জোৰানাম: — উষা মহন্ত
শিৱসাগৰ জিলাৰ ভিতৰুৱা গাঁও এখনৰ বন্ধু এজনৰ আমন্ত্ৰণ ক্ৰমে বন্ধুৰ ভনীয়েকৰ বিয়ালৈ বুলি যাত্ৰা কৰিলোঁ। বন্ধু মানে ফেচবুকৰ চিনাকি বন্ধু। বৰ সাদৰ নিমন্ত্ৰণ। মোৰ বাবে তেওঁ হেনো বাছষ্টপত ৰৈ থাকিব। মাথো ফোন কৰিলেই হ’ল। শ্ৰীমতীয়ে ক’লে,
: চাবা আক’ শিৱসাগৰৰ বিয়া, তাকো গাঁৱৰ।জোৰানামেৰে থেকেছি পেলাব। মোৰ অভিজ্ঞতা আছে৷
তেওঁৰ পৰা বিয়ানাম, জোৰানাম এইবোৰৰ বিষয়ে প্ৰাথমিক জ্ঞানখিনি আহৰণ কৰি পুৱা সাত বজাৰ বাছত গৈ প্ৰায় চাৰি মান বজাত শিৱসাগৰ বাছষ্টেণ্ডত নামি নামতিলৈ যোৱা মেজিকত উঠিলোঁ। খৰাগড় তিনিআলিত নামি বন্ধুৰ বাবে অপেক্ষা কৰিলোঁ।
যথাসময়ত বন্ধুৱে বাইক এখন লৈ আহি মোক নিলেহি। প্ৰায় তিনি কি:মি: মান যোৱাৰ পাছত বিয়াঘৰ পালোঁগৈ। বন্ধুৰ ভনীয়েকৰ বিয়া- গতিকে তেওঁ বিশেষভাৱে ব্যস্ত হৈ আছে। তথাপি তাৰ মাজতো তেওঁ মোৰ শুশ্ৰূষাত কাৰ্পণ্য কৰা নাই। ইমান দূৰৰ পৰা আহি তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰা বাবে আন্তৰিক কৃতজ্ঞতাৰে ওপচাই পেলাইছে।
মুখ-হাত ধুই চাহকাপ হাতত লওঁতেই পৰিয়ালৰ সকলোৱে আহি মাত লগালেহি। অকণমানি ধুনীয়া কইনাজনীক হাতত নিয়া উপহাৰটো দিওঁতে মন কৰিলোঁ লগত কেইবাজনীও সমবয়সীয়া বান্ধৱী ঠিয় দি আছে। সাধাৰণ গাঁৱলীয়া ছোৱালী – বিয়া বুলি সাজিকাচি আহিছে। সিহঁত আটাইকেইজনীয়ে মোক বেঢ়ি ধৰি এনেকৈ চাইছে, যেন মই চিৰিয়াখানাৰ জন্তু হে। হাঁহিমাৰি সকলোকে বিদায় দিলোঁ। যোৱাৰ আগতে কিন্তু সিহঁতে মোৰ নাম ঠিকনা ল’বলৈ নেপাহৰিলে।
যি হওক, লাহে লাহে সন্ধ্যা হৈ আহিল। বিয়াঘৰ ওখল মাখল। ৰভাতলীত আমন্ত্ৰিত অতিথিৰ ভীৰ। মই খাই বৈ আগফালৰ বাৰাণ্ডাৰ চকী এখনতে বহি বিয়াখন উপভোগ কৰিছোঁ। প্ৰায় সাতমান বজাত ভিতৰত আয়তীসকলৰ এজোলোকা উৰুলি শুনা গ’ল। প্ৰায় ২০/২৫ গৰাকী আয়তীক লগত লৈ কইনাৰ মাক পানী তুলিবলৈ ওলাই গ’ল। পিছফালৰ চোতালতে বেই সাজি কইনাক নোৱাই ধুৱাই মোৰ সন্মুখতে আঁৰবেৰ দি থোৱা ৰভাতলীত বহুৱালে। নীতি নিয়মৰ লগত সঙ্গতি ৰাখি আয়তীসকলে সুৰ ধৰি গোৱা বিয়ানামবোৰ সঁচাকৈয়ে অতি সুৱলা।
প্ৰথমে এগৰাকীয়ে গালে-
“অ’ মন তৰা
আইদেউক সজাবলৈ আহে ক’ৰ পৰা।”
বিয়া নামৰ সুৰ আৰু ভাবৰ বৈশিষ্ট্যই মোক সচকিত কৰিলে। এয়াই জোৰানাম নেকি? পুনৰ কাণ পাতিলোঁ-
“আহিছে আহিছে যোৰহাটৰ পৰা,
আধুনিক ষ্টাইলত সজাব পৰা।”
বুজিলোঁ কইনা সজোৱা গৰাকী
যোৰহাটৰ। তেওঁকে জোৰানামেৰে আঁজুৰিব খোজা হৈছে।
পুনৰ গাইছে-
“আইদেউক সজাবলৈ আহিছা হয়,
চেহেৰা দেখিয়েই লাগিছে ভয়।
চকুযোৰ দেখিছোঁ পোতাপুখুৰী,
মুখখন দেখিছোঁ বোন্দামেকুৰী।
হাতভৰি দেখিছোঁ ফৰিঙৰ ঠেং,
সাইলাখ যেনিবা ভেকুলী-বেং।”
আঁৰ চকুৰে কইনা সজোৱা মানুহ গৰাকীলৈ চালো, খং উঠিছে নেকি? নাই- তেওঁ হাঁহি হাঁহি কইনা সজোৱাত ব্যস্ত। কইনাক সজাই পৰাই ভিতৰলৈ গৈ মানুহ গৰাকীয়ে শৰাইত তমোল পাণ মৰ্টন আদি দি আয়তীসকলৰ আগত আঁঠু ললেহি। কি সুন্দৰ। মোৰ অন্তৰ ভৰি আহিল। এয়াই পৰম্পৰা। সমাজৰ এজন হৈ জীয়াই থাকি ৰাইজৰ প্ৰতি আনুগত্য প্ৰকাশ। আৰুনো কি হয় জানিবলৈ মই উৎকণ্ঠিত হৈ ৰ’লোঁ।
এজাক মান ছোৱালী ৰভাতলীত কইনাৰ কাষত ঘূৰণীয়াকৈ বহি লৈছে। এজনীয়ে বিয়ানাম লগাই দিছে, বাকী সকলে সমস্বৰে গাইছে। নামতী গৰাকী অলপ এক্সপাৰ্ট যেন লাগিল। কইনাৰ আগন্তুক যুগ্মজীৱনৰ প্ৰতি উপদেশ পৰামৰ্শ থকা দুটা মান বিয়ানাম শুনি মোৰো চকু সেমেকি আহিল।
যেনে-
“ঔ গছৰ কোমল কুঁহি ভাটৌ পৰি খায়,
মা দেউতাৰ চকুৰ মনি লোকে লৈ যায়!”
দেউতাৰাৰ আছিলা মৰমৰে জীয়াৰী,
আজিৰ পৰা হ’বা লোকৰে বোৱাৰী।”
ভাবিলোঁ, নাৰী জীৱন সঁচাকৈয়ে অতি বিচিত্র। জন্মৰে পৰা নিজৰ বুলি ভাবি থকা ঘৰখন ভৰ বয়সতে পৰ হৈ পৰে। নতুন এখন ঘৰৰ দায়িত্ব লৈ ওৰে জীৱন পাৰ কৰিব লগা হয়। জীৱনৰ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা বা হ’বলগা তিতা-কেঁহা অভিজ্ঞতাবোৰ বুকুৰ মাজত সামৰি থৈ হাঁহি মুখে মাকৰ ঘৰখনক বুজাই দিব লগা হয় তেওঁ কিমান সুখত আছে! নহ’লে যে মৰমৰ মাকৰ ঘৰখনে কষ্ট পাব!
হঠাতে ৰভাতলীৰ পৰা ভাঁহি অহা অন্য এষাৰ বিয়ানামে মোৰ মনোযোগ আকৰ্ষণ কৰিলে।
“অ ৰঘূপতি, জোৰানাম গাবলৈ দিয়ক অনুমতি।”
বুজিলোঁ- শ্ৰীমতীয়ে কোৱা জোৰানামৰ পৰ্ব আৰম্ভ হ’ল।
আকৌ গালে-
“অসমৰে ৰেলবাট,
জোৰানাম গাম আমি,
নকৰিব প্ৰতিবাদ।”
সাৱধান, এইবাৰ কাক জুৰি বিয়ানাম গাব ঠিক নাই ।
শুনিলোঁ-
“আমদালি গাঠিছোঁ
দুৱাৰ মুখত আৰিছোঁ,
কইনাৰ বায়েকক
সমাজলৈ মাতিছোঁ!
সমাজলৈ আহিবা
সুদাহাতে নাহিবা,
চফ আৰু মৰ্টনেৰে
শৰাই ভৰাই আনিবা।”
সঁচাকৈয়ে শৰাই ভৰাই আনি কইনাৰ বায়েকে নামতী সমাজৰ আগত আঁঠু ললেহি। পুনৰ জোৰানাম আৰম্ভ হ’ল। এইবাৰৰ লক্ষ্য মোৰ বন্ধু তথা কইনাৰ ককায়েক।
“মিঠাজৰা, কইনাৰ ককায়েক কেনি গ’ল বিচাৰ কৰা,
বিচাৰি পালোঁগৈ দুৱাৰ চুকত
ভয়তে সোমালে চুঙাৰ ফোপত।”
এনেদৰে আৰু দুষাৰমান গালে। বন্ধুৱে শুনাই নাইনে সময়ে পোৱা নাই নেজানো -ওলাই অহা নাই।
পুনৰ জোৰানাম —
“পাণে জানো পোৰা নাই
লঙে জানো পোৰা নাই
কইনাৰ ককায়েকে
কাণে জানো শুনা নাই ।
দুইখন কাণে শুনিছে
মনে মনে ভাবিছে
হাতত নাই মচলা
দোকান লৈ পঠাইছে!”
বন্ধুনো কেনি গ’ল চাবলৈ বুলি লাহেকৈ ঠিয় হ’লোঁ। আয়তীসকলে মোলৈ চালে। তেনেতে বন্ধুৱে যেনিবা হাতত তামোল পাণৰ শৰাই লৈ গলবস্ত্ৰে আয়তীসকলক সেৱা জনালেহি। ভনীয়েকৰ পিছতে ককায়েকৰ বিয়াখনো সোনকালে হওক বুলি এগৰাকীয়ে আশীৰ্বাদ কৰিলে, বাকী সকলে গিৰ্জনী মাৰি হাঁহিলে।
মোৰ মনটো কিবা ভাল লাগি গ’ল। অসমীয়া গ্ৰাম্য সমাজৰ এই সুন্দৰ পৰম্পৰা মধুৰ অনুভূতিপূৰ্ণ মুহূৰ্তবোৰ বাৰুকৈয়ে উপভোগ কৰিলোঁ।
যি হওক, হাঁহি ধেমালি বোৰ শাম কটাৰ পিছত দেখিলোঁ- বন্ধুৰ শৰাই খন ডাঙি লৈ এগৰাকীয়ে আন এগৰাকীক কৈছে,
: হোঁ, থৈ দে। বিয়াৰ পিছত আমি সকলোৱে বহি ভগাই খাম। এতিয়া আৰু জোৰানাম আছেই নহয়।
এইবাৰ কাক জোৰে জানিবলৈ উৎকণ্ঠিত হৈ ৰ’লোঁ।
এগৰাকীয়ে আৰম্ভ কৰিলে —
“বাৰীৰে কলপাত বতাহত হালিছে
গুৱাহাটীৰ পৰা দাদাৰ বন্ধু আহিছে,
দাদাৰ বন্ধুৱে আমালৈ কি আনিছে
দিবনে নিদিয়ে বন্ধুৱে কি ভাবিছে।”
হেৰা শুনা- মোৰ পিঠিত হেচুকি দি বন্ধুৱে ক’লে,
: এইবাৰ তোমাৰ পাল।
: হু!
মই উচপ খাই উঠিলোঁ।
: মইতো একো আনিবলৈ নহ’ল!
: বেয়া নেপাবা বুইছা। আমাৰ ইয়াত এইবোৰ ধেমালি হয়েই আৰু। বন্ধুৱে মিচিকিয়াই হাঁহিলে।
: পিছে মইতো একো আনিবলৈ ন’হল।
: হ’ব দিয়া মই আছোঁ নহয়।
বন্ধুৱে ক’লে।
পুনৰ জোৰানাম —
“অ’ দলি চপৰা
দাদাৰ বন্ধুৰ মূৰটো
কিয় ইমান জপৰা!
কি কাম বাৰু কৰিলে
বিয়ালৈ আহোঁতে চুলি কাটি নাহিলে।
এতিয়াও যাওক গৈ,
চেলুনতে বহি চুলি কাটি আহকগৈ।”
মোৰ কাণ-মূৰ গৰম হ’লেই।
আকৌ গাইছে-
“পৰি বটল ভগা নাই
মছলা কিনিবলৈ দাদাৰ বন্ধুৰ পইচা নাই!
কি কৰিব ভাবিছে,
দহটকাত বন্ধুৱে নিজে বন্ধক সোমাইছে।”
হায় হায় কি কৰোঁ এতিয়া। আয়তীসকলে বিয়ানাম গাইয়ে আছে ।
“পাণে জানো পোৰা নাই
লঙে জানো পোৰা নাই
দাদাৰ বন্ধুৱে কাণে জানো শুনা নাই!
দুই খন কাণে শুনিছে
মনে মনে গুণিছে
হাতত নাই মৰ্টন
দোকানলৈ পঠাইছে।”
সময় যিমানে আগুৱাইছে জোৰানামৰ চোক আৰু পৰিমাণ দুয়োটাই বাঢ়ি গৈছে। মই অসহায় ভাবত ইফালে সিফালে চাই বন্ধুক নেদেখি লাহেকৈ উঠি ভিতৰলৈ গ’লোঁ। ড্ৰয়িং ৰূমটো পাৰ হৈছোঁ হে- ৰভাতলীৰ পৰা ভাহি আহিল-
“হাবিৰ মেজাঙ্কৰী
আমাৰ দাদাৰ বন্ধুজন
সমাজ অহঙ্কাৰী।”
ছিঃ ছিঃ বৰ বেয়া কথা হ’ল। মই উঠি অহা দেখি মোক চাগে ইতিমধ্যে অহঙ্কাৰী বুলি ভাবিয়েই ল’লে। খৰ খোজেৰে বন্ধু ভিতৰৰ পৰা ওলাই আহিল।
: তোমাৰ শৰাইখন সজাওঁতে অলপ দেৰি হ’ল বন্ধু। কি কৰিবা গুৱাহাটীৰ পৰা আহিছাতো -গতিকে তামোল পাণ চফ মৰ্টনৰ লগতে দুটা মান চকলেট আৰু কাজুবাদামো অনাই দিলো।
বন্ধুক ধন্যবাদ জনাই শৰাইখন হাতত লৈ লৰালৰিকৈ ৰভাতলীলৈ গ’লোঁ। বন্ধুৱে কিবা ক’ব খুজিছিল– “ৰবা” বুলি ৰখাই থৈ লৰালৰিকৈ আয়তীসকলৰ আগত আঁঠু ল’লোগৈ।
আয়তীসকলে আকৌ জোৰানাম গালে-
“সৰস্বতীৰ সোণৰ বীণ
জোতা পিন্ধি শৰাই দিয়া
ভদ্ৰলোকৰ নহয় চিন।”
বৰ লাজ পালোঁ। লৰালৰিৰ কোবত জোতা খুলিবলৈ পাহৰি গ’লোঁ। তলমূৰ কৰি ঘূৰি গৈ জোতা খুলি হাত ধুই পুনৰ আঠু ললোহি। -আকৌ জোৰানামৰ ধ্বনি-
“এক দুইকৈ লেখিলোঁ
বহুত বিয়া দেখিলোঁ,
লংপেণ্ট পিন্ধি শৰাই দিয়া
এয়েই প্ৰথম দেখিলোঁ।”
হায় ভগৱান- কি কৰোঁ কি নকৰোঁ কৈ ইফালে সিফালে চাওঁতেই বন্ধুৱে আহি হাতত ধৰিলেহি।
: আহা, বেয়া নেপাবা বন্ধু। ধুতি এখন পিন্ধি লোৱা হি!
বন্ধুৱে আগবঢ়াই দিয়া ধুতিখন পিন্ধি পুনৰ সমাজলৈ ওলাই আহিলোঁ। বন্ধুৱে দৌৰি আহি নিজৰ কান্ধত থকা গামোচাখনকে মোৰ ডিঙিত পিন্ধাই দিলেহি। ইতিমধ্যে আৰু ভালেকেইপাত জোৰানামৰ শৰে মোক বিন্ধি গৈছে। মোৰ ঘনে ঘনে শ্ৰীমতী লৈ মনত পৰিছে।
যি হওক, এইবাৰ আয়তীসকলে শৰাইসহ মোৰ সেৱা গ্ৰহণ কৰিলে। এক অজান পুলকত মোৰ অন্তৰ ভৰি আহিল। ঘৰে ঘৰোৱাহে কুশল মঙ্গল হোৱাৰ আশীৰ্বাদ দিয়াৰ পিছত পুনৰ গালে-
“বন্ধু বুলি ভাবিলোঁ
জোৰানামে জুৰিলোঁ,
বেয়া নেপাব দেই
ধেমালিহে কৰিলোঁ।”
কি অকৃত্ৰিম সৰলতা। কি যে আন্তৰিক ভাবপ্ৰকাশ! যান্ত্ৰিক পৃথিৱীত মহানগৰীৰ কংক্ৰিটৰ অৰণ্য পাৰ হৈ এই গ্ৰাম্য সৰলতাৰ সোৱাদ ল’বলৈ আহি কি যে এক আপুৰুগীয়া নিৰ্মল অভিজ্ঞতা আহৰণ কৰি পুলকিত হ’লোঁ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম! হয়তো এই জীৱনত সেই সোণালী মুহূৰ্তৰ স্মৃতি কেতিয়াও ম্লান নহ’ব।
9:13 pm
বৰ ভাল লাগিল। এনে থুকুচি পেলাই ঐ জোৰানামেৰে। পৰিবেশ মতেই নাম জুৰিব পৰাহে আচল নামতিৰ লক্ষণ। নিজে কিমানবাৰ জোৰানামৰ কামোৰ খালো, মনত পৰি গ’ল। বৰ ভাল লাগে, এনেকে থুকুচিলে। আপোন যেন লাগে
9:15 pm
অসমীয়া সমাজৰ বিয়া নামৰ বহুত গুঢ়াৰ্থ আছে ।
9:06 am
সুন্দৰ ।বিয়া খনত নিজে উপস্থিত থকা যেন লাগিল ।
2:25 pm
বৰ ভাল লাগিল৷ অৱশ্যে জোৰানামৰ এনেকুৱা অভিজ্ঞতা লাভ কৰা নাই৷ মন যায়৷
6:38 pm
বিয়াৰ যোৰানাম বোৰ আমাৰ অসমীয়া সংস্কৃতিৰ এক অলংকাৰ। সুন্দৰ বৰ্ণনা
7:23 pm
বৰ ভাল লাগিল পঢ়ি খুড়ী।
6:57 pm
Thanks to all .