ফটাঢোল

নাচিমাৰ মিঠা হাঁহি – অনুৰাগ হাজৰিকা

২০০৮ চনৰ কথা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত আগতে পঢ়ি থকা হাইস্কুল খনতে নাম ভৰ্তি কৰিলো। কাৰণ আগৰ পৰাই পঢ়ি থকাবোৰে বাকীবোৰৰ আগত লেবেল মাৰিব পাৰি। ছোৱালীৰ কথা বেলেগ।

ঘৰৰ পৰা১ কিলোমিটাৰ আতঁৰৰ হাইস্কুলত সোনকালে আহি ক্লাছ ৰুমত বহি থাকো নতুন নতুন ছোৱালী বোৰৰ লগত চিনাকি হোৱা আশাত, মই সৰু পৰাই ছোৱালী বোৰক দুই এদিনতে মন ভুলাব পৰা বিধৰ ল’ৰা আছিলো। সেই সময়তো কথাই বেলেগ, পুৰণি ছাত্ৰ হয় অলপতো অহংকাৰ থাকিব‌ই।
এক দুই মাহ পাৰ হ’ ল বহুতৰ লগত চিনাকি হৈ কথা বতৰা পতা আৰম্ভ কৰিলোঁ। বহুতৰ পিয়নো হ’লো, কিন্তু মোৰ নিজৰ কাৰণে বিচাৰি পোৱা নাই। নৱাগত আদৰণি সভাৰ দিনা কথা যিহেতু মই হাইস্কুলৰ পুৰণি ছাত্র সেই দিনা বাকী বোৰৰ আগতো অলপ লেবেল মাৰিব‌ই লাগিব, তাতে ছাৰ বাইদেউ সকলৰো প্ৰিয় ছাত্ৰ গতিকে গাখীৰতে মহৰ খুঁটি। সেই দিনা গধুৰ দায়িত্ব মানে অনুষ্ঠান আৰম্ভণি হোৱা সময়ত গীত পৰিবেশন কৰা গ্ৰুপটো চোৱা চিতা কৰা দায়িত্ব মোৰ, ধুনু ধুনু ছোৱালী থকাৰ কাৰণে অলপ বেছি গধুৰ হল দায়িত্ব।

আহিল ছোৱালীবোৰ, কিন্তু এয়া কি!!!

হাই মোৰ হৃদয় !!!!

সদায় দেখি থকা ছোৱালী জনী যে সেইদিনা ইমান মৰম লগাজনী হৈ আহিব মই সপোনতো ভবা নাছিলোঁ। আহিয়েই যিটো হাঁহি মাৰিলে মোলৈ চাই আজিও পাহৰিব পৰা নাই, আজি আপোনালোকৰ মাজত যি নামে মই পৰিচিত সেই নামটো তাইয়েই দিয়া “অনুৰাগ”। প্ৰেমৰ প্ৰস্তাৱ সেই দিনাই প্ৰথম পাইছিলোঁ তাকো ছোৱালীৰ পৰা, মই কেনেকৈ না বুলি ক’ম। লগৰ সকলোৰে আছে মোৰহে নাই গতিকে এই সুযোগ হেৰুৱাব পাগলটোহে, লগা লগ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। তাই দিয়া প্ৰেমৰ প্ৰথম উপহাৰ আজিও লগত ৰাখিছোঁ। সেই সময়ত যিহেতু সকলোৰে হাতত মোবাইল নাছিল, সেইয়ে ক্লাছৰ সময়তে লগ পাইছিলোঁ তাইক তাকো টিফিন সময়ত ৩০ মিনিটৰ কাৰণে। তাইৰ কাৰণে সেই দুইবছৰ এদিনো ক্লাছ খতি কৰি পোৱা নাছিলোঁ তাই আহক বা নাহক মই সদায় যাওঁ। লাহে লাহে দ্বাদশৰ ফাইনেল পৰীক্ষা কাষ চাপি আহিল, এদিন হঠাৎ তাইৰ মুখত শুনিবলৈ পালোঁ তাইৰ বোলে নিকাহৰ দিন ধাৰ্য্য কৰা হৈছে।

পৰীক্ষাৰ হেঁচাত কথাটো মই গুৰুত্ব দিয়া নাছিলোঁ। পৰীক্ষা শেষ হল, নাই কোনো খৱৰ খাতি মন একেবাৰে বেয়া। ফলাফল ওলোৱা দিনৰ কথা হঠাৎ দুয়োৰে মুখামুখি হ’লো মানে নাচিমাৰ স্বামী আৰু তাইক একেলগে দেখিলো, নিজৰ চকুৰ ওপৰত বিশ্বাস হোৱা নাই। ফলাফল বাদ দিলোঁ চিধাই দত্ত হোটেলত গৈ খঙতে লগৰবোৰক পাৰ্টি খোৱাই দিলোঁ, ব্ৰেক আপ পাৰ্টি।

প্ৰথম প্ৰেমতে মাৰ খালো সেয়ে চাগৈ আজিলৈকে প্ৰেমত সফল হব পৰা নাই।

☆★☆★☆

3 Comments

  • প্ৰীতম

    জীৱনৰ প্ৰথম প্ৰেম আৰু প্ৰথম ফেচবুক একাউণ্টটো জীয়াই ৰখা অতি কঠিন বুলি বিল গেটছে ভাগৱত শাস্ত্ৰত লিখি থৈ গৈছে ।

    Reply
  • ৰাস্না বৰা

    দুখ লাগিল দেই। সুন্দৰ প্ৰকাশ ভঙ্গী

    Reply
  • Anonymous

    নামটো কিন্তু বৰ ধুনীয়া দিছে দে অনুৰাগ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *