ফটাঢোল

মহিষাসুৰৰ হাঁহি – প্ৰীতিশা গোস্বামী

মোৰ স্মৃতিৰ টোপোলা মেলি উলিয়াই অনা এই হাঁহিটো দুৰ্গা দেৱীয়ে নিধন কৰা মহিষাসুৰৰ হাঁহিৰ তুলনাত কোনো গুণে কম নহয়। ক’ব পাৰি সাইলাখ একে!! অত্যন্ত ভয়ঙ্কৰ…যেন দহ মুৰীয়া অসুৰৰ অট্টহাস্য। সকলোৱে বুজাকৈ অলপ বহলাই কওঁ, এই হাঁহিৰ ৰহস্য।

শীতৰ দিন তেতিয়া । আইতা ঢুকোৱাৰ অশৌচ পালন কৰি আছিলোঁ । আইতা বৰদেউতাৰ ঘৰত আছিল বাবে সকামৰ সকলো কাম-কাজ তাতেই চলিছিল। ঘৰৰ আঁতৰত থকা খুড়া-খুড়ী, পেহা-পেহী, দাদা-ভাইটিৰে ঘৰ ভৰপূৰ তেতিয়া। সেইকেইটা দিনত স্কুল অথবা পঢ়া-শুনা নাছিল যিহেতু আমি পিলিঙাকেইজনে দিন-ৰাতি একাকাৰ কৰি কেৱল আড্ডা মাৰি কটাইছিলোঁ। দিনত কেৰম, লুদু, তাচ, লুকা-ভাকু খেলোঁ; অৱশেষত এইবোৰ খেলে এটা সময়ত আমুৱালে। কিবা নতুন খেলৰ চিন্তা কৰিলোঁ ।

এদিন তেনেকৈয়ে আমাৰ ঘৰৰ চোতালত জুই পুৱাই আছিলোঁ । আমাৰ কিবা এটা বেলেগ খেল খেলাৰ কথা মুৰত সোমালে। আমি ল’ৰা-ছোৱালী প্ৰায় পাঁচ-ছজন, আটায়ে তেতিয়া হাইস্কুলীয়া। দুজনমান অলপ সৰু। বৰদেউতাৰ ঘৰৰ পিছতে খুড়াৰ ঘৰ, তাৰপিছতহে আমাৰ ঘৰ। আমাৰ গেংটো একেলগ হ’লে কি কৰোঁ ঠিক নাই বাবে আমাক ৰাতি চিঞৰ-বাখৰ বা দৌৰা-দৌৰি নকৰিবলৈ সদায় সকীয়নি দিয়ে থৈছিল । মাজে মাজে আহি দেউতাহঁতে আমাক চায়ো গৈছিল । সেইদিনা আমি নতুন খেল এটা উলিয়ালোঁ; কোনে কিমান জোৰে হাঁহিব পাৰোঁ তাৰেই প্ৰতিযোগিতা । হাঁহিটো ঠিক মহিষাসুৰৰ দৰে হ’ব লাগিব !এজন এজনকৈ আমি হাঁহি গ’লোঁ….. যিয়ে যিমান জোৰে আৰু বিকৃতকৈ হাঁহিব পাৰোঁ, আমি উৎসাহত হৈ হাঁহি গৈছিলোঁ একেলগে ।

শীতৰ দিনৰ কথা, গাঁৱবোৰত ন বজাতে বহুত ৰাতি, বেছিভাগ মানুহে শুই নিঃপালি দিছিল সেইসময়ত। আমাৰ নিৰ্দোষ হাঁহিয়ে লাহে লাহে কি ভয়ঙ্কৰ ৰূপ লৈছিল আমি ভাবিবই পৰা নাছিলোঁ । কামত ব্যস্ত থকা খুড়া-বৰদেউতাহঁতে আমাৰ কিবা বিপদ-আপদ হোৱা বুলি ভয় খালে। আমি কন্দা-কটা, চিঞৰ-বাখৰ কৰা বুলি ভাবি ল’লে । সেইসময়ত আমাৰ গাঁও অঞ্চলবোৰত উগ্ৰপন্থীৰ সঘন সৰবৰাহ চলিছিল । তাতে আকৌ আমি তিনিজনী আছিলোঁ ন-গাভৰু। খুৰাহঁতে কিবা ডাঙৰ বিপদৰ গোন্ধ পাই যিয়ে যেনেকৈ পাৰে হাতত দা-কটাৰী, যাঠি-জোং লৈ দৌৰি আহিল। এইপিনে আমিও ভয় খালোঁ….ডকাইত-চকাইত আহিল বুলি!

আমাৰ হাঁহি বন্ধ হ’ল। সকলোৱে প্ৰকৃত ঘটনা তৰ্কিব পাৰি আমাক নানান গালি আৰু ভৰ্ৎসনাৰে থকা -সৰকা কৰিলে। আমাৰ কাৰণে বহুত ওচৰ-চুবুৰীয়াৰো টোপনি ভাগিল। একেবাৰে নিধন নহ’ল যদিও কেইবাদিনলৈ আমাৰ মহিষাসুৰ হাঁহি বন্ধ হ’ল! স্থগিত হৈ থাকিল সেই হাঁহি….! সেইদিনাৰ পিছত আৰু জুইৰ খোলাত মিলিত হোৱা দেখা নগ’ল মহিষাসুৰসকলক!!

■■

Leave a Reply

Your email address will not be published. Required fields are marked *