ফটাঢোল

মিঠাইৰ টোপোলা – অসমী গগৈ

(ক)
মানুহজন এজন চৰকাৰী কৰ্মচাৰী। দুই তিনিটা বিভাগ সলনি কৰি কৰি এতিয়া খীৰতী গাইৰ দৰে এটা বিভাগৰ মুৰব্বী তেওঁ। এতিয়া তেওঁ আলাউদ্দিনৰ চাকিটো পোৱাৰ দৰেই হ’ল। ইচ্ছা কৰিলেই জিনৰূপী কৰ্তৃত্ব খটুৱাই তেওঁ সকলো কৰিব পাৰে। মন্ত্ৰী, বিধায়ক, বিয়াগোম ঠিকাদাৰকে আদি কৰি সকলো তেওঁৰ হাতৰ মুঠিত। মানুহজন মিঠাই খাই বৰ ভাল পায়। গতিকে ফোনতে হওক বা মুখামুখিকৈয়ে হওক, মিঠাইৰ অবিহনে তেওঁ কোনো কথাই নাপাতে। সদায় তেওঁ টোপোলাই টোপোলাই মিঠাই নিয়ে ঘৰলৈ। মিঠাইৰে তেওঁৰ ঘৰ উপচি আছে। ঘৰৰ প্ৰতিটো চুক কোণ মিঠাইৰ সুবাসেৰে ভৰি আছে। মুঠতে তেওঁৰ ঘৰত মিঠাইৰ পয়োভৰ দেখি অবাক হ’বলগীয়া অৱস্থা। সেইদিনাও তেওঁ দুশ কোটি টকাৰ ঠিকা আবণ্টনৰ বাবে ঠিকাদাৰে দিয়া গাভিনী গাইৰ পেটৰ দৰে ফিটফিটিয়া মিঠাইৰ পেকেটটো লৈ অফিচৰপৰা ওলাল। মিঠাইৰ আদান প্ৰদান কৰি, কথা কৈ কৈ শুকাই যোৱা ডিঙিটো, যোৱাৰ আগে আগে তিয়াই ল’লে তেওঁ। পানীৰে নহয়, ৰঙীন পানীৰে।

(খ)
বিলাসী গাড়ীত বাজি থকা গানৰ তালে তালে ৰিমঝিম আবেশেৰে গৈ থাকোঁতে ট্ৰেফিক পইণ্টৰ ৰঙা লাইটটো তেওঁৰ চকুতে নপৰিল। অৱশ্য তেওঁ ৰঙা লাইটলৈ কেৰেপ কৰা মানুহেই নহয়। ইতিমধ্যে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হওঁতেহে তেওঁৰ সম্বিত ঘূৰি আহিল। কনিষ্টবলজনৰ সৈতে আৰক্ষীৰ শীৰ্ষ বিষয়াজন আগুৱাই আহিল। আৰম্ভ হ’ল তৰ্ক বিৰ্তক। ট্ৰেফিক নিয়ম ভংগ, চিটবেল্ট নমৰাৰ লগতে মুখেৰে নিৰ্গত ৰঙীন পানীয়ৰ সুৱাসেৰে আলাউদ্দিনৰ চাকিৰ গৰাকী বিষয়াজন দোষী। হ’লে কি হ’ব! সকলোতো তেওঁৰ হাতৰ মুঠিত। কৰ্তৃত্ব খটুৱাবলৈ ধৰিলে মিঠাই ভালপোৱা মানুহজনে। উপায়বিহীন হৈ আৰক্ষী বিষয়াজনে মিডিয়াৰ সহায় লোৱাৰ কথা ক’লে। এইবাৰ পিছে চক খাই উঠিল মানুহজন। তেনেকুৱাতে গাড়ীৰ চিটত থকা মিঠাইৰ পেকেটটোৰ কথা মনলৈ আহিল তেওঁৰ। আৰক্ষী বিষয়াজনে মিঠাই ভাল পাবওতো পাৰে! হয় সেইজনো এজন মিঠাই ভালপোৱা মানুহ আছিল। মিঠাই খাই ভালপোৱা মানুহজনে আন এজন মিঠাই ভালপোৱা মানুহক মিঠাই খুৱালে।

(গ)
আৰক্ষী বিষয়াজনক এটা মিঠাইৰ টোপোলাৰ বৰ প্ৰয়োজন আছিল এইকেইদিনত। হওঁতে তেওঁৰ ওচৰত আছে কেইটামান মিঠাইৰ টোপোলা। কম হৈছে পিছে। একমাত্ৰ ল’ৰাটোক লৈ দেখা সপোনবোৰ পূৰ কৰিবলৈ মিঠাইৰ বৰ প্ৰয়োজন। আতোলতোল মৰমত ডাঙৰ হোৱা ল’ৰাটোৱে এইবাৰ হায়াৰ চেকেণ্ডেৰী পাছ কৰিছে। হায়াৰ চেকেণ্ডেৰী পাছ কৰা ল’ৰাটোৰ নামভৰ্তি কৰিলে মিঠাইতো খুৱাবই লাগিব। তাতে যদি কলেজখন দেশৰ আগশাৰীৰ ইঞ্জিনিয়াৰিং কলেজ হয় আৰু ল’ৰাৰ নাম যদি তালিকাৰ শেষৰ ফালে হ’লেও থাকে! নাম থকা কলেজখনৰ অধ্যক্ষজনো এজন মিঠাই খাই ভালপোৱা মানুহ আছিল। মানুহে কয় তেওঁ খোৱা মিঠাইৰ সুবাসে বহু যোজনলৈ আমোলমোলাই থাকে। আৰক্ষী বিষয়াজনে মিঠাইৰ পেকেটটো অধ্যক্ষজনকে দি দিলে। এইটো সময়ৰ মিঠাইৰ টোপোলাকেইটালৈ অধ্যক্ষজনে বৰ আকুলতাৰে বাট চায়।

(ঘ)
হয় মিঠাই খাই ভালপোৱা অধ্যক্ষজনে সেইদিনাই গধূলি সম্পত্তিৰ পাহাৰটো অস্বাভাৱিকভাৱে ওখ হৈ গৈ থকাৰ ফূৰ্তিত নিজৰ ঘৰত এটা পাৰ্টীৰ আয়োজন কৰিলে। চহৰৰ সকলোবোৰ মিঠাই খাই ভালপোৱা মানুহ একগোট হ’ল। মিঠাই খাই খাই চুচৰি যোৱা পেটবোৰ টানি টানি মানুহবোৰে পাৰ্টী খালে। পিছে সেইদিনা মিঠাই নহয়, ৰঙীন পানীয় আৰু মাছ মঙহৰ গোন্ধত তেওঁৰ ঘৰটো উটি যাওঁ যেন হ’ল। দোৰোল খোৱা জিভাৰে আটায়ে মিঠাইৰ পষ্টমৰ্টেম কৰি থাকিল। তেতিয়া কিন্তু কাৰো মনলৈ নাহিল ল’ৰালিত এটা ৰসগোল্লা খাবলৈ কৰা হাঁহাকাৰৰ কথা।

 

(ঙ)
পৰিবেশটো ৰঙা নীলাৰে ৰঙীন হৈ থাকোতেই এজন অতিথিৰ আগমন ঘটিল। অনিমন্ত্ৰিত অতিথি। বুজা নুবুজাৰ মাজেৰেই মিঠাই খাই ভালপোৱা মানুহকেইজনে নতুন অতিথিজনক শুশ্ৰুষা কৰিবলৈ লাগি গ’ল। ৰঙীন মানুহ নাছিল তেওঁ। ভোকৰ ভাতমুঠিৰ বাহিৰে আন একো খাই ভাল নাপাইছিল তেওঁ। একোকে খুৱাব নোৱাৰি আটায়ে মানুহজনক মিঠাই খাবলৈ অনুৰোধ কৰিলে, আটাইতকৈ দামী মিঠাইটো। হাঁহি এটা মাৰি মানুহজনে ক’লে, “মইহে আপোনালোকক কিবা এটা খুৱাওঁ বুলি ভাবিছোঁ”। মিঠাই খাই ভালপোৱা মানুহকেইজনৰ মুখবোৰ উজ্বলি উঠিল। মানুহজনৰ মুখলৈ চাই থাকিল তেওঁলোকে। “ৰঙাঘৰৰ ভাত, কাৰণ মই মিঠাই খোৱা মানুহ নহয়”। মিঠাই খোৱা মানুহকেইজনে এইবাৰ বিস্ফোৰিত নেত্ৰেৰে চাই থাকিল। প্ৰত্যেকৰে মনতে এটা কথাই পাকঘূৰণি খাই থাকিল, “আজিৰ দিনতো মিঠাই নোখোৱা মানুহ আছেনে!”

(একে নামৰ এখন নাটকৰ আধাৰত)

☆★☆★☆

14 Comments

  • Anjan Sadhanidar

    ভাল লাগিল পঢ়ি৷

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি অসমীবা

    Reply
  • খুব ভাল লাগিল ।
    বিশেষকৈ “..তেতিয়া কিন্তু কাৰো মনলৈ নাহিল ল’ৰালিত এটা ৰসগোল্লা খাবলৈ কৰা হাঁহাকাৰৰ কথা।..” আল্টিমেট ।

    Reply
  • Anonymous

    আন্তৰিক ধন্যবাদ।

    Reply
  • অভিজিত কলিতা

    সুন্দৰ। সঁ‌চা হওক আশাবোৰ। দুই এজন মিঠাই নোখোৱা মানুহ ওলাওক।তেহেলৈ লাগে তেও চুগাৰৰ ভয়তে মিঠাই নেখাওক।

    Reply
  • এক সমসাময়িক পৰিস্হিতিৰ বাস্তৱ ৰূপ৷বৰ ভাল পালোঁ পঢ়ি৷

    Reply
  • জিতা ফুকন

    ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল।

    Reply
  • Mitali Saharia

    ভাল লাগিল বা।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ ব্যঙ্গ ৰচনা । পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • হেমন্ত কাকতি

    মিঠায়ে সকলোকে কোঙা কৰি পেলালে৷ বৰ ভাল লাগিল অসমী৷

    Reply
  • কমলা দাস

    বৰ ভাল লাগিল অসমী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *