ASEB কলনীত। মোৰ এচিষ্টেণ্ট Co-Recording worker পঙ্কজ বৰা বুলি ল’ৰা এজন আছিল। তেওঁ এতিয়া মুম্বাইত যথেষ্ট ব্যস্ত৷ One of the most busiest studios ৰ বৰ্তমান তেওঁ owner. পঙ্কজক আমি মৃদুল বুলি মাতোঁ। সি আৰু মই একেলগে থাকোঁ। আমি মানে এওঁলোকৰ ঘৰলৈ যোৱা আৰম্ভ কৰিছিলোঁ। তেতিয়া প্ৰেম আৰম্ভ হোৱা নাই। জাষ্ট বন্ধুত্ব গঢ়ি উঠিছিল। আৰু তেওঁলোকৰ ঘৰলৈ গ’লে মানে মাকে আমাক যথেষ্ট খুৱায়। কিবা কিবি ঢেৰ খাবলৈ দিয়ে।

ৰাতিপুৱাই ৰাতিপুৱাই পঙ্কজে মোক খুচি দিয়ে যে, ইবচনদা ব’লক। তেওঁলোকৰ ঘৰলৈ গৈ আহোঁ। তাতে মানে কিবা বঢ়িয়াকৈ খাই মেলি গুচি আহিম। ত’ আমি যেতিয়াই কিবা ভালকৈ খাবলৈ মন যায়, তেওঁলোকৰ ঘৰলৈ গুচি যাওঁ। তাৰপাছত আমি মানে তাঁহাতৰ লগত অলপ লেকচাৰ টেকচাৰ দি গুচি আহোঁ। পিছলৈ সেই ধেমেলীয়া টাইপৰ ৰিলেচনশ্বিপটোৱেই বহুত চিৰিয়াচ হৈ গ’ল। তাতেই কোনোবা পাকত প্ৰেম আহি গ’ল, গভীৰতা আহি গ’ল। তেনেকৈয়ে জীৱনটো আগবাঢ়ি গৈছে।

ফটাঢোল: আৎসা, এতিয়া এই যে suppose বিয়াৰ পিছত generally husband wife ৰ তো অলপ চলপ খুটুং খাটাং লাগেই।গতিকে আপুনিতো খুব ব্যস্ত মানুহ। অ’ত ত’ত বেছি গৈ থাকি নিশ্চয় মিচেছক টাইম দিবলৈ অলপ অসুবিধা হয়। তেতিয়া মানে খুটুং খাটাং লাগিলে কোনে আগতে মনাবলগীয়া হয়?

ইবচন লাল বৰুৱা: খুটুং খাটাং লাগিলেও মই এফালৰ পৰা সৌভাগ্যৱান যে তেওঁক মই জোকাওঁ। মোৰ পত্নীক, সেই যে IBM 486 বুলি এটা কম্পিউটাৰ আছিল, IBM486 নেকি মই পাহৰিলোঁ, তাত  RAM নাছিল, যিটো প্ৰকাণ্ড কম্পিউটাৰ আছিল, floppy disk য’ত ব্যৱহাৰ হৈছিল। মই মানে মোৰ পত্নীক সেইটোৰ লগত তুলনা কৰোঁ যে RAM নাই। RAM নোহোৱা কাৰণে মোৰ মানে যথেষ্ট বেনিফিট হয়।

ফটাঢোল: তেওঁ মানে অনলী ROM?

ইবচন লাল বৰুৱা: অ’, তেওঁ মানে ROM। অকণমান সময় যদি বেয়া পালে,খং উঠিলে পাঁচমিনিট পাছত সেইটো তেওঁ পাহৰি যায়। তেওঁৰ মানে RAM নাথাকে। গতিকে সেইটোৰ লগত মই তুলনা কৰোঁ৷ এতিয়া মোৰ যিটো জীৱন ইমানেই বেছি ইৰেগুলাৰ, যেনে ধৰক ৰাতিপুৱা আঠটালৈকে কাম কৰিছোঁ, তাৰ পাছত আকৌ এঘাৰটা বা বাৰটাৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ। Round the clock, calendar ৰ লগত কোনো সম্বন্ধ নাই। শাক পাচলি ঘৰত আছে নে নাই মই কেতিয়াও চাব নোৱাৰোঁ। তাৰ মাজত যিমানখিনি পাৰোঁ কৰোঁ। গতিকে তাৰ মাজত খং উঠাটো স্বাভাৱিক মানে। মোৰ পত্নী, মোৰ মাৰো খং উঠিব পাৰে। কিন্তু অকমান ক্ষণস্থায়ী ভাৱে খং উঠিলেও পিছত excuse কৰে।

ফটাঢোল: ঠিক হৈ যায়।

ইবচন লাল বৰুৱা: হয়। ঠিক হৈ যায়। এইক্ষেত্ৰত মই যথেষ্ট লাকী

ফটাঢোল: আৎসা। আৰু এটা প্ৰশ্ন আমি সুধিব বিচাৰিম। সংগীতৰ লগত সাধাৰণতে জড়িত মানুহবিলাকৰ, এই মানে মহিলাৰ সংগ অলপ বেছি পোৱা যায়। আপোনাৰ জীৱনত তেনেকুৱা কিবা হৈছে নেকি যে মহিলা মানে খুব আপোনাৰ ফেন ফলৱিং থাকে, যিটো  Handle কৰিবলৈ দিগদাৰ হয় বা কৰিছে। মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে।

ইবচন লাল বৰুৱা: তেনেকুৱা মোৰ  অভিজ্ঞতা একদমেই নাই।

ফটাঢোল:  অকে।

ইবচন লাল বৰুৱা: সেইটো একদম মানে মই সত্যনিষ্ঠাৰে ক’ব পাৰোঁ। তেনেকুৱা মানে আপুনি যেনে ইংগিত দিছে, তেনেকুৱা ধৰণৰ কোনোদিনে কেতিয়াও মই indecent বা problematic একো পোৱা নাই। কিছুমান মানুহ থাকে, ব্যক্তি থাকে যিবোৰ ধৰক আমাৰ অসমীয়াত আজিকালি কামোৰ শব্দটো কওঁ। কামোৰ টাইপৰ হৈ যায় কিছুমান মানুহ। সেইটো হয়  personality ৰ কাৰণে। স্ত্ৰী পুৰুষ  বুলি নহয়। কেতিয়াবা ল’ৰা এজনো যথেষ্ট পৰিমাণে মাথাৰ বিষৰ কাৰণ হৈ যাব পাৰে। যে কথা ক’ব নাজানে বা continuously ফোন কৰি থাকে বা তেনেকুৱা ধৰণৰ প্ৰবলেম পাওঁ। কিন্তু ধৰক personality wise ব্যক্তিত্বৰ ফালৰ পৰা চালে মই মানে….

ফটাঢোল: মানে আপুনি সেইটো ধৰি ৰাখিব পাৰিছে?

ইবচন লাল বৰুৱা: মই মানে কেতিয়াবা সেইটো চিন্তা কৰোঁ৷ মানে মোৰ followers কম নেকি? চিন্তা কৰোঁ মানে আছে বাৰু। কিন্তু মই দেখোঁ যে যিসকলে মোৰ লগত interact কৰে, মহিলা শিল্পী হওক বা গুণগ্ৰাহী হওক তেওঁলোকে কিন্তু মোৰ গান শুনিয়েই হওক বা মোৰ কৰ্ম দেখি হওক একধৰণৰ intimacy কৰিবলৈ আগবাঢ়ি আহিছে। তেনেকুৱা মানুহ কিন্তু মই দেখোঁ যে খুব ভাল মনোভাৱ এটা লৈ আহে। তেনেকুৱা অকমাণো বেমেজালি ধৰণৰ স্বভাৱ লৈ অহা মানুহ মই এতিয়ালৈকে পোৱা নাই।

ফটাঢোল: এতিয়া আমি এটা কথা জানিব বিচাৰিম৷ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আৰু মানুহে আপোনাক কি ধৰণে জনাতো বিচাৰে মানে এজন সংগীত-পৰিচালক হিচাপে নে শব্দযন্ত্ৰী হিচাপে মানে কেনেকুৱা ধৰণে মানুহে মনত ৰখাটো বিচাৰে?

ইবচন লাল বৰুৱা: সৃষ্টিশীলতাৰ তাগিদাত মানে সৃষ্টি বস্তুটোত আনন্দ আছে। সৃষ্টি কৰাৰ পিছত যিটো আনন্দ সেই আনন্দটো উপভোগ কৰি গৈ থাকোঁতে এই কথাটোৰ প্ৰতি সচেতনতা থাকিব লাগে যে মই আচলতে কি, মোক মানুহে কি বুলি জনা উচিত এনেকুৱা ধৰণৰ কথাটো মই প্ৰায়ে পাহৰি থাকোঁ। কেতিয়াবা চিন্তা হয়, অৱশ্যে বহুত বেছি হাত মেলা নাই, কিন্তু কেতিয়াবা ভাবোঁ যে মানুহে এনেকৈ ভাবে নেকি যে বহুত সাঙুৰিবলৈ গৈছে সেইকাৰণে কোৱালিটি নষ্ট হ’ব নেকি? মই যেতিয়া আমাৰ মনিষীসকলক দেখোঁ, আমাৰ বৰণ্যে ব্যক্তি যিসকলক অনুসৰণ কৰিব পাৰোঁ  ড° ভূপেন হাজৰিকাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু যিমান ডাঙৰ ব্যক্তিসকল আছে তেওঁলোকৰ বিষয়ে পঢ়িলে বা শুনিলে আমি গম পাওঁ যে সৃষ্টিশীলতা আচলতে বান্ধি ৰাখিব পৰা বস্তু নহয়। গতিকে ধৰক মই কবিতা লিখিছিলোঁ সেইকাৰণে গীত আকাৰে লিখিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মানুহে আকোৱালি লৈছে ইপিনে মই কমপ’জ কৰিবও পাৰোঁ। এটা কথা কি হয় মই গীত লিখোঁ বা লিখিবলৈ চেষ্টা কৰোঁ মই নিজকে গীতিকাৰ বুলি ক’বলৈ ভয় খাওঁ। কিন্তু লিখিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা মই নিজকে প্ৰশ্ন কৰোঁ মই বেছি বস্তু সাঙুৰিবলৈ গৈছোঁ নেকি? পিছত মই নিজকে বুজিবলৈ চেষ্টা কৰোঁ আনকি মই মোতকৈ জুনিয়ৰ ল’ৰা-ছোৱালীবৰক  উপদেশ দিওঁ যে আচলতে কাম এটা কৰিলে মানুহৰ ব্ৰেইনটো ইউজ কৰি শেষ কৰিব নোৱাৰে। গতিকে মই গীত লিখোঁ লগত যদি সংগীত সংযোজনা কৰোঁ তেতিয়া সেইটো মোৰ কাৰণে কেতিয়াও মাইনাছ পইণ্ট নহয় কাৰণ মোৰ যদি সংগীত সংযোজনা কৰা অভিজ্ঞতাখিনি থাকে তেতিয়া ভৱিষ্যতে যাৰ কাৰণে গান লিখিম, ধৰি লওক গান এটা আপোনাৰ কাৰণে কৰিব গৈ আছোঁ, গানটো লিখিম আৰু সংযোজনা কৰিম। কিন্তু মোৰ সংগীত সংযোজনাৰ অভিজ্ঞতা থকাৰ কাৰণেই মোৰ আপোনাৰ লগত গানটো কৰোঁতে সহজ হ’ব। তেনেকৈ মই আপোনাক কৈছোঁ সাতটামান মিউজিক ভিডিঅ’ কৰিছোঁ। মই নিজকে ভিডিঅ’ মেকাৰ বুলি নাভাবোঁ বা ভিডিঅ মেকিঙত মোৰ কিমান দখল আছে নাজানো। মই এইবিলাককো অনুপ্ৰেৰণা বুলি ক’ব পাৰোঁ যে ড° ভূপেন হাজৰিকাই বোলছবি নিৰ্মাণ কৰিছিল৷ তেনেকুৱা ধৰণৰ কথাৰ পৰাও মই যথেষ্ট অনুপ্ৰাণিত। মোক সুধিছে দুই এগৰাকীয়ে আপুনি কিয় মিউজিক ভিডিঅ’ কৰে। মিউজিক ডিৰেক্টৰ হিচাপে ভৱিষ্যতে বোলছবি নিৰ্মাণ কৰা পৰিকল্পনা আছে নেকি? মই কওঁ মই জীয়াই থাকোঁতে এখন বা দুখন বোলছবি কৰিবও পাৰোঁ। কিন্তু নিজকে বোলছবি নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নহয়, মিউজিক ভিডিঅ’ মেকাৰ হিচাপে নহয়। মই অভিজ্ঞতা আহৰণৰ কাৰণেহে। কাৰণ এতিয়া মই দেখিছোঁ যে এতিয়া প্ৰায়বিলাক মিউজিক ভিডিঅ’ তৈয়াৰ হয়, এই ভিডিঅ’বোৰ তৈয়াৰ হওঁতে বহুতে আমাক সুধিও দিয়ে যে মিউজিক ভিডিঅ’টো আপুনি কি ধৰণেৰে হোৱাতো বিচাৰে? যেতিয়া মিউজিক পৰিচালনা কৰাৰ অভিজ্ঞতা থাকিব তেতিয়া মই সেই পৰিঘটনাটোত মোৰ যি অভিজ্ঞতা ক’ব পাৰিম। এতিয়ালৈকে সাতটামান হ’ব মই মিউজিক ভিডিঅ’ পৰিচালনা কৰিছোঁ। তাৰ ভিতৰত মই সৌভাগ্যৱান যে অনিন্দিতা পলে গোৱা ‘বকুল ফুলৰ দৰে’ হীৰেণ ভট্টাচাৰ্যদেৱৰ সেই ভিডিঅ’টোত তেখেত ওলাইছিল, তেখেতে নিজে শ্বুটিংত আছিল। সেই ভিডিঅ’টোৰ মেকিংৰ জড়িয়তে মই তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ। গতিকে মোৰ কাৰণে কিমান এটা ডাঙৰ সৌভাগ্যজনক কথা। তাত মই ভিডিঅ’ৰ কথা শিকিছোঁ। যিহেতুকে মই ফিল্ম, ভিডিঅ’ মেকিং জগতখনৰ লগত জড়িত টেকন’লজীটোৰ বিষয়ে গোটেই কথাখিনি জানি কাইলৈ এটা সংগীত কৰাত যথেষ্টখিনি সুবিধা হয়। গীত এটা লিখোঁতেও যথেষ্ট সুবিধা হয়। গতিকে মোৰ অভিজ্ঞতাখিনি গোটাবৰ কাৰণে মই তেনেকুৱা ধৰণৰ কাম কৰি যাওঁ। মই ভাবোঁ যে এইখিনিয়ে মানুহক কেতিয়াও লোকচানত নেপেলায়। কথাটো তেনেকুৱা।

ফটাঢোল: এইবাৰ আমি এটা কথা জানিব বিচাৰিম যে আপুনিতো বহুতো সুন্দৰ সুন্দৰ গান লিখিছে৷ আপোনাৰ  lyrics বহুত অৰ্থপুৰ্ণ৷ বহুত ভাল ভাল গায়কে গাইছে, জয় বৰুৱাৰ নিচিনা গায়কে বহুত কেইটা গান গাইছে৷ দিক্ষুৱে ইমান জনপ্ৰিয় গান গাইছে৷ তাৰ যিটো  lyrics বহুত অৰ্থপুৰ্ণ কিন্তু এইখিনিৰ বিপৰীতে আজি কালি যিটো অসমীয়া গানৰ  trend বৰ্তমান সস্তীয়া জনপ্ৰিয়তা আৰ্জিবলৈ ওলাইছে এই বিষয়ত আপোনাৰ মতামত কি?

 ইবচন লাল বৰুৱা: প্ৰথম কথাটো হ’ল, যিখিনি গানৰ কথা Mention কৰিব খুজিছে সেইখিনিৰ বাবে trend শব্দটো মই এইবাবেই লগাব নোখোজোঁ কাৰণ এইখিনি গানৰ ক্ষেত্ৰত trend কি এতিয়া পৰিলক্ষিত হৈছে বা নতুন কৈ হ’ব। যদি এইখিনি আমি আজি ২০১৮ চনৰ  নবেম্বৰ ১৮ তাৰিখে আমি কথা পাতি আছোঁ, এই তাৰিখত মই যথেষ্ট আশাবাদী নতুন সংগীতৰ ধাৰাটোলৈ৷ আজিৰ দিনটোত মোৰ হাতত এনেকুৱা বহুত কেইগৰাকী হয়তো একেলগে নাম ল’বলৈ থাকি যাব বহুত কেইগৰাকী নৱাগত গায়ক-গায়িকা, শিল্পী,  কম্পজাৰ বহুতখিনি ওলাইছে যাৰ গানে আকৌ নতুন কৈ মানুহৰ মন চুই যাব পাৰিছে। এতিয়া নতুন নৱাগতৰ ভিতৰত কিছু ল’ৰা ওলাইছে মই আপোনাক নামৰ সৈতে ক’ব পাৰিম আমাৰ শংকুৰাজ কোঁৱৰ নামৰ ল’ৰাজনে খুব ক্যাবিক ধৰণৰ গান লিখিছে produce কৰিছে, নিলোৎপল বৰাই কৰি আছে, চন্দন দাস নামৰ ল’ৰাজন আছে ‘অ বড়ো’ গানটো গাইছে ময়ে লিখিছোঁ৷ তাৰ পিছত অৰূপ জ্যোতি নামৰ পাঠশালাৰ ল’ৰা এজন আছে৷ তাৰ পিছতে নিল আকাশহঁতেও যথেষ্ট ভাল গান কৰি আছে৷ In fact মানুহে ৰেপ গাই বুলি তাক তাচ্ছিল্য কৰিছে কিন্তু মই কুসুম কৈলাসকো ব্যক্তিগতভাৱে লগ পালোঁ৷ তেওঁ যিখিনি কাম কৰিছে তাত যথেষ্ট সমাজ সচেতনতা আছে৷ মানুহে কিছুমান ভুল বিচাৰ আৰু ভুল ধাৰণা লৈ আছে৷

ফটাঢোল: তাতে মেলডিও যথেষ্ট ভাল৷

ইবচন লাল বৰুৱা: আছে, কথাখিনি মানুহে যিদৰে বুজিবলৈ চেষ্টা কৰে, ৰেপটো বেয়া মিউজিক নহয় পৃথিবীৰ আগশাৰীৰ মানুহে ৰেপ মিউজিকটো বৰ ধুনীয়াকে কৰে৷ এমিনামৰ গীত শুনিবলৈ, পৃথিবীৰ ডাঙৰ ডাঙৰ ৰেপাৰ বিলাকৰ তেনেকৈ মই দেখিছোঁ কুসুম কৈলাসৰ যিখিনি  lyrics আছে, lyrics খিনি বৰ ধুনীয়া লিখে তেওঁ৷ সমাজ সচেতনতা আছে তাত তাৰোপৰি আমি নতুনক আদৰি ল’ব পৰা সাহসকণ লাগিব কিন্তু তাৰ মাজত অকল নতুন চামক দোষ দি থাকিলে নহ’ব মই দেখিছোঁ মোৰ সমসাময়িক তথা কথিত জনপ্ৰিয় শিল্পীয়ে বহুকেইটা জেগাত  compromise কৰিছে৷ তেওঁলোকৰ গীতত অশালীন শব্দ আহিছে বা তেওঁলোকে কিছু যোগ দি দিছে। যুক্তি দিয়াৰ কি দৰকাৰ আছে।

ফটাঢোল: জনপ্ৰিয়তা পোৱাৰ কাৰণে এইটো এটা বিতৰ্ক কৰিছে বুলি ক’ব খোজে নেকি?

ইবচন লাল বৰুৱা: এটা কথা কওঁ, আপুনি ধাৰাটোৰ কথা ক’লে৷ আমি অকল সাধাৰণ শ্ৰোতাই নহয়৷ আমাৰ মিডিয়া জগতে সমালোচনাটো ভুলকৈ কৰে৷ মই দেখিছোঁ যে অসমত খেমতা আছে৷ খেমতা তালৰ প্ৰয়োভৰটো বহুত বেছি৷ এতিয়া এচামে কয় অকল খেমতা তালত গালে গানটো বেয়া বুলি কৈ দিয়ে৷ একেচাতে খেমতা তালৰ গান মানে বেয়া হ’ব নোৱাৰে বা এটা অকমান পাতল ধৰণৰ গান বেয়া নহ’বও পাৰে৷ ধৰক এতিয়া মোৰ দেউতাৰ ক্ষেত্ৰতে মই দেখিছিলোঁ৷ যিটো সময়ত তেওঁ “এটা শগুন দুটা শগুন জাক জাক শগুনৰ জাক অসমী চোতালত বহিবলৈ আহিছে, খেদিবলৈ মাতোঁনো কাক” বুলি গান গাইছে সেইখিনি সময়ত চহা দৃষ্টিভংগীৰে চহা মানুহখিনি বাবে “চেনাই তই আহিবি বিহুলৈ” এনেকুৱা  ধৰণৰ গীত গাইছে৷ গতিকে গীতত সেই  Variety টো নিশ্চয়কৈ থাকিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এজন মানুহে গীত গাইছে৷ তেওঁ সংস্কৃতিৰ সাধক সংস্কৃতিৰ সাধকজনে কেতিয়াও বিজতৰীয়া সংস্কৃতি আনি দিব নালাগে৷ সমাজখনৰ ক্ষতি কৰিব পৰা বস্তু আনিব নালাগে য’ত অশ্লীলতা বা সামাজিক পৰিবেশ প্ৰদুষণ কৰিব পৰা বস্তু থাকে৷ সেই ক্ষেত্ৰত তেওঁৰ বিবেচনা শক্তিটো থাকিব লাগে৷ কথাটো ইমানেই কোনেও কাকো ধৰি বান্ধি ৰাখিব নোৱাৰে৷

ফটাঢোল: আপুনি ক’ব খোজে যে আমিও নতুনত্বক গ্ৰহণ কৰিব পাৰিব লাগিব বা পৰা নাই এতিয়ালৈকে…

ইবচন লাল বৰুৱা: নাই আৰু ড° ভুপেন হাজৰিকা দেৱে কৈছে  change is inevitable আৰু পৰিবৰ্তনশীল হ’ব লাগে৷ সেই পৰিবৰ্তনক আকোৱালি ল’বৰ বাবে সেই পৰিবৰ্তনৰ যিখিনি ভাল হয় সেইখিনি বিবেচনা কৰি আকোৱালি ল’বলৈ সাহসটো থাকিব লাগিব, কাৰণ সময় সলনি হৈ গৈ আছে এটা সময়ত হয়তো ধুতিৰ পৰা পেণ্ট পিন্ধোঁতে হাঁহিছিলে এতিয়া আমিতো ধুতি নিপিন্ধোৱেই সেইবাবে ভৱিষ্যতে কি হ’ব এতিয়াৰ পেণ্ট গৈ যে underpant নহয় সেইটো চিন্তা কৰিব লাগিব৷

ফটাঢোল: হয়৷

ইবচন লাল বৰুৱা: কথাটো তেনেকুৱা আৰু৷

ফটাঢোল: ঠিক আছে, ইয়াৰ পিছত আৰু এটা প্ৰশ্ন৷ আমি আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ৷  ব্যক্তিগত মানে কামৰ কথালৈ বৰ্তমান আপুনি কি কি মেইন কামত engaged হৈ আছে?

ইবচন লাল বৰুৱা: বৰ্তমান মই এই সদ্য সমাপ্ত এখন বোলছবিৰ কাম শেষ কৰিলোঁ৷ প্ৰখ্যাত জাহ্নু বৰুৱা দেৱৰ ‘ভগা খিৰিকী’৷ সেইখনৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে৷ সেইখনৰ আৱহ সংগীতৰ কাম কৰিলোঁ৷ সেইখন মুক্তি হোৱা নাই এতিয়ালৈকে৷ Film Festival ৰ বাবে পঠোৱা হৈছে আৰু দুখন বোলছবিৰ কাম এখনৰ নাম থিৰ হৈছে অতি সোনকালে মুক্তি পাব আৰু নতুন  production নৱ যুৱক কেইজনমানৰ উদ্যোগত হৈছে ‘উল্কা’ বুলি এখন, খুব মেচেজ থকা চিনেমা৷ এখন কম  বাজেটৰ চিনেমা কিন্তু দৰ্শকে strong মেচেজ পাব। “উল্কা”  অন্ধ বিশ্বাসৰ ওপৰত ধুনীয়া চিনেমা৷ দুটা গীত আছে৷ এটা পাপন অংগৰাগ মহন্তৰ এটি জুবিন গাৰ্গে গাইছে দুটা গীতে ৰাইজে ভাল পাব বুলি আশা কৰিলোঁ তাৰ পিছত এখন বোলছবি বিষয়ে মই already চুক্তিবদ্ধ হৈছোঁঁ৷ নাম থিৰ হোৱা নাই তাৰোপৰি ‘ভগা খিৰিকী’ বোলছবিখনৰ অনিন্দিতা পলে বৰ ধুনীয়া গীত গাইছে৷ সেইটো গীতো ৰাইজৰ মাজলৈ দিব পৰা হোৱা নাই৷

ফটাঢোল: সেই গীতটো আপুনি লিখিছে নেকি ?

ইবচন লাল বৰুৱা: লিখা, সংগীত গোটেইখিনি এই কেইখন বোলছবিৰ music director হিচাপে কাম কৰি আছোঁ। Music director হিচাপে আৰু এখনত চুক্তিবদ্ধ হৈছোঁ সেইখনৰ নাম থিৰ হোৱা নাই তাৰোপৰি আৰু বোলছবিৰ কথা চলি আছে আৰু  bollywoodত দুখন বোলছবিৰ লগত কথা চলি আছে তেওঁলোকে মোৰ গান শুনি ভাল পাইছে৷ কিন্তু মই মুক্তি নোহোৱালৈকে তেওঁলোকৰ official announcement নোহোৱালৈকে মই ক’বলৈ বেয়া পাম৷ তেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলি আছে৷ লগতে মই নিজাকৈ দীপৰ বিলৰ পাৰে পাৰে বুলি এটা গীত কৰিছিলোঁ৷ জানে বা শুনিছে নে? সেইটো মই নিজে গাইছিলোঁ৷ মই যদিও গায়ক নহয় মোৰ দেউতাই গান গাইছিলে এতিয়া ভাবিছোঁ বহুতে সামাজিক দায়বদ্ধতা বুলিও ক’ব পাৰে৷ সেইফালৰ পৰা মই নিজে গোৱা গীত কেইটা অতি শীঘ্ৰে release দিম৷

ফটাঢোল: অলপ বিতৰ্কিত প্ৰশ্ন এটা সুধিম। বিতৰ্কিত বুলি মই এইকাৰণেই কৈছোঁ যে এই মন্তব্যটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এই যে আপুনি ক’লে, মই চিনেমা বনাম, এই যে জুবিন গাৰ্গ তেওঁতো বহুত জনপ্ৰিয় গায়ক হাৰ্টথ্ৰব বুলি কয়। তেওঁ যে গান এৰি চিনেমা কৰিবলৈ ল’লে কিছুমানে কথাটো ভাল পোৱা নাই। আপুনি কি ক’ব?

ইবচন লাল বৰুৱা: প্ৰশ্নটো যদি চিনেমা কৰিব লাগে নে নেলাগে হয় তেন্তে কেতিয়াও কৰিব নেলাগে বুলি নকওঁ। মই বিচাৰোঁ তেওঁ চিনেমা কৰক। কিন্তু তেওঁ চিনেমাখন কৰি উঠি ভাল হ’ল বেয়া হ’ল সেইটো তেওঁৰ কেপাচিটিৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁক চিনেমা নকৰিবলৈ ক’বলৈ মই কোনো নহয়৷ আনকি তাত কোনেও একো ক’ব নোৱাৰে। কাৰণ, মই আগৰ প্ৰশ্নটোত এইখিনি কথাই ক’লোঁ যে জুবিন গাৰ্গৰ গানত অকল অসমৰে নহয়, ভাৰতৰে নহয় গোটেই পৃথিৱীৰে মানুহ মোহাচ্ছন্ন হৈ আছে। মানুহৰ অনুভূতিৰ যিখন সাগৰ আছে সেইখন যথেষ্ট দ, যথেষ্ট গভীৰ গতিকে তেওঁ চিনেমা এখন কৰিলে মই লাভ হ’ব বুলিয়েই আশাবাদী। দৰ্শকৰো, শ্ৰোতাৰো যথেষ্ট লাভ হ’ব বুলি আশাবাদী। এতিয়া কিবা বিশেষ চিনেমা এখন কৰি পেলাই দৰ্শক যদি তাৰপৰা সন্তুষ্ট হোৱা নাই সেইটো মই অকণমান ব্যক্তিগতভাৱে ক’বলৈ টান পাম। কিন্তু ইতিহাসত উদাহৰণ আছে যে বহুতো ভাল ভাল সৃষ্টিশীল মানুহৰ আদিতে কৰা কৰ্মৰাজি বহুতো সমালোচনাৰ সন্মুখীন হৈছিল বা ভাল হোৱা নাছিল। তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে কিন্তু কথাটো তেনেকুৱা নহয়। পিছত তেওঁলোকে বহুত লিজেণ্ডেৰী কাম এৰি থৈ গৈছে। কাইলৈ জুবিন গাৰ্গে হয়তো অসমক উচ্চ মানদণ্ডৰ বোলছবি এখন উপহাৰ দিব পাৰে। গতিকে তেওঁ কৰি থকাটো বাঞ্চনীয় তেওঁ কৰাটো উচিত। তেওঁ কৰিব খুজিছে তেওঁৰ সৃষ্টিশীল মনেৰে তেওঁ কৰক। গতিকে কৰাটোত আমি তেওঁক সহযোগ কৰিব লাগে।

ফটাঢোল: আমি আপোনাৰ পৰা বহুত সময় ল’লোঁ আৰু বেছি দেৰি নকৰোঁ। শেষত এটা কথাই সোধোঁ আমাৰ ফটাঢোল আলোচনীখনৰ বহুত ভিউৱাৰচ্ আছে, বহুত সংখ্যক লোকে পঢ়ে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব? ইবচন লাল বৰুৱাই কি বাৰ্তা দিব যাৰ জৰিয়তে পঢ়ুৱৈ সকল অনুপ্ৰাণিত হ’ব?

ইবচন লাল বৰুৱা: মই বাৰ্তাটো গীতেৰেই দি দিম। আজি কেইবাবছৰ আগতে কৰা এটা গীত। যিহেতু ফটাঢোল হাস্যৰসৰ আলোচনী গতিকে ফটাঢোলে মানুহক জীয়াই থকাৰ কাৰণে ৰস দিব৷ ঠিক তেনেকৈ এটি গীতৰ মাজেৰে মই কথাখিনি ক’ব বিচাৰিছোঁ। গীতটি অকণমান গুণগুণাই দিছোঁ। গীতটি গাইছিল অংগৰাগ পাপন মহন্তই এখন বোলছবিৰ বাবে, গীতৰ সংগীত আছিল পৰাণ বৰকটকীৰ আৰু মই গীত লিখিছিলোঁ। গীতটি গুণগুণাই দিছোঁ। গানৰ কথাখিনি হাঁহিৰ লগত জড়িত। কথাখিনি এনেকৈ কৈছিলোঁ “হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব। ভাঙি-পাতি খুলি ক’বা, মনৰ দ্বিধা আঁতৰিব।” গতিকে হাঁহি এটি পিন্ধি ল’বলৈ মই সমগ্র শ্ৰোতাক অনুৰোধ জনাইছোঁ। আশা কৰোঁ ফটাঢোলেও ৰাইজক হাস্যৰস দি যাব আৰু জীৱনৰ লগত হাঁহি হাঁহি যুঁজিবলৈ অনুপ্ৰেৰণা যোগাব।

ফটাঢোল: ভাল লাগিল ইবচন৷ আপোনাৰ সাক্ষাৎকাৰ লৈ খুবেই অভিভূত হ’লো। আৰু অসমৰ ৰাইজে যাতে আপোনাৰ পৰা সদায় নতুন নতুন গীত পাওক তাকে কামনা কৰি আজিৰ সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছোঁ‌। ধন্যবাদ।

☆★☆★☆

10 Comments

  • Bikash

    সুন্দৰ

    Reply
  • ভাল লাগিল ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • ইবচন লাল বৰুৱা দেৱৰ বিষয়ে জানি ভাল লাগিল৷

    Reply
  • মনি দাস

    আমাৰ ফটাঢোল ৰ কাম বোৰ দেখি নথৈ সুখী….লগতে ইবছন লাল বৰুৱা দেৱৰ বিষয়ে জানি ভাল লাগিল

    Reply
  • Anonymous

    ভাল লাগিল সাক্ষাত্কাৰটো

    Reply
  • ৰিণ্টু

    হাঁ‌হি এটি পিন্ধি লোৱা, অনেক হাঁ‌হি বিয়পিব।

    একদম নিৰ্ঘাত সঁ‌চা কথা। খুব ভাল লাগিল তেখেতৰ বিষয়ে জানি।

    Reply
  • প্ৰাণজিৎ বৰুৱা

    মোৰ অতিকৈ প্ৰিয় গীতিকাৰ তেওঁ। তেওঁৰ বিষয়ে জানিবলৈ খুব উৎসুক হৈ থাকো। একে উশাহতে পঢ়িলোঁ। পঢ়ি এটা কথাই কম মানুহজন ভীষণ ইতিবাচক । তেওঁৰ পৰা শিকিব লগা বহুত আছে। সাক্ষাৎ কাৰ উচ্চ মানৰ হৈছে । ধন্যবাদ ফটা ঢোল ??

    Reply
  • অৰূপজ্যোতি

    অতি সুন্দৰ সাক্ষাৎকাৰ
    বহুত অনুপ্ৰাণিত হ’লো ইবচনদাৰ কথাৰ পৰা।
    ধন্যবাদ ফটাঢোল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *