তাড়না : বিকাশ দত্ত
১)
টুকুৰিওৱাৰ শব্দ শুনি বিচনাতে পেপাৰ পঢ়ি থকা ছামেদুৰ ৰহমানে দৰ্জাৰ ফালে খোজ ল’লে। খুলি দেখে তেওঁৰ বহু পুৰণা চিনাকি আৰু হোজাইৰ ওচৰৰে এখন গাঁৱৰ বাসিন্দা তথা একমাত্ৰ পোষ্ট অফিচটোৰ পোষ্টমেন হৰেশ্বৰ কলিতা।
:অ’ কলিতা! আহক আহক।
– ৰহমানে উজ্বল চকুযুৰিৰে তেওঁৰ ফালে চাই এটি মিচিকিয়া হাঁহি মাৰি ক’লে।
:নাই দিয়ক নবহোঁ ! আপোনাৰ এই মাহৰ মানি অৰ্ডাৰটো আহিছে। এইবাৰ বেছিকৈ আহিছে দেখোঁ । য়াছমিন মাজনীৰ নিচিনা পৃথিৱীৰ সকলো ছোৱালী হওক। এইবাৰ ৯০০০ টকা দিছে। এয়া লওক।
– কলিতাই মোনাখনৰ পৰা এটা লেফাফা উলিয়াই ৰহমানৰ হাতত দিলে।
:এৰা! বেচেৰীৰ বাবেইতো ল’ৰাজনক ভাল কলেজত এডমিছন দিব পাৰিলোঁ!
– লেফাফাটো হাতত লৈ কলিতাই উলিয়াই দিয়া ৰেজিষ্টাৰটোত চহী মাৰি ৰহমানে ক’লে।
:তাকেই। বৰ কষ্টৰ চাকৰি কৰে ছাগে ন!
– ৰেজিষ্টাৰটো মোনাত ভৰাই কলিতাই সুধিলে।
:উম। এডভাৰ্টাইজিং কোম্পানী এটাত চাকৰি কৰে বোলে।
– ৰহমানে ক’লে।
:ভালেই দিয়ক। বেচেৰীৰ ভাল হওক। বাৰু, ৰহমান, আহোঁ দিয়ক।
– কলিতাই ক’লে।
:দিয়ক বাৰু। ন’বহে হেনো। যাব তেন্তে।
– ৰহমানে তেওঁক আগবঢ়াই থ’বলৈ চোতাললৈ ওলাই আহিল।
২)
য়াছমিনৰ ফোনটো বাজিল হঠাৎ। ড্ৰেছিং ৰুমৰ ভিতৰত বহি থাকিলে ফোনটো ধৰা অলপ কঠিন হয়। বাৰৰ মালিকে কেতিয়া সোমাই আহে একো থিক নাই । ইতিমধ্যে তাইৰ দুমাহৰ দৰমহাৰ পৰা অলপ অলপ কাটিছেই। সেইবাবে তাই আজিকালি দেউতাকক কৈ থয় যে নিশা ৯ বজাৰ আগত হে ফোন কৰে। আজি ৮ বজাতেই তাই বাৰত আহিল। আজি শনিবাৰ। Saturday Night কাৰণে আজি প’ল ডেন্সো কৰিব লাগিব। ফোনটো বজাত তাই আকৌ বাৰৰ ওপৰৰ ছাদলৈ গুছি গ’ল আৰু ৰিছিভ কৰিলে।
:হেল্ল’ আব্বা! কোৱা।
– তাই চিগাৰেট এটা জ্বলালে আৰু ক’লে।
:অ’ মাজনী। পইছাটো পালোঁ। অলপ আগতে কলিতা খুৰাৰাই দি গ’ল।
– সিটো পাৰত ৰহমানৰ মাত।
:অ অ। এইবাৰ অলপ বনাছ দিছিল ছাৰে। সেইবাবে বেছিকৈ দিলোঁ!
– ধোঁৱাখিনি ওপৰলৈ উৰুৱাই দিলে তাই ।
:অ মাজনী। তোৰ ভায়েৰাই এইবাৰ ভাল ভাল নম্বৰ পাইছে। আম্মাইও নতুন শাড়ী লৈছে এখন তই দিয়া যোৱামাহৰ পইছা কেইটাৰে।
– ৰহমানে কৈ গ’ল।
:হাঃহাঃহাঃ, বাহঃ মানে আম্মাৰো চখ বাঢ়ি গৈছে।
– চলচলীয়া চকু আৰু ধোৱাৰ ৰাগিত মত্ত হৈ ওপৰলৈ চাই চাই য়াছমিনে হাঁহিলে।
এনেতে তাইৰ লগৰ মৌমিতাই আহি ক’লে,
:অই ব’ল। ছাৰে মাতিছে।
:আব্বা, মই ৰাখোঁ দিয়া। পিছত কথা পাতিম। নতুন ক্লায়েন্ট এজন আহিব আজি। ৰাখিছো। বাই আব্বা!
– তাই চিগাৰেটটো তলত পেলাই হাইহিল যোৰেৰে পিটিকি দিলে।
:ঠিক আছে মাজনী! ভালকৈ থাকিবি।
– ৰহমানে ফোনটো কাটি দিলে।
এৰা! এয়াই আমাৰ সভ্য আৰু “মডাৰ্ণ” সমাজৰ এগৰাকী যুৱতীৰ গাঁথা। ৭ বছৰ আগতে কুৰিবয়সীয়া য়াছমিনে হোজাইৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা এগৰাকী অভিনেত্ৰী হোৱাৰ বাবে ওলাই আহিছিল। কিন্তু অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিবলৈ তাই জলাঞ্জলি দিছিল নিজৰ সতীত্বক। কাৰণ, অভিনেত্ৰী হোৱাৰ প্ৰতিভাৰ ওপৰত ভিত্তি নকৰি বিয়াগোম চিত্ৰ পৰিচালকে তাইক মাতিছিল নিজৰ বেডৰুমলৈ। সুৰাৰ ৰাগিত মত্ত য়াছমিনে জলাঞ্জলি দিছিল আব্বাৰ প্ৰিঞ্চেছক। নাৰ্ছিং হোমলৈ নিশা বাৰ বজাত তাইক লৈ গৈছিল সি, প্ৰসুতি বিভাগৰ ডাক্তৰজনক ৫ লাখ টকাৰ উৎকোচ দি গৰ্ভপাতৰ ব্যৱস্থা সিয়েই কৰি দিছিল। দুটি জীৱনৰ অন্ত পৰিছিল নিমিষতে। ক্ষতিপূৰণ বিচাৰি তাই বহুবাৰ তাৰ ওচৰলৈ গৈছিল, কিন্তু লাঞ্ছনাৰ বাদে সি তাইক একোৱে দিয়া নাছিল।
তাই আত্মহত্যাও কৰিব পৰা নাছিল। কাৰণ, ঘূণীয়া দেউতাকে ঘৰ চলাব পৰা নাছিল বহুদিন।
ভায়েক, আব্বা আৰু আম্মাৰ বাবেই তাই বাছি লৈছিল এই বাৰখনক নিজৰ কৰ্মস্থলী হিচাপে। ৫০০ মানুহৰ আগত নিজকে উলংগ কৰি তাই সুখৰ কাপোৰ পিন্ধাইছিল ঘৰৰ তিনিটা প্ৰাণীক, যিসকলক তাই ভাল পাইছিল নিজৰ জীৱনতকৈও বেছি। নিজকে বিক্ৰী কৰি তাই মাহে উপাৰ্জন কৰে ১২০০০ টকা। যদি বেডৰুমত কোনোবা কোটিপটিয়ে মাতে তেন্তে এক্সট্ৰা ইনকাম, ষ্ট্ৰিপিঙৰ বাবে লাভ কৰে এক্সট্ৰা ইনকাম। নতুন ক্লায়েন্টৰ বাবে লাভ কৰে আৰু অধিক পইছা!
আজি শনিবাৰ! Saturday Night fever!
ডিস্ক’ গীতৰ তালে তালে লালসাত মত্ত এজাক পুৰুষৰ মাজেৰে স্বল্পবসন পৰিহিত য়াছমিনে এযোৰ এযোৰকৈ কাপোৰ খুলি প’ল ডেন্স কৰিবলৈ আৰম্ভ কৰিলে। লগে লগে পইছাৰ বৰষুণ!
লগতে চিঞৰ,
:বঢ়িয়া য়াছমিন। আৰু পইছা পাবি!
তাই বিভিন্ন অংগী ভংগীৰ জৰিয়তে এগৰাকী বীৰাংগনাৰ দৰে সদায়েই কয়,
:মই ভাগৰি নপৰো! কাৰণ মই নৰকৰ পৰী, তাড়নাত ককবকাই থকা নৰকৰ ৰাজকুমাৰী, হাঃহাঃহাঃ !
☆★☆★☆
12:31 pm
খুব ভাল লাগিল পঢ়ি
2:13 pm
বৰ কৰুণ গাঠা৷ বৰ্তমানৰ সমাজখনত এইটো ঘটিব ধৰিছে