ফটাঢোল

ফটা পদ্য – জিতা ফুকন

প্ৰকৃত নাম জিতা ফুকন মোৰ
বিয়াৰ পিছত হ’লো বৰঠাকুৰ
বাৰ বছৰে লিলিমাই কৰি
এতিয়া হ’লো ঘৰৰ বুঢ়ী।

চৰু কেৰাহী হেতা বাটি
জীৱনত বহু লটিঘটি
এইবোৰ ধৰোতেই জীৱন গ’ল
জীৱনত একো কৰাই নহ’ল |

এনেকৈয়ে এদিন জীৱনৰ বাটত
অঞ্জন বাবুক লগ পালোঁ
তেওঁৰ যহতে আজি মই
ফটাঢোলৰ সদস্য হ’লো।

দিনটোত এবাৰ ঢোলটো বজাওঁ
নহলে দেখোন শান্তি নাপাওঁ
ঘৰৰ কামবোৰ সদায়ে কৰো
ঢোল বজাবলৈও নাপাহৰো।

ইমানবোৰ ঢুলীয়া নাচনী আছে
কাকনো চাবা কাক এৰিবা পাছে
এজনে বোলে হাহঁ খায়
বাকীবোৰে মূৰৰ পাখি গুচায়।

নতুন নতুন নামৰ বাহাৰ
নিজক সকলোৱে কৰিছে প্ৰচাৰ
মই পালো জয়মতীৰ নাম
গদাপাণিৰ নাই উমঘাম
ঢোলৰ পথাৰত মোক এৰি
তেওঁ ফুৰিছে ডেটিং মাৰি।

কোন ডালিমীৰ পাল্লাত পৰি
মোক দেখোন গ’ল পাহৰি
বাহঁগছৰ লেকেছি
ডালিমীক পালে দিম ঠেকেছি।

ফটাঢোলৰ ফটা কবিতা
জিতা মই, সকলোৰে মিতা
ফটাঢোলৰ জয় হওক
জগত জিনি বিখ্যাত হওক।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *