ফটাঢোল

সম্পাদকীয়-তৃষ্ণা সোনোৱাল

চাওঁতে চাওঁতে বছৰটো চকুৰ পলকতে পাৰ হৈ গ’ল। সৌ সিদিনা নতুনক আদৰি নাচিলোঁ বাগিলোঁ, ৰাতি পুৱাল কি নাই পুৰণিক যে বিদায় দিবলৈ হ’লেই। এয়েতো জীৱন কচুপাতৰ পানীৰ সংজ্ঞা। আজি আছে নিয়ৰৰ মুকুতা হৈ, কাইলৈ তলসৰা শেৱালি।

কি পালোঁ কি নাপালোঁ বছৰটোৰ বাকী ১১ মাহত আমাৰ মনলৈ আহিছিলনে বাৰু এবাৰ? নাই অহা, কাৰণ ডিচেম্বৰ পোৱাহিয়ে নাই। মানে ডেডলাইন নাপালে আমাৰ প্ৰয়োজন কি চিন্তা কৰিবলৈ৷ ডেডলাইন ডিচেম্বৰ মানেই, অস্‌! মোৰ ফিটনেছ ধৰি ৰখাৰ সংকল্প ক’লৈ গ’ল! ৰাতিপুৱা খোজ কঢ়াৰ সিদ্ধান্ত লৈছিলোঁ ছেঃ! এইবাৰ দুটকা মান সাঁচিব লাগিছিল অঃ! মইতো সুৰা কমাই খোৱাৰ শপত লৈছিলোঁ! স্বাস্থ্য সচেতন হোৱাৰ প্ৰমিজ কৰিছিলোঁ!
ইস্‌ ৰাম এইবাৰ একো কাম পেণ্ডিং নকৰাৰ সিদ্ধান্ত লৈছিলোঁ! ….. ইত্যাদি ইত্যাদিৰ সংকল্পৰ আত্মবিশ্লেষণ।

সপ্তাহ পষেক অনুশোচনাৰ পাছত আপোনাৰ হঠাৎ জ্ঞানোদয় হ’ব যে এই বছৰ গ’ল কি হ’ ল! একেবাৰে নতুন বছৰৰ পৰাই আৰম্ভ কৰিম। কৰিম মানে কৰিমেই আৰু, একদম পাক্কা এইবাৰ। বছ সেইটো ভাবি পুনৰ নাচ গান ৰং তামাছা ইত্যাদি ইত্যাদি। এইটো কথা আমি জানোৱেই যে সেই দিন কেতিয়াও নাহে, মাত্ৰ আমাৰ আত্মসন্তুষ্টিৰ বাবেই সংকল্প এটা ল’ব লাগে লওঁ। কাৰ্যকৰী হওক বা নহওক তাত সময় নষ্ট কৰি কি লাভ, জীৱনটো পৰি আছে তেনে দেধাৰ সংকল্প ল’বলৈ।

এই যে কাইলৈ কাইলৈ বুলি দিনবোৰ আগবঢ়াই নিওঁ, আমিও জানো লাভ আমাৰ একো নহয়। সেয়ে চাগৈ দুদিনীয়া আৰামৰ বাবেই আমি জীৱনটোত বাটাৰফ্লাই ইফেক্ট থিয়ৰিৰ দ্বাৰা প্ৰভাৱাম্বিত হওঁ।

বাটাৰফ্লাই ইফেক্ট??
কিন্তু কেনেকৈ??

বাটাৰফ্লাই ইফেক্ট বা পখিলা প্ৰভাৱ তত্বমতে সামান্য এটি পখিলাৰ পাখিৰ ঢপঢপনিৰ ফলত ধুমুহাৰ সৃষ্টি হ’ব পাৰে। শৃংখল এটাৰ আৰম্ভণিতে হোৱা কোনো এক সামান্য বিসংগতিয়ে শৃংখলটোৰ শেষৰ পৰ্য্যায়ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। দা কেয়ছ থিয়ৰি বা বিশৃংখলতাৰ সূত্ৰৰ ফলাফলেই হৈছে বাটাৰফ্লাই ইফেক্ট। যিদৰে কণমানি এটি পখিলাৰ কণমানি ঢপঢপনিয়ে চুনামি পৰ্যন্ত সৃষ্টি কৰিব পাৰে মানুহৰ সামান্য এক ভুল বা অৱহেলায়ো পৰৱৰ্তী পৰ্যায়ত গুৰুতৰ সমস্যাৰ সন্মুখীন কৰাব পাৰে।

