ফটাঢোল

কুনিয়াই এই দুটা – নৱজিত বৈশ্য

ঘিটমিটকৰে আন্ধাৰ
ধুমাখুন্দা বৈহ্ৰান

এটা ভাঙা ছাতাৰ তলোত
তুমি আৰু মই

দেউতাৰ গজ্জেনি
ঘনে-ঘনে চিকিমিকি

জপং…
খামচা মাৰি ধৈল্লা
তুমি মোৰ হাতোত

আৰু চিকিমিকি…
ৰাস্তাৰ কাখোৰ আইটাটুত
দেখলু ছাটামাটা
মস্তো এটা চেং…

অকাস্মাৎ বাইপেৰেৰ মাত
“কুনিয়াই এই দুটা…?!”

“ও খট্টে আমি দ্যাআ…!!”

[বৈহ্ৰান- বৰষুণ
ছাতা- ছাতি
আইটাটুত- নলাটোত
ছাটামাটা- চকামকা
খট্টে- খুড়া]

■■

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *