Alternate History – জ্যোতিৰূপম দত্ত
বিগত মাহৰ ‘ফটাঢোল’ আলোচনীখনত অভিজিত কলিতা ৰচিত ‘বৃটিছৰ দুৰৱস্থাৰ হেতু’ শীৰ্ষক লেখাটোৰ প্ৰসংগতে দুটামান কথা কবলৈ ওলাইছো৷ ‘ভিন্নস্বাদ’ শিতানত প্ৰকাশ হোৱা তীব্ৰ ব্যংগ আৰু প্ৰতীকি ব্যঞ্জনাৰে সমৃদ্ধ যথেষ্ঠ উন্নতমানৰ লেখাটোৱে পঢ়ুৱৈক যথাৰ্থতে চিন্তাৰ খোৰাক দিবলৈ সমৰ্থ হৈছে৷ এই লেখাটোত বৃটিছসকল যদি এসময়ৰ পৰাক্ৰমী অসমীয়াৰ অধীন হ’লহেতেন আৰু অসমীয়াৰ পৰা স্বাধীনতা (!) লাভ কৰাৰ পাছত বৃটেইনত বাস কৰা বৃটিছসকলে কেনে ধৰণৰ দুখ-দুৰ্গতিৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰে নিখুঁত চিত্ৰ এখন ফুটাই তুলিছে৷
এই লেখাটোৱে মোক এক অনন্য ৰসৰ সোৱাদ দিলে৷ অসমীয়া সাহিত্যত এনে ধৰণৰ লেখা বিৰল বুলিয়েই কব লাগিব৷ এই লেখাটোৱে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এখন সুকীয়া জগতৰ সৈতে মোৰ দৰে পঢ়ুৱৈসকলক চিনাকী কৰাই দিলে৷
এনে লেখা বোৰক Alternate History (বৈকল্পিক বুৰঞ্জী) বুলিও কব পাৰি৷ Alternate History ৰ দৰে বিচিত্ৰ আৰু অদ্ভুত জগতখনৰ সৈতে মোৰ প্ৰথম চিনাকী হৈছিল ‘আমাজন প্ৰাইম’যোগে প্ৰচাৰিত এটা টিভি চিৰিজৰ যোগেৰে৷ সিদিনা এই লেখাটো পঢ়িয়েই বহুদিন আগতে চোৱা সেই বিখ্যাত টিভি চিৰিজটোৰ কথা মোৰ মনলৈ আহিল৷ আমেৰিকান লেখক ফিলিপ ডিকৰ ১৯৬২ চনত প্ৰকাশ হোৱা The Man in the High Castle নামৰ এখন বিখ্যাত উপন্যাসৰ আধাৰত আমাজন ষ্টুডিঅ’ই প্ৰযোজনা কৰা একে নামৰ এটা টিভি চিৰিজ ২০১৫ চনত ‘আমাজন প্ৰাইম’যোগে প্ৰচাৰিত হৈছিল৷ এতিয়ালৈকে টিভি চিৰিজটোৰ মুঠ তিনিটা চিজনত ৩০টা খণ্ড প্ৰচাৰিত হৈছে৷
The Man in the High Castle ৰ কাহিনীটো দ্বিতীয় বিশ্বযুদ্ধৰ পোন্ধৰ বছৰ পাছৰ সময়ৰ৷ এই কাহিনীটোৰ মতে দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰ আৰু জাপানীসকলৰ হাতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাজয় ঘটে৷ যুদ্ধৰ পাছত আমেৰিকাৰ পূবৰ অংশ হিটলাৰৰ নাজী বাহিনীয়ে আৰু পশ্চিমৰ অংশ জাপানী সকলে দখল কৰে৷ এই দুই অংশৰ মাজতে ৰকি পৰ্বতমালাক সামৰি এটা নিৰপেক্ষ অঞ্চলো থাকে৷ নাজী আৰু জাপানী অধিকৃত অঞ্চলক লৈয়েই ইয়াৰ কাহিনীভাগ আগবাঢ়িছে৷ টিভি চিৰিজটোৰ দৃশ্যসমূহে আমোদৰ লগতে চিন্তাৰো খোৰাক যোগায়৷ নাজী বাহিনীৰ দখলত নিউয়ৰ্ক মহানগৰ, ছান-ফ্ৰান্সিস্কো জাপানীসকলৰ অধীন, যুদ্ধবিধ্বস্ত আমেৰিকানসকলৰ দুৰৱস্থা, নাজী-জাপানী বাহিনীৰ নৃশংসতা, চোৰাংচোৱা সকলৰ কাৰ্য্যকলাপ আদি বহু ৰুদ্ধশ্বাস দৃশ্যৰে সমৃদ্ধ এই চিৰিজটো যথেষ্ঠ জনপ্ৰিয় হৈছিল৷
১৯৬২ চনত আমেৰিকান লেখক ফিলিপ ডিক ৰচিত The Man in the High Castle কিতাপখনৰ পৰাই এই Alternate History সম্পৰ্কীয় লেখাই চৰ্চা লাভ কৰে৷ ইয়াৰ আগতেও অৱশ্যে চেগা চোৰোকাকৈ এনে বহু গ্ৰন্থ বা কাহিনী ৰচনা হৈছিল৷
গতিকেই অভিজিত কলিতা ৰচিত এনে এক Alternate History ৰ ৰসাস্বাদন কৰিবলৈ পাই কৃতাৰ্থ হলো৷ এনে সময়তে মনতে গুণিলো যে এনেধৰণৰ কথা যদি আমাৰ মুলুকতো ঘটিবলৈ ধৰে! মানে ধৰা হওক এনেধৰণৰ…..
☆ ☆ ☆☆ ☆ ☆☆ ☆ ☆
তেজপুৰ চহৰৰ মহাবিদ্যালয় এখনৰ উদ্ভিদবিজ্ঞানৰ অধ্যাপক শ্ৰীযুত বিজয় মহন্তদেৱৰ শ্ৰেণীকোঠা৷ ৰোলকল শেষ কৰি মহন্তদেৱে ল’ৰা-ছোৱালীহঁতক উদ্দেশ্যি কলে –
: আজি এবিধ অলপ বেলেগ উদ্ভিদৰ কথা আলোচনা কৰিম৷ সকলোৱে বৰ্ডলৈ চোৱা৷
এইবুলি অতি কম সময়তে বৰ্ডখনত দুটামান আঁক মাৰিয়েই বিজয় মহন্তদেৱে এবিধ প্ৰায় অচিনাকী উদ্ভিদৰ ছবি আঁকি পেলালে৷ কোঠাটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মুখত আশ্বৰ্য্যৰ চিন প্ৰকট হ’ল!
: চিনি পাইছানে?
: নাই ছাৰ!! – সকলোৱে সমস্বৰে কৈ উঠিল৷
: এয়া হ’ল Sago Pondweed!!
: এয়া কি জানা? এইবিধ হ’ল হাঁহৰ প্ৰিয় খাদ্য৷ মানে খাকী কেম্পবেল, চাৰা চাম্বেলী……
আৰু একেসময়তে তিতাবৰত…
: ঐ শইকীয়া!! ঐ দেৱজিত! এইফালে চা!! কি বে? নতুন গাড়ী ললি নেকি? এতিয়া আৰু আৰামেই আৰাম৷ কথাই বেলেগ হৈ যাব তোৰ!
: এহ! নকবি ঔ! মোৰ দুখৰ কথা কি ক’ম, কোনে বুজিব? যাক কম সিয়েই লঠিয়াব! গাড়ী লোৱা সহজ, বুইছ’ মেইনটেইন কৰাটোহে বৰ টান কাম!
: সেইটো কিবা টান কাম নেকি? আজিকালি ফোন কৰি দিলেই চাৰ্ভিছিং হৈ যায়৷ একোৱেই টান নহয়৷
: নহয়, তই বুজা নাই৷ আধা কিলোমিটাৰ চলালেই মোৰ ঘাম বাহিৰ হৈ যায়! আজিও হৈছে৷
: এই ঠাণ্ডাত কিহৰ ঘাম? আকৌ গাড়ীত এচি আছেই দেখোন? বাদ দে! আমাক হাঁহেৰে এসাজ খুৱালেই হ’ল!
: নহয় ঔ! তই কি বুজিবি? ড্ৰাইভাৰৰ কাষৰ দুৱাৰখন খুলি মাটিত দুয়োখন ভৰি দি গাড়ী ঠেলি ষ্টিয়েৰিং ডাল পকাই আধা কিলোমিটাৰ ড্ৰাইভ কৰি পাইছ’ তই? আকৌ এতিয়া খানা খুৱাব লাগে! চাল্লা ডিঙিলৈকে খুৱাম আহ! হাঁহ খুৱাম! মানে খাকী কেম্পবেল, চাৰা চাম্বেলী……!!!
আগ্ৰহী সকলৰ বাবে তলত কেইটামান Alternate History সম্পৰ্কীয় লিংক ৷
1.https://en.wikipedia.org/wiki/Alternate_history
2.https://en.wikipedia.org/wiki/The_Man_in_the_High_Castle_(TV_series)
☆★☆★☆
12:01 pm
নতুনত্ব থকা লিখিনি। বহুত ভাল লাগিল।
12:06 pm
সুন্দৰ!!
1:55 pm
ব্যতিক্ৰমী লিখা, খুব ভাল লাগিল জ্যোতিদা
8:04 pm
ভাল লাগিল৷ নতুন স্বাদ পালো