ফটাঢোল

গুণ বিসৰ্জন–প্ৰদীপ বৰা

আগকথাঃ মানৱ সম্পদৰ বিকাশৰ অৰ্থে জাকজমকতাৰে পতা এটি উৎসৱ, যাক কোৱা হয় গুণোৎসৱ। বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পণ্ডিত সকলৰ বাবে এই উৎসৱ বাপতিসাহোন স্বৰূপ হৈ পৰিছে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুতি নাপাতি কেনেকৈ থাকোঁ ৷
চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ অতিকৈ চেনেহৰ এই গুণোৎসৱটো ৷সকলো শিক্ষকে সুখী দুখী অৱস্থাৰে এই বাৰ্ষিক উৎসৱ ভাগ উলহমালহেৰে উদ্‌যাপন কৰিব লাগে ৷বিহুত যেনেকৈ ঘৰ দুৱাৰ, আচবাব আৰু চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি বিভিন্ন ধৰণৰ পিঠাপনা, সুস্বাদু মিঠাই, জা জলপান আদিৰে আলহী অপ্যায়নৰ বাবে গৃহস্থ প্ৰস্তুত থাকে ৷ তদ্ৰূপ এই গুণোৎসৱতো আলহী অাপ্যায়নৰ বাবে পাৰ্যমানে প্ৰচেষ্টা চলোৱা হয় ৷এই উৎসৱত এজন বিশেষ অতিথি চৰকাৰে নিৰ্দিষ্ট ভাৱে প্ৰেৰণ কৰে যাক বৰ্হিনিৰীক্ষক বুলি কোৱা হয় ৷ ছাত্ৰছাত্ৰীৰ বাবে এটি গোপনীয় জলপানৰ টোপোলা চৰকাৰে আগতেই বিদ্যালয়লৈ প্ৰেৰণ কৰে য’ত এম চি কিউ আৰু ঔ এম আৰ নামৰ দুবিধ জলপান থাকে ৷এই টোপোলাটো নিৰ্দ্ধাৰিত সময়ত বহিঃ নিৰীক্ষকৰ সন্মুখতহে খুলিব পাৰিব, এই দিনটো হ’ল বহিঃ মূল্যায়নৰ দিন। বিহুত যেনেকৈ উৰুকা থাকে ঠিক তেনেকৈ গুণোৎসৱৰ উৰুকাৰ দিনটোক স্ব মূল্যায়নৰ দিন বুলি কোৱা হয় ৷

স্থানীয় হাইস্কুল খনৰ প্ৰধান শিক্ষক জগত গগৈয়ে সহকৰ্মী সকলৰ মাজত উৎসৱৰ ছয়মাহ মানৰ আগৰেপৰা বিভিন্ন ধৰণৰ প্ৰায় পঞ্চাশ বিধমান নথি আপডেট কৰাৰ ভাগে ভাগে দায়িত্ব বিতৰণ কৰিলে ৷
প্ৰায় ১৫০×১৫০বৰ্গ মিটাৰ জমিন প্ৰতি দিনাই চাফচিকুণ কৰাত গুৰুত্ব দিয়া হ’ল৷ হাজিৰা শ্ৰমিকৰ হতুৱাই সৰু ডাঙৰ মুঠ নটা বিল্ডিঙৰ মকৰাজাল আৰু ধুলি মাকতি এৰুৱাই নতুনকৈ ৰং সানি একেবাৰে ৰূপেই সলনি কৰি পেলালে ৷
বাউণ্ডাৰী বেম্বু ৱাল খন ঠায়ে ঠায়ে দুৰ্বল হোৱাৰ সুযোগ লৈ চুবুৰীয়া ছাগলী বিলাকে ফুল গছ বিলাক চেভিং কৰিবলৈ আৰম্ভ কৰিছিলেই, সেইবোৰ প্ৰতিৰোধৰ বাবে বাঁহ কিনি ৱেম্বু বাউণ্ডাৰী ৱালখন নতুনকৈ দিয়া হ’ল।
আকৌ পুৰনা খিৰিকীৰ গ্ৰিল চাৰিখন জোৰা লগাই মামৰ গুচাই দুটা একেচিয়া খুঁটা লগাই এখন গেট বনোৱা হ’ল ৷
চুবুৰীয়া পোৱালি দৈত্য দানৱ কিছুমানে তিনিটাকৈ টয়লেটৰ আউট লেট পিভিচি পাইপ বিলাক টুকৰিয়াই ভাঙি থৈছিল সেইবোৰ বনোৱা হ’ল ৷ একঠা মান জমিন বিশেষ বেৰা দি কোৰ মাৰি চহকৰি লাই, পালেং, বিলাহী, বেঙেনা, খুতুৰা পুলি ৰুই দিয়া হ’ল ৷ৰাষ্টাৰ পৰা গোবৰ বুটলি আনি তাত দিয়া হ’ল ৷ পিঠাপনা জা জলপান যোগাৰ কৰা হ’ল। মুঠতে আনন্দৰাম ঢেকিয়াল ফুকনৰ ভাষাত হাবি গুচি তমস্কাৰ হ’ল।

চাওঁতে চাওঁতে জোঁৰ পুৰি হাত পালেহি ৷উৎসৱ গাৰ ওপৰত উঠিল৷ অভিভাৱক, মাতৃগোট, শিক্ষক আৰু ছাত্ৰছাত্ৰীৰ মাজত স্ব মূল্যায়নৰ দিনটো সুকলমেই পাৰ হ’ল ৩১ অক্টোবৰৰ দিনা ৷
বৰ বিহু ৰূপী বহিঃমূল্যায়নৰ দিন ৩ নবেম্বৰ ধাৰ্য হ’ল ৷ ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰছাত্ৰী সকলক নিৰ্দেশ দিয়া হ’ল যে মেইন বিহুৰ দিনা প্ৰত্যেকৰে হয় মাক নহয় দেউতাক, তাকো যদি নহয় পেহী বা খূড়া বৰ বিহুলৈ অহা বাধ্যতামূলক ৷

শিক্ষক, কৰ্মচাৰী, ছদ্মবেশী কৰ্মচাৰী, ছাত্ৰছাত্ৰী, বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য, মাতৃ গোট আৰু অভিভাৱক সহ সেইদিনটোত মুঠ উপস্থিতি পাঁচশ জন হ’ব বুলি ঠাৱৰ কৰি সহকৰ্মীৰে আলোচনা কৰি গগৈয়ে সেইমতে ২৫ কিঃগ্ৰাঃ মাংসৰ বন্দোৱস্ত কৰি পেলালে ৷ প্ৰায় পঞ্চাশ জনৰ গুৰুপাকী নচলিব বুলি ঠাৱৰ কৰি কোমল চাউল, ছিৰা-দৈ আাদিৰো বন্দোৱস্ত কৰা হ’ল ৷

এতিয়া আহিল উৎসৱৰ আটাইতকৈ উত্তেজনা পূৰ্ণ সময়খিনি ৷ গগৈয়ে আগদিনাই আবেলি ওচৰৰ চাৰিআলিৰ বজাৰৰ পৰা বিশ কেজি পকা বিলাহী কিনি আনি ডাইৰেক্ট কাৰত লোড কৰি ললে ৷

কমনৰূমৰ সন্মুখত ছাঁ পৰি থকা অংশত দুফালে দুটা স্থলপদ্মৰ পুলি ৰোপনৰ উদ্দেশ্যে দুটা গাঁত খান্দি থৈ অহা হ’ল ৷ এঘৰৰ পৰা ফুলি থকা ফুলসহ দুটা ডাল পুৱাতেই আনি ৰুৱাৰ বন্দবস্ত কৰি চাৰি আলিত মাংসৰ দোকানত ২৫ কেজি মাংস থিকথাক কৰি ন বজাত স্কুলত হাজিৰ কৰাৰ লগতে সন্ধিয়াতেই দাইল আলু মিঠা তেল নিমখ হালধি মছলা পিয়াজ নহৰু আদা ৰঙলাউ আদি সামগ্ৰী সমূহ কাৰত ভৰাই ললে৷গগৈয়ে টিপতে নিজৰ বাৰীৰ পাঁচশটা পুৰঠ কৃষ্ণ জলকীয়া ছিঙি মোনাত ভৰালে৷
সকলো যা-যোগাৰ শেষ কৰাৰ পাছত গগৈয়ে স্বস্তিৰ নিশ্বাস পেলালে, বোলে শুই শুই মোবাইল কনকে পিটিকো ।
হৈ যোৱা স্কুল কেইখনৰ উৎসৱৰ ফটোকে উৰাই ঘূৰাই চাওঁতেই গগৈ থমকিল।
ট টকৈ জিলিকি আছে এখন জাননী, অসম বন্ধৰ পৰিপেক্ষিতত সৰ্বশিক্ষাৰ হেড অফিচে তিনি তাৰিখৰ গুণোৎসৱ পাঁচ তাৰিখলৈ পিছুৱাই দিছে ৷

সৰ্বনাশঃ কি কৰা যায়!

গগৈ দৌৰিল মাংসৰ দোকানলৈ,
:শুনিছ মুকুল, মাংস খিনি কাইলৈ নালাগে পাঁচ তাৰিখে দিবি ৷

আকৌ ঘপককৈ মনত পৰিল গাড়ীত থকা বিলাহী খিনিলৈ, পকা বিলাহী কি কৰা যায়!
ভাবি চিন্তি সেই খিনি গাড়ীৰ পৰা নমাই চেচাঁ ঠাই এডোখৰত এটা এটাকৈ মেলি দিলে, ৰক্ষা ঠাণ্ডাৰ দিন সোমবাৰলৈকে ঠিকেই থাকিব।

বিষাদ মনেৰে গগৈয়ে সহকৰ্মীসকলৰ লগত বা বাতৰি লৈ বহি পৰিল। ছেহঃ এনেকৈ পিছুৱাব লাগেনে বাৰু!
ক্ৰিং ক্ৰিং…… মানৱৰ ফোন আকৌ,
:অ মানৱ…
:হেল্ল ছাৰ, আকৌ খবৰ আহিছে গুণোৎসৱ পোষ্টপন্দ নহয়, ৰেডী হওক ছাৰ৷

গগৈ আকৌ দৌৰ দিলে চাৰি আলিলৈ ৷তেতিয়ালৈ মাংসৰ মুকুলৰ ঘৰ পালেগৈ ৷ মুকুলৰ দুৱাৰত ঢকিয়াই ঢকিয়াই গগৈ চিঞৰিব ধৰিলে,
:অ মুকুল, মাংস লাগিব বুইছ। আঠ বজাতে ৰেডী কৰিবি দেই।
মুঠতে গগৈৰ উৰুকাৰ ঘাম বাহিৰ হ’ল।

নিশা ১২ বজালৈকে এক ডিকি বিলাহী বুটলি বুটলি গগৈয়ে সপোনতো গুণোৎসৱৰ হুচৰি মাৰি থাকিল ৷
টোপনি ভাল নহ’ লে গগৈৰ শৌচ খোলোচা একেবাৰেই নহয়, সেয়ে গাত পানী ঢালি ক্ষন্তেকতে বাথৰুমৰ বাহিৰ।
গগৈৰ নিজৰ সম্পদ বুলিবলৈ হাই প্ৰেছাৰ, চুগাৰ, ফেটী লিভাৰ, ৰাইট চাইদ উইক দিউ টু নাৰ্ভ আদি আছে ৷গতিকে নহৰু তিনি ফুটা অলপ গৰম পানী এটা চুগাৰ টেবলেট অকনমান গৰম পানী এগিলাচ খায়েই গগৈছাৰ দিনটোলৈ সাজু হল।

হওঁতে স্কুলত ফুলৰ টাব চল্লিশটামান আছে কিন্তু ষোল্লটা ৰুমৰ বাবে যথেষ্ট নহয় ৷গতিকে বাৰাণ্ডাৰে ফুলৰ টাব পোন্ধৰটা চুপ চাপ গগৈয়ে কাৰত তুলি ললে। শ্ৰীমতীয়ে গম পালে সৰ্বনাশ হব।
পিছে গগৈৰে কপাল বেয়া , সৰুপুত্ৰই শুই উঠি আহি বাপেকৰ কাণ্ড দেখিলে।
: এলোভেৰাৰ টাব কেইটা কি হ’ল?

:মই কেনেকৈ জানিম আক কি হ’ল।

পুতেকৰ চকুত ধুলি দিয়া সহজ নহয়, সি কাৰ খনলৈ জুমি চালে।

:টাব খিনি যদি ঘৰলৈ ঘূৰি নাহে দেখিব বাৰীত থকা সকলো গছপুলি কাটি পেলাম ৷

তাৰ মূৰ্তি দেখি বাপেকৰ চূৰ্তি হেৰাল।
চুপে চাপে গগৈৰ গাড়ী ষ্টাৰ্ট দিলে, এইবাৰ মিছন ফুলৰ ডাল।
বন্দোবস্ত মতেই স্থল পদ্মৰ ফুলি থকা ফুল সহ দুটা ডাল দুটা অফিচৰ আগফালে ৰুই পেলালে। বৰ ধুনীয়া লাগিল গগৈৰ, ইসঃ সদায় যদি থাকিল হয় গছ জোপা।

এজাক বৰষুণে দিনটোৰ কাৰ্য সূচীৰ শুভাৰম্ভ কৰিলে, ধুমধামেৰে গুণোৎসৱৰ কাম আগ বাঢ়িল৷ইয়াৰ সমান্তৰালভাবে দহ বজাৰ পৰা পিঠাপনা জা-জলপান আমিষভোজনকে ধৰি বিভিন্নধৰণৰ খাদ্য বিতৰণো চলি থাকিল ৷
গগৈৰ তেতিয়াহে মনত পৰিল খালী পেটত নহৰু আৰু চুগাৰ টেবলেট হে পৰি আছে, হৰেক ৰকমৰ খানা মুখৰ আগত দেখি লগেই তেওঁ এৰী পলুৰদৰে খাবলৈ আৰম্ভ কৰি দিলে ৷
ইতিমধ্যে তেওঁৰ মুখ গহ্বৰ ফেৰিংছ, পাকস্থলী, যকৃত, অগ্ন্যাশয়, বৃহদান্ত্ৰ, ক্ষুদ্ৰান্ত্ৰ আদিৰ সন্মিলিত সন্থাই আন্দোলন আৰম্ভ কৰিলে ৷কাজেই উৎসৱ এৰি গগৈৰ লেট্ৰিনলৈ আপ ডাউন।

তথৈবচ অৱস্থাৰে গগৈ নিশা আঠ বজাত ঘৰ সোমালহি ৷ সোমায়েই পুনৰ লেট্ৰিন, গোটেই শৰীৰ ঠকঠককৈ কঁপিব ধৰিছে ৷গগৈ এনেই বৰ চিকচাক, লেট্ৰিন কৰি গা নুধুৱাকৈ কাপোৰ কেইটাও নুচুৱে, আজি কিন্তু নিয়ম নচলিল।
বেজীৰ আগত যোৱাৰ সমান পাঁচটামান পানীৰ কণিকা গাত চটিয়াই কোনোমতে বিচনাত উঠিলহি।
জীয়েকেও কথা বিষম দেখি তুৰন্তে আঠখনমান কম্বল লেপ বাপেকৰ শৰীৰত জাপি দিলে ৷গৰম কাপোৰৰ উম পাই চিলমিলকৈ টোপনি আহিছিল কি নাই, পেটটোৱে পুনৰ এলাৰ্ম দিলে।
:নাই নহব আৰু আজি।

শোকাতুৰ গগৈয়ে পুনৰ কমোডত বহিলগৈ,গগৈয়ে শুনিছিল সংসাৰৰ জ্ঞানবোৰ হেনো পায়খানাত বহোঁতেই লাভ কৰা হয়।

তেওঁৰ দিনটোৰ কৰ্মকাণ্ড, উৎসৱ বুলি কৰা চকুৰজাল, এদিনিয়া জাকজমকতাবোৰ মনত আহিল, কিবা লাভ হ ব জানো এনেকৈ!!

ফ্লাছ টো টানি নিজকে কৈ উঠিল গগৈয়ে,

:হেৰী বিসৰ্জনৰ দৰে আজি গুণৰো বিসৰ্জন দিলো নেকি!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *