শংকা – মণিষা কাকতি
ছেহ্! আজি বহুত পলম হ’ল। পুৱাৰ বেলি ওলাওঁ ওলাওঁ । মাকে এনেয়ে চিন্তা কৰি মৰে। এতিয়ালৈকে চাগৈ কি কি বেয়া চিন্তা কিছুমান মনলৈ আনি ভনীয়েক আৰু দেউতাকৰ মূৰটো চোবাই আছে পাত্তা নাই। এই লগৰকেইটাৰ কাৰণেহে। ‘যাবি ৰহ’ ‘যাবি ৰহ’ কৰি এইখন কৰিলে। তাৰ ঘৰলৈ যাওঁতে যে টাউনখন পাৰ হৈ যাব লাগিব, আড্ডাৰ কোবত সেইটো চিন্তা সিহঁতৰ মূৰৰপৰা ওলাইয়ে গৈছিল।
টাউনখন এতিয়া আতংকৰ অন্য নাম। নিশা হ’লেই প্ৰাণ পাই উঠে মাতালৰ ৰাগীত।
সেই ভিক্ষাৰীটোযে! কি অপৰাধ আছিল তাৰ? দোকানৰ বাৰাণ্ডাত শুই আছিল সদায় শোৱাৰ দৰে। গধুৰ শিলেৰে ঠেতেলিয়াই মুখখন চিনিব নোৱাৰা কৰি দিছিল হেনো। কি বিভৎস! ভাবিলেই গাটো কিবাকিবি লাগে তাৰ। দেহৰ অন্তৰ্ভাগৰ শীতলতাখিনি গোট মাৰি কঠিন হৈ পৰিব খোজে।
অৱশ্যে লগৰকেইটাক দূষিলেনো কি হ’ব! তাৰ নিজৰতো আহিবলৈ মনেই যোৱা নাছিল। ইতিহাসৰ ইমান সৰস আড্ডা এৰিবলৈ কোন সতেৰেনো মন যায় বাৰু। ইতিহাস এনেয়ো তাৰ প্ৰিয় বিষয়। অৱশ্যে দেৰি হোৱা কথাটো পিছত অনুভৱ কৰি লগৰকেইটাই থব আহিবলৈ খুজিছিল, সি নিজেই মানা কৰিলে। কাৰণ, সি বিশ্বাস কৰে যে কাৰো একো অনিষ্ট নকৰাকৈ নিজৰ কৰ্তব্য নিজে কৰি গ’লে আনে কেতিয়াও অনিষ্ট কৰিবলৈ নাহে।
কথাবোৰ ভাবি ভাবি কেতিয়া সি নিজৰ ঘৰৰ দুৱাৰমুখ পালে গমেই নাপালে। দুৱাৰত টোকৰ মৰাৰ লগে লগে মাকে দুৱাৰখন খুলি দিলে। যেন দুৱাৰৰ কাষত ৰৈহে আছিল। আৰু খুলিয়েই আৰম্ভ কৰিলে,
: অলপ সোনকালে ঘৰ চাপিব নোৱাৰ? দিনকাল বেয়া চলি আছে। একেটা কথাকে সদায় ক’ব লাগে তোক। আৰু এই মোবাইলডাল কিয় লগত লৈ ফুৰ, যদি কামতেই নাহে। যেতিয়াই দৰকাৰ হয়, তেতিয়াই সেইডাল ‘নট ৰিৰ্চেব’ল’ হৈ থাকে। পেলাই দিবি। তাতে আকৌ বোলে স্মাৰ্ট ফোন!
: ৰ’বাচোন মা! ইমান খং কিয় কৰিছা? মই দেখোন যাওঁতে কৈয়ে গৈছিলোঁ যে আজি উভতোতে অলপ পলম হ’ব। দূৰৰ ফ্ৰেইণ্ড এজনৰ ঘৰত পাৰ্টি আছিল। তাত নেটৱৰ্ক নাপায়। সিহঁতৰ ঘৰ সৌ পাহাৰৰ দাঁতিত যে!
: হ’ব, এতিয়া সেইবোৰ কৈ লাভ নাই। টেনচনখিনিটো খালোৱেই। মুঠতে আজিৰপৰা ক’ৰবালৈ ওলাই গ’লেও সোনকালে ঘৰ সোমাবিহি। আৰু পুৱালৈতো কোনোপধ্যে নাথাকিবি। এন্ধাৰ হৈ থাকোঁতেই ঘৰ চাপিবি, বুজিলি নে? সিহঁতে দিন ৰাতিৰ চিনচাব নাইকিয়া কৰি দিছে। কেতিয়া, কি কাণ্ড সংঘটিত কৰি দিব পাৰে কোনেও নাজানে।
: বুজিছোঁ দিয়া। কিন্তু মই এতিয়া ডাঙৰ হৈছোঁ মা। ওঠৰ বছৰত সোমালোঁ । তুমি এনেয়ে লগাতকৈ বেছি চিন্তা কৰি থাকা। ক’তা! একোতো নহ’ল আজি। আহোতে বাটত দুটাক লগো পাইছিলোঁ। কিন্তু সিহঁতৰ নিজৰে যি অৱস্থা, খাই লৈ একেবাৰে ফিটিং হৈ ৰাস্তাৰ কাষৰ নৰ্দমাত পৰি আছিল। দেখি হাঁহিহে উঠিল মোৰ। তোমাৰ আকৌ সিহঁতলৈয়ে ভয়। ভাষণবাজিৰ বাদে একোডাল কৰিব নোৱাৰে সিহঁতে।
: সেয়া মই নকৈছোঁনে? দিন ৰাতিৰ প্ৰভেদ নোহোৱা কৰি দিছে সিহঁতে। যিকোনো সময়ত য’তে ত’তে সিহঁতৰ বিচৰণ। ভয় নকৰিবি সিহঁতক? দিন দুপৰতে সকলোৰে চকুৰ আগত কাৰ্বি আংলঙত কি নাৰকীয় কাণ্ড ঘটালে মনত নাই? আৰে, পাঁচ বছৰীয়া ছোৱালীৰপৰা পঞ্চাশ বছৰীয়া মহিলাও যাৰ হাতৰপৰা সাৰি নাযায়, সিহঁতৰ আগত তই মই কোন কূটা? ডাইনী, সোপাধৰাৰ নামত নিজেই নিজক মাৰি থকাবোৰে আমাক পালে কি শুদাই এৰিব? আমি এতিয়াও বহু ক্ষেত্ৰত পিছ পৰি আছোঁ অ’ বোপাই। ইয়াৰ একমাত্ৰ কাৰণ এইটোৱেই যে আমি সিহঁতৰ নিচিনাকৈ তললৈ নামিব নোৱাৰোঁ। আমাৰ মাজত থকা মৰম, বিশ্বাস, সংস্কাৰ আদিক আমি জলাঞ্জলি দিব নোৱাৰোঁ। জীয়াই থাকিবলৈ সকলোৱে অলপ অচৰপ স্বাৰ্থপৰ হ’ব লাগিবই। কিন্তু সিহঁতৰ নিচিনাকৈ কেৱল মাত্ৰ নিজৰ কথা চিন্তা কৰি স্বাৰ্থপৰ জীৱন এটা আমি কেতিয়াও কটাব নোৱাৰোঁ।
: সময় থাকোতেই আমি সিহঁতক বাধা দিয়া উচিত নহ’বনে মা? নহ’লে দেখোন সিহঁতৰ এই আগ্ৰাসী মনোবৃত্তিয়ে এদিন আমাৰ চিন মোকামেই নাইকিয়া পেলাব। দিনৰ কথা বাদেই দিলোঁ, ৰাতিও আমি নিৰাপদ নহয় এতিয়া।
: প্ৰলোভনেই একমাত্ৰ অস্ত্ৰ। আৰু এই প্ৰলোভনেই এদিন সিহঁতৰ বাবে কাল হ’ব। আমি একো কৰিব নালাগে। মাত্ৰ কেইটামান বছৰ ধৈৰ্য ধৰিলেই হ’ল। প্ৰলোভনৰ টোপ গিলি গিলি সিহঁত নিজেই আগবাঢ়ি গৈ আছে ধ্বংসৰ দুৱাৰদলিলৈ। ক্ষমতা-প্ৰতিপত্তি-সুৰাসক্তি, টকা-পইচা, ধন-সম্পত্তি, লাহ-বিলাহ — এইবোৰৰ বাদে সিহঁতে বেলেগ একো নিচিনে। আৰু এইবোৰ আহৰণৰ বাবে যিকোনো পৰ্য্যায় যাবলৈ কুণ্ঠাবোধ নকৰে। সিহঁতৰ বিনাশৰ আৰম্ভণি হৈ গৈছে। স্ব-সৃষ্ট আতংকৰ লেলিহান শিখাই নিঃশেষ কৰি আনিব এফালৰপৰা সিহঁতবোৰক।
: কিন্তু মা, তুমি সকলোকে কিয় সাঙুৰিছা? সিহঁতৰ মাজতো ভাল দুই চাৰিজন নিশ্চয় ওলাব। যেনেকৈ আমাৰো সকলোবোৰ ভাল নহয়।
: আমাৰ বেয়াকেইটাৰো কিছুমান আদৰ্শ আছে অ’, নিজস্ব নীতি-নিয়ম আছে। কিন্তু সিহঁতৰ সেইবোৰ একো নাই বুজিছ। সিহঁতক খালি লাগে এটা বাহানা.. উত্তেজিত হ’বৰ বাবে, মতলীয়া হ’বৰ বাবে। আঙুলিৰ মূৰত লেখিব পৰা যিকেইজন ভাল ওলাব, সেইকেইজনো অন্ধ, বোবা আৰু কলাৰ ভাওত। মৌনতা ইজ দ্যা বেষ্ট পলিচি অৱলম্বন কৰি কৰি অনুভূতিহীন ৰব’ট সদৃশ হৈ গৈছে। সেইকেইজনে অৰাজকতা হোৱা নেদেখেও, অৰাজকতাৰ বিৰুদ্ধে মাত নেমাতেও আৰু অৰাজকতাৰ বিষয়ে নুশুনেও। নিজৰ লগত নঘটালৈকে চুপচাপ বহি তামাচা চোৱাহে কথা।
তইয়ে কচোন, আমাৰ মাজত কেতিয়াবা ক্ষমতাৰ কাৰণে খোৱা-কামোৰা হোৱা দেখিছ? নিজ সন্তানে মাক-দেউতাক বা মা-দেউতাকে নিজ সন্তানক মৃত্যুৰ দুৱাৰমুখলৈ ঠেলি দিয়া দেখিছ? কণ কণ শিশুক বোমাৰে উৰুৱাই দিয়া দেখিছ? দুখীয়াৰ মুখৰপৰা এমুঠি কাঢ়ি ৰাজভোগ খোৱা ওলাব কোনোবা আমাৰ মাজৰপৰা? ধৰ্মৰ নামত নিৰীহ লোকক ঢাল সজাই মৃত্যুমুখলৈ ঠেলি দিয়া দেখিছ? জকাইচুকৰ লিখিব পঢ়িব নজনা এজনৰপৰা বিখ্যাত মহাপণ্ডিতলৈকে, নিজ স্বাৰ্থৰ বাবে কুটীল ৰাজনীতিত অহোৰাত্ৰি নিমগ্ন হৈ থকা ওলাব নে কোনোবা আমাৰ মাজত?
একেৰাহে কথাখিনি কৈ মাক কিছুদেৰি ৰ’ল। তাৰপিছত লাহে লাহে নিজকে কোৱাৰ দৰে ক’বলৈ ধৰিলে,
: নোলায়, আমাৰ মাজত তেনে নীচ নোলায়। আমাক ‘ভ্ৰম’ বুলি ক’লেও কিন্তু দৰাচলতে সিহঁতেহে ভ্ৰমৰ মাজত জীয়াই আছে।
সি দেখিলে, চকু চলচলীয়া হৈ পৰিছে মাকৰ। হয়তো কিবা মনত পৰিছে। পুৰণি কথা। পুৰণি মানে বহু পুৰণি কথা। বুকুৰ মাজত থকা এক ছটফটনি। ‘মুক্তি’ পাবলৈ বাট বিচাৰি ফুৰা এটি হাহাকাৰে যেন পুনৰ সাৰ পাই উঠিছে।
মাকৰ হাত এখন নিজৰ হাতত লৈ, আনখন হাতেৰে কান্ধত ধৰি বিচনালৈ লৈ গ’ল সি।
: শুই থাকা মা। মই তোমাৰ কাষতে আছোঁ।
আশ্বাস প্ৰদান কৰি মাকৰ কাষতে সিয়ো একেখন বিছনাত দীঘল দি পৰিল। বাহিৰত চৰাই চিৰিকতিয়ে কিচিৰ-মিচিৰ শব্দ কৰিছে। মানুহ আৰু অন্যান্য প্ৰাণীবোৰ সাৰ পাই উঠিছে।
:প্ৰায় দহবছৰমান আগৰ কথা। নিশা গাড়ীৰে আহি থাকোতে হাইৱেত চলা তীব্ৰবেগী ট্ৰাকে তহঁতৰ গাড়ীখন খুন্দিয়াই থৈ যায়। দ খাৱৈত পৰি থকা গাড়ীখনৰপৰা পৰিয়ালটোৰ মৃতদেহকেইটাহে উদ্ধাৰ কৰা হৈছিল। আৰু তেতিয়াৰপৰাই তহঁতে আহি আমাৰ এই ভুতৰ সমাজত বসতি কৰিবলৈ ল’লি। — এদিন নেৰানেপেৰাকৈ সোধোতে ‘বুঢ়া ডাঙৰীয়া’ ককাই কোৱা কথাখিনি মনত পৰিল তাৰ এই মুহূৰ্তত।
বহুত প্ৰিয় তাৰ নিজৰ সমাজখন আৰু ইয়াৰ বাসিন্দাসকল। নিজ পৰিধিত আবদ্ধ এখন শৃংখলিত সমাজ। সদায় ইয়াতেই থাকিব বিচাৰে সি। সকলোৰে লগত এনেকৈয়ে মিলিজুলি। ইতিমধ্যে টোপনি যোৱা মাকৰ মুখখনলৈ চাই নিজৰ চকুহাল মুদি দিলে সি। এতিয়া সিহঁতৰ বিশ্ৰামৰ সময়।
☆★☆★☆
5:38 pm
লাস্টত কি টুইষ্ট দি দিলা দেখোন। খুব ভাল লাগিল পঢ়ি।
5:25 am
ব্যতিক্ৰম। সুন্দৰ।
12:39 pm
সাংঘাতিক টুইষ্ট দেখোন শেষত, বঢ়িয়া লাগিল মনিষা
2:46 pm
ধন্যবাদ পঢ়ি চোৱা বাবে।