দুটা সৰু কিন্তু গুৰুত্বপূৰ্ণ উদাহৰণ,
এজন মানুহৰ দয়াও কেতিয়াবা হ’ব পাৰে বিধ্বংসৰ কাৰক। হেনৰী টেণ্ডি আছিল এজন ব্ৰিটিছ সৈনিক৷ ১৯১৮ চনত তেওঁ শত্ৰু পক্ষৰ জাৰ্মান সৈনিক এজনৰ জীৱন ৰক্ষাৰ বাবে স্বদেশৰে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে থিয় দিছিল। তেওঁৰ সেই সৰু সিদ্ধান্তটোৰ বাবে সমগ্ৰ পৃথিৱীবাসীয়ে যে ইমান বৃহৎ মূল্য ভৰিব লাগিব সেয়া আছিল কল্পনাৰো অগোচৰ। ফ্ৰান্সৰ এক যুদ্ধক্ষেত্ৰত ব্ৰিটিছ সৈনিক হেনৰীয়ে দেখে, বিপৰীত পক্ষৰ এগৰাকী আহত জাৰ্মান সৈনিকে পলাবলৈ প্ৰাণপণে চেষ্টা চলাইছে। হেনৰী আছিল হৃদয়বান লোক, যুদ্ধৰ নিয়ম মতে যিহেতু সৈনিক গৰাকী আঘাতপ্ৰাপ্ত হৈছে, তেনে অৱস্থাত সৈনিকজনক হত্যা কৰিবলৈ নিজৰ বিবেকক হেনৰীয়ে কোনোপধ্যেই সৈমান কৰিব নোৱাৰিলে। সেয়ে ব্ৰিটিছ সকলৰ বিৰোধীতাৰ স্বত্বেও হেনৰীয়ে জাৰ্মান সেনাগৰাকীক যাবলৈ দিলে, তাৰেই বাটাৰফ্লাই ইফেক্টৰ ফলাফলত পৃথিৱীবাসীয়ে সাক্ষী হ’ব লগা হ’ল ইতিহাসৰ এক চূড়ান্ত ক’লা অধ্যায়ৰ। কাৰণ জানেনে?
সেই এৰি দিয়া সৈনিকজনৰ নাম আছিল এডলফ হিটলাৰ।

বাটাৰফ্লাই ইফেক্টৰ আন এটা উদাহৰণ হ’ল আব্ৰাহাম লিংকন। লিংকনৰ হত্যাৰ দহদিনৰ আগত তেওঁ এনিশা এটা সপোন দেখিলে। সপোনটোত তেওঁ হোৱাইট হাউচৰ প্ৰাংগণত আয়োজন কৰা নিজৰ শেষকৃতত নিজেই অংশগ্ৰহণ কৰা দেখে।

সপোনটোৱে তেওঁক বিচলিত কৰিলে আৰু কেইবাদিনো তেওঁ অস্থিৰ হৈ ৰ’ল। এদিন ইয়াৰ পৰা সাময়িক মুক্তি বিচাৰি বিনা নিৰাপত্তাই ৱাছিংটনৰ এখন থিয়েটাৰত নাট উপভোগ কৰিবলৈ গুচি গ’ল, শুভাকাংক্ষী, সহযোগী আৰু কৰ্মচাৰী কাৰোৰে কথা তেওঁ নুশুনিলে। আৰু সেয়াই কাল হ’ল। তেওঁৰ মৃত্যুৱে আমেৰিকাৰ ইতিহাসত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিলে। লিংকনে সেই সময়ত হাতত লোৱা আমেৰিকাৰ গৃহযুদ্ধ আৰু নিগ্ৰো কৃতদাসৰ আইনগত মুক্তিৰ কাৰ্য্য পন্থা হাতত লৈ আছিল। তেওঁৰ মৃত্যুৰ পাছত পৰৱৰ্তী উত্তৰাধিকাৰী তথা ৰাষ্ট্ৰপতি এণ্ড্ৰিউ জনচনে আটাইবোৰ কাৰ্য্যৰ ধাৰাবাহিকতা ৰাখিবলৈ একমুখেই নাকচ কৰিলে।
শেষত দৃঢ় ভাবে ক’ব পাৰি যে আব্ৰাহাম লিংকনে যদি নিৰাপত্তা বিহীন ভাবে থিয়েটাৰ উপভোগ কৰিবলৈ নগ’লহেঁতেন তেন্তে তেওঁৰ বহুতো মহান কামৰ সাক্ষী পৃথিৱীবাসী হ’লহেঁতেন।

এই হেঁতেন শব্দটোতেই লুকাই থাকে বাটাৰফ্লাই ইফেক্টৰ প্ৰতিক্ৰিয়া। আমাৰ জীৱনতো হেঁতেন বোৰেই ক্ৰিয়া কৰি থাকে। এইটো নকৰাহেঁতেন, তেওঁৰ কথা শুনা হেঁতেন, তালৈ নোযোৱা হেঁতেন, এইবোৰো নহ’ল হেঁতেন।

সামান্য এটা কাৰকে নাইবা আমি প্ৰতি মুহূৰ্ততে কৰা সৰু এটি কামে, সৰু এটা ইচ্ছায়ো আমাৰ জীৱনটোত বৃহৎ প্ৰভাৱ পেলাব পাৰে। যেনেদৰে সৰু এটা শিল পানীলৈ দলিয়াই দিলে বৃহৎ এটা বুৰবুৰণিৰ সৃষ্টি হয়, তেনেকৈ সৰু ভুলৰ পাথৰ এটিয়ে গোটেই জীৱনটোকেই খেলিমেলিৰ উদ্ভৱ কৰি দিব পাৰে।

প্ৰশ্ন হয়, আমি কেনেকৈ জানিম আমাৰ ভুল ক’ত?
ভুলতো সকলোতেই আছে, জীৱনটোত কোনোবাই যদি ভুল নকৰে সেইটোহে ভুল বুলি ক’ব লাগিব। ভুল কৰিবলৈকে মানুহৰ জন্ম, মানুহেই যদি ভুল নকৰে তেন্তে কৰিবলৈ বাকী থাকিল কি?

বাটাৰফ্লাই ইফেক্টমতে সামান্য বিসংগতিৰ বাবে কোনো ছিষ্টেমৰ অন্তিম পৰ্য্যায়ত বৃহৎ পৰিৱৰ্তন হয়, যদি আমি বাটাৰফ্লাই ইফেক্টক ঋণাত্মক হিচাবে নলৈ ধনাত্মকভাৱে গ্ৰহণ কৰোঁ তেতিয়া?

তেনে আহকচোন বাটাৰফ্লাই ইফেক্ট তত্বৰ সুপ্ৰয়োগেৰে চলিত বছৰৰ অন্তিম সময়খিনিত আমি কেইটামান প্ৰচেষ্টা হাতত লওঁ, যিয়ে আপোনাৰ জীৱনটোলৈ কঢ়িয়াই আনিব এক বৃহৎ পৰিৱৰ্তন।

নতুন বৰ্ষলৈ নৰৈ আজিৰ পৰা আধা ঘণ্টা সোনকালে উঠাৰ চেষ্টা কৰক। “সোনকালে উঠি কি কৰিম?” নাভাবিব এইটো, তাৰ সলনি ব্যায়াম কৰক, দৌৰক, খোজকাঢ়ক। নিজকে ফিট ৰাখক, দেখিব আপোনাৰ উদ্যম আৰু আত্ম বিশ্বাস ঘূৰি আহিছে। হাৰে… তাৰ প্ৰভাৱ দেখোন আপোনাৰ কেৰিয়াৰ, স্বাস্থ্য আৰু সম্বন্ধতো পৰিছে-বাটাৰফ্লাই ইফেক্ট।

নিজকে সামান্য সলনি কৰক। এইবাৰৰ পণ হ’ব নিজকে সলোৱাৰ, ন চৰিত্ৰৰ আত্মপ্ৰকাশ। আৰম্ভ কৰক পৰিচিত মানুহৰ নাম মনত ৰখাৰ। এমোকোৰা হাঁহি উপহাৰ দিয়ক চিনাকি অচিনাকি সকলোলৈ। কাৰণ হাঁহিক সামৰি থ’বলৈ নহয়, বিলাবলৈহে সৃষ্টি কৰা হৈছে। ইয়াৰ বাটাৰফ্লাই ইফেক্ট হ’ব আপোনাৰ প্ৰতি মানুহৰ ভালপোৱাৰ আৰু শ্ৰদ্ধাৰ জন্ম।

আবেগিকভাৱে শক্তিশালী হোৱাৰ চেষ্টা কৰক। আবেগ সম্বৰণ কৰাৰ শপত লওক, পঢ়িবলৈ আৰম্ভ কৰক। কি পঢ়িম নাভাবিব, কি কি পঢ়া নাই সেইটো ভাবক। বাতৰি কাকত, উপন্যাস, গল্প যিয়েই নহওক মুঠতে পঢ়ক। বাটাৰফ্লাই ইফেক্ট, কম সময়ৰ ভিতৰতে আপোনাৰ মানসিক যন্ত্ৰণাৰ কবলৰ পৰা মুক্তি।

এইবাৰ সময় দিয়ক পৰিয়ালক, মবাইলক নহয়। দিনটোৰ ১৬ ঘণ্টাই আমি ব্যস্ত থাকোঁ, অলপ আহৰি পালেই ডুব যোৱা হয় ইণ্টাৰনেটৰ পৃথিৱীখনত। এইবাৰ আমি অলপ ব্যতিক্ৰম হওঁচোন আহক। আপোনজনৰ স্পৰ্শ, সৌহাদ্যৰে জীপাল কৰোঁ জীৱনটো। কেমেৰা এৰি চকুৰ কেমেৰাৰে উপভোগ কৰক চাৰিওফালৰ সৌন্দৰ্য্য, অনুভৱ কৰক সম্পৰ্কৰ মাধুৰ্য। বাটাৰফ্লাই ইফেক্ট অপৰিসীম সুখৰ আকৰ আপোনাৰ হাতৰ মুঠিত।

হাঁহিবলৈ শিকক, কাৰণ অকাৰণত। হাঁহিৰে জগত জিনাৰ সংকল্প লওক। হাঁহিটো জন্মগত সম্পদ, বিলালেও শেষ নোহোৱা আপুৰুগীয়া সম্পদ বিধ মৰিলেনো কিয় লৈ যাওঁ, নহয়নে?

হাঁহি হৈছে এক অত্যন্ত শক্তিশালী ধনাত্মক কাৰক, যিয়ে মানুহৰ আভ্যন্তৰীণ দুখ বেদনাৰ তাৎক্ষণিক উপশমৰ ঔষধৰূপে কাম কৰে। যি সময়ত যান্ত্ৰিকতাৰ পৃথিৱীত ব্যস্ত মানুহবোৰৰ হাঁহিবলৈও সময়ৰ অভাৱ, সেই সময়তে হাস্য ব্যংগৰ সামাজিক মাধ্যমৰ গোট তথা ই আলোচনী ফটাঢোলে সাহিত্য চৰ্চাৰ সমান্তৰালকৈ সামাজিক কৰ্মৰাজীৰেও প্ৰতিজনৰ মুখত হাঁহি বিৰিঙাবলৈ প্ৰশংসনীয় প্ৰচেষ্টা চলাই আহিছে । নিসন্দেহে কব পাৰি ফটাঢোলে ইয়াৰ সদস্য তথা পঢ়ুৱৈৰ বাবে এক ধনাত্মক বাটাৰফ্লাই ইফেক্ট অনাৰ ক্ষেত্ৰত পূৰ্ণ মাত্ৰাই সফল হৈছে।

সেয়ে প্ৰাণখুলি হাঁহক, ওঁঠৰ অকৃত্ৰিম হাঁহিবোৰ অকৃপণভাবে বিলাই দিয়ক, আনক সুখী কৰক আৰু নিজেও সুখী হওক।

ধন্যবাদেৰে
তৃষ্ণা সোনোৱাল
সম্পাদিকা
দ্বিতীয় বৰ্ষ ষষ্ঠ সংখ্যা
ফটাঢোল ই আলোচনী

☆★☆★☆

62 Comments

  • হেমন্ত কাকতি

    ধন্যবাদ তৃষ্ণা! সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে বহুত অভিনন্দন আৰু শুভেচ্ছা জনালোঁ৷
    যোৱা এমাহ তোমাৰ লগত কাম কৰি খুউৱ ভাল লাগিল৷

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ থাকিল আপোনালৈ

      Reply
  • Mitu

    বহুত ধুনীয়া সম্পাদকীয় তৃষ্ণা। ভাল লাগিল।

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ থাকিল মিতালী

      Reply
  • Miraz

    ৱাহ । বিৰাট ভাল লাগিল পঢ়ি।কি সুন্দৰ সম্পাদকীয় । বাটাৰফ্লাই ইফেক্ট … সঁচাই সুন্দৰ সম্পাদকীয় ।

    Reply
    • তৃষ্ণা সো.

      অশেষ ধন্যবাদ জনালোঁ

      Reply
  • Kamala das

    পূৰঠ মগজুৰ অতি মননশীল সম্পাদকীয় ।বহুত ভাল কথা অনুভৱ কৰাই দিলা তৃস্না ।ধন্যবাদ।

    Reply
    • তৃষ্ণা সো.

      অশেষ ধন্যবাদ জনালোঁ বা

      Reply
  • Anonymous

    অতি সুন্দৰ

    Reply
  • উৎপল বৰা

    জয় জয়তে অভিনন্দন জ্ঞাপন কৰিলোঁ।
    এটি সুন্দৰ সংখ্যা উপহাৰ দিয়াৰ বাবে ধন্যবাদ।

    Reply
    • তৃষ্ণা সো.

      অশেষ ধন্যবাদ জনালোঁ।

      Reply
  • Mukut bhattacharjya

    মতিভেচনেল সম্পাদকীয়। বহুত ভাল লাগিল।

    Reply
  • কমল তালুকদাৰ

    ধন্যবাদ , এটি সৰ্বাংসুন্দৰ সম্পাদকীয়ৰ বাবে । পঢ়ি ভাল লাগিল “বটাৰফ্লাই এফেক্ট”ৰ তত্ত্ব গধুৰ বিশ্লেষণ । আলোচনী তথা সম্পাদকৰ উত্তৰোত্তৰ উজ্জ্বল ভবিষ্যত কামনাৰে ।

    Reply
    • তৃষ্ণা সো.

      মন্তব্যই সুখী কৰিলে, অশেষ ধন্যবাদ।

      Reply
  • অভিজিত কলিতা

    সুন্দৰ সম্পাদকীয়। সুস্থ দেহতহে সুস্থ মন থাকিব পাৰে।
    সৰ্বাং সুন্দৰ এই আলোচনাটিৰ বাবে ধন্যবাদ

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ জনালোঁ ।

      Reply
  • Manashi Borah

    বৰ ভাল লাগিল পঢ়ি ।হেৰুৱা মনোবল ঘূৰাই পোৱা যেন লাগিল..আন্তৰিক অভিনন্দন জনালো..

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ জনালোঁ বা।

      Reply
  • ৰিণ্টু

    মননশীল সম্পাদকীয়, খুব ভাল লাগিল পঢ়ি।

    আলোচনী পঢ়ি আছো, খুব ভাল লাগিছে।

    অভিনন্দন আৰু এসোপামান ধন্যবাদ তৃষ্ণা

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ জনালোঁ দাদা।

      Reply
  • ধুনীয়া লাগিল । প্ৰথম সম্পাদকীয়টোৱেই পঢ়িছো আলোচনীখনৰ । পঢ়ি নিৰাশ হবলগীয়া নহ’ল ।

    Reply
  • কাবেৰী মহন্ত

    বৰ সৰলভাৱে ইমান দৰকাৰী কথা সদৰী কৰিলে..ধন্যবাদ ৷

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ বা।

      Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ সম্পাদনা আৰু হৃদয় চুইযোৱা সম্পাদকীয়। অশেষ কষ্ট আৰু একাগ্ৰতাৰে আলোচনি খন প্ৰকাশ কৰাবাবে ধন্যবাদ যাছিলোঁ।????????????????????????????

    Reply
    • তৃষ্ণা সো.

      মন্তব্যই সুখী কৰিলে, অশেষ ধন্যবাদ।

      Reply
  • সুন্দৰ। বৰ ভাল লাগিল তৃষ্ণা।

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ ৰিমঝিম বা ।

      Reply
  • প্ৰথমতে অভিনন্দন জনালোঁ তৃষ্ণা৷বৰ সুন্দৰকৈ কথাখিনি উপস্হাপন কৰিছা৷

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ নীলাক্ষি বা।

      Reply
  • Ankur Bhuyan

    এয়াহে সম্পাদকীয়। অতি অনুপ্ৰেৰণামূলক। ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী

    অতি সুন্দৰ সম্পাদকীয়। বৰ ভাল লাগিল তৃষ্ণা।

    Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়।সময়ৰ সঠিক ব্যৱহাৰৰ ওপৰত সুন্দৰকৈ লিখিলে।

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ জনালোঁ ।

      Reply
  • ৰিতন বৰুৱা

    সুন্দৰ লিখনি শৈলী তৃষ্ণা। বাটাৰ ফ্লাই ইফেক্ট ব্যৱহাৰ কৰিবলৈ পৰামৰ্শৰে আগবঢ়োৱা সম্পাদকীয় উত্তম হৈছে। কোনোবা নহয় কোনোবাক অলপমান হলেও উপকৃত কৰিব ।

    Reply
    • তৃষ্ণা সো.

      মন্তব্যৰ বাবে অশেষ ধন্যবাদ।

      Reply
  • পূৰ্ণানন্দ শৰ্মা

    মননশীলেই নহয় সাৱলীলো । সংৰক্ষণ কৰি থলো ।

    Reply
  • Anonymous

    ৱাটাৰফ্লাই ইফেক্ট ৰ বিষয়ে জানিবলৈ পায় খুবেই ভাল লাগিল। লাভৱান হলোঁ। বৰ সুন্দৰকৈ সজাই পৰাই লিখিছা। শুভেচ্ছা থাকিল।

    Reply
    • তৃষ্ণা সো.

      মন্তব্যই সুখী কৰিলে, অশেষ ধন্যবাদ।

      Reply
  • deepjyoti handique

    বৰ ভাল লগা কথাখিনি । সুখি হলো ????

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ বা ।

      Reply
  • সুন্দৰ সম্পাদকীয়৷ তৃষ্ণা তোমাক ধন্যবাদ৷ এটি সুন্দৰ সংখ্যা উপহাৰ দিলা৷ তোমাৰ স’তে কাম কৰা প্ৰতিটো মুহূৰ্তই স্মৰণীয় হৈ ৰ’ব৷

    Reply
    • তৃষ্ণা সো.

      আপোনালৈও থাকিল অশেষ ধন্যবাদ।

      Reply
  • ৰাস্না বৰা

    খুব সুন্দৰ সম্পাদকীয়। ভাল লাগিল

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালোঁ বা ।

      Reply
  • সদানন্দ ভূঞা

    সুন্দৰ সম্পাদকীয় । পঢ়ি বহুত ভাল লাগিল । সুন্দৰ আলোচনী এখন উপহাৰ দিয়া বাবে ধন্যবাদ ।

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালোঁ ভিনদেউ ।

      Reply
  • Anonymous

    সম্পাদকীয় বহুত ভাল লাগিল ।

    Reply
  • অনুৰূপ মহন্ত

    মন ভৰি গ’ল সম্পাদকীয়টো পঢ়ি। বৰ ভাল লাগিল। অভিনন্দন জনালোঁ।

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ অনুৰূপ দা

      Reply
  • ধনজিত কলিতা ( ফেচবুকৰ নাম নিয়ৰ কলিতা

    বেলেগ একো পঢ়া নহয় | কিন্তু সম্পাদকীয় পঢ়ো | ভাল লাগে পঢ়ি |

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয়৷ আলোচনীখন ধুনীয়া হৈছে৷ আপোনালৈ অভিনন্দন ৷

    Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালোঁ অলকেশ দা

      Reply
  • প্ৰেৰণাদায়ক সম্পাদকীয়, বৰ ভাল লাগিল। সুন্দৰ সংখ্যা এটি উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ জনালোঁ।

    Reply
    • তৃষ্ণা সো.

      বহুতো ধন্যবাদ তাবিবৰ দা

      Reply
  • জয়ন্ত দাস

    এক অনন্য সম্পাদকীয়৷

    Reply
  • কমল নেওগ , তেজপুৰ

    সম্পাদকীয় সুন্দৰ হৈছিল৷মই আজিহে পঢ়িলোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *