ফটাঢোল

মূৰ্খ – বৰ্ণালী ডেকা

২০১১ চনৰ কোনোবা এটা দিনৰ ঘটনা, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ৷ জীৱনত প্ৰথমবাৰ চাকৰিৰ বাবে পৰীক্ষা দিব যাম ৷ পৰীক্ষা কেন্দ্ৰ উলুবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল ৷ গুৱাহাটীত নতুন, তাতে বিশ্ববিদ্যালয়ৰ পৰা বহুত দূৰ হয় ৷ গতিকে সময়তকৈ দুঘণ্টামান আগেয়ে গৈ হাজিৰ হ’লোগৈ ৷ প্ৰথমবাৰ এনেকৈ কিবা পৰীক্ষা দিম কাৰণে এনেয়ে অলপ ভয় খাই আছোঁ, তাতে আকৌ গেটত এটাই লম্ভিলেই নহয় ৷ বোলে অকলে আহিছা, পঢ়িছানে, নাম কি, ঘৰ ক’ত বহুত কিবা-কিবি প্ৰশ্ন ৷ মনে মনে ভাবি আছো গেটখন কেতিয়া যে খুলিব ৷ কেতিয়া যে এই কামোৰটোৰ পৰা মুক্তি পাম ৷

অৱশেষত নিৰ্দিষ্ট সময় হোৱাত গেটখন খোল খালে ৷ ময়ো ৰক্ষা পালো ৷ ‘ছিট প্লেন’ চাই নিজৰ ৰুমটো বিচাৰি নিজৰ ছিটত বহি ললো ৷ পৰীক্ষা দিওঁ দিওঁ লাগিয়েই আছে মোৰ ৷

কিন্তু এইয়া কি? ? মোৰ ওচৰত দেখোন গেটত পোৱা কামোৰটো ৷ মোলৈ চাই হাঁহি আছে…বোলে মইয়ো তোমাৰ ওচৰতে পৰিছো ৷ ভাবিলোঁ কি কপাল, এইটোৱেই বাকী আছিলগৈ মানে ৷ অলপ পিছত পৰীক্ষা সঞ্চালক আহি তাক উঠাই দিলে ৷ সেইটো তাৰ ছিটৱেই নহয় হেনো ৷ সি বেলেগ ৰুমলৈ গ’ল আৰু ময়ো ৰক্ষা পৰিলো ৷ পিছত বাহিৰলৈ চালেই তাক দেখো ৷ সি মানে নিজৰ ৰুম বিচাৰি পোৱাই নাই ৷ মনে মনে ভাবিলো- “মানুহ ইমানো মূৰ্খ থাকেনে? ? ? ?”

ঘণ্টা বাজিল ৷ পৰীক্ষা আৰম্ভ হ’ল ৷ প্ৰশ্ন কাকত খন দেখি হাঁহি উঠিল ৷ ইমান সহজ প্ৰশ্ননো দিয়েনে! ‘মাল্টিপ’ল চইচ’ প্ৰশ্নবোৰৰ উত্তৰ কৰাত লাগি গ’লো ৷ একদম দিল খুচ, সব পাৰিছো যে ৷ মাজে মাজে পৰিদর্শকজন মোৰ ওচৰলৈ আহে অলপ সময় চাই কিবা ভাবে আৰু গুচি যায় ৷ ভাবিলোঁ এনেকৈ সব উত্তৰ কৰিব পৰা কাকো দেখা নাইতো আজিলৈকে সেয়ে মোক চাই চাই গৈ থাকে ৷ বন্ধু এজনে শিকাই পঠাইছিল নম্বৰটোত গোলকৈ গোল্লা বনাবি আৰু চাবি যাতে বাহিৰত চিয়াঁহী নেলাগে ৷ ময়ো সেইবাবে খুউব সাৱধানে গোল্লা বনাই গৈছোঁ ৷

দুঘণ্টা শেষ হ’ল ৷ সকলোৱে উত্তৰবহী জমা দিছে ৷ মইয়ো গৈছো দিব ৷ কিন্তু এইয়া কি হৈছে? সবেই গোলাপী ৰঙৰ কাগজ কিয় জমা দি আছে, উত্তৰ কৰাখন নিজৰ লগত লৈ ওলাই গৈ আছে দেখোন…! সবকে দেখি মইয়ো গুলপীয়াখনকেই দি আহিলো ৷ সব খেলিমেলি হৈ গ’ল ৷ কাৰণ মই যিখন জমা দি আহিলো তাতটো মই একো কৰাই নাছিলো ৷ মই মানে ইমান দেৰি প্ৰশ্ন কাকতখনতহে গোল্লা বনালো…! পৰীক্ষা পৰিদৰ্শন কৰাজন মোৰ ওচৰলৈ মানে সেইকাৰণেহে আহি আছিল… আৰু যে গুলপীয়া কাগজখিলা দিছিল যে লগত, সেইখনহে মানে উত্তৰবহী আছিল। নিজৰ ওপৰতেই খং উঠি মুৰটো দেৱালত মাৰি দিব মন গ’ল।

ওলাই আহি গেটত বন্ধু হ’ব অহা কামোৰটোক আকৌ পালোঁ, তাক ক’লো কথাখিনি ৷ সি চিঞৰি উঠিল “কি? ? ? ? ? মানুহ ইমানো মূৰ্খ থাকেনে? ? ? ? ?”

■■

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *