মোৰো মন যায় – কমলা দাস
হে ফটাঢোল, তুমি কিয় হ’লা মোৰ ইমান আপোন
দিনে ৰাতি দেখোঁ মই তোমাৰেই সপোন।
কৰিবানে মোৰো কেতিয়াবা আশা পুৰণ,
মোৰ লিখনিতো পৰিব লাইক কমেণ্টৰ বৰষুণ।
বৰ বৰ চেলিব্ৰিটিয়ে মোক ঈৰ্ষাৰে চাব,
তাকে দেখি মোৰ বত্ৰিশ দন্তীয়া হাঁহি উজলিব।
ঢুলীয়া ঢুলীয়ানী সকলোৱে উঠিবলৈ চেলফী,
লগাব হেতা-ওপৰা, তেতিয়া মই বাৰু কৰিম কি?
লচ পচি গাভৰুহঁতৰ হাঁহিত মই ভোল যাম,
ঢুলীয়াহঁতক মই নাচিবলৈ হে ক’ম ।
যদিহে পাৰোঁ লিখিবলৈ তেনেকুৱা লিখনি,
মই হম ফটাঢোলৰ ধুনীয়া নাচনী।
মোৰো মন যায় কিবা এটা ভাল লিখিবলৈ,
সুখৰ নিজৰা তোমাৰ মৰমত বোৱাবলৈ।
কেতিয়াবা দুখৰ ফল্গুধাৰা উন্মুক্ত কৰিবলৈ,
মোৰো যে হৃদয় আছে জনাবলৈ।
কিন্তু এটা কথা, তাতেহে লাগে লেঠা,
প্ৰকাশ কৰিবলৈ নাই যে মোৰ শব্দ গাঁঠা
☆★☆★☆
7:49 pm
বঢ়িয়া লাগিল। মোৰো মন যায় এইদৰেই—-
10:31 pm
ধন্যবাদ
10:57 pm
বঢ়িয়া লাগিল ।
8:07 pm
ধন্যবাদ
10:24 am
মোৰো মন যায়।
8:08 pm
ধন্যবাদ ৰাজশ্ৰী