ফটাঢোল

সেই মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ল’ৰাজন – মিতালী চহৰীয়া

সকলোৱে কয় প্ৰেম জনমে জনমে। কিছুমানৰ প্ৰেম হ’লেও নজমেহে নজমে, মোৰ আকৌ প্ৰেম নজন্মেহে নজন্মে। কত জন্মিব? ডিউটি কৰা, খোৱা, ফেচবুক হোৱাটছএপ এইবোৰ কৰি থাকোঁতে প্ৰেম কৰিবলৈ সময়েই নাইকিয়া হয়।

প্ৰেম জন্মাবলৈ এদিন ফেচবুকত এজনৰ লগত কথা পাতিলোঁ। হাই হেল্ল’ কৈ চিনাকি হোৱাৰ পিছত পিছৰদিনা মেছেজ কৰিলে হাই কি কৰিছা? ব্ৰেকফাষ্ট কৰিলা? মই ক’লো ব্ৰেকফাষ্ট কৰিব নাই দেই অসমীয়া ছোৱালী হয় তিনিবেলা তিনিসাজ ভাত খাওঁ আমি।

উফফ..লগে লগে ব্লক কৰিলে। অন্তৰত বহুত আঘাত পালোঁ, জনম পোৱাৰ আগতেই যেন মৃত্যু। ডিউটি কৰি আছিলোঁ সেইসময়ত। লগে লগে ৱাৰ্ড বয় জনক পঠিয়াই গৰম চিঙৰা আনি দুটা চিঙৰা আৰু গাখীৰ দিয়া চাহ একাপ খাই দিয়াতহে অলপ হৃদয়ৰ আঘাতৰ উপশম হ’ল।

খোৱা, ডিউটি যোৱা, ডিউটিৰ সময়ত ৰোগী নহলে আড্ডা জমোৱা, বৰষুণ বতৰত পকৰি বনোৱা এনেকৈ চলি আছিল জীৱন। এদিন ডিউটিত থাকোতেই এজনক দেখিয়েই প্ৰথম চাৱনিতেই প্ৰেম জাগিল। কিন্তু অকল মোৰেই নহয় মোৰ লগৰ জনীৰো হেনো প্ৰথম দেখোতেই ভাল লাগিল। আৰু এজনী বাইদেউৰো হয়তো প্ৰেম জাগিলহেঁতেন কিন্তু তেওঁ ভিতৰত ড্ৰেছিং কৰি আছিল বাবেহে দেখা পোৱা নাছিল। ধুনীয়া, ওখ পাখ হেণ্ডচাম ল’ৰাজন মেডিকেল ৰিপ্ৰেজেনটেটিভ আছিল। আগতে কেতিয়াও দেখা নাছিলোঁ ল’ৰাজনক, হয়তো প্ৰথম আহিছিল। মই টিকেট কাউন্টাৰত আছিলোঁ লগৰজনী ফাৰ্মাচীত। মই চকুৰে দেখিলোঁহে কিন্তু লগৰজনীৰ লগত ঔষধ আৰু ডাক্তৰ সম্পৰ্কীয় কথাও পাতিলে। ল’ৰাজন গুছি যোৱাৰ লগে লগে লগৰজনীৰ ওচৰত গৈ ক’লো,
:অই ইমান ধুনীয়া ল’ৰাজনৰ লগত তই কথাও পাতিলি মই জাষ্ট দেখাহে পালোঁ।

তাই কলে,
:তামাম লাগিছে ন ল’ৰাজন, আকৌ কেতিয়া আহিব জানো ভিজিট দিবলৈ( ল’ৰা জন মাত্ৰ দহ মিনিটমানৰ কাৰণেহে দেখা পাইছিলোঁ) ।

মই তাইক ক’লো,
:চা তই মোতকৈ বয়সত সৰু গতিকে মই এইবাৰ চান্স লম।

:নাই নাই নহ’ব মই লম, মইয়ো বহুত দিন হল ছিংগল হৈ আছোঁ মোকো লাগে।

ঠিক তেনেতে চিনিয়ৰ বাইদেউজনী আহি পালে, কি সুধিলত গোটেই কথাখিনি ক’লো আৰু সুধিলোঁ বাইদেই এতিয়া কওঁক ইয়াৰ পিছত আহিলে আমি কোনজনী ল’ৰাজনক চাল দিম ??

বাইদেউজনী ক’ ত সিদ্ধান্ত দিব, ওলোটাই ক’লেহে
:তহঁতৰ ইমান ভাগ্য ভাল মই কিয় ইমান ধুনীয়া ল’ৰাজন দেখা নাপালোঁ। কিমান দিন হ’ল বিয়া হোৱাৰ পৰা এজনো ভাল ল’ৰা দেখা নাই, তঁহতেটো মোক মাতিব পাৰ।

আটাইকেইজনী খুব হাঁহিলো এক ফুল তিনি মালি হ’ল গৈ বুলি।

তাৰ পিছত সিদ্ধান্ত ল’লোঁ ল’ৰাজন আকৌ আহিলে প্ৰথমে মই মাতিম তাৰ পিছত আমি দুয়োজনীয়ে কথা পাতিম।

কিন্তু, কিন্তু ল’ৰাজন দুনাই কেতিয়াও নাহিল। সদায় ওলাই চাওঁ, বেলেগবোৰ আহি থাকিল কিন্তু সি কেতিয়াও নাহিল। সি কাম কৰা কোম্পানীৰ নামো জনা নাছিলোঁ সেইকাৰণে কাকোৱেই সুধিব নোৱাৰিলোঁ। ফেচবুকত আওপকীয়াকৈ ষ্টেটাছো দিলোঁ কেনেবাকৈ পাই যদি পাওঁক বুলি। একবছৰীয়া মেমৰীত মই কবিতাও লিখিলোঁ, কিন্তু আৰু কেতিয়াও নাহিল। লাহে লাহে দুয়োজনীয়ে দহ মিনিটত জাগি উঠা প্ৰেম পাহৰি পেলালোঁ। এতিয়াটো মোৰ ল’ৰাজনৰ মুখখনো মনত নাই।

☆★☆★☆

23 Comments

  • হেমন্ত কাকতি

    ভগৱান! কি যে হব৷ বঢ়িয়া লাগিল মিতালী৷

    Reply
  • Mridula

    ইচ ৰাম?? । মজ্জা

    Reply
  • আয়ৌ দেহি৷ভাল লিখিছা৷

    Reply
    • Mitali Saharia

      ধন্যবাদ মৃদুলা নীলাক্ষি বা।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা হা

    Reply
  • অভিজিত কলিতা

    আয়ৌ দেহি। সমূহীয়া গোলাপৰ বাগিছা খনত ফুলে কলি নেপেলাওতেই কালে ডাল পাত ভাঙি মুচৰি পেলালে। ইস ইস। কিন্তু এনেকৈ সমব্যয় ভিত্তিত গোলাপৰ বাগিছা কৰা আইডিায়টোত সন্তোষ পালো

    Reply
    • Mitali Saharia

      হাঃ হাঃ। ধন্যবাদ দাদা।

      Reply
  • তৃষ্ণা সো.

    মিতালীৰ প্ৰেম জনমে জনমে, কিন্তু লগৰকেইজনীৰ বাবে নজমেহে নজমে। দুখ লাগিল দেহি

    Reply
  • Anonymous

    পঢ়ি সুখ পালো যদিও অজান দুখ এটাও লাগিল…লিখি থাকিবা ….শুভকামনা সদায় আছে..

    Reply
    • Mitali Saharia

      বহুত ধন্যবাদ আপোনালৈ ।

      Reply
  • প্ৰেম নজমেহে নজমেহে ন!এইবাৰ জমিব দেই নতুন বছৰত।ভাল লাগিল।

    Reply
    • Mitali Saharia

      নহব আৰু নজমেও নজন্মেও।

      Reply
  • দিম্পল

    কেনেবাকৈ মোৰ কথা কোৱা নাই নে

    Reply
  • Raju Kumar Nath

    অ’ এই দশা হ’ল হাঁ।

    Reply
  • Anonymous

    উফ দুখ লাগিল দে মালিনী জনীৰ বাবে ।

    Reply
  • Anonymous

    এই দশা হ’ল নেকি মিতালী , দেহি ঐ ।

    Reply
  • সদানন্দ ভূঞা

    আইঐ দেহি, বিষাদ ভৰা প্ৰেম ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *