বজ্ৰলেপ – অমিতাভ মহন্ত
: হেল্লো!
: হেল্লো জুৰী!
: অ’ কোৱা৷ ইমান ৰাতি?
: অ’ ৰাতিয়েই হৈ থাকিল৷ আচলতে কথাটো খুবেই আৰ্জেণ্ট৷ সেইবাবেই…
: কাইলৈ কথা পাতোঁ অসীম? লাঞ্চ, টাইমত ফোন কৰিম৷ হ’ব?
: কিন্তু জুৰী… বৰ দৰকাৰী আছিল কথাটো…এতিয়াই নজনালে…
: ঠিক আছে, কোৱা৷ সোনকালে কোৱা, টোপনি ধৰিছে মোৰ৷
: সাংঘাতিক কাণ্ড বুজিছা৷ কেইচটো এতিয়া একদম ক্লিয়াৰ হৈ গৈছে৷
: কি কেইচ্? কি সাংঘাতিক কাণ্ড?
: খুব ঠাণ্ডা মগজুৰে শুনা! ঠিক আছে?
: আৰে কি হৈছে কোৱানা৷ ৰাতিখন কামুৰিছা কিয়?
: তুমি বুজা নাই কথাটো৷ খবৰটো শুনাৰ পিছত তুমি হয়তো ফূৰ্তিত পাগল হৈ যাবা৷
: এনেকুৱা কি খবৰ অ’ অসীম?
: খবৰটো হ’ল। আচলতে…মানে … হেৰি…।
: কি হেৰি?
: হেৰি মানে..তুমি আচলতে মোৰ প্ৰেমত পৰি গৈছা।
: হোৱাট?
: তুমি। জুৰী শৰ্মা। মোক। অৰ্থাৎ অসীম কলিতাক। ভাল পোৱা।
: হোৱাট?
: স্পষ্ট। মিনাৰেল ৱাটাৰৰ দৰে স্পষ্ট৷ টেনচন নল’বা৷ তোমাৰ ঘৰৰ বামুণ/ নন বামুণ সমস্যাটো আমি ডিপ্লমেটিকেলী চলভ্ কৰিম৷
: মই তোমাক ভালপাওঁ?
: জানো তুমি আচৰিত হৈছা৷ আচলতে তুমি বুজা নাই যে তুমি মোক ভালপোৱা৷ কিন্তু মনৰ গভীৰত… অলপ অচৰপ গভীৰত নহয়…একদম তলৰ পিনে… মোৰ বাবে কুইণ্টল হিচাপত প্ৰেম জমা হৈ আছে৷
: ধেমালি পাইছা এই ৰাতিখন? আগতে তিনিবাৰ প্ৰপ’জ কৰি গালি খাই থৈছা৷ আকৌ…
: সব অন্তৰৰ টান জুৰী৷ তোমাৰ টান দেখি মই এই ৰাতি ফোন লগাইছোঁ৷
: শুনা। লেটচ্ কীপ ইট্ চিম্পল্৷ মই তোমাক ভাল নাপাওঁ৷
: এনেকৈ হুৰমূৰ নকৰিবা৷ চিটুৱেচনটো ইভালুৱেট কৰা৷ এই যে মোৰ প্ৰতি তোমাৰ ভালপোৱা, এয়া নিজৰাৰ দৰে বৈ গৈছে… কলকল… কলকল…
: চাট্ আপ৷ জাষ্ট চাট্ আপ৷ মই অৰিজিতক ভাল পাওঁ৷ অহা সপ্তাহত আমাৰ বিয়াৰ দিন ঠিক হ’ব৷ আৰু তুমি সেই খবৰ শুনি জ্বলি পুৰি চাই হৈ গৈছা৷
: মই জ্বলিছোঁ? ধুৰৰ! তুমি জানানে স্মিতাই মোক মিহি মিহিকৈ লাইন দিয়ে? সুকন্যাই মোৰ ‘লাভ ইমোজী’ৰে হোৱাটচ্ এপত পিং কৰে৷ আৰু মই তোমাৰ বাবে জ্বলিম? এই প্ৰেম চ্ৰেম মই নিজেই এভইড্ কৰোঁ৷ ইমান ব্যস্ততাৰ মাজত এইবোৰলৈ সময়েই ক’ত! যেতিয়া বেকাৰ আছিলোঁ তেতিয়াই তোমাক প্ৰপ’জ কৰা, এতিয়া সময় ক’ত?
: ইউ ন’ হোৱাট্? তুমি এটা অসহ্য কামোৰ৷ ফোন ৰাখিছোঁ৷
: প্লীজ নাৰাখিবা। আই মীন, তোমাৰ কষ্ট হ’ব এনেদৰে ফোন ৰাখি দিলে৷ গোটেই ৰাতি টোপনি নাহিব৷ ভালপোৱা বস্তুটোৱেই এনেকুৱা৷ তোমাৰ হাতত একো নাথাকে৷
: উফ! ভগৱান! মাধৱ!
: ঘটনাটো ইমানদিনে মনে মনে অন্তৰত লৈ আছিলা৷ বুকুত শিল হৈ বহি গৈছিল চাগে৷ আজি খোলাকৈ আলোচনা হৈ গ’ল৷ শান্তি লাগিছেনে এতিয়া?
: মই! মই তোমাক ভালপাওঁ? তোমাৰ দৰে এটাক?
: আচৰিত লাগিছে ন? প্ৰথম গম পোৱাৰ পিছত মোৰো তেনে লাগিছিল৷ পিচে গম পালোৱেই যেতিয়া, গতিকে কথাটো ভালকৈ আলোচনা কৰি লোৱাই ভাল৷ কিন্তু এটা কথা ক্লিয়াৰ কৰি দিওঁ হাঁ৷ মই পটককৈ “ময়ো তোমাক ভালপাওঁ” বুলি চাগে কৈ দিব নোৱাৰিম৷ প্ৰেম চ্ৰেম কৰাত তেনেকৈ অভ্যস্ত নহয় যে৷ তাতে তুমিতো জানাই মই কিমান লাজকুৰীয়া৷ তথাপি কৈ থওঁ, ময়ো পজিটিভেই৷ অলপ হয়তো সময় লাগিব৷ মই সাজু হোৱালৈ তুমি অৰিজিতক কৈ থ’ব পাৰা৷
: কি ক’ব লাগে অৰিজিতক?
: যে বিয়া কেঞ্চেল৷
: হোৱাট ননসেন্স?
: ভগৱান! এই সহজ ডিফেন্স মেকানিজমটো ধৰিব পৰা নাই? তুমি মোৰ প্ৰেমত পাগল অথচ ক’ব পৰা নাই। এটা প্ৰেছাৰ ৰিলিজ ভাল্ভৰ দৰকাৰ৷ সেইটো হ’ল অৰিজিত৷ তুমি তাক লৈ ইমান চিৰিয়াচলী ভবাৰ একো দৰকাৰ নাই৷
: শুনা অসীম৷ তুমি চিম্পলী এটা পাগল৷ মই তোমাক ভাল নাপাওঁ৷
: আহ্হা! এ ক্লাচিক কেচ্ অফ চেল্ফ ডিনায়েল!
: অসহ্য। তুমি কেনেকৈ জানিলা যে মই তোমাক ভাল পাওঁ?
: সেইটো পানীৰ দৰে ফটফটীয়া৷ মোক পোৱাৰ আকাংক্ষা তোমাৰ মাজত এনেকৈ সোমাই আছে যে তোমাৰ পোহনীয়া কুকুৰটোৰ নাম গুজু ৰাখি দিলা৷
: ৰাখিলে?
: গুজুক কেতিয়া আনিছিলা?
: জানুৱাৰীত৷
: আৰু জানুৱাৰীত মই ক’ত আছিলোঁ?
: মই কি জানো৷
: ইস্ তাইৰ লাজ চা৷ মই তেতিয়া গুজৰাটত আছিলোঁ৷ তাৰপৰা তোমাক ফোনো কৰিছিলোঁ৷ ব্যস্ত আছিলা চাগে, নুঠালা৷ কিন্তু তোমাৰ অৱচেতন মনত আছিলোঁ কেৱল মই আৰু আছিল গুজৰাট৷ গতিকে নাম দি দিলা গুজু!
: উফফ!
: তাৰপিছত এই অৰিজিত৷
: অৰিজিতৰ কি হ’ল আকৌ৷
: তুমি সেই নামৰ ল’ৰাকেই কিয় পচন্দ কৰিলা? জানানে? কাৰণ তোমাৰ অন্তৰে মোক পোৱাৰ আশা এৰি দিছিল৷ মনে মনে তুমি তোমাৰ প্ৰেমত হাৰি গৈছিলা৷ তুমি মোক হেৰুৱাই পেলাইছিলা৷ তুমি মোক গোপন বাৰ্তা দিবলৈ চেষ্টা কৰিলা; অসীমৰেই জয় বা ক’ব পাৰা অসীমৰেই জিত৷ শ্বৰ্টকাট্ মাৰিলে ‘অ’ৰেই জিত৷ গতিকেই মোক মেছেজ দিবলৈ অৰিজিতক বাচি ল’লা৷
: হোৱাই ড’ণ্ট ইউ ডাই?
: তোমাক এনে অসহায় অৱস্থাত এৰি? ইউ আৰ মাই বেষ্ট ফ্ৰেইণ্ড। তোমাক মই এৰি কলৈকো নাযাওঁ৷……………৷ হেল্লো, হেল্লো?? জুৰী শুনিছানে? হেৰা! অ’ জুৰী৷
—-
—-
—-
ধেই এই এয়াৰটেলডাল্!
☆★☆★☆
11:27 pm
বঢ়িয়া বঢ়িয়া…বেচ ভাল লাগিল ।
3:22 pm
ভাষাহীন। আজিৰ দিনত মোক মুগ্ধ কৰি ৰখা অন্যতম গল্পকাৰ জন অমিতাভ মহন্ত।
3:28 pm
বাপৰে গুজু আৰু অৰজিতক বাচি লোৱাৰ কি বিচিত্ৰ কাৰণ, বৰ ভাল লাগিল৷
5:59 pm
বৰ ধুনীয়া। আপোনাৰ লিখনিবোৰ ভাল লাগে।