ফটাঢোল

ফেচবুক ধাবা – মৌচুম দাস

ফেচবুক ধাবাখনত
মাতাল হম আজি
প্ৰফাইলৰ মদিৰা পাণ কৰি
মাজে মাজে মেছেজৰ বুট খাম।
অলপ নিচা হলেই
লাইকেৰে
নটিফিকেচনৰ সোঁত বোৱাম
কমেণ্টৰ ধুম উঠিলেই
জিভা দোৰোল খোৱা বাৰ্তালাপ কৰিম

হা:হা:হা:
মাতাল হম আজি
ফেচবুকৰ দুনীয়াত
লাহে লাহে চূড়ান্ত নিচা হ’লেই
বিষাদৰ ষ্টেটাছ
বমি কৰিম
হোলোকা-হোলোক।

■■

Leave a Reply

Your email address will not be published. Required fields are marked